টিলিঙা মন্দিৰ

55

বৰডুবি টিলিঙা মন্দিৰ। অসমৰ বিখ্যাত মন্দিৰবোৰৰ ভিতৰত অন্য তম এক মন্দিৰ। ঘণ্টা মন্দিৰ নামেৰে পৰিচিত টিলিঙা মন্দিৰটো তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ নিলগৰ বৰডুবি গাঁৱত অৱস্থিত। বিশ্বাসেৰে প্ৰাৰ্থনা কৰা ভক্তসকলৰ সকলো মনোবাঞ্ছা পূৰ্ণ হয় বুলি এক প্রবাদ আছে।

এই মন্দিৰটো ঘণ্টাৰ ভাষা বুজি পোৱা মন্দিৰ বুলি বিশ্বাস কৰা হয়। সোমোৱাৰ লগে লগে মন্দিৰৰ প্ৰতিটো স্তম্ভ, বেৰ আৰু চুকত ওলমি থকা অগণন কাঁহ, তাম আৰু লোহাৰ ঘণ্টাবোৰে আপোনাৰ চকু কপালত তুলিব।.

এই সকলো ঘণ্টা ইয়ালৈ অহা ভক্তসকলৰ বিশ্বাসৰ প্ৰতীক। যিসকলে ইয়ালৈ আহিছিল নিজৰ আশা-আকাংক্ষা পূৰণৰ বাবে— স্বাস্থ্য, সফলতা, প্ৰেম আৰু শান্তি লাভ কৰিবলৈ আৰু এই ঘণ্টাবোৰেও পূৰ্ণ প্ৰতিশ্ৰুতিৰ অগণন অকথিত কাহিনী কয় ।

সত্তৰৰ দশকত নিৰ্মিত এই মন্দিৰটোলৈ অসমকে ধৰি অসমৰ বাহিৰৰ বিভিন্ন ঠাইৰ পৰা দৈনিক শতাধিক ভক্তৰ সমাগম হয়। এবাৰ এজন চাহ শ্রমিকে সেই স্থানত মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰে। শ্রমিকজনে শিৱলিংগটো দেখা পোৱাৰ লগে লগে এই বিষয়ে চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰে। ইয়াৰ পাছত এই ঠাইত এটা মন্দিৰ স্থাপন কৰা হয়

প্রবাদ অনুসৰি মন্দিৰৰ বটগছ জোপাত একে উশাহতে ভক্তই টিলিঙা বান্ধিলে মনোবাঞ্ছা পূর্ণ হয় বুলি এক লোক-বিশ্বাস আছে।
১৯৬৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল এই মন্দিৰটো। উল্লেখ্য যে গছজোপাত এতিয়া ইমানেই টিলিঙা হৈছে যে এই লাখ লাখ টিলিঙাৰ ভৰ বটগছজোপাই ল’ব নোৱাৰা হৈছে। সেয়ে এতিয়া মন্দিৰ সমিতিয়ে গছজোপাত টিলিঙা বন্ধাৰ পৰিৱৰ্তে সন্মুখ ভাগত টিলিঙা বান্ধিবলৈ ব্যৱস্থা কৰি দিছে।

আনহাতে বৰগছ জোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গছজোপাৰ গুৰিত ৰঙা সূতা একে উশাহতে বান্ধে। প্রবাদ আছে যে যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বা সূতা বান্ধি থৈ আহে সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ সেই মন্দিৰলৈ গৈ সূতা আৰু টিলিঙা সোলোকাই থৈ আহিব লাগে বুলি এক জনবিশ্বাস অতীজৰে পৰা প্ৰচলিত হৈ আছে।

টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তসকলৰ বাবে মন্দিৰৰ দাঁতিকাষৰীয়া মনোমোহা অঞ্চলসমূহ পৰিদৰ্শনৰ সুবিধা উপলব্ধ। ইয়াৰ আশে-পাশে থকা ৰুক্মিণী দ্বীপ, দিহিং পাটকাই অভয়াৰণ্য, আই থান আদিৰ লগতে সমীপৰ চাহ বাগানসমূহৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে।

সমীপৰ বিমানবন্দৰঃ ডিব্ৰুগড়
সমীপৰ ৰে’ল ষ্টেচনঃ তিনিচুকীয়া
পথসেৱাঃ টিলিঙা মন্দিৰলৈ বিভিন্ন ঠাইৰ পৰা সুচল পথসেৱা উপলব্ধ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.