মহাকাশলৈ সফল যাত্ৰা ‘বিক্ৰম-১’ৰ- ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডত নতুন ইতিহাস

10

মহাকাশ যাত্ৰাত ভাৰতে ৰচিলে নতুন ইতিহাস. সফলতাৰে উৎক্ষেপণ হয় দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত কক্ষপথীয় ৰকেট ‘বিক্ৰম-১. শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি (১৮ জুলাই ২০২৬) ১২ বাজি ৫ মিনিটত উৎক্ষেপণ কৰা হয় ৰকেটটো.

হায়দৰাবাদস্থিত ব্যক্তিগত মহাকাশ সংস্থা স্কাইৰুট এৰ’স্পেচৰ দ্বাৰা নিৰ্মিত ‘বিক্ৰম-১’ এ ভাৰতৰ ব্যক্তিগত মহাকাশ উদ্যোগৰ বাবে এক নতুন অধ্যায়ৰ সূচনা কৰিছে। এই সাফল্য কেৱল স্কাইৰুটৰ বাবেই নহয়, সমগ্ৰ ভাৰতৰ বাবেও এক ঐতিহাসিক মাইলৰ খুঁটি। এই সাফল্যৰ ফলত ভাৰত বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হয় য’ত কোনো ব্যক্তিগত কোম্পানীয়ে নিজাববীয়াকৈ কক্ষপথীয় ৰকেট উৎক্ষেপণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে এই কৃতিত্ব কেৱল আমেৰিকা আৰু চীনৰ ব্যক্তিগত কোম্পানীসমূহেই লাভ কৰিছিল।

ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃস্বৰূপ  ড° বিক্ৰম সাৰাভাইৰ সন্মানত এই ৰকেটৰ নাম বিক্ৰম-১ ৰখা হৈছে। প্রায় সাত মহলীয়া উচ্চতাৰ এই ৰকেটটো পৃথিৱীৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ উচ্চতাত অৱস্থিত লো আর্থ অর্বিট (Low Earth Orbit) লৈ গতি কৰে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে উপগ্রহসমূহক নিৰ্ধাৰিত কক্ষপথত সফলতাৰে স্থাপন কৰা।

You might also like

Comments are closed, but trackbacks and pingbacks are open.