ফিফা বিশ্বকাপৰ ফাইনেলত একেৰাহে দ্বিতীয়বাৰৰ বাবে স্থান নিশ্চিত কৰিলে আৰ্জেণ্টিনাই। ফিফা বিশ্বকাপ ২০২৬, ৰোমাঞ্চকৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি লিঅ’নেল মেছিৰ নেতৃত্বাধীন দলটোৱে প্ৰবেশ কৰে ফাইনেলত।
ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজত হোৱা দ্বিতীয়খন ছেমি ফাইনেলত প্ৰথমে অধিকাংশ সময় ইংলেণ্ডে অগ্রগতি লাভ কৰি আছিল । ইংলেণ্ডৰ এন্থনী গৰ্ডনে ৫৫ মিনিটত প্ৰথম গ’লটো দি দলটোক আগুৱাই নিয়াৰ পিছত ইংলেণ্ডে অতিমাত্ৰা ৰক্ষণাত্মক খেল প্ৰদৰ্শন কৰাৰ সম্পূৰ্ণ সুযোগ লয় আর্জেন্টিনাই। প্রথমে ৮৫ মিনিটত আৰ্জেণ্টিনাৰ হৈ এনজো ফার্নাণ্ডেজে এটা দৰ্শনীয় গ’লেৰে খেলখন সমতালৈ আনে ইয়াৰ পিছতে ডিফেণ্ডাৰ নিকোলাছ তাগ্লিয়াফিকোৰ স্থানত বদলি খেলুৱৈ হিচাপে অহা লাওতাৰো মাৰ্টিনেজে অতিৰিক্ত সময়ৰ দ্বিতীয় মিনিটত দলৰ হৈ নিৰ্ণায়ক গ’লটো কৰে। ১-০ ব্যৱধানত পিছ পৰি থকাৰ পৰা আৰ্জেণ্টিনাই অতি কম সময়ৰ ভিতৰতে ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে আৰু খেলৰ শেষ মুহূৰ্তলৈকে এই স্ক’ৰ ধৰি ৰাখি ফাইনেলত স্থান সুনিশ্চিত কৰে।
Comments are closed, but trackbacks and pingbacks are open.