জৈৱ-বৈচিত্ৰ্যৰ বাবে সমগ্ৰ বিশ্বতে সুকীয়া পৰিচয় থকা আমাৰ অসম প্ৰাকৃতিক সম্পদ আৰু বন্যপ্ৰাণীৰ এক চহকী ভূমি। ব্ৰহ্মপুত্ৰৰ পলসুৱা উপত্যকা, ঘন চিৰসেউজ অৰণ্য আৰু পাহাৰীয়া ভূ-ভাগে অসমক বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল কৰি তুলিছে। বৰ্তমান সময়ত অসমত মুঠ ৮ খন ৰাষ্ট্ৰীয় উদ্যান আছে। শেহতীয়াকৈ ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ‘শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান’ক অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছে।
তলত অসমৰ এই আঠখন ৰাষ্ট্ৰীয় উদ্যানৰ চমু আভাস দাঙি ধৰা হ’ল:
১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)
অসমৰ গৌৰৱ কাজিৰঙা বিশ্ববিখ্যাত এশিঙীয়া গড়ৰ প্ৰধান বাসস্থান। ইউনেস্ক’ৰ (UNESCO) “বিশ্ব ঐতিহ্য ক্ষেত্ৰ” হিচাপে ঘোষিত এই উদ্যানখনৰ এখন ব্যাঘ্ৰ প্ৰকল্পও (Tiger Reserve) আছে। ইয়াত এশিঙীয়া গঁড়ৰ উপৰি ঢেঁকীয়াপতীয়া বাঘ আৰু বৃহৎ সংখ্যক বনৰীয়া ম’হ পোৱা যায়। প্ৰতিবছৰে হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ বাবে ই আকৰ্ষণৰ প্ৰধান কেন্দ্ৰবিন্দু।
২. মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)
হিমালয়ৰ পাদদেশত অৱস্থিত মানস এখন ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ব্যাঘ্ৰ প্ৰকল্প আৰু বায়’স্ফিয়াৰ ৰিজাৰ্ভ। এই উদ্যানখন বিৰল প্ৰজাতিৰ সোণালী বান্দৰ (Golden Langur) আৰু নল-গাহৰি (Pygmy Hog) আদিৰ বাবে জনাজাত। উদ্যানখনৰ মাজেৰে বৈ যোৱা মানস নদীৰ প্ৰাকৃতিক দৃশ্যই ইয়াৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। ইয়াৰ পোনপটীয়া সংযোগ ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে আছে।
৩. ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃতিগত সাদৃশ্যৰ বাবে “মিনি কাজিৰঙা” বুলিও জনা যায়। ইয়াতো গঁড় আৰু বাঘৰ ঘনত্ব যথেষ্ট বেছি। মাত্ৰ ৭৮.৮১ বৰ্গ কিমি মাটিকালিৰে ই অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানৰুপে পৰিচিত।
৪. নামেৰী ৰাষ্ট্ৰীয় উদ্যান (Nameri National Park)
শোণিতপুৰ জিলাত অৱস্থিত নামেৰী পক্ষী নিৰীক্ষকসকলৰ বাবে এক স্বৰ্গৰাজ্য। ই বিলুপ্তপ্ৰায় ৰাজহাঁহ (White-winged Wood Duck) বা দেওহাঁহৰ এক অন্যতম আশ্ৰয়স্থল। ইয়াৰ মাজেৰে বৈ যোৱা জিয়াভৰলী নদীত কৰা ৰাফটিং আৰু বৰশী টোৱা (Angling) পৰ্যটনৰ বিশেষ আকৰ্ষণ। লগতে ইয়াত সুৰক্ষিত হাতী আৰু বিভিন্ন প্ৰজাতিৰ পখিলা দেখিবলৈ পোৱা যায়।
৫. ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (Dibru-Saikhowa National Park)
অসমৰ পূব প্ৰান্তত অৱস্থিত এই উদ্যানখন এখন নদীদ্বীপ আৰু জৈৱ-মণ্ডলী সংৰক্ষিত অঞ্চল (Biosphere Reserve)। ই বিশেষকৈ বনৰীয়া ঘোঁৰা (Feral Horses) আৰু বিবিধ প্ৰজাতিৰ স্থানীয় তথা পৰিভ্ৰমী পক্ষীৰ বাবে জনাজাত। ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ দ্বাৰা আৱৰা এই উদ্যানখনৰ মাগুৰি-মোটাপুং বিল জৈৱ-বৈচিত্ৰ্যৰ এক ডাঙৰ উৎস। ইয়াত বিভিন্ন প্ৰজাতিৰ গাংগেয় ডলফিন বা শিহুও পোৱা যায়।
৬. ৰায়মোনা ৰাষ্ট্ৰীয় উদ্যান (Raimona National Park)
কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড আঞ্চলিক অঞ্চলত (BTR) অৱস্থিত ৰায়মোনা ২০২১ চনত অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায়। এই উদ্যানখন বিশেষকৈ সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ। ই ৰিপু সংৰক্ষিত বনাঞ্চলৰ এটা অংশ আৰু ইয়াৰ উত্তৰ দিশে ভূটানৰ ফিপছু বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত।
৭. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dehing Patkai National Park)
অসমৰ একমাত্ৰ ক্ৰান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য (Rainforest) । ইয়াত বিভিন্ন প্ৰজাতিৰ বনৰীয়া মেকুৰী, হাতী আৰু আপুৰুগীয়া অৰ্কিড পোৱা যায়। ২০২১ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে মৰ্যাদা দিয়া হয়। বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি প্ৰজাতিৰ বন্য মেকুৰী (যেনে মেঘালী নাহৰফুটুকী) এই বৰ্ষাৰণ্যখনত দেখিবলৈ পোৱা যায়।
৮. শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান (Sikhna Jwhwlao National Park)
ভাৰত-ভূটান সীমান্তৰ চিৰাং সংৰক্ষিত বনাঞ্চলৰ অংশবিশেষক লৈ গঠন কৰা এইখন অসমৰ শেহতীয়া তথা অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান। বড়ো সমাজৰ প্ৰখ্যাত বীৰ যোদ্ধা আৰু জননেতা ‘শিখনা জৌলাও’ৰ স্মৃতিত ইয়াৰ নামকৰণ কৰা হৈছে। তেওঁ ঊনবিংশ শতিকাত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সাহসেৰে সংগ্ৰাম কৰিছিল আৰু বড়ো সমাজৰ ইতিহাসত এজন স্মৰণীয় ব্যক্তিত্ব হিচাপে পৰিচিত। এই বনাঞ্চলে মানস আৰু ৰায়মোনা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বন্যপ্ৰাণীৰ, বিশেষকৈ হাতী আৰু বাঘৰ যাতায়তৰ বাবে এক গুৰুত্বপূৰ্ণ কৰিডৰ হিচাপে কাম কৰে।
এই আঠখন ৰাষ্ট্ৰীয় উদ্যানে অসমৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ লগতে ৰাজ্যখনৰ পৰ্যটন উদ্যোগকো চহকী কৰি তুলিছে। এই প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা আৰু সংৰক্ষণ কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব।
Comments are closed, but trackbacks and pingbacks are open.