গল্পঃ সন্ধ্যাৰাগ

9

প্রেজেণ্টেচনৰ সকলোখিনি কাম শেষ কৰি আৰাধনাই ব্লেক কফি কাপ লৈ মিউজিক ছিষ্টেমটোত লগাই দিলে তাইৰ প্ৰিয় ‘মায়াময় ৰূপালী জোনাক’ গীতটি। গীতটো তাইৰ অকলশৰীয়া সময়ৰ একমাত্ৰ সংগী। মধুময় আবেলি এটা পাৰ কৰিবলৈ তাইক ইয়াতকৈ আৰু বেছি একো নালাগে। বেলকনিতে বহি দিবলগীয়া প্রেজেণ্টেচনৰ কথাখিনি মনতে আওৰাই থাকিল । এইটো যে তাইৰ প্ৰথম অভিজ্ঞতা হ’ব এনে নহয়। বহুবাৰ তাই বিদ্যালয়-মহাবিদ্যালয়ত ভিন্ন বিষয়ৰ ওপৰত আলোচনাত ভাগ লৈছে। কিন্তু আলোচনাভাগ হৈ নোযোৱালৈকে তাই এক মানসিক চাপত ভোগে। এইবাৰ এক অজান উৎকণ্ঠা আৰু উত্তেজনাই তাইক বেছিকৈয়ে জৰ্জৰিত কৰিছে। এই উৎকণ্ঠাৰ কাৰণ সেই বিশেষ চহৰখন। যিখন চহৰত তাই কোনোদিন ভৰি দিয়া নাই অথচ এক অজানা অনুভৱে তাইক আজিও শিহৰিত কৰে, আৱেগিক কৰি তোলে। যিখন চহৰক লৈ তাই সপোন দেখিছিল কিন্তু সপোনবোৰ বাস্তৱায়িত হোৱাৰ আগতেই থানবান হৈ গৈছিল ৷

ঘড়ীটোৱে পুৱা ছয় বজাৰ সংকেত দিয়াৰ লগে লগে পদূলিমুখত সহকৰ্মী আদ্যা আৰু কাব্যৰ গাড়ীয়ে আহি পোৱাৰ সংকেত দিলে ৷ আন দিনা হোৱা হ’লে অভিনন্দনে হুলস্থূল লগাই দিলে হয় । পিছে অফিচৰ বিশেষ কামৰ বাবে কলিকতালৈ যাব লগা হোৱাত আজি তাইক এলামটোৱে সহায় কৰিলে৷ প্ৰকৃততে আদ্যা আৰু কাব্যৰ কথা এৰাব নোৱাৰিয়েই তাই এই আলোচনা চক্ৰত ভাগ ল’বলৈ গৈছে, নহ’লে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমানেই সমল ব্যক্তি হিচাপে নামাতক কিয় তাইৰ পক্ষে সন্মতি দিয়াটো সম্ভৱ নাছিল। দুয়োটা তাইৰ অনুজ হ’লেও কর্মস্পৃহা দুয়োৰে তাইতকৈ বেছি। কোনো মাহত তাইৰ লিখা-মেলাবোৰ কমি গ’লেই দুয়োটাৰে আব্দাৰ আহিয়েই যায়—

লেখক আকৌ, কিবা এটা। ইমান দিন হ’ল নতুন একো পঢ়া নাই। নতুন কিতাপ এখন প্ৰকাশ কৰিব লাগিছিল নহয়… ইত্যাদি ইত্যাদি। প্ৰকৃততে বৰ্তমানৰ উঠি অহা প্ৰজন্মটোক তাই যিমানেই ওচৰৰ পৰা পাইছে সিমানেই সিহঁতৰ কর্মস্পৃহা, পৰিশ্ৰম, স্পষ্টবাদিতা, প্রতিশ্রুতি দেখি আচৰিত হৈছে।

যাত্ৰা পথত দুয়োটাৰ লগত কিমান যে কথাৰ মহলা মৰা হ’ল। একেবাৰে ৰাজনীতিৰ পৰা দেশৰ অৰ্থনীতিলৈকে। বোকাখাতৰ কলপাতত দিয়া লুচি- আলু ভাজিৰ পৰা ওৰাঙৰ ৰসগোল্লা, সৰভোগৰ মিঠা দৈৰ পৰা বৰপেটাৰ চানা মিঠাইলৈকে কি কি যে খাদ্যৰ জুতি লোৱা নাই সিহঁতে। গৈ গৈ আমনি লাগিব বুলি ভাবি থকা আৰাধনাৰ বাবে যাত্ৰাটো বেছি ৰসালহে হ’ল। আচলতে মনে মিলা সহযাত্রী হলে দীঘলীয়া যাত্রাও সুধাময় হয়, এইক্ষেত্ৰত বয়স মাথোঁ এটা সংখ্যাহে। যাত্ৰাটোৱে আৰাধনাক অন্ততঃ এইখিনি অভিজ্ঞতা দিলে।

মন ভাগৰুৱা নহ’লেও গোটেই দিনটোৰ যাত্ৰাই আৰাধনাক শাৰীৰিকভাৱে ক্লান্ত কৰি তুলিলে। ইফালে আদ্যা আৰু কাব্যৰ মুখত ভাগৰৰ লেশমানো নাই, দুয়োটাই কেতিয়াও নেদেখা, কেতিয়াও নহা চহৰখন ফুৰিবলৈ ওলাই গ’ল। সোনকালে উভতি আহিবলৈ কৈ আৰাধনাই কোঠাতে জিৰণি ল’লে । আৰাধনাৰ ভাগৰৰ লগতে অব্যক্ত এক অনুভূতিয়ে তাইৰ বুকুখন শিহৰিত কৰি তুলিলে ৷

বগা কটনৰ কুটাটোৰ ওপৰত ৰঙা দুপাট্টাখন লৈ লৰালৰিকৈ তাই তললৈ নামি গ’ল। তাইৰ বাবে মহাবিদ্যালয় কর্তৃপক্ষৰ ফালৰ পৰাই নিশাৰ আহাৰৰ আয়োজন কৰিছিল, তায়েই আদ্যা আৰু কাব্যৰ কথা কোৱাত তেওঁলোকে তিনিওজনৰে খোৱাৰ ব্যৱস্থা কৰাৰ লগতে নিবলৈও আহিছে। দহ মিনিটমান অহাৰ পিছত প্ৰকাণ্ড লোহাৰ গেট এখনৰ আগত গাড়ীখন ৰ’লহি। তিনিওটাকে নিবলৈ অহা হাজৰিকা ছাৰে নামিবলৈ কোৱাত এটা এটাকৈ তিনিওটা সোমাই গ’ল। গেটখনৰ পৰা ঘৰটোলৈ এটা দীঘলীয়া বাট মানে এখন ডাঙৰ চোতাল। টাবে টাবে নানাৰঙী ফুল আৰু ফুলৰ সুবাস, প্ৰেমত পৰো বুলি পৰি যাব পৰা এখন চোতাল। গৃহিণীগৰাকীৰ হাতৰ পৰশ, তেওঁৰ কলাসুলভ মনটোৰ উমান লৈ আৰাধনা আগুৱাই গ’ল। এইখন চোতাল এসময়ত তাইৰ পৰিকল্পনা আছিল। এই ফুলনিখন তাইৰ সপোন আছিল কিন্তু ক’ত কেনেকৈ তাইৰ এই সপোনৰ সলিল সমাধি ঘটিছিল, আৰাধনাৰ ঠিক মনত পৰা নাই।

‘আৰাধনা বাইদেউ আহিলে’ বুলি চিঞৰ এটা মাৰি আলহী ঘৰটোত সোমাওঁতেই বোৱাৰী এগৰাকীয়ে আহি তাইক সাবটি ধৰিলে। আৰাধনাৰ বাবে এনে মুহূর্ত নতুন নহয়। কিন্তু হঠাৎ তাই এনে মুহূৰ্তৰ বাবে প্রস্তুত নাছিল ।

আপোনাক জীৱনত লগ পাম বুলি ভবাই নাছিলো জানে। মই যে আপোনাৰ গল্প-কবিতাৰ তামাম প্রেমিকা। এইবাৰ ইয়ালৈ আহিব বুলি গম পায় ময়েই ইয়াক ক’লোঁ আপোনাক আমাৰ ঘৰত ভাত খুৱাম বুলি। কথা মতেই কাম, হাজৰিকা ছাৰক ক’লোঁ— বোলো মই থাকোঁতে বাইদেৱে বেলেগত খাব, এইটো কেনেকৈ সম্ভৱ। কথা মতেই কাম ।

কথাখিনি একে উশাহতে কৈ মানুহগৰাকী ৰ’ল। আৰাধনাই এইবাৰ আৰম্ভ কৰিলে- পিছে মোক যে তোমাৰ ফুলনিৰ প্ৰেমত পেলাই দিলা। ইমান ধুনীয়া এখন ফুলনিৰ গৰাকীৰ ঘৰলৈ আহিবলৈ পোৱাটোৱেই মোৰ সৌভাগ্য বুজিছা ।

 “পিছে ফুলনিৰ ক্রেডিট মোৰ নহয় বাইদেউ শিল্পমৰহে।’.

‘শিল্পম! আৰাধনা আচৰিত হয়।’

—ও, মোৰ মানুহজনৰ। বহক, ম‍ই মাতি দিছোঁ।’.

‘শিল্পম চৌধুৰী, আমাৰ কলেজৰে ফিজিক্স ডিপাৰ্টমেণ্ট। মাকৰ অলপ গা বেয়া, তেওঁৰ লগতে লাগি আছে, আহিব ৰ’ব। আপুনি আহিব বুলি গম পায় তেওঁৰ পৰিবাৰেই মোক যোগাযোগ কৰিছিল। শিল্পম ছাৰে পিছতহে গম পায়’- হাজৰিকাই কৈ গ’ল।

‘শিল্পম… শিল্পম। আৰাধনাই মনতে আওৰালে।’

আৰাধনাই যাৰ বাবে এই চহৰখনলৈ আহিব বিচৰা নাছিল সেই শিল্পম, যাক কেতিয়াও আৰু লগ কৰাৰ কথা নাছিল সেই শিল্পম। হয় সেই শিল্পম। সৌৱা এখোজ দুখোজকৈ কোঠাটোলৈ সোমাই অহা আজি পোন্ধৰ বছৰে কোনো যোগাযোগ নৰখা সেই শিল্পম। যোৱা পোন্ধৰটা বছৰে যাৰ বাবে তাই মনত পুহি ৰাখিছে ক্ষোভ, খং, মান-অভিমানৰ এক বৃহৎ অংক ।

 ‘নমস্কাৰ।’

আদ্যা আৰু কাব্যই নিজৰ পৰিচয় দি আজৰি হোৱাত শিল্পমৰ চকু এইবাৰ আৰাধনাৰ চকুত ৰ’লহি ।

‘আপোনাৰ পৰিচয়ৰটো দৰকাৰেই নাই। আপোনাকতো সকলোৱেই জানে।’

কথাষাৰ তাইৰ বাবে প্ৰশংসাসূচক আছিল নে ঠাট্টাসূচক আৰাধনাই ঠিক ধৰিব নোৱাৰিলে।

সেই নিশা আৰাধনাৰ টোপনি অহা নাছিল । হয়তো একেখন চহৰত দুটা মনে সেইদিনা অতীত ৰোমন্থনত বিনিদ্ৰ ৰজনী পাৰ কৰিছিল । বিশ্ববিদ্যালয়ৰ সময়বোৰে টুকুৰা টুকুৰকৈ তাইৰ মানসপটত খুন্দিয়াই গৈছিল। দুটা বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ দুটা মনে বসন্তৰ কোনো এটা দিনতে আৱাসৰ বিহু অনুশীলনত চিনাকি হৈছিল আৰু সেই চিনাকিয়েই শেষলৈ বন্ধুত্ব, প্ৰেমৰ সম্পৰ্কৰে উজ্জীৱিত হৈছিল। অৱশ্যে এই প্ৰেমত কোনো প্রতিশ্রুতি নাছিল, নাছিল কোনো চুক্তি । মাথোঁ দুয়োটাই বুজিছিল ইজনে আনজনৰ বাবে থকা আৱেগ, আদৰবোৰ। নোকোৱাকৈয়ে বুজিব পাৰিছিল আনজনৰ মনৰ কথা। দেউতাকৰ মৃত্যুৰ পিছত শিল্পম অকলশৰীয়া মাকৰ ওচৰলৈ ঘূৰি আহিছিল আৰু আৰাধনা ৰৈ গৈছিল, সেই একে ঠাইতে। শিল্পমৰ ব্যস্ততাবোৰ বাঢ়িছিল, লাহে লাহে সিহঁতৰ মাজৰ দূৰত্ববোৰো আৰু এনে এক সময় আহিছিল যেতিয়া আৰাধনাই ঘৰৰ পৰা ঠিক কৰি দিয়া অভিনন্দনৰ লগত বিয়া ঠিক হোৱাৰ খবৰ দিওঁতেও শিল্পম মৌন হৈ ৰৈছিল আৰু শান্তভাৱে কৈছিল- ভাল ল’ৰা, সুখত থাকিবি, বিয়া হৈ যা ।

আৰাধনাই বিচাৰিছিল শিল্পমে কওক- ৰৈ যা তই, মোৰ বাবে। ময়ো কিবা এটা কৰোঁ, অলপ সময় মোক দে।

শিল্পমে বিয়াৰ পিছত তাইক ব্লক কৰি দিছিল। মাজে মাজে ছ’চিয়েল মিডিয়াত তাই তাৰ সন্ধান কৰে, কিন্তু শিল্পমক তাই ক’তো নাপায় । এবাৰ কথা প্ৰসংগত লগৰ উত্তমে তাইক কৈছিল—

“তই কিন্তু শিল্পমক বৰ ঠগালি দেই, সি তোক ইমান ভাল পাইছিল আৰু তই ভাল ল’ৰা পাই বিয়া হৈ গ’লি। এতিয়া ঘৰৰ পৰা ইমান কৈ থকা সত্ত্বেও সি বিয়া পতা নাই, কি বা হয় বেচেৰাৰ।’

সেই দিন ধৰি আৰাধনাই শিল্পমক কেতিয়াও বিচৰা নাই, তাৰ খবৰ পাবলৈ উদগ্ৰীৱ হৈ থকা নাই। শিল্পমে লগৰবোৰক তাইকে প্ৰতাৰক সজালে বুলি তাই বুজি উঠিল। তথাপিও তাই বিচাৰে সি ভালে থাকক, তাৰো এখন সুখৰ সংসাৰ হওক।

চাহ কাপত শোহাটো মাৰোঁতেই শিল্পমক তাই সন্মুখতে দেখিলে। দিনটো তাই ভবাতকৈ ভালকৈয়ে পাৰ কৰিলে, প্রেজেণ্টেচনো তাইৰ ভালদৰেই হ’ল। আলোচনা-চক্ৰত তাই ইমানেই সোমাই পৰিছিল যে শিল্পমৰ কথা পাহৰিয়েই আছিল। দিনটোলৈ আদ্যা আৰু কাব্য সিহঁতৰ গৱেষণাৰ সমল বিচাৰি ওলাই গৈছিল। হঠাৎ শিল্পমক সন্মুখত দেখা পাই আৰাধনাই অলপ অস্বস্তিবোধ কৰিলে।

‘আপোনাৰ লগত অলপ কথা আছিল, অলপ সময় দিব পাৰিব নেকি মেডাম?’

শিল্পমৰ মুখত ‘মেডাম’শব্দটোত আৰাধনা কঁপি উঠিল, তথাপিও সকলোৰে আগত ‘নিশ্চয়’ বুলি কৈয়েই তাই সঁহাৰি জনালে।

সকলো যোৱাৰ পিছত জিৰণি কোঠাটোৰ এচুকত তাই বহি ৰ’ল শিল্পমৰ বাবে। তাই ৰৈ থকাটো ভাল হ’ব নে বেয়া হ’ব তাই ঠিক ধৰিবও পৰা নাই। কিছু সময়ৰ পিছত শিল্পমে দুৱাৰমুখত ৰৈ ‘আহ’ বুলি কোৱাত আৰাধনা উঠি গ’ল। সম্বোধনবোৰত তাই প্ৰতিবাৰেই আচৰিত হৈছে আৰু প্ৰতিবাৰেই নিশ্চুপ হৈ ৰৈছে। গাড়ীখনত বহি লৈ সি ক’লে— ক’লৈ যাবি ক?

‘হোটেললৈ। আদ্যাহঁতে গাড়ীখন লৈ গৈছে, তয়ে থৈ আহ।’

হ’ব বাৰু থৈ আহিম। প্ৰথমবাৰ মোৰ চহৰলৈ আহিছ, ব’ল মোৰ ভাল লগা ঠাই এটুকুৰালৈ যাওঁ।’

আৰাধনাই একো নক’লে। যোৱাটো ভাল হ’ব নে বেয়া হ’ব তাই ধৰিবও নোৱাৰিলে। কিছু সময়ৰ পিছত গাড়ীখন ৰ’ল। দুয়োটা লাহে লাহে নামি গ’ল। ডাঙৰ ডাঙৰ শিলেৰে শিলাময় হৈ থকা ঠাইটুকুৰা তাইৰ বৰ ভাল লাগিল। অস্তমিত সূৰুযৰ ৰাঙলী আভাই, নদীৰ কল্লোলিত ধ্বনিয়ে আৰু মলয়াৰ মৃদু স্পৰ্শই দুয়োকে কিছু সময় মৌন কৰি ৰাখিলে ৷ কুলিৰ কুউ কুউ মাতে পৰিৱেশটো মায়াময় কৰি তুলিলে।

‘মোৰ দুখৰ দিনৰ লগৰী, মোৰ সুখ-দুখ সকলোবোৰৰ সাক্ষী এই ঠাইখিনিয়েই বুজিছ। কাকো ক’ব নোৱাৰা কথাবোৰ, মোৰ সফলতা- বিফলতাৰ সাক্ষী এই বুঢ়ালুইত । ম‍ই জানো, তই মোক বেয়া পাইছ, মোক হয়তো প্ৰতাৰক বুলি ভাবিছ। মই তোকেই ভাল পাইছিলোঁ বুজিছ, কিন্তু কি কৰিবি মোৰ ভাগ্যত তই নাছিলি। সময়তকৈ ম‍ই বহু পিছুৱাই আছোঁ বুজিছ। তই বা আমাৰ লগৰবোৰ আজি যিমান আগশাৰীত আছ মই ঘৰুৱা অসুবিধাৰ বাবে বহু পিছুৱাই ৰৈ গ’লোঁ বুজিছ। সেয়ে হয়তো কাপুৰুষৰ দৰে তোৰ ভৱিষ্যৎ মই সুৰক্ষিত কৰিব নোৱাৰিম বুলি ভাবিয়েই মই তোৰ পৰা আঁতৰি আহিলোঁ। ভুল নুবুজিবি মোক, তোক ম‍ই চিত কৰা নাছিলোঁ বুজিছ। অৱশ্যে মাজে মাজে তোকো স্বাৰ্থপৰ যেন লাগিছিল মোৰ। এনে লাগিছিল ৰৈ যাব পাৰিলিহেঁতেন তই মোৰ বাবে। আচলতে তোক আকৌ লগ পাম বুলি মই ভবাই নাছিলোঁ। তোৰ খবৰ মই পাই থাকোঁ, বেলেগৰ পৰা নহ’লেও মানুহজনীৰ পৰাই পাওঁ। তেওঁৰ কথা পেলাব নোৱাৰিয়েই কালি তই মোৰ ঘৰৰ অতিথি আছিলি। কালি তোক দেখি মোৰ এনে লাগিল কথাবোৰ মনৰ মাজত লৈ থকাতকৈ কৈ দিয়াই ভাল। ভুল নুবুজিবি, সুখত থাক, ভালে থাক।

শিল্পমৰ একে উশাহতে কোৱা কথাখিনিত আৰাধনা স্তম্ভিত হৈ পৰিল। কি কৈ গ’ল শিল্পমে! কথাবোৰ তাই ভবাৰ দৰে নহ’ল কিয় ? অতদিনে শিল্পমে তাইক প্ৰতাৰণা কৰিলে বুলিয়েইতো ভাবি আছিল, সেই ভাবিয়েইতো তাই অভিনন্দনৰ লগত বিয়াত বহিছিল, কিন্তু সি যে আজি কোনোবাখিনিত তাইক প্ৰতাৰক বুলি ইংগিত দি থৈ গ’ল তেন্তে ভুল তাইৰহে আছিল নেকি ? আৰাধনা উচুপি উঠিল।

‘ব’ল, সন্ধিয়া হ’ল। আৰাধনাক একো ক’বলৈ সুবিধা নিদিয়াকৈয়েই একে উশাহতে কথাকেইষাৰ কৈ শিল্পম গাড়ীৰ ফালে আগুৱাই গ’ল।’

তেন্তে অতবছৰে কঢ়িয়াই ফুৰা আৰাধনাৰ মান-অভিমানৰ পেৰাটো ইয়াতেই শেষ হ’ল। তাইৰ একো ক’ব লগা নাছিল নে তাৰ একো শুনিব লগা নাছিল! শিল্পমে যে ক’লে, ‘তাই ৰৈ যাব পাৰিলেহেঁতেন…. স্বাৰ্থপৰ।’

‘ময়ো বিচাৰিছিলোঁ ৰৈ যাবলৈ বুজিছ, কিন্তু তই যে সেই সুবিধাকণো মোক নিদিলি।’

কথাখিনি শিল্পমৰ কাণত পৰিল ঠিকেই, কিন্তু সি কোনো প্রত্যুত্তৰ নিদিলে। হয়তো উত্তৰ-প্ৰত্যুত্তৰ দিয়াৰ সময় তেতিয়া আৰু কাৰো বাবেই নাছিল।

ওভতনি যাত্ৰাত গাড়ীখনত মাথোঁ বাজি ৰ’ল—

‘তুমহাৰে শহৰ কা মৌসম, বড়া সুহানা লগে
মে এক শ্যাম চুড়া লো, অগৰ বুঢ়া না লগে
তুমহৰে বশ মে হে অগৰ তৌ ভুল যাৱ হমে
তুমহে ভুলনে মে শায়দ মোঝে জামানা লগে।’

মনস্বী শৰ্মা

You might also like

Comments are closed, but trackbacks and pingbacks are open.