দৈনিক ৰাশিফল ২০ জুলাই ২০২৬

9

৩ শাওন, সোমবাৰ, ইং ২০ জুলাই ২০২৬

১.মেষ ৰাশি(অ,আ,ল): আজি কোনো পদযাত্রাত অংশগ্রহণ নকৰিব। পৰিয়ালৰ লগত সময় কটাব পাৰিব। বহুদিন পেলাই থোৱা কোনো সৰু কাম সম্পূৰ্ণ হ’ব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৪।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি কোনো সৰু পৰিৱৰ্তনে মনত আনন্দ দিব। ব্যৱসায়ত উন্নতি হ’ব। জুইৰ পৰা সাৱধানে থাকিব। নিজৰ পছন্দৰ কামত অলপ সময় দিয়ক। শুভ ৰং সোণালী, শুভ সংখ্যা ২।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি কোনো সৃষ্টিশীল চিন্তাই ভৱিষ্যতে লাভজনক ৰূপ ল’ব পাৰে। বন্ধু-বান্ধৱৰ সহায় লাভ কৰিব। প্ৰেমত মধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ১।

৪.কৰ্কট ৰাশি(ড,হ): আজি ব্যয় বৃদ্ধি পাব। শৰীৰৰ ক্ষেত্ৰত অশুভ। কর্মত জটিলতা থাকিব। যিকোনো কাম কৰাৰ আগতে চিন্তা কৰিব। দাম্পত্যত মধ্যম। শুভ ৰং মেৰুন, শুভ সংখ্যা ৯।

৫.সিংহ ৰাশি (ম,ট): আজি মনৰ অস্থিৰতা থাকিব। দূৰদৰ্শীসকলৰ উন্নতি হ’ব। আনক প্রলোভিত কৰিবলৈ চেষ্টা নকৰিব। শিক্ষাৰ্থীসকলৰ শুভ। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৬।

৬.কন্যা ৰাশি(ঠ,প,ন): আজি নতুন অভিজ্ঞতাই আত্মবিশ্বাস বৃদ্ধি কৰিব। প্ৰেমত সমস্যা থাকিব। বিদ্যাৰ্থীসকলৰ শুভ। আয় বৃদ্ধিৰ যোগ। শুভ ৰং সেডজীয়া, শুভ সংখ্যা ৩।

৭.তুলা ৰাশি(ৰ,ত): আজি আনৰ প্ৰশংসা পাব। কাহ-জ্বৰ হ’ব পাৰে। কোনো সৰু উপহাৰ বা মৰমৰ কথাই আপোনাৰ দিনটো বিশেষ কৰি তুলিব। শুভ ৰং কমলা, শুভ সংখ্যা ৫।

৮.বৃশ্চিক ৰাশি(ন,য): আজি খৰচৰ মাত্রাবৃদ্ধি পাব। যাকে-তাকে বিশ্বাস নকৰিব। শৰীৰৰ চৰ্চা কৰাসকলে সুফল পাব। বিদেশ ভ্ৰমণৰ যোগ দেখা যায়। প্ৰেমত শুভ। শুভ ৰং ৰূপালী, শুভ সংখ্যা ৮।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি ভ্ৰমণৰ সম্ভাৱনা আছে। শিক্ষা আৰু জ্ঞান লাভৰ ক্ষেত্ৰত শুভ। কাৰো সৈতে তৰ্ক নকৰিব। কৰ্মত আনৰ সহযোগ পাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।

১০.মকৰ ৰাশি(খ,জ): আজি ৰক্তচাপ বৃদ্ধি পাব পাৰে। কোনো লোকে মানহানি কৰিব পাৰে। পৰিয়ালৰ সহায়-সহযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। শুভ ৰং ক’লা, শুভ সংখ্যা ৬।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত মধুৰতা বৃদ্ধি পাব। বন্ধু-বান্ধৱৰ লগত আনন্দৰ সময় কটাব। কোনো সমস্যাৰ সমাধান হ’ব। বিবাহৰ প্ৰস্তাৱ আহিব। শুভ ৰং ক্ৰীম, শুভ সংখ্যা ২।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি আধ্যাত্মিক কাম-কাজত মনোযোগবৃদ্ধি পাব। মানসিক শান্তি অনুভৱ কৰিব। সৎ সাহস বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ শুভ। দাম্পত্যত মধ্যম। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।

You might also like

Comments are closed, but trackbacks and pingbacks are open.