২০০৯ চনত মুক্তি পোৱা ‘থ্ৰী ইডিয়টছ’ চিনেমাখন নোচোৱা মানুহ হয়তো ভাৰতত কমে আছে। কাৰণ চিনেমাখনে মুক্তি লাভৰ পিছতে প্ৰতিজন দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। চিনেমাখনে বিশ্বব্যাপী আলোড়ন সৃষ্টি কৰি মুঠ ৪৬০ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছিল। ২০১৩ চনলৈকে আটাইতকৈ অধিক উপাৰ্জন কৰা ভাৰতীয় চলচ্চিত্ৰ আছিল। এই চিনেমাখনৰ সফলতাৰ আঁৰত আছিল এজন ভাৰতীয় লেখক। কাৰণ চিনেমাখন প্ৰস্তুত কৰা হৈছিল লেখকজনৰ এখন উপন্যাসৰ আধাৰত। কিতাপখনৰ নাম হ’ল ‘ফাইভ পইণ্ট ছামৱান’ আৰু লেখকজনৰ নাম হ’ল— চেতন ভগত ৷ অৱশ্যে আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ’ল লেখকজনৰ সদ্য প্রকাশিত অৰ্থাৎ ২০২৪ চনত প্ৰকাশিত আন এখন মূল্যৱান গ্রন্থ। যিখন গ্ৰন্থই সকলো বাধাক অতিক্ৰম কৰি জীৱন যুদ্ধত সফলতাৰে আগবাঢ়ি যোৱাৰ বাবে আপোনাক উদ্বুদ্ধ কৰিব । গ্ৰন্থখনৰ নাম হ’ল— ‘এলেভেন ৰুলছ অৱ লাইফ’ (জীৱনৰ বাবে ১১টা নিয়ম)।
এদিন গ্রীষ্মকালৰ আবেলি, বিৰাজ নামৰ এজন ‘ডেলিভাৰী বয়ে’ লেখকৰ বাবে দুপৰীয়াৰ খাদ্য লৈ আহে। ল’ৰাজনৰ পলম হৈছিল আৰু দেখাত চিন্তিত যেন লাগিছিল। যেতিয়া লেখকে তাক তাৰ পলম হোৱাৰ কাৰণ সোধে, তেতিয়া সি ভাগি পৰে আৰু কয়— ‘মই মোৰ জীৱনক ঘৃণা কৰোঁ। কাৰণ মোৰ প্ৰেয়সীয়ে মোক এৰি দিছে।’ তাই কয়, ‘মোৰ কোনো ভৱিষ্যৎ নাই।’ তেতিয়া লেখকে বিৰাজক এটা প্ৰস্তাৱ দিয়ে যে মই তোমাৰ জীৱন পৰিৱৰ্তন কৰি দিব পাৰোঁ, যিদৰে মই মোৰ জীৱন পৰিৱৰ্তন কৰিছোঁ ৷ ইয়াৰ বাবে তুমি প্রতিদিনে, মোৰ দুপৰীয়াৰ আহাৰ লৈ আহিব লাগিব ।
ল’ৰাজনে লেখকৰ প্ৰস্তাৱ স্বীকাৰ কৰে। ইয়াৰ পিছতে লেখকে অর্থাৎ চেতন ভগতে নিজৰ জীৱনত লাভ কৰা সফলতাৰ আধাৰত বিৰাজক জীৱনৰ ১১টা নিয়ম ব্যাখ্যা কৰি বুজাই দিয়ে। সেই নিয়মবোৰ হ’ল— ফিটনেছক কেতিয়াও উপেক্ষা নকৰিব, আৱেগ নিয়ন্ত্ৰণ কৰক, নিজক আগত ৰাখক, সৰল ইংৰাজীৰ গৰাকী হওক, সহজ ডোপামিন নহয়, কঠিন বস্তুক খেদি ফুৰা, হাতী খোৱা, পঁইতাচোৰা হওক, মানুহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ শিকক, এয়া মোৰ দোষ আৰু আয়, সঞ্চয় আৰু বিনিয়োগ। বিৰাজে লেখকৰ কথা মানি চলি শেষত ‘ডেলিভাৰী বয়’ৰ পৰা ‘ৰেষ্টুৰেণ্ট’ৰ মালিক হৈ পৰে। আপুনিও বিৰাজৰ দৰে জীৱনত সফল হ’ব পাৰে যদি লেখকৰ নিয়মবোৰ বুজি লৈ নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে।
লেখকৰ মতে আমাৰ জীৱনৰ প্ৰথমটো নিয়ম হ’ব লাগে– আমি আমাৰ ‘ফিটনেছ’ক কেতিয়াও উপেক্ষা কৰিব নালাগে অর্থাৎ আমি আমাৰ স্বাস্থ্যক লৈ সচেতন হ’ব লাগে। লেখক যেতিয়া সৰু আছিল তেতিয়া তেওঁ এজন শকত- আৱত ল’ৰা আছিল। সেই সময়ত তেওঁ খোৱাক জীৱনৰ অন্যতম ডাঙৰ আনন্দ হিচাপে গ্রহণ কৰিছিল। আনে তেওঁক ‘ৰলি-পলি’, ‘নিটোল ‘ আদি শব্দৰে ইতিকিং কৰিছিল। কলেজীয়া জীৱন অতিক্ৰম কৰি কৰ্মজীৱনৰ প্ৰাৰম্ভিক অৱস্থাতো তেওঁ শকত আৱত আছিল। এই অস্বাস্থ্যকৰ শৰীৰে লেখকৰ শাৰীৰিক, মানসিক অৱস্থাৰ লগতে সুখক ধ্বংস কৰিছিল। কিন্তু যেতিয়া তেওঁ বুজিব পাৰিলে যে সফলতাৰ বাবে স্বাস্থ্যকৰ শৰীৰ এটা বৰ প্রয়োজনীয় তেতিয়াৰ পৰা তেওঁ নিজৰ ‘ফিটনেছ’ক লৈ গুৰুত্ব দিবলৈ ধৰিলে আৰু খাদ্যৰ ক্ষেত্ৰতো সংযম হ’ল। লেখকে নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা নিশ্চিত হয় যে ফিটনেছৰ তিনিটা প্রধান দিশ হ’ল— নান্দনিকতা, শাৰীৰিক শক্তি আৰু মানসিক শক্তি। তেওঁৰ মতে ফিটনেছৰ প্রধান স্তম্ভ তিনিটা হ’ল— টোপনি, ডায়েট আৰু ব্যায়াম। টোপনিৰ ক্ষেত্ৰত লেখকে আগবঢ়োৱা পৰিকল্পনাবোৰ হ’ল- প্রতিদিনে একে সময়তে টোপনি যোৱা, টোপনিৰ আগত উজ্জ্বল পদাৰ্থৰ পিনে নোচোৱা অর্থাৎ ম’বাইল, টিভি আদিৰ পৰ্দাত নোচোৱা, টোপনিৰ আগত মাদক দ্রব্য গ্ৰহণ নকৰা, ৰাতিপুৱা একেই সময়তে টোপনিৰ পৰা উঠা ইত্যাদি। ডায়েটৰ পৰিকল্পনাবোৰ হ’ল— কেলৰি গণনা কৰা, ‘ইণ্টাৰমিটেণ্ট ফাষ্টিং” অর্থাৎ চৌব্বিশ ঘণ্টাৰ ভিতৰত নিৰ্দিষ্ট সময়ৰ বাবে উপবাস থকা, প্রটিনজাতীয় খাদ্য আৰু শাক-পাচলি খোৱা, অস্বাস্থ্যকৰ খাদ্যৰ পৰা দূৰত থকা ইত্যাদি। ব্যায়ামৰ পৰিকল্পনাবোৰ হ’ল— প্রতিদিনে নিয়মীয়াকৈ ব্যায়াম কৰা আৰু দৌৰা ৷
লেখকৰ মতে আমাৰ জীৱনৰ দ্বিতীয়টো নিয়ম হ’ল— আমি আমাৰ আৱেগক নিয়ন্ত্রণ কৰিব জানিব লাগিব। যদি আমি আমাৰ সংবেদনশীল মস্তিষ্কক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তেন্তে আমি সফল হোৱাটো নিশ্চিত। আনহাতে যদি আমি আমাৰ আৱেগক আনক নিয়ন্ত্ৰণ কৰিবলৈ দিওঁ, তেন্তে তেওঁলোকে আমাৰ জীৱন ধ্বংস কৰি পেলাব। লেখকৰ মতে আমি আমাৰ আৱেগক দুই ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰোঁ- ১) আমি আমাৰ মনৰ বৰ্তমান অৱস্থাক চিহ্নিত কৰিব লাগিব। ২) যুক্তিসহকাৰে প্ৰভাৱশালী ব্যক্তি হোৱাৰ সংকল্প গ্ৰহণ কৰিব লাগিব । লেখকৰ মতে আমাৰ জীৱনৰ তৃতীয় নিয়মটো হ’ল— সদায় নিজক আগত ৰখা অর্থাৎ নিজৰ বাবে জীয়াই থাকিবলৈ যত্ন কৰা, আনৰ বাবে বা আনক দেখুওৱাৰ বাবে নহয় ৷
লেখকৰ মতে আমাৰ জীৱনৰ চতুৰ্থটো নিয়ম হ’ল— সৰল ইংৰাজীৰ মাষ্টাৰ হোৱা অর্থাৎ ইংৰাজী ভাষাত নিজৰ দক্ষতা বৃদ্ধি কৰা। কাৰণ ইংৰাজী হ’ল আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়, কূটনীতি আৰু সংস্কৃতিৰ ভাষা। লগতে এইটো ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰো ভাষা। লেখকৰ মতে আমি পাঁচ ধৰণে ইংৰাজী ভাষাত নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰোঁ— বিশ্বৰ সৈতে ইংৰাজীত যোগাযোগ কৰা, পৰিয়াল আৰু বন্ধুৰ সৈতে ইংৰাজীত কথা কোৱা, ইংৰাজী কিতাপ পঢ়া, ইংৰাজীত চিন্তা কৰা ইত্যাদি। লেখকৰ মতে জীৱনৰ পঞ্চম নিয়মটো হ’ল সহজে ডোপামিন নষ্ট নকৰিব। ডোপামিন হ’ল এক গুৰুত্বপূৰ্ণ নিউৰোকেমিকেল, যিয়ে আপোনাৰ মস্তিষ্কৰ প্ৰেৰণা আৰু পুৰস্কাৰ চাৰ্কিটক নিয়ন্ত্ৰণ কৰে। ইয়াক লৈ ল’ৰা-ধেমালি নকৰিব। ডোপামিন ভিত্তিক পুৰস্কাৰ প্ৰচেষ্টাৰ ফলতহে লাভ কৰিব পাৰি। আমাৰ মস্তিষ্কই সদায় উপভোগ আৰু আনন্দৰ সহজ পথ বিচাৰে। ই সদায় তাৎক্ষণিক আৰু তৃপ্তিৰ সন্ধানত থাকে। ফলত আমি ইনষ্টাগ্ৰামৰ ৰীল আদিৰ দৰে সস্তায়া ডোপামিন ফিক্সত আবদ্ধ হৈ পৰোঁ আৰু জীৱনৰ মূল্যৱান সময় নষ্ট কৰোঁ। আপুনি যদি সস্তীয়া ডোপামিনৰ সৈতে যুঁজিব বিচাৰে তেন্তে এটা উদ্দেশ্যচালিত জীৱন অভিমুখে আগবাঢ়ক আৰু সেই উদ্দেশ্য পূৰণৰ বাবে ডোপামিন খৰচ কৰক। লেখকৰ মতে জীৱনৰ ষষ্ঠ নিয়মটো হ’ল— কঠিন বস্তুৰ পিনে দৌৰা অৰ্থাৎ লক্ষ্য লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে, সেইবোৰৰ প্ৰতি ধাৱমান হওক ।
লেখকৰ মতে জীৱনৰ সপ্তমটো নিয়ম হ’ল— হাতী খোৱা অৰ্থাৎ জীৱনৰ লক্ষ্যক সৰু সৰু খণ্ডত বিভক্ত কৰি পৰিকল্পনা অনুসৰি আগবাঢ়ি যোৱা। সহজ কথাত ক’বলৈ গ’লে আমি আমাৰ লক্ষ্যৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব লাগিব। লেখকে তেওঁৰ জীৱনৰ প্ৰথমটো হাতী খাইছিল আই আই টি পৰীক্ষাৰ আগমুহূৰ্তত। বিভিন্ন পাৰিবাৰিক সমস্যাৰ পিছতো তেওঁ তেওঁৰ পূৰ্ব দীৰ্ঘম্যাদী পৰিকল্পনা অনুসৰি আগবাঢ়ি গৈছিল আৰু সফলো হৈছিল। লেখকৰ মতে জীৱনৰ অষ্টমটো নিয়ম হোৱা উচিত পঁইতাচোৰা হোৱা অর্থাৎ নিজকে পৰিৱৰ্তিত সময়, পৰিস্থিতি আৰু সুযোগৰ সৈতে খাপ খুৱাই ল’ব লাগিব। লেখকৰ মতে পঁইতাচোৰা সাধাৰণ প্ৰাণী হ’ব পাৰে কিন্তু এইটো পৃথিৱীৰ আটাইতকৈ অভিযোজিত প্রাণী। কাৰণ পঁইতাচোৰাই লাখ লাখ বছৰ ধৰি জীয়াই আছে আৰু প্ৰতিটো পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰে, পৰিৱৰ্তিত পৰিৱেশ অনুসৰি নিজকে প্রস্তুত কৰি ল’ব পাৰে। লেখকৰ মতে আমিও জীৱনত পঁইতাচোৰাৰ দৰে হ’ব লাগে আৰু যিকোনো পৰিস্থিতি আৰু পৰিৱেশৰ সৈতে যুঁজিব পৰা শক্তিৰে সমৃদ্ধ হ’ব লাগে ।
লেখকৰ মতে জীৱনৰ নৱমটো নিয়ম হ’ল মানুহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ শিকা অৰ্থাৎ মানুহৰ সৈতে নেটৱৰ্ক বৃদ্ধি কৰা কাৰণ আমাৰ নেটৱৰ্ক আমাৰ জীৱনৰ নেট মূল্য। নেটৱৰ্কিঙৰ বাবে আমি বিভিন্ন লোকৰ সৈতে স্বাস্থ্যকৰ সংযোগ বজাই ৰখাটো প্ৰয়োজনীয়। সম্পর্ক এনে হোৱা উচিত যে জীৱনৰ যিকোনো সময়তে যেন তেওঁলোক আপোনাৰ বাবে উপলব্ধ হয়। প্রতিটো সংযোগ আমাৰ বাবে ইতিবাচক নহ’বও পাৰে, তথাপিও কিন্তু আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। লেখকৰ মতে নেটৱৰ্ক উন্নত কৰাৰ প্ৰধান পদক্ষেপ দুটা হ’ল— অধিক লোকৰ ওচৰ চপা আৰু মানুহৰ সৈতে কথা ক’বলৈ শিকা। লেখকৰ মতে জীৱনৰ দশমটো নিয়ম হ’ল নিজৰ দোষ স্বীকাৰ কৰিবলৈ শিকা অৰ্থাৎ নিজৰ জীৱনৰ বিফলতাৰ বাবে আনক দোষ দিবলৈ বন্ধ কৰা । লেখকৰ মতে জীৱনৰ অন্তিমটো নিয়ম হ’ল – আয়, সঞ্চয় আৰু বিনিয়োগ। অর্থাৎ আমি কেৱল উপাৰ্জন কৰিবলৈ জানিলে নহ’ব সঞ্চয় আৰু বিনিয়োগ কৰিবও জানিব লাগিব ।
গতিকে যদি আপুনি সাধাৰণ সমস্যাবোৰৰ দ্বাৰা আবদ্ধ হৈ জীৱন যুদ্ধত পৰাজিত অনুভৱ কৰিছে আৰু জীৱনত আগবাঢ়িব পৰা নাই, তেন্তে চেতন ভগতৰ এইখন গ্ৰন্থ ক্ৰয় কৰি মনোযোগেৰে অধ্যয়ন কৰি হৃদয়ংগম কৰক, দেখিব জীৱনৰ বন্ধ দুৱাৰখন নিজে নিজে খোল খাব।
Comments are closed, but trackbacks and pingbacks are open.