মুগাৰ কাপোৰসাজ অসমীয়া জীয়ৰী-বোৱাৰীৰ অতিকৈ আদৰৰ। সেয়া লাগিলে খমখমীয়া নতুন এসাজেই হওক বা আইতাৰ দিনৰে জাপৰ ভাঁজত কেতেকী ফুলৰ সুবাস আৰু স্মৃতিৰ পৰশ কঢ়িওৱা ৰিহাখন বা মেখেলাখনেই হওক। কাৰণ সময়ে সোণবৰণীয়া মুগা কাপোৰখনৰ জেউতি ম্লান কৰিব নোৱাৰে। জাৰ-জহ সকলো ঋতুতে পিন্ধাৰ উপযোগী মুগাৰ কাপোৰ প্ৰতিটো অধিক উজ্জ্বল হৈ পৰে। একমাত্ৰ ৰঙীন ৰেচমী সূতাৰূপে খ্যাত মুগা সূতাৰ ৰিহা, মেখেলা, চাদৰ, চোলাৰ আদৰ অসমীয়া সমাজত আজিকোপতি হ্ৰাস পোৱা নাই, বৰং বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে কিন্তু সম্প্ৰতি অসমৰ মুগা শিল্পলৈ সংকট নমাই হ্ৰাস পাইছে সোণালী সূতাৰ উৎপাদন। চাহিদা অনুপাতে মুগা সূতাৰ উৎপাদন যথেষ্ট হোৱাৰ ফলত এনে এটা অৱস্থা হৈছেগৈ যে ধন দিলেও এতিয়া বিশুদ্ধ মুগা কাপোৰ সহজলভ্য নহয়। ইফালে কেৱল অসমতে নহয়, মুগা কাপোৰৰ চাহিদা বিদেশতো দিনকদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ফলত ধনিক শ্ৰেণীটোৰ বাদে, সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰ হৈ গৈছে মুগা। মুগা সূতাৰ লগত তছৰ সূতা মিলাই বোৱা নানাৰঙী বস্ত্ৰ পৰিধান কৰিয়ে এতিয়া মুগাৰ কাপোৰ পিন্ধাৰ আত্মতুষ্টি লাভ কৰাৰ চেষ্টা কৰিছোঁ।
মুগা শিল্প অসমৰ প্ৰাচীন শিল্প। জলবায়ুগত কাৰণতে সমগ্ৰ বিশ্বৰ ভিতৰতে অসমতেই সোণালী মুগা সূতা উৎপাদন হৈছিল। আৰু সেয়ে অতি প্রাচীন কালৰে পৰাই মুগা অসমৰ সুকীয়া বৈশিষ্ট্যস্বৰূপ। প্রকৃতিৰ বুকুত এটি ক্ষুদ্র পতংগ (Antheraca assamensis helfer)ই তাৰ প্রকৃতিপ্রদত্ত সোণালী সূতা সৃষ্টিকাৰী গুণেৰে অসমৰ মান জিলিকাইছে সমগ্ৰ বিশ্বতে সোণালী সূতাৰ দেশৰূপে। অসমৰ জলবায়ু উষ্ণতা, আৰ্দ্ৰতা আৰু বিশেষকৈ খাদ্য বৃক্ষৰ সহজলভ্যতাই এই ৰেচমী সূতাক অসমৰ একচেতিয়া সম্পদৰূপে ধৰি ৰখাত সহায়ক হৈ আহিছে। অসমৰ এই আপুৰুগীয়া সম্পদৰ মৰ্যাদা অটুট ৰাখিবলৈকে ২০০৭ চনত ভাৰতৰ প্রয়াত ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ প্ৰচেষ্টাত অসমে মুগাৰ ভৌগোলিক মান্যতা লাভ কৰে ৷
সম্প্রতি জলবায়ুগত কাৰণতে আকৌ মুগাৰ উৎপাদন হ্ৰাস পোৱাটো অত্যন্ত উদ্বেগজনকৰূপে বিবেচিত হৈছে। মুগা সূতাৰ আশানুৰূপ উৎপাদন সম্ভৱ হৈ নুঠাৰ মুখ্য কাৰণ হৈছে মুগা পলুৰ বিভিন্ন ৰোগ। এই ৰোগসমূহৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ নোহোৱাৰ মূলতে জয়বায়ু পৰিৱৰ্তন। গৰমৰ দিনত এতিয়া তাপমাত্ৰাৰ অস্বাভাৱিক বৃদ্ধি। ইফালে আৰ্দ্ৰতাৰ তাৰতম্য ফলত ফ্লেচাৰিং ইত্যাদি ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

ভৌগোলিক অৱস্থান আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ জলবায়ু প্ৰতিটো ঋতুতে মুগাপালনৰ উপযোগী আছিল। লেটা বন্ধা সময়ৰ ওপৰত নিৰ্ভৰ কৰিয়ে মুগাক বহগোৱা, জেঠেৰুৱা বা জেঠুৱা, এহেৰুৱা, কাতীয়া (ঠাইভেদে কতীয়া), জাৰুৱা নামেৰে জনা যায়। ইয়াৰ ভিতৰত জেঠুৱা (ব’হাগ-জেঠ মাহৰ) আৰু কাতীয়া (আহিন-কাতি মাহৰ) মুগা বাহৰ পৰা উৎপাদিত লেটাক মূলতঃ বাণিজ্যিক লটি হিচাপে সূতা উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। এই দুয়োটা সময়ৰ মুগাক লটি উন্নত হয়, অৱশ্যে কাতীয়া মুগা অধিক হাৰত কৰা হয়। সাধাৰণতে মুগা পোহা অঞ্চলৰ চোমনি থকা প্ৰতিটো পৰিয়ালে শালিখেতি ৰুই অঁটাই আহিন কাতি মাহত মুগা পুহিবলৈ ইচ্ছা কৰে। কাৰণ এই সময়ছোৱাত পকা মুগা সূতা উত্তম বুলি গণ্য কৰা হয়। লগতে মুগাৰ খোলাবোৰো ডাঠ হোৱাৰ বাবে সূতাৰ পৰিমাণে প্ৰতি খোলাৰ পৰা সৰহকৈ পোৱা যায়। কিন্তু এতিয়া যি দেখা গৈছে কাতি মাহলৈকে বৰষুণৰ প্ৰকোপ আৰু তাপমাত্ৰাৰ বৃদ্ধিৰ ফলত মুগা সূতাৰ বাণিজ্যিক উৎপাদনত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। মুগা পলু পালন যিহেতু ঘৰৰ বাহিৰত অর্থাৎ পাতখোৱা গছতে পলু মেলি পোহা হয়। এনেস্থলত মুগা পালন সম্পূর্ণকৈ বাহিৰৰ পৰিৱেশ— বতৰ-উষ্ণতা-আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰশীল। মুগা-পলুৰ বাবে উপযুক্ত উষ্ণতা ২৬-২৮ ডিগ্রী চেণ্টিগ্রেড বুলি ধৰা হয়। যদিও ৩০ ডিগ্ৰীৰ ওপৰতো মুগা পলু উৎপাদনক্ষম হৈ থাকে। উপযুক্ত আৰ্দ্ৰত হৈছে আশী-পঁচাশী শতাংশ। কিন্তু বিগত দুটা দশক ধৰি অসমত তাপমাত্রা আৰু আৰ্দ্ৰতাৰ ব্যাপক তাৰতম্য পৰিলক্ষিত হৈছে। ছেপ্টেম্বৰ মাহতো প্ৰাই এতিয়া ৩৫ ডিগ্ৰী পাৰ কৰে। এনে পৰিৱেশে অসমৰ মুগা উদ্যোগীলৈ বিপর্যয় মাতি আনিছে। একেৰাহে কেইবাবছৰো ধৰি মুগা পালনত ক্ষতিগ্ৰস্ত হোৱা বহু মুগা পালকে সম্প্রতি মুগা পালন বাদ দিবলৈ বাধ্য হৈছে। মুগা শিল্পটো যিহেতু অসমৰ জলবায়ু পৰিৱৰ্তনৰ ফলতেই মুগা উৎপাদন হ্ৰাস পোৱাৰ তথ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। তাপৰ প্ৰতি মুগাপলু অতি সংবেদনশীল। অতিমাত্ৰা গৰমত মুগা পলু জীয়াই থাকিব নোৱাৰে। যিসকল মুগা পালকে বেলেগ স্থানৰ পৰা কণী আনে, বহু সময়ত সেই কণী নুফুটে। তেওঁলোকৰ ধাৰণা গৰম বেছি হোৱাৰ বাবেই এনে হৈছে।
চোম আৰু সোঁৱালু গছৰ পাত মুগা পলুৰ প্ৰধান খাদ্য। অসমৰ যিবোৰ অঞ্চল মুগা পালনৰ বাবে বিখ্যাত, তাৰ ভিতৰত অন্যতম দুখন জিলা— লখিমপুৰ আৰু ধেমাজি। কিন্তু মুগা হাব ৰূপে খ্যাত দুয়োথন জিলা বানপ্ৰৱণ । বানপানীৰ পিছতো দীৰ্ঘসময় ধৰি চোমনিত পানী থাকে আৰু গছবোৰ নষ্ট হয়। উপায়ান্তৰ হৈ বহু লোকে চোমগছবোৰ কাটি পেলাবলৈ বাধ্য হয়। চোম, সোঁৱালু আদি গছ দ চানেকীয়া ঠাইত নহয় বাবে ৰাজ্যৰ সকলো স্থানত মুগাপালন সম্ভৱো নহয়৷ চোম, সোঁৱালুৰ লগতে মুগা পলুৱে পাতখোৱা মেজাংকৰি, চপা ইত্যাদি বৃক্ষও এতিয়া ভাবুকিগ্রস্ত। ব্যাপক বনধ্বংসৰ পৰিণতিতে চপাৰ কেইবাটাও প্রজাতিক জৈৱ-বৈচিত্ৰ্য পৰিষদে ভাবুকিগ্রস্তৰূপে ঘোষণা কৰিছে। আনহাতে মেজাংকৰী বৃক্ষ বিপদাপন্নৰূপে পৰিগণিত হৈছে । ইয়াৰ ফলত অসমৰ মেজাংকৰী শিল্পৰ ঐতিহ্য এতিয়া বিলুপ্তপ্রায় ৷
একোটা অঞ্চলত একে মুগাৰ সঁচ এবছৰতকৈ অধিক সময় ৰাখিলে উৎপাদনত ভাল ফল নিদিয়ে বুলি মুগাপালকসকলে কয়। জনশ্রুতি অনুসৰি মুগাৰ সঁচ ভাটিৰ পৰা উজনিলৈ আনিলে মুগা সবল আৰু নিৰোগী হয়। সেয়েহে অসমৰ অধিকাংশ মুগাপালকে গাৰোপাহাৰৰ নামনি অঞ্চলৰ পৰা বন্য মুগা সঁচৰ বাবে আনিছিল । কিন্তু গাৰোপাহাৰৰ নামনি অঞ্চলত ব্যাপক হাৰত হোৱা বনধ্বংসই মুগা উৎপাদনত বিস্তৰ ক্ষতি কৰিছে।
জলবায়ু পৰিৱৰ্তন, ব্যাপক হাৰত বন ধ্বংসৰ লগতে বায়ু প্ৰদূষণ তথা কীটনাশক দ্ৰব্যৰ ব্যাপক প্রয়োগে অসমৰ মুগা শিল্পলৈ অশনি সংকেত কঢ়িয়াইছে। মুগা পোহা অঞ্চলৰ লগালগিকৈ থকা চাহ বাগিচাত কীটনাশকৰ প্রয়োগে বহু সময়ত মুগা পলুৰ মৃত্যু কাৰণ হৈ পৰা দেখা যায়। কিছু বছৰ পূৰ্বে ঢকুৱাখনাত কীটনাশকৰ প্ৰভাৱত ৰাতিটোৰ ভিতৰতে বৃহৎসংখ্যক মুগা পলু মৰি যোৱাৰ ঘটনাই পৰৱৰ্তী পৰ্যায়ত আদালতৰ মজিয়া পাইছিলগৈ।
উল্লেখ্য ভাৰতবৰ্ষৰ ৯৫ শতাংশ মুগা অসমেই উৎপাদন কৰে। শেহতীয়াকৈ পূর্বে উনুকিয়াই অহা কাৰণসমূহৰ বাবেই ৰাজ্যখনৰ বছৰি মুগা উৎপাদনৰ তাৰতম্য সঘনে পৰিলক্ষিত হৈছে। কোনোবাটো বছৰত আশানুৰূপ উৎপাদন দেখা গৈছে যদিও উৎপাদনৰ গ্ৰাফ ক্ৰমাৎ নিম্নগামী হোৱাহে দেখা যায়। শেহতীয়া তথ্য মতে ২০২৩-২৪ বৰ্ষৰ তুলনাত ২০২৪-২৫ বৰ্ষত অসমত মুগা উৎপাদন ৮ শতাংশ হ্রাস পাইছে।
মুগাপালনত প্ৰয়োজনীয় পুঁজিৰ যোগানৰ ক্ষেত্ৰতো বিভাগৰ ব্যৰ্থতা পৰিলক্ষিত হৈছে। গ্রামাঞ্চলত যিসকল লোকে এই উদ্যোগৰ সৈতে জড়িত, তেওঁলোকৰ অধিকাংশই ব্যক্তিগত চোমনিবাৰীতে মুগা পোহে । সঁচ বিচাৰি অনাৰে পৰা বোৱা-কটালৈ এই সমগ্ৰ প্ৰক্ৰিয়াটোত আহি পৰা খৰচৰ জোৰা মাৰিব নোৱাৰি এনেকি উৎপাদিত কাপোৰ সঠিক দৰত বিক্ৰী কৰিব নোৱাৰি বহু মুগা পালকে মুগা পালন বাদ দিব লগাতো পৰিছে। এই জটিলতাবোৰৰ উপৰি জলবায়ু পৰিৱৰ্তনে মুগা পালনত সৃষ্টি কৰা প্রতিবন্ধকতা নেওচি যথেষ্ট ত্যাগ আৰু কষ্টৰ মাজেৰে যিসকলে অসম গৌৰৱ মুগা শিল্পক জীয়াই ৰাখিছে— তেওঁলোকৰ অৱস্থাৰ বুজ লোৱাটো চৰকাৰৰ দায়িত্ব ।

মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল অভিলাষী ‘মুগা মিছন’। এই অভিযানত এশ কোটি টকা কেল মুগা আৰু এৰী পলুৰ খাদ্য বৃক্ষ ৰোপণৰ বাবেই ধাৰ্য কৰা হৈছিল বুলি ৰেচম বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছিল।
‘মুগা মিছন’ সফল কৰাৰ বাবে প্ৰয়োজনীয় জলবায়ুগত কাৰণত মুগা উৎপাদনত আহি পৰা জটিলতাসমূহৰ পুংখানুপুংখ অধ্যয়ন আৰু বিজ্ঞানসন্মত প্ৰতিকাৰ-প্ৰতিৰোধ ব্যৱস্থা ব্যৱস্থা গ্ৰহণ কৰা, বিজ্ঞান-প্রযুক্তিগত কৌশলৰেহে মুগা পালক বীজাণু প্রতিহত কৰিব পৰাকৈ সক্ষম কৰিব পৰা যাব। সর্বোপৰি মুগা পালনৰ বাবে প্রদূষণমুক্ত প্রাকৃতিক বাতাৱৰণৰ বাবে কীটনাশকৰ অবাধ প্রয়োগত নিয়ন্ত্ৰিত হ’ব লাগিব। মুগা পলুৰ খাদ্যবৃক্ষ ৰক্ষা কৰাৰ লগতে অবাধ হাৰত হোৱা বনাঞ্চল ধ্বংস বন্ধ হ’ব লাগিব। উন্নয়নৰ স্বাৰ্থত প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ আৰু বাণিজ্যিক বৃক্ষৰোপণত গুৰুত্ব দিয়াৰ বাবে ক্ৰমাৎ স্তিমিত হ’বলৈ ধৰিছে আমাৰ জাতীয় গৌৰৱ এই মুগা শিল্প ।
তাপমাত্রা বৃদ্ধি, অতিবৃষ্টি আদি জলবায়ুগত কাৰণত অসমৰ মুগা উৎপাদন লোকচানৰ সন্মুখীন হোৱাৰ বিপৰীতে জলবায়ুগত দিশৰ পৰাই আকৌ এইক্ষেত্ৰত লাভান্বিত হৈছে আমাৰ চুবুৰীয়া ৰাজ্য ক্রমে মেঘালয়, মিজোৰাম আৰু নাগালেণ্ড । এই পাহাৰীয়া ৰাজ্যকেইখনে ইতিমধ্যে মুগাৰ বাণিজ্যিক উৎপাদনেৰে লাভান্বিত হৈছে। অসমক অনুসৰণ কৰিয়ে মেঘালয় চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে ‘মেঘালয় মুগা মিছন’। এনেস্থলত মুগা কেৱল অসমৰ একচেটিয়া সম্পদ বুলি থকা ধাৰণাটো যেন সলনি হ’বলৈ গৈছে।
জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূলতা সত্ত্বেও অসমৰ দুয়োখন পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কিছু কিছু অঞ্চলৰ তাপমাত্রা বাণিজ্যিক ভিত্তিত মুগা পালনৰ বাবে অনুকূল হামৰেণত এতিয়াও বেছ কিছু স্থানত থকা সোঁৱালু গছত মুগাৰ যথেষ্ট ‘ৱাইল্ড ষ্টক’ থকাটো আশাপ্রদ কথা। মুগাৰ বন্য সঁচ নিৰোগী আৰু এই দিশৰ পৰা উপযুক্ত পৰিকল্পনাৰে দুয়োখন জিলাকে ভৱিষ্যতৰ ‘মুগা ছীড জ’ন’ ৰূপে অভিহিত কৰিব পাৰি।
Comments are closed, but trackbacks and pingbacks are open.