ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাটো এটা নিৰন্তৰ প্ৰক্ৰিয়া। ইয়াৰ বাবে কেৱল বাহ্যিক যত্নই নহয়, আভ্যন্তৰীণ স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিয়াটো প্রয়োজন। আপুনি কি খায়, তাৰ প্ৰভাৱ আপোনাৰ ছালত পৰে। তলত ছালখন স্বাভাৱিকভাৱে উজ্জ্বল কৰাৰ কিছুমান ফলপ্ৰসূ উপায় উল্লেখ কৰা হ’ল।
পর্যাপ্ত পানীঃ দিনে অতিকমেও ৮-১০ গিলাচ পানী খাব লাগে, যাতে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ বাহিৰ হৈ যায়।
ডিটক্স ৱাটাৰঃ পুৱা খালী পেটত এগিলাচ কুহুমীয়া পানীত নেমুৰ ৰস আৰু অলপ মৌ মিহলাই খালে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়, যাৰ ফলত ছালখন পৰিষ্কাৰ দেখায়।
ভিটামিন চি যুক্ত ফলঃ নেমু, আমলখি, সুমথিৰা আদি খালে ছালৰ কোষবোৰ সজীৱ হৈ থাকে ৷
সেউজীয়া শাক-পাচলিঃ ইয়াত থকা এণ্টি- অক্সিডেণ্টে ছালখন ভিতৰৰ পৰা সজীৱ কৰি ৰাখে ।
অমেগা-৩ঃ ফেটি এচিডে ছালখন কোমল আৰু আৰ্দ্ৰ কৰি ৰাখে ।
পর্যাপ্ত টোপনিঃ দৈনিক ৭-৮ ঘণ্টা টোপনি ছালৰ স্বাভাৱিক মেৰামতিৰ বাবে অতি জৰুৰী।
নিয়মিত চাফ-চিকুণতাঃ দিনটোত দুবাৰকৈ মৃদু ফেচৱাছেৰে মুখ ধুব লাগে আৰু ৰাতি শোৱাৰ আগত মেকআপ ভালদৰে চাফা কৰিব লাগে।
মনত ৰাখিব প্ৰতিজন ব্যক্তিৰ ছালৰ ধৰণ বেলেগ বেলেগ হয়। কোনো নতুন বস্তু ব্যৱহাৰ কৰাৰ আগতে সদায় এটা ‘প্যাচ টেষ্ট’ কৰি ল’ব, যাতে এলার্জী নহয় ।
কি কি পৰিহাৰ কৰিব ?
কেতিয়াবা কি খাইছে তাতকৈ কি খোৱা নাই সেয়া অধিক গুৰুত্বপূৰ্ণ হৈ পৰে—
অত্যধিক চেনিঃ চেনি বেছিকৈ খালে ছালত ব্ৰণ আৰু বলিৰেখা পৰিব পাৰে।
তেলত ভজা খাদ্যঃ বেছি তেল-মছলাযুক্ত খাদ্যই ছালখন তৈলাক্ত আৰু শেঁতা কৰি পেলায়।
প্রক্রিয়াজাত খাদ্যঃ পেকেটত থকা জাংক ফুডবোৰে ছালৰ স্বাভাৱিক উজ্জ্বলতা নষ্ট কৰে।
চেষ্টা কৰিব যাতে আপোনাৰ দুপৰীয়াৰ আহাৰৰ থালিখন ৰঙীন হয়। যেনে-বগা ভাতৰ লগত সেউজীয়া শাক, ৰঙা বিলাহী বা গাজৰ, হালধীয়া দাইল আদি। যিমানে বেছি ৰঙৰ প্রাকৃতিক খাদ্য খাব, ছালখনে সিমানেই বেছি পুষ্টি পাব। আহাৰৰ পৰিৱৰ্তনৰ ফল এদিনতে দেখা নাযায়। নিয়মীয়াকৈ ২-৩ সপ্তাহ মান এনেধৰণৰ খাদ্য খালেহে আপুনি ছালত পার্থক্য দেখিবলৈ পাব ।
কেইটামান প্রকৃতি ফেচ মাস্ক ব্যৱহাৰ কৰিব পাৰে—
আলুৰ ৰসঃ আলুৰ ৰসত প্রাকৃতিক ব্লিচিং গুণ থাকে । ই ছালৰ ক’লা দাগ আৰু সূৰ্যৰ পোহৰত ক’লা পৰা অংশ পৰিষ্কাৰ কৰাত সহায় কৰে।
অমিতাৰ মাস্কঃ পকা অমিতা মোহাৰি মুখত লগালে ইয়াত থকা ‘পাপাইন’ এনজাইমে মৃত কোষবোৰ আঁতৰাই ছালখন সজীৱ কৰে।
দৈ আৰু হালধিঃ দৈয়ে ছালৰ ৰং মুকলি কৰাত সহায় কৰে আৰু হালধিয়ে ছালত থকা বেক্টেৰিয়া ধ্বংস কৰি উজ্জ্বলতা বঢ়ায়।
সূৰ্যৰ পৰা সুৰক্ষাঃ যদি আপুনি ছালৰ ৰং পৰিষ্কাৰ কৰি ৰাখিব বিচাৰে, তেন্তে ছানস্ক্ৰীন ব্যৱহাৰ কৰাটো বাধ্যতামূলক। অতিকমেও SPF 30-যুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰক। ই মেলানিনৰ মাত্রা বৃদ্ধি হোৱাত বাধা দিয়ে, যাৰ ফলত ছালখন অধিক ক’লা নপৰে ।
Comments are closed, but trackbacks and pingbacks are open.