গল্পঃ স্নেহময়ী

13

সিদিনাখন মোৰ চকুৰ সন্মুখতে ঘটনা এটা দেখা পালোঁ । ঘটনাটো আছিল এনে ধৰণৰ— সত্য সত্য তিনি সত্য।

হাবি-জংঘলেৰে ভৰা অসম দেশ। এই দেশত বসবাস কৰোঁতাসকলৰ মন-প্ৰাণ অতি উদাৰ, সৰলচিতীয়া। কোনোজন অৱশ্যে দুখীয়া, অতি দুখীয়া, কোনোবাজন বহুত চহকী। এয়াই ভাগ্য। জন্ম দিওঁতে ভগৱানে সকলোকে এখন মুখ, এটা নাক, দুটা চকু, দুখন কাণ, এটা মূৰ দিছে যদিও কপালখনত লিখি দিয়া কথাবোৰ জন্মৰ আগতে বোলে বিধিৰ বিধানত লিখা আছে। ভাগ্যৰ বিচাৰ কৰি চাবলৈও মন যায়। অসমত বাস কৰা লোকসকল বিশেষকৈ গাঁৱত বাস কৰোঁতাজন অতিকে নিঠৰুৱা লোক। মৰম আকলুৱাত ডাঙৰ হোৱা এইচাম মানুহ অতি দুখীয়া হ’লেও সপোন দেখে নানান তৰহৰ। চহৰত দেখা পোৱা এজন ধনী ব্যৱসায়ীৰ ‘আইকন’ গাড়ীত উঠি ফুৰা সপোন। ধনী ব্যৱসায়ীসকলৰ সপোন বাস্তৱত পৰিণত হয়। আনহাতে সহজ-সৰল দুখীয়া শ্ৰেণীৰ মানুহৰ ভিতৰত কিবা এটা সময়ত চিন্তা কৰা ব্যক্তিজনৰ অৱস্থা হয় তথৈবচ। এনেদৰে দেখা পোৱা এক কথা গাঁৱৰ নিচলাজনৰ ভাগ্য, সত্য-ধৰ্ম সকলো একেলগে কৰিহে হৈছে মানুহৰ জীৱন। সহজ-সৰল মানুহজনৰ দুখ-দৰিদ্ৰতাৰ কথা সুযোগ ল’বলৈ বিচাৰে এচাম চতুৰ মানুহে, সহজ-সৰল মানুহক এইচাম মানুহে ঠগে বৰ বেয়াকৈ। দুখীয়া-নিচলাক চকু দিয়া বহু লোক আজিও আছে। কথাৰ আঁত বিচাৰি সমাজৰ জ্ঞানী-গুণীজনে এনেবোৰ কথাত বৰ দুখ পায়, চিন্তা কৰিবনো কি ? বৰ মাছে সৰু মাছক সদায়ে ভক্ষণ কৰি আহিছে। মানুহৰ মন-প্ৰাণ খেলিমেলি হৈ পৰে। সময় সলনি হয় দৈনন্দিন ৰূপত । দিন, বাৰ, মাহ, বছৰ। মানুহে ঠগ খায় নিতে-নিতে, এজনে আন এজনৰ ওচৰত। ভগৱানে এইবোৰ কাৰ্যকলাপ চাই থাকে। এনেকৈয়ে ঘটে ঘটনাবোৰ। বাস্তৱ জগতত ঘটনাৰ মূল এনে ধৰণৰ —

ৰামকুমাৰ এজন বৰ সৰলচিতীয়া মানুহ। দৈনন্দিন কাম কৰি জীৱনটো কোনোমতে পালিছে। তেওঁৰ পত্নী স্নেহময়ী, স্বামীভক্তা নাৰী । স্বামী ৰামকুমাৰে কোৱা কথাবোৰ পালন কৰি যায়। ৰামকুমাৰৰ মতে তেওঁলোকৰ এটি পুত্র সন্তান জন্ম হ’ব। সন্তানটিৰ নাম ৰাখিব অন্নপ্রাণ। কেঁচুৱাটো জন্ম হোৱাৰ এবছৰৰ আগৰে পৰাই লোৱা এনে এক সিদ্ধান্ত। ৰামকুমাৰে তেওঁৰ পত্নীক কোৱামতে এনে ধৰণৰ এক কথা। এজনী খীৰতী গাই কিনিব, তাৰ পাছতহে তেওঁলোকৰ সন্তান জন্ম হ’ব। তাৰ আগতে দুয়োজনে সন্তান হোৱাৰ পৰা সাৱধানে থাকিব । এনেদৰে ৰামকুমাৰে দৈনন্দিন জীৱনত কাম কৰি পোৱা ধনেৰে অলপ অলপকৈ মাহেকীয়াভাৱে ধন জমা কৰি এজনী খীৰতী গাইৰ দামৰ মূল্য উলিয়াবলৈ যাওঁতে প্রায় পাঁচ বছৰ পাৰ হৈ যায় ৷ ৰামকুমাৰে হাতত মাথোঁ পাঁচ হাজাৰ ধন জমা কৰে ৷ মনৰ আনন্দৰ মাজতে দুখৰ বোজাও নথকা নহয়। দৈনন্দিন জীৱনৰ খৰচ, বিহু-সংক্রান্তি, পূজা-পাতল, আলহী, অঙহী-বঙহী আদিও আছে। ৰামকুমাৰে ভনীয়েকক অলপ দূৰলৈ বিয়া দিছে। ককায়েক-ভনীয়েকৰ মৰম-চেনেহ বহুত ব’হাগৰ বিহুটিত ৰামকুমাৰৰ ভনীয়েক ঘৰলৈ আহিম বুলিছিল। ৰামকুমাৰে বিহুত ভনীয়েকক আহিবলৈ মানা কৰিছে, কিয়নো নতুনকৈ গাইজনী আনিলেহে আহিবা বুলি পত্রযোগে খবৰ পঠিয়ালে । ভনীয়েকলৈ এখন চিঠি এনেদৰে লিখিও পঠিয়ালে যে এজনী গাই কিনিব আৰু সেই গাইজনীয়ে দৈনন্দিন জীৱনত চাহকণ খাবলৈ খাতি গাখীৰ দিব, ভনীয়েক আহিলে দৈ তৈয়াৰ কৰিব, পায়স-ক্ষীৰ আদিও বনাই খোৱাব। এয়া যে ৰামকুমাৰৰ ভনীয়েকৰ প্ৰতি থকা মৰম-ভালপোৱা, স্নেহ। ইহজগতত ৰামকুমাৰৰ আছেইবা কোন? ভনীয়েকে অৱশ্যে বেয়া নেপায় বুলি ৰামকুমাৰে জানে-বুজে। ৰামকুমাৰৰ ইচ্ছা তাৰ এটা গোহালি থাকিব, তাত এজনী লখিমী গাই থাকিব, সেই লখিমী গাইজনীয়ে বংশ বৃদ্ধি কৰি গোহালি ভৰাই পেলাব । সেয়া জানো ৰামকুমাৰৰ ভনীয়েক ইন্দুমতীয়ে জানিব নেলাগে? তাকে লৈয়ে ৰামকুমাৰে গৌৰৱ অনুভৱ কৰিব। সেয়া সম্পত্তিলৈ গৌৰৱ । এনেধৰণৰ কিমান যে আশা মনতে পুহিছে। কেৱল ৰামকুমাৰেহে জানে-বুজে আৰু অনুভৱ কৰে। কিন্তু ৰামকুমাৰৰ ভনীয়েক ইন্দুমতীয়ে মনত বাৰু দুখ অনুভৱ কৰিলেনে? ৰামকুমাৰে ঘৰলৈ তাইক কিয় যে আহিবলৈ দিয়া নাই, এনেবোৰ কথাৰ উমান কেতিয়া যে পাব তালৈকে আশাৰে বাট চাই থাকিল । ৰামকুমাৰৰ ভনীয়েকৰ মনত এষাৰ কথাই বাৰে বাৰে ভুমুকি মাৰিলে। আইৰ ঘৰলৈ যাম, দুয়ো হাতে খাম, বিঘিনিয়ে বোলে পিছে পিছে ময়ো যাম। ৰামকুমাৰৰ চিঠিখন (পত্ৰখন) ইন্দুমতীৰ হাতত পৰিছিলহি যদিও এনেবোৰ কথাত কেঁহা- কেঁহাহে লগা হ’ল, কেৱল ভনীয়েক ইন্দুমতীৰ বাবে। অৱশ্যে সেয়া ককায়েক-ভনীয়েকৰ কথাহে। তাতে আমাৰ ক’বলৈ কিনো আছে। যাউতিযুগীয়া এনেবিধ বস্তু আহিলে ৰামকুমাৰৰ ভনীয়েকে বেয়া নাপায়, ঘৰলৈ যাবলৈ নিদিয়াতহে চিন্তিত হৈ পৰিছে ইন্দুমতী। ৰামকুমাৰৰ পত্নী স্নেহময়ীয়ে ককায়েক-ভনীয়েকৰ কথাত সোমাব নুখুজিলেও কিছুমান কথাত মনত বৰ দুখ পালে । এজনী গাই কিনিব, এটি সুন্দৰ পোৱালি ভৱিষ্যতে হ’ব, তেতিয়াহে ভনীয়েক ককায়েকৰ ঘৰলৈ আহিব পাৰিব। অজলা ককায়েকৰ সৰলচিতীয়া এয়া ভাব-ভংগী।

স্নেহময়ী ৰামকুমাৰৰ পত্নী । গোহালিটোত দৈনন্দিন ধূপ-দীপ, চাকি-বন্তি জ্বলাই লখিমী গাইজনী অহাৰ আশাত প্রার্থনা জনালে। এদিন মনৰ আনন্দত পাৰ নোপোৱা হ’ল ৰামকুমাৰে ৷ বহুত আশা-ভৰসা কৰি স্নেহময়ী এদিন গৰ্ভৱতী হয়। ৰামকুমাৰে এজনী লখিমী গাই কিনাৰ বাবে দিহা কৰিলে। চতুৰ বৃত্তিত ফুৰা-চকা কৰা ৰাজেনকো লগ ল’লে। ৰাজেনে ফুলগুৰি বজাৰলৈ ৰামকুমাৰৰ সৈতে গাই কিনিবৰ বাবে পাঁচ হাজাৰ (ধন) টকা হাতত লৈ ওলাল। পদূলিমূৰৰে পৰা গাঁৱৰ ৰাইজে ৰামকুমাৰক সুধিবলৈ ধৰিলে— ‘কথাতে কয় বোলে, কিনো ঐ দিনকাল ৰামকুমাৰৰ কপাল ভাল।’ মহিলাসকলেও নিজা নিজা চোতালতে বহি বহি ৰামকুমাৰৰ পত্নীৰ কথাকে শলাগিলে। এনে এটা দিনতে পঞ্চমুখী গাঁৱত ৰামকুমাৰৰ লখিমী গাই কিনাৰ সাহসকণৰ কথাকে উল্লেখ কৰি বহুজনে স্নেহময়ী অর্থাৎ ৰামকুমাৰৰ পত্নীক শলাগিলে ‘সু-তিৰী ফেদেলী, সুফল কদলী’ বুলি । ৰামকুমাৰে যে মনে মিলা পত্নী পাইছে, বহুজনে ক’বলৈও ধৰিলে।

ফুলগুৰি বজাৰত গৰু-গাই বিক্ৰী কৰা হয়। কিনোতা-বেচোঁতাজনৰ দৰ-দামৰ ওপৰতে বজাৰখন চলিছে। এইখন বজাৰ অতিকে পুৰণি। গিৰিহঁতৰ মনৰ পছন্দৰ গাই-গৰু ভাগ্য ভাল থাকিলে পোৱা যায়। ৰামকুমাৰে বজাৰলৈ যোৱাৰ বেলিকাত বজাৰৰ মাজত গাই-দামুৰি, দমৰা- ক’লীগাই, চেঁউৰী, বলদ, ষাঁড় সকলোৱে ফুলগুৰি বজাৰত দেখা গৈছে। ৰামকুমাৰে লিৰিকি-বিদাৰি এজনী এজনীকে গাই চাই ফুৰিছে। অন্যান্য দিনৰ বজাৰৰ দৰে সিদিনাও গাই-দামুৰী, দমৰা, ক’লীগাই, চেঁউৰী, বলদ, ষাঁড় সকলো বজাৰত ওলাইছে। ৰামকুমাৰে এজন এজনকৈ প্ৰত্যেকজন বেপাৰীৰ কাষ চাপিছে । ৰামকুমাৰৰ দৃষ্টিত কিমান যে আশা। সি এজনী কামধেনুৰ দৰে ক’লীগাই কিনিব, সেই গাইৰ গাখীৰ ঘৰৰ কেঁচুৱাটিৰ বাবে অলপমান ৰাখি থৈ বাকীখিনি মাহেকীয়া হিচাপে (উঠনত) দিব । সেয়েহে গাইজনী কিনাৰ আগতে বজাৰৰ আন এটা মূৰৰ পৰা আধাসেৰৰ মাগ এটাও একে উশাহতে কিনিছে। কেঁচা হালধি এসেৰ, মাহ এপোৱা, পঘা এডাল সকলো কিনি ল’লে। অকলশৰীয়াকৈ মন মাৰি থকা এজন বুঢ়াই এজনী ক’লীগাই বেচিবলৈ দিহা কৰাৰ কথা গম পালে। অন্যবোৰ বেপাৰীৰ তুলনাত গাইজনীৰ দাম বহুত কম। এজনী ক’লীগাই । ৰামকুমাৰৰ গাইজনী মনে মনে পছন্দ হল। ৰাজেনক কথাষাৰ জনালে । ৰাজেনে ৰামকুমাৰক গাইজনী কিনিবলৈ দিহা দিলে। ‘হ’ব আৰু কপালত যি লিখা আছে, তাকে হ’ব’— ৰাজেনে এয়া কিহৰ ইংগিত দিলে। ৰামকুমাৰে বুজিকে নেপালে। বহু যতনেৰে ৰাজেন আৰু ৰামকুমাৰে গাইজনী বজাৰৰ পৰা নগদ পাঁচ হাজাৰ ধন দি কিনি পেলালে। ৰাস্তাৰ মাজেৰে গাঁৱৰ ভিতৰলৈ গাইজনী আনোঁতে মানুহে চাইছিল। অৱশ্যে এনে এজনী গাইৰ কথাকে ৰামকুমাৰৰ পত্নী স্নেহময়ীয়ে আগৰে পৰাই আশা কৰিছিল। গোহালিটো ধুনীয়া গাইজনীয়ে শুৱনি কৰি তুলিলে। দৈনন্দিন জীৱনৰ কামৰ অন্তত গোহালিত ধূপ-ধূনা দিয়াতো স্নেহময়ীৰ নিজা কাম-বন হৈ পৰিল। গোহালিত বান্ধি ৰখা গাইজনীক ভালদৰে দানা-পানী দিয়া হৈছিল । গাইজনীৰ শ্ৰী দুগুণে চৰিল। ৰামকুমাৰৰ মনৰ আনন্দ চাই কোনে? অৱশ্যে মাজে মাজে ৰাজেনেও খবৰ কৰিছিলহি। কিছুদিনৰ পাছত ৰামকুমাৰৰ পত্নী স্নেহময়ীৰ এদিন এটি পুত্ৰ সন্তান জন্ম হ’ল। সন্তানটিৰ জন্মৰ পিছদিনাখনৰ পৰাই গাইজনীক সৰহকৈ খাবলৈ দিয়া হ’ল খেৰ, দানা- পানী, মচুৰ দাইল আদি । কলগছৰ পচলা ও দানাৰ সৈতে মিহলাই দিয়া হৈছিল। ৰামকুমাৰৰ কিমান যে আশা গাইজনীক লৈ, তাক বুজাবলৈ ভাষাৰ অভাৱ হৈ পৰিছিল। বহুত মৰমেৰে ৰামকুমাৰে গাইজনী প্রতিপাল কৰি ৰাখিছিল। হৃদয়ৰ ভালপোৱা, স্নেহ উবুৰিয়াই গাইজনীক ৰামকুমাৰে মৰম কৰিবলৈ ধৰিলে। এদিন গাঁৱৰে জ্ঞানী বুঢ়া এজনে ৰামকুমাৰক এটা উপদেশ দিলে। গাইজনীক পশু চিকিৎসালয়ৰ ডাক্তৰক দেখুৱাবলৈ দিহা দিলে। সেইমতে ৰামকুমাৰে ৰাজেনক লগত লৈ পশু চিকিৎসকৰ কাষলৈ গাইজনী ৰছীৰে টানি টানি লৈ গ’ল। এই খবৰ ল’বৰ বাবে গাঁৱৰ ৰাইজ ৰামকুমাৰৰ চোতাল উপচি পৰিল। পশু চিকিৎসকে গাইজনী পৰীক্ষা কৰি উত্তৰ দিলে— ‘তাই পোৱালি দিব নোৱাৰিব ৷ বাজীগাই।’ গাঁৱৰ সকলোৰে মুখে মুখে এই কথা বিয়পি পৰিল। ৰামকুমাৰৰ ভনীয়েকৰ কাণতো পৰিলগৈ। ভনীয়েক ইন্দুমতীয়ে ককায়েক- বৌৱেকক সান্ত্বনা দিবৰ বাবে উচুপি উচুপি ককায়েক ৰামকুমাৰৰ ঘৰ পালেহি । চতুৰ ৰাজেনে সেই ঠাইৰ পৰা পলাই পত্ৰং দিলে। ৰামকুমাৰৰ আশা বিফলে যোৱাত গঞাসকলেও মনত দুখ প্ৰকাশ কৰিলে।

অৱশ্যে গাইজনী বিক্ৰী কৰি দিয়া নহ’ল । তাইৰ প্ৰতি ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিৰ মৰম সোমাল। অৱশেষত গোহালিৰ লখিমী গাই হিচাপে থাকিল। ৰামকুমাৰ আৰু স্নেহময়ীয়ে ঘৰখনৰ সদস্য হিচাপে ক’লীগাইজনীক দৈনন্দিন যতনেৰে প্ৰতিপালন কৰি ৰাখিলে ।

হিৰণ্যময়ী বৰুৱা

You might also like

Comments are closed, but trackbacks and pingbacks are open.