ছানবার্ন

গীতাশ্রী গগৈ হাতীবৰুৱা

গ্রীষ্মৰ এটা প্রধান সমস্যা হৈছে ছানবার্নৰ সমস্যা ৷ কাপোৰে ঢাক খোৱাব নোৱাৰা বা ওলাই থকা অংশখিনিত ছানবার্ন বেছিকৈ হোৱা দেখা যায় ৷ কিছুমান সহজতে পোৱা ঘৰুৱা সামগ্রী ব্যৱহাৰ কৰি এই সমস্যা বহুখিনি নির্মূল কৰিব পৰা যায় ৷

গাখীৰ দুই চামুচ, বেচন এক চামুচ, হালধি আধা চামুচ, নাৰিকল তেল দুই বা তিনি টোপাল, নেমুৰ ৰস, প্রয়োজন অনুযায়ী গোলাপজলৰ লগত সকলোখিনি সামগ্রী ভালকৈ মিহলাই মুখ আৰু ডিঙিত লগাই দহ বা পোন্ধৰ মিনিট মান ৰাখি ধুই পেলাব ৷ এই পেক হাত–ভৰি সকলোতে লগাব পাৰি ৷ মাত্র সামগ্রীৰ পৰিমাণটো বেছিকৈ লব ৷

এটা বিলাহীৰ ৰসৰ লগত হালধি আৰু মৌ মিহলাই লগাব পাৰে ৷ এই পেক লগাই দহ মিনিটৰ পিছত ধুই পেলাব ৷ ইয়াক এদিন এৰি এদিন লগাব ৷

নাৰিকলৰ পানীয়েও ছানবার্ন হোৱা সমস্যা দূৰ কৰাত সহায় কৰে ৷ আপুনি যদি দৈনিক নাৰিকলৰ পানীৰে মুখ ধোৱে নিষ্চয় সুফল পাব ৷

দৈৰ লগত হালধি মিহলাই ছানবার্ন হোৱা ঠাইখিনিত লগাব আৰু দহ বা পোন্ধৰ মিনিট ৰাখি ধোৱাৰ পিছত নাৰিকল তেল লগাব ৷

মৌৰ লগত নেমুৰ ৰস মিহলায়ো লগাব পাৰে ৷

তিয়ঁহৰ ৰসৰ লগত আলুৰ ৰস মিহলাই লগালেও বহুখিনি সুফল পোৱা যায় ৷

প্রয়োজন অনুযায়ী বেচন, হালধি একচিকুট ঘৰৰ হলে ভাল, মৌ এক চামুচ আৰু গাখীৰ সকলোখিনি সামগ্রী ভালকৈ মিহলাই শৰীৰৰ ওলাই থকা অংগসমূহত লগাহ দহ বা পোন্ধৰ মিনিট ৰাখি ধুই পেলাব ৷ এনেকৈ সপ্তাহত তিনি বা চাৰি দিন ব্যৱহাৰ কৰিব ৷

এলভেৰা জেল নিয়মিত লগালেও এই সমস্যা দূৰ হয় ৷

এহবোৰৰ উপৰি বাহিৰলৈ ওলোৱাৰ আধা ঘণ্ঢাৰ আগত ছানক্রীম লগাব আৰু ছাতিৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ৷ পৰাপক্ষত কপাহী কাপোৰ পিন্ধিব ৷

আমি ডাঙৰসকলে যেনেকৈ গ্রীষ্ম দিনকেইটাত ছালখনৰ যত্ন লওঁ, ঠিক তেনেকৈ শিশুসকলৰো যত্ন লোৱাটো খুবেই প্রয়োজনীয় ৷

গৰমৰ দিনকেহটাত শিশুৰ ড্রেছ বা পোছাক যোৰৰ ক্ষেত্রত খুবেই গুৰুত্ব দিব লাগে ৷ তেওঁলোকক পিন্ধোৱা পোছাক যোৰ কপাহী আৰু ছালখনত লিপিত খাহ লাগি থকা হব নালাগে আৰু পাতল ৰঙৰ হলে ভাল ৷

তেওঁলোকক দিনটোত অতিকমেও পৰাপক্ষত দুবাৰকৈ হলেও গা ধোৱাব লাগে আৰু লগতে পোছাকযোৰো সলাব লাগে ৷

বেছি ৰদত খেলা–ধূলা কৰিব দিব নালাগে ৷

এইকেহটা দিনত পোছাকৰ লগতে খোৱা–বোৱাৰ ক্ষেত্রতো সচেতন হোৱাটো খুবেই প্রয়োজন ৷ এই সময়ত সকলো ধৰণৰ ফলমূল পোৱা যায় ৷ সেয়েহে বজাৰত পোৱা শীতল পানীয়, আইচ ক্রীম খাবলৈ নিদি এই ফলমূল আদি খাবলৈ দিব লাগে ৷

প্রয়োজনসাপেক্ষে ডাক্তৰৰ পৰামর্শ লৈ ভাল ব্রেণ্ডৰ ছানক্রীমো লগাব পাৰে ৷

এনেকৈ নিজৰ লগতে আপোনাৰ শিশুকো ছানবার্নৰ পৰা মুক্ত ৰাখিব পাৰে ৷

You might also like
Leave A Reply

Your email address will not be published.