আখৰোটৰ গুণাগুণ

নমী মোহন

আমি প্রায়েই বিভিন্ন ফলমূলৰ গুণাগুণৰ বিষয়ে পঢ়িবলৈ পাইছোঁ ৷ প্রত্যেক ফলমূল আৰু শাক–পাচলিৰ নিজস্ব গুণাগুণ আছে, যিয়ে শৰীৰত প্রয়োজনীয় পুষ্টিৰ যোগান ধৰে ৷ আজি আখৰোটৰ গুণাগুণ আৰু উপকাৰিতাৰ বিষয়ে কিছু কথা উল্লেখ কৰা হৈছে ৷

আখৰোট একপ্রকাৰ বাদামজাতীয় ফল ৷ ই দেখিবলৈ গোলাকাৰ আৰু ভিতৰত দুটা বীজ থাকে ৷ আখৰোটৰ বাহিৰৰ আৱৰণখন টান খোলাযুক্ত ৷ ইয়াৰ ভিতৰত পোৱা বীজ দুটা মগজুৰ আকৃতিৰ হয়, সেই কাৰণে ইয়াক ব্রেইন ফুড বুলিও কোৱা হয় ৷

ফলমূলৰ ভিতৰত আখৰোট একমাত্র উদ্ভিদভিত্তিক উৎস, যত যথেষ্ট পৰিমাণৰ অমেগা–ব ফেটি এচিড omega 3 fatty acid, লিনলেনিক এচিড 2.5gm/28gm পোৱা যায় ৷ ১৪ গ্রাম আখৰোটত ৪ গ্রাম প্রটিন, ২ গ্রাম আঁহ আৰু উন্নতমানৰ মেগনেছিয়াম পোৱা যায় ৷ ইয়াৰ উপৰি আখৰোটত ভিটামিন–চি, ভিটামিন–বি, থাইমিন, ৰাইবফ্লেবিন, নিয়াচিন, পেণ্টথেনিক এচিড, ভিটামিন–ই আৰু খনিজ পদার্থ যেনে– আইৰন, পটাচিয়াম, ছডিয়াম আৰু জিংক পোৱা যায় ৷ আখৰোটৰ উপকাৰিতা তলত উল্লেখ কৰা হৈছে

১.  আখৰোট আৰু হূদৰোগঃ  হূদৰোগ হলে হূদপিণ্ডৰ ধমনী, উপধমনীবোৰৰ কাষত কলেষ্টৰেল জমা হয় ৷ অত্যধিক বাহিৰৰ খাদ্য, ধূমপান, মাদকদ্রব্য আৰু অতিমাত্রা কেলৰিযুক্ত আহাৰ খালে ধমনী আৰু উপধমনীবোৰৰ নলিছাবোৰৰ কাষত চর্বিৰ তৰপ জমা হৈ পৰে আৰু তেজৰ চলাচল ভালদৰে নহয়, যাৰ ফল হার্ট এটেক বা atheroscelerosis হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে৷ আখৰোটত যথেষ্ট পৰিমাণে অমেগা ফেটি এচিড আছে, যিয়ে এনে বেয়া কলেষ্টৰেল কমোৱাত সহায় কৰে আৰু শৰীৰৰ oxidalive কমায় ৷ আখৰোটত থকা লিনলেনিক এচিডে হূদপিণ্ডৰ জমা হোৱা কলেষ্টৰেল কমোৱাত সহায় কৰে ৷ হূদপিণ্ড সুস্থ কৰি ৰাখিবলৈ জীৱনশৈলীৰ বিষয়ে সজাগ হোৱাটো উচিত ৷

আখৰোটত যথেষ্ট পৰিমাণৰ এণ্টি অক্সিডেণ্ট থাকে, যি শৰীৰত অতিমাত্রা কলেষ্টৰেলৰ ফলত হোৱা অসুবিধাসমূহ কমোৱাত সহায় কৰে ৷

২. অন্য বাদামতকৈ আখৰোট পুষ্টিৰে ভৰপূৰ৷ আখৰোটত থকা এণ্টি অক্সিডেণ্টে শৰীৰৰ পৰা ফ্রী ৰেডিকেলছ ধবংস কৰাত সহায় কৰে ৷

৩.  আখৰোটত থকা মেলাটোনিন উপাদানে টোপনি কম হোৱা সমস্যা দূৰ কৰাত বিশেষভাৱে সহায় কৰে ৷

৪.  আখৰোটে মগজুৰ স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে ৷ ইয়াত পোৱা অমেগা–ব ফেটি এচিডে মগজু কোষ সজীৱ কৰাত সহায় কৰে ৷

৫.  বিভিন্ন গৱেষণামূলক অধ্যয়নত পোৱা গৈছে যে নিয়মিত ৰূপে আখৰোট খালে শৰীৰৰ ওজন নিয়ন্ত্রণত থাকে ৷ ইয়াত পোৱা প্রটিন আৰু আঁহে শৰীৰৰ ওজন নিয়ন্ত্রণ ৰখাত সহায় কৰে ৷

৬.  havard school of public healthৰ এক সমীক্ষাত পোৱা গৈছে যে মহিলাই সপ্তাহত অন্ততঃ পাঁচবাৰ ত্রিশ গ্রাম আখৰোট খালে টাইপ–চ্ ডায়েবেটিছত আক্রান্ত হোৱাৰ সম্ভাৱনা কম ৷

৭. আখৰোটে শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰৰ লগত যুঁজ কৰাৰ ক্ষমতা বৃদ্ধি কৰি তোলে ৷ ইয়াৰ উপৰি বিপাকীয় ঠিক কৰি ৰাখে ৷ আখৰোটত পোৱা ভিটামিন–বিয়ে শৰীৰত মানসিক চাপ কমোৱাত সহায় কৰে ৷

৮. আখৰোট নিয়মীয়াকৈ খালে ডায়েবেটিছ, কেঞ্চাৰ আদিবোৰ বেমাৰত আক্রান্ত হোৱাৰ সম্ভাৱনা কম থাকে ৷ আখৰোটত পোৱা পলিফেনলছৰ breast cancer আৰু colorectal cancer কমোৱাত বিশেষ ভূমিকা আছে ৷

৯. আখৰোটে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে ৷ আখৰোটত থকা ভিটামিন–ইয়ে ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে ৷

১০.  হূদৰোগত আক্রান্ত হোৱা বয়োজ্যেষ্ঠ লোকসকলে সপ্তাহত তিনি–পাঁচবাৰকৈ আখৰোট খালে হূদৰোগৰ ফলত হোৱা rishfaction কমোৱাত সহায় কৰে ৷ আখৰোটে শৰীৰৰ তেজত পোৱা triglyceride and LDX  যাক বেয়া কলেষ্টৰেল কোৱা হয় কমোৱাত সহায় কৰে ৷

১১. আখৰোটত থকা বায়োটিনে চুলিৰ গুৰি শক্তিশালী কৰে ৷ চুলি সৰা কমায় ৷

আখৰোট দিনটোৰ যিকোনো সময়তে খাব পাৰি ৷ এটি সুস্থ জীৱনশৈলীৰ কাৰণে পুষ্টিকৰ খাদ্য খোৱাৰ উপৰি শৰীৰ চর্চা, ব্যায়াম, যোগাসন সকলো সঠিকভাৱে কৰিলে বিপাকীয় ৰোগত আক্রান্ত হোৱাৰ পৰা হাত সাৰিব পাৰি ৷

ফোনঃ  ৯৯৫৪৫-৩৬৫৭৪

You might also like
Leave A Reply

Your email address will not be published.