গ্রীষ্মৰ ৰূপচর্চা

মালা মহন্ত

গৰমৰ দিনকেইটাত প্রত্যেকৰে কম–বেছি পৰিমাণে ছাল–চুলিৰ বিভিন্ন সমস্যা থাকে ৷ সূর্য ৰশ্মিৰ অতি বেঙুনীয়াৰ ক্ষতিকৰ প্রভাৱে ছাল কলা পৰা, অত্যধিক তেলেতীয়া ছাল, শালমন, কলা দাগ আদিৰ সমস্যা বৃদ্ধি কৰে ৷ তদুপৰি চুলি শুকান হোৱা, চুলিৰ আগ ফটা, অনুজ্জ্বল চুলি আদি সমস্যায়ো ভুমুকি মাৰে ৷ সেয়ে গ্রীষ্মৰ সময়ছোৱা সৌন্দর্য সচেতনতাৰ বাবে বিশেষ জৰুৰী সময়৷ গৰমৰ সময়ছোৱাত আমাৰ ঘাম বেছি হয় ৷ সেয়ে দিনটোৰ শেষত নোমকূপসমূহ সম্পূর্ণৰূপে বন্ধ হৈ যায় ৷ এই দিনকেইটাত পুৱা, আবেলি আৰু ৰাতি শোৱাৰ আগেয়ে ক্লীনজিং, টনিং অতি প্রয়োজনীয় ৷ ইয়াৰ বাবে এচামুচ তিয়ঁহৰ ৰসৰ লগত এপাহ গোলাপ ফুলৰ পাপৰিৰ ৰস মিহলাই লব ৷ মুখৰ ছালত লগাব ৷ ঠাণ্ডা পানীত কপাহ তিয়াই তুলি পেলাব ৷ ছালখন ক্লীনজিঙৰ পিছত আর্দ্রতাৰ বাবে এচামুচ কাঠবাদাম পিহাৰ লগত কেহটোপালমান লেভেণ্ডা তেল মিহলাই লব ৷ এই মিশ্রণ মুখৰ ছালত লগাই লাহে লাহে ১০ মিনিট সময় মালিচ কৰিব ৷ পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুই পেলাব ৷ গৰমৰ দিনকেহটাত ছালৰ হেৰুৱা আর্দ্রতা ঘূৰাই পাবলৈ সপ্তাহত অন্ততঃ দুদিন এনেদৰে যতন ললে সুফল পাব ৷

তদুপৰি আপোনাৰ ছালৰ প্রকৃতি অনুযায়ী উন্নত ব্রেণ্ডৰ ক্লীনজাৰ, টোনাৰ, মহশ্বৰাহজাৰ বাছি লৈ দৈনিক ব্যৱহাৰ কৰিব ৷ ছালখন ৰদৰ পৰা ৰক্ষা কৰিবলৈ ছানব্লক ব্যৱহাৰ কৰিব ৷ প্রখৰ ৰদত ছালখন পুৰি কলা পৰিলে এটুকুৰা তৰমুজৰ ৰস কপাহেৰে ছালত বুলাহ লব ৷ দহ মিনিট সময় চকুযুৰি বন্ধ কৰি ৰিলেক্স কৰিব ৷ ভিজা কপাহেৰে মুখখন মচি কিছুসময় টোপনি যাবলৈ চেষ্টা কৰিব৷ সাৰ পাহ মুখখন সতেজ আৰু উজ্জ্বল হৈ পৰিব ৷

যিসকলৰ ছাল তেলেতীয়া, গ্রীষ্মৰ দিনকেহটাত তেওঁলোকৰ সমস্যা অধিক হয় ৷ চেবাচিয়াছ গ্লেণ্ডৰ পৰা নিঃসৃত হোৱা তৈলগ্রন্থিৰ প্রভাৱ বৃদ্ধি হয় বাবে এহ সময়ছোৱাত এনে ছালৰ গৰাকীৰ ছাল অত্যধিক তেলেতীয়া হৈ পৰে ৷ ছালত ঘাম আৰু ধূলি–বালিৰ এটা তৰপ জমা হয় ৷ সেয়ে এনে ছালৰ গৰাকীয়ে বিশেষ যত্ন লব লাগে ৷  এচামুচ সতেজ আনাৰসৰ ৰস ফ্রীজত থৈ ঠাণ্ডা কৰি লব ৷ কপাহেৰে মুখৰ ছালত লগাব ৷ ই ছালৰ পৰা অতিৰিক্ত তেল নাইকিয়া কৰিব ৷ এই ৰসৰ লগত এচিকুট কর্পূৰ মিহলাই ছালত লগালে ই ছালখনত টনিঙৰ কাম কৰিব ৷ গৰমৰ দিনকেহটাত তেলেতীয়া ছালৰ গৰাকীয়ে অহল ফ্রী মহশ্বৰাহজাৰ ছালত লগাব ৷ সপ্তাহত এদিন এনেদৰে এটা মিশ্রণ তৈয়াৰ কৰি ছালত লগাব পাৰে ৷ এচামুচ মুলতানী মাটিৰ গুড়ি, এটা কণীৰ গা অংশ আৰু কেহটোপালমান নেমুৰ ৰস ভালদৰে মিইলাই ছালত লগাব ৷ ১৫ মিনিটৰ পিছত ধুই পেলাব ৷

গ্রীষ্মৰ দিনকেহটাত স্বাভাৱিক আৰু শুকান ছালৰ গৰাকীয়ে মাহত এবাৰকৈ হলেও বিউটী ক্লিনিকত ফেচিয়েল কৰাই থাকিব ৷ সূর্যৰ ৰশ্মিৰ প্রভাৱত ম্লান পৰা ছালৰ সতেজতা ঘূৰাই পাবলৈ এনে ছালৰ গৰাকীয়ে ফ্রুইটছ ফেচিয়েল, এলভেৰা ফেচিয়েল, পার্ল ফেচিয়েল, গল্ড ফেচিয়েল কৰাব পাৰে ৷ তেলেতীয়া ছালৰ গৰাকীয়ে ফ্লাৱাৰ ফেচিয়েল, ছিলভাৰ ফেচিয়েল, অইল ফ্রী আয়ুর্বেদিক ফেচিয়েল কৰাব পাৰে ৷

ফোনঃ  ৯৬৭৮২-৫৭৫১৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.