শেষ ৰাগিণী

প্রতিভা ভাগৱতী

তাইৰ হাতৰ পৰশত মেণ্ডোলিনখনত বাজি উঠিল এটি গীত

এয়ে মোৰ শেষ গান

মোৰ জীৱন নাটৰ

শেষ ৰাগিণী

কল্যাণ খৰমান ৷

আজি শ্যাম আমেৰিকালৈ যাবগৈ ৷ পৱিত্র বিষ্ণু ৰাভা দিৱসৰ প্রাক্ক্ষণত সেই মহান কমৰেডজনক সুঁৱৰি তাইৰ প্রিয় গীতটোৰ সুৰ তুলিছে৷ তাইৰ প্রিয় মেণ্ডোলিনখনত এই ৰাগিণী কেৱল শ্যামৰ বাবেই সজাইছে ৷ দুয়োজনৰে প্রিয় গীতৰ শাৰী এইটো ৷

মোৰ বাবে তুমি তোমাৰ মেণ্ডোলিনত সুৰৰ ৰাগী সজাবা আৰু মই সেই ৰাগী পান কৰি যাম ৷

শ্যাম মতলীয়া হৈছিল তাইৰ ৰাগিণীত ৷ তাইৰ হাতৰ যাদুকৰী পৰশত প্রাণ পাই উঠা সুৰবোৰ সি এফালৰ পৰা পান কৰি গৈছিল ৷ কিন্তু হঠাতে অহা অপ্রত্যাশিত যাত্রাটোৱে তাক সেই ৰাগিণী শুনাৰ পৰা বঞ্চিত কৰিলে ৷

সেইদিনা তাৰ বুকুখন ৰিঙা ৰিঙা লাগিছিল ৷ চকুমুখত সদায় বিৰিঙি থকা হঁাহিটো নাছিল ৷ তায়ো বৰ দুখ মনেৰে তাক বিদায় দিছিল ৷ তাইৰ বুকুৰ মেণ্ডোলিনত গজি উঠা সুৰীয়া ৰাগিণীক সি হেঁপাহেৰে বান্ধি সুদূৰ আমেৰিকালৈ গুচি গৈছিল ৷

আচলতে গান তাইৰ জীৱনৰ প্রাণ ৷ মেণ্ডোলিনখনত ৰাগিণীৰ ধাৰা বোৱাই তাই সুখৰ নদীত সাঁতুৰিছে আৰু সেই নদীত সাঁতুৰিনাদুৰি তাই হূদয়ৰ সমস্ত আকুলতাবোৰক প্রাণ দিবলৈ চেষ্টা কৰিছে ৷

তাইৰ প্রিয় গীতটোৰ ৰাগ তোলাৰ পিছত আৰু নতুন ৰাগিণীৰ সৃষ্টি হোৱা নাই আজিলৈকে ৷ আজি আবেলিৰ পৰাই অসহ্য বিষ এটাৰ ছটফটনিত তাই মূঁচকচ গৈছে ৷  শ্যামৰ সবল দুবাহুৰ পৌৰুষময় আৱৰি থকা প্রেমৰ আৱৰণত নিমজ্জিত তাইৰ শৰীৰটো ক্রমাৎ জঠৰ হৈ পৰিছে ৷

আজি তাইৰ কাষত নাই সেই ঈশ্বৰপুৰুষজন৷ যাৰ আত্মাৰ লগত তাইৰ আত্মাক এক কৰিছিল ৷ সেই যে নিৰিবিলিত দেখিছিল সপোনটো ৷

এদিন তুমি আৰু মই এক হম ৷ আমাৰ মাজত কেৱল বিশ্বাস থাকিব ৷ আৰু সেই বিশ্বাসত এধল সুখ উটিভাহি আহিব ৷

আজি সেই সপোনক তাইৰ জটিল ৰোগটোৱে বাধাৰ প্রাচীৰ হৈ আগচি ধৰিছে ৷ অন্তহীন এটা দীঘলীয়া পৰিক্রমাক বুকুতে গুঁজি তাই চহৰৰ নাম্বলা হাস্পতালখনৰ কেবিনত শুই শুই মৃত্যুৰ সৈতে এখন যুঁজ আৰম্ভ কৰিছে ৷

ওৰেটো নিশা তাই হাস্পতালৰ বিছনাত ছট্ফটাই থাকিল ৷ তাইৰ ঘনাই শুষ্ক্ হৈ পৰা ওঁঠযুৰি মাকে কপাহেৰে সিক্ত কৰিছে ৷ চামুচেৰে এঢোক এঢোককৈ খুৱাই দিয়া পানীকণো কোনোবা সময়ত ওলাই আহিছে ৷

উফ্ কিয় যে তাইৰ জীৱনত যন্ত্রণাৰ শেষ নহল ৷ জটিল কিবা এটাই খোঁচাবিন্ধা কৰি থকা শৰীৰটো খুলি খুলি খাইছে ৷ তাইৰ চকুৰ সন্মুখত কেৱল অস্পষ্টভাৱে জিলিকি উঠিছে কেইজনমান ডাক্তৰ আৰু নার্ছ ৷

ইমান আন্ধাৰ ৷ কিয় বাৰু আচন্দ্রাই কৰিছে মোৰ মূৰটো ৷ মোক ইয়াৰ পৰা যাবলৈ দিয়ক ৷ ডাক্তৰ আৰু ছিষ্টাৰক তাই কাতৰ প্রার্থনা কৰিবলৈ ধৰিলে ৷

আপুনি গাটো অলপ ভাল পালেহে যাব পাৰিব বাইদেউ ৷

ছিষ্টাৰগৰাকীৰ উত্তৰত খন্তেকলৈ ৰুষ্ট হয় তাই ৷ পোতাশালত বন্দিত্বৰ জীৱন কটোৱা কয়দীৰ দৰে তাই আজিও দুই হাত শিকলিৰে মেৰিয়াই থোৱা বন্দী কয়দীৰ দৰেই নিজক অনুভৱ কৰিছে ৷

মুক্তি লাগে মোক৷ মুক্তি ৷ কেৱল মুক্তি ৷ আস্ মোৰ মূৰটো ফাটি যাওঁ ফাটি যাওঁ যেন লাগিছে ৷ অসহ্য বিষ অনুভৱ কৰিছেছা মই ৷ বিষযন্ত্রণাত চিৎকাৰ কৰি উঠিছে তাই ৷

বাইদেউ, ঈশ্বৰৰ নাম লৈ অলপ শুই দিয়ক ৷ কথা কমকৈ কওক৷ নহলে গা বেছিকৈ বেয়া হব ৷ ছিষ্টাৰে তাইক শুৱাবলৈ যত্ন কৰিছে ৷

অনিত্য এই জগতৰ মায়ামোহৰ পৰা তাই বিদায় লব খুজিছে ৷ যত ঈশ্বৰৰ অস্তিত্বই তাইৰ মনত প্রভাৱ পেলাব পৰা নাই তাত ঈশ্বৰ চিন্তা কিহৰ তাইৰ বাবে বিশেষ কোনো ঈশ্বৰ নাই ৷ তাইৰ বাবে ঈশ্বৰ কেৱল তাইৰ মাক আৰু শ্যাম ৷ যি শ্যামে তাইক অন্ধকাৰ গহ্বৰৰ পৰা বুটলি আনি নতুন জীৱন এটা গঢ়ি তোলাত সহায় কৰিছে ৷

শুই শুয়েই ভৰিপথানৰ খিৰিকীৰে তাই বাহিৰৰ চৌপাশৰ সেউজীয়া আৱেষ্টনীত ৰিণিকি ৰিণিকি চকু ফুৰালে ৷

সৌৱা, হাস্পতালৰ পৰা নাতিদূৰত থকা সুউচ্চ পাহাৰখনৰ কাষতে লিপিট খাই লাগি থকা চিৰহৰিৎ গছবোৰে প্রাণোচ্ছল হৈ হঁাহিছে ৷ তাৰো কাষেৰে বৈ যোৱা জুৰিটোৰ পাৰে পাৰে কঁহুৱাবোৰ হালিজালি নাচিছে ৷ ৰূপহী জনজাতীয় পাটগাভৰুজনীয়ে শিলৰ ফাঁকে ফাঁকে উলাহত গীত গাই গাই নাচিছে ৷ বালিমাহী চৰাইজনীয়েও গাভৰুজনীৰ লগে লগে গীত জুৰিছে ৷ আৰু কঁহুৱাৰ আঁৰ লৈ কোনো এক পুৰুষে তাইৰ গীত উপভোগ কৰিছে ৷ হয়তো সেয়া তাইৰ বাবেই আকুল হৈ থকা কোনোবা প্রেমাস্পদ ৷ পুৱা শৰতৰ কুঁৱলীৰ শুকুলা চাদৰখনিয়ে পৰিৱেশটো মনোমোহা কৰি তুলিছে ৷

ঠিক কেইবাবছৰৰ আগতে কঁহুৱাৰ আঁৰ লৈ পুলকে তাইক এনেদৰেই চাই আছিল ৷ তায়ো সেইদিনা বান্ধৱীকেইজনীৰ লগত নৈৰ বালিচৰত মুঠি মুঠি বালিৰ সৈতে উমলি আছিল ৷ অন্তাক্ষৰী খেলিছিল ৷ সেন্দূৰীয়া গাল, হৰিণী নয়ন আৰু গোলাপ ওঁঠ দুটিৰে তাইৰ লনী শৰীৰটো কঁহুৱাৰ আঁৰৰ ব্যক্তিজনৰ কেমেৰাত আবদ্ধ হোৱা নিজ চকুৰে দেখিছিল ৷ তাই লন্ত অগ্ণিপিণ্ডৰ দৰে তেওঁক প্রশ্ণৰে থকাসৰকা কৰিছিল বিনা অনুমতিত কেমেৰাত আবদ্ধ কৰাৰ বাবে ৷

এই পুলকেই সেইদিনা তাইক প্রাণভৰি চোৱা হেঁপাহক এদিন সমাজৰ আগত স্বীকৃতি দিছিল অর্ধাংগিনীৰ ৰূপত ৷ কিন্তু এই প্রেম বৰ বেছিদিন স্থায়ী হৈ নাথাকিল ৷ জীৱনৰ শেষ উশাহটো লোৱালৈকে তাইৰ সহযাত্রী হোৱাৰ প্রতিশ্রুতিবোৰ ক্রমান্বয়ে কালৰ কোবাল সোঁতত উটি যাবলৈ ধৰিলে৷ সংসাৰখন সিহঁতৰ কোনো আউল নলগাকৈ আগবাঢ়িছিল ৷ তাইৰ সাজসজ্জাৰ পৰা আৰম্ভ কৰি গৃহস্থী কর্তব্যলৈকে সকলো পুলকৰ প্রিয় আছিল ৷ প্রশংসাৰে ওপচাই দিছিল এবাৰ যি তাইক লগ পাইছিল ৷

টিভিত বিগ বছ চাই থকা ছোৱালীজনীলৈ সি সেইদিনা কেৰাহিকৈ চাইছিল ৷ নিশা বহু পলমকৈ ঘৰ সোমোৱা পুলকৰ মুখত তাই পোৱা অকটা গোন্ধটোৱে মুখত সোপা দিবলৈ বাধ্য কৰিছিল ৷ কেঁকোৰাই চেপি ধৰা ডিঙিটোৰ দৰে তাইৰ ডিঙিটোও অকটা গোন্ধটোত চেপা খাই আহিছিল ৷ ববা ভাতে দমকলৰ পাৰ শুৱনি কৰিছিল ৷ এনে ঘটনা প্রথমে মাজে মাজে ঘটিছিল যদিও পাছলৈ প্রায়েই ঘটিবলৈ ধৰিছিল ৷

হঠাতে হোৱা পুলকৰ এনে পৰিৱর্তন তাইৰ জ্ঞাত নাছিল ৷ পুলকৰ কথাবতৰাই তাইক পুলকিত কৰিব নোৱাৰা হৈ আহিছিল ৷ মাথোঁ অন্তহীন ভাবনাবোৰে তাইৰ বুকুত গোপনে বাহ সাজিলে ৷ তাইৰ হূদয়খনে পুলকক হেৰুওৱাৰ বেদনাত ছট্ফটাবলৈ ধৰিলে৷ লাহে লাহে একুৰিয়ামৰ মাছকেইটাৰ দৰে তায়ো নিজক বন্দিত্বৰ বান্ধোনত ৰাখিবলগীয়া হল ৷

তুমি একোতে পাৰফেক্ট নহয় ৷

প্রেমাস্পদৰ এনে অদ্ভুত কথাত তাই সিদিনা আচৰিত নহৈ নোৱাৰিছিল ৷ এই কথাষাৰ শুনাৰ পাছত দিক্বিদিক হেৰুওৱাৰ উপক্রম হৈছিল তাইৰ ৷ বিয়াৰ দুবছৰৰ ভিতৰতে তাইৰ প্রতি পুলকৰ এনে দুর্ব্যৱহাৰে তাইক শংকিত কৰিছিল ৷ জীৱনত প্রথমবাৰৰ বাবে নিজৰ জীৱনৰ ওচৰত যেন হাৰি গৈছিল তাই৷ আজিও তাইৰ মনত আছে সেই দিনটো ৷ যিদিনা পুলকে কাম কৰা মাচ্ঢিনেচনেল কোম্পানীটোৰ নৈশ পার্টীত দুয়ো ভাগ লৈছিল ৷ নিশাৰ এখন ৰঙীন পৃথিৱী সেইদিনা তাই নতুনকৈ আৱিষ্কাৰ কৰিছিল পুলকৰ অফিচত ৷ এই পৃথিৱীখনত তাইৰ বাবে এটা সুস্থ বাতাৱৰণৰ অভাৱ পৰিলক্ষিত হৈছিল ৷ মাথোঁ ৰঙীন পানীয়ৰ গোন্ধত মতলীয়া এজাক পৈশাচিক মানৱে যেন গুজৰি আছিল ৷ সেইদিনা তাইৰ পোছাকযোৰ সকলোৰে দৃষ্টিত অদ্ভুত হৈ পৰিছিল ৷ পুলকৰ সহকর্মী লীনাই তাইৰ চাদৰমেখেলাযোৰক উপহাস কৰি পুলকৰ সন্মুখত গঞা বুলি কোৱা কথাষাৰত তাই মর্মাহত হৈছিল ৷ আৰু সেইদিনা তাই আনৰ উপহাসত জর্জৰিত হৈ গুচি আহিবলৈ ধৰোঁতেই পুলকে তাইৰ হাতখনত থাপ মাৰি ধৰিছিল ৷

বাদ দিয়াহে এইবোৰ৷ বলা বছৰ লগত চিনাকি কৰাই দিওঁ ৷

তাইক পুলকে বছৰ কাষলৈ লৈ গল ৷ বৰ অদ্ভুত চাৱনিৰে বছে তাইৰ মুখলৈ চালে ৷ আৰু জিভাখন উলিয়াই ওঁঠ দুখন চেলেকি চেলেকি বছে যেন তেতিয়াই তাইৰ শৰীৰত বিচৰণ কৰিলে ৷

  •  হেই লীনা৷ ইউ লুক ছেক্সী৷
  •  ৰিয়েলী ডিয়েৰ ৷
  •  ইয়েছ লীনা ৷ ইয়েছ ৷
  •  বলা না ৷

তাইৰ কাষৰ পৰা লীনাই পুলকক হাতত ধৰি টানি নিয়াৰ পাছত তাইৰ ভৰিৰ তলৰ মাটি কঁপিবলৈ ধৰে ৷ নিজকে বিশ্বাস কৰিব পৰা নাই তাই যে এয়া সেই পুলকেইনে, যাৰ কান্ধত হাত থৈ তাই জীৱন জিকাৰ সপোন দেখিছিল ৷

বছৰ দৃষ্টিক আওকাণ কৰি তাই আঁতৰি অহাৰ সুৰুঙা বিচাৰি হাবাথুৰি খাইছে ৷ কিন্তু এয়া কি

বছে দেখোন তাইৰ হাতখন থাপ মাৰি ধৰিছে ৷ বন্ধ কৰিবলৈ ধৰা কেবিনৰ দুৱাৰখন তাই জোৰকৈ খুলি প্রাণটাকি দৌৰিছে ৷

কেৱল দৌৰিছে তাই ৷

পুলক ব্যস্ত লীনাৰ লগত ডান্স কৰাত৷ যি পুলকে বিয়াৰ আগত তাইৰ আবুৰতাক প্রশংসাৰে ওপচাই পেলাইছিল, সেই পুলক আজি অর্ধনগ্ণ যুৱতীৰ লগত নৃত্যৰত৷ লীনাৰ কঁকাল, নিতম্ব, দুই বাহু আৰু গালেমুখে কৰি থকা পুলকৰ হাত দুখনৰ বিচৰণক তাই আৰু চাই থাকিব নোৱাৰিলে৷ তাই এতিয়া কেৱল এই ৰঙীন মায়াজালৰ পৰা ওলাই যাব লাগে ৷ ইয়াত তাইৰ উশাহ বন্ধ হোৱাৰ উপক্রম হৈছে ৷ তাই ছিৰিৰে তললৈ নামি আহিছে ৷  আৰু

কথাবোৰ ভাবি ভাবি আন্ধাৰ ফালি ফালি তাই দৌৰিবলৈ আৰম্ভ কৰিছে ৷

 

অসহ্য বিষবেদনাত তাইৰ কেঁকনি বাঢ়ি আহিল ৷ এইবাৰ ছিষ্টাৰগৰাকীয়ে তাইক শ্লিপিং ইনজেকচেন পুছ কৰিলে ৷ অলপ সময়ৰ পাছতেই তাইৰ টোপনি আহিল ৷ মাকেও কাষৰ বিছনাখনতে শুই ললে অলপ ৷

মাকজনীৰ একমাত্র ছোৱালী তাই ৷ সৰুৰে পৰাই গানত ৰাপ ৷ পঢ়াতো চোকা ৷ দেউতাকে তাইক হায়াৰ ছেকেণ্ডাৰী পঢ়ি থাকোঁতেই এৰি থৈ গল ৷ সুখত থাকিব বুলি ভাবিয়েই নিজে পছন্দ কৰা পুলকলৈ মাকে তাইক অনিচ্ছাসত্ত্বেও বিয়া দিলে ৷

বাস্তৱ বৰ গধুৰ ৷ সময়ে তাইৰ ভীষণ পৰীক্ষা ললে ৷ লীনাৰ লগত থকা পুলকৰ সম্পর্ক লাহে লাহে ফাদিল হল ৷ তাইৰ মেণ্ডোলিনত নতুন সুৰৰ সৃষ্টি নহল ৷  দৈহিক আৰু মানসিক কষ্টই কোঙা কৰা ছোৱালীজনীক মৰমৰ মেণ্ডোলিনখনৰ পৰাও আঁতৰাই আনিলে পুলকে ৷ মেণ্ডোলিনত কিমান যে নতুন সুৰ তুলিবলৈ বাকী থাকিল তাইৰ ৷ এসময়ত তাইৰ মেণ্ডোলিনত সৃষ্টি হোৱা সুৰসমলয়ে সকলোৰে মন জুৰ পেলাইছিল ৷ মন জুৰ পেলাব পৰা নাছিল কেৱল পুলকৰ ৷ সেয়ে তাই সিদ্ধান্ত লৈছিল সেইদিনাই যিদিনা পুলকে বছৰ শয্যাসংগিনী নোহোৱাৰ বাবে একোতে পাৰফেক্ট নোহোৱাৰ অভিযোগ তাইৰ ওপৰত দাখিল কৰিছিল ৷ অকল সেয়াই নাছিল পুলক ঘৰলৈ উভতি অহাৰ পিছত নিচাসক্ত পুলকৰ হাতত তাইৰ দুয়ো গাল ৰঙা হৈ পৰিছিল আৰু কিচকিচীয়া দীর্ঘ কেশটাৰিও পুলকৰ হাতত পাক খাই পৰিছিল ৷ পুলকে চিঞৰি চিঞৰি কৈছিল কি দৰকাৰ আছিল তোমাৰ, বছক ফুলদানিৰে কোবাই তাৰ পৰা পলাবলৈ বছে মাত্র তোমাৰ পৰা এটা ৰাতি বিচাৰিছিল ৷ দিব নোৱাৰিলা তুমি ৷ তোমাৰ বাবেই আজি মোৰ হবলগীয়া প্রমোচনত বাধা জন্মিল ৷ লীনাহঁতক দেখিছা তোমাৰ দৰে গঞা নহয় ৷ অনন্য আকর্ষণ আছে তাইৰ ৷ এজন পুৰুষক দুবাহুৰ বন্ধনত ৰাখিব পৰাকৈ তাইৰ উন্মাদ চাৱনি আছে ৷  পুৰুষক আকৰ্ষন কৰিব পৰাকৈ সময়ৰ লগত মিলাই তাই ড্রেছ পিন্ধিবলৈ জানে ৷ তুমি যদি তাইৰ দৰে পাৰফেক্ট হলাহেঁতে!

কাণ দুখন তাল মাৰি ধৰিলে তাইৰ ৷ যিমান পাৰে দুহাতেৰে কাণ দুখন সোপা মাৰি পুলকৰ শব্দবোৰ অস্পষ্ট কৰিবলৈ তাই চেষ্টা কৰিলে ৷

শূন্যতাত ঠেকা খাই ছিৰাছিৰ হোৱা শব্দবোৰ সহ্য কৰিব নোৱাৰে তাই ৷ নিজৰ প্রিয়তম পুৰুষজনৰ মুখত আন নাৰীৰ অশ্লীল প্রশংসা তাইৰ বাবে ফেঁটীসাপৰ দংশনহে আছিল ৷ তাইৰ সমস্ত প্রেমৰ ভাবনাক সি দংশন কৰিলে ৷ আৰু সেইদিনাই তাই সিদ্ধান্ত ললে পুলকৰ লগত সকলো সম্পর্ক ত্যাগ কৰি ঘৰমুখী হোৱাৰ ৷

তাইৰ শৰীৰটোত বিষটোৰ পুনৰ উকমুকনি উঠিছে ৷ ইনজেকচনটোৱে বেছি সময়ৰ বাবে কাম কৰা নকৰে ৷  খুব বেছি চাৰি ঘণ্টা  ৷  কাইলৈ তাইৰ এটা জটিল অস্ত্রোপচাৰ হব ৷  ছিষ্টাৰে ভিটামিনৰ চেলাইন এটাৰ ইনজেকচন তাইৰ হাতত পুছ কৰিছে ৷ বিষত কেঁকাইছে তাই ৷ আহুকলীয়া বেমাৰটোৱে তাইৰ শৰীৰটো শীর্ণ কৰি তুলিছে ৷ হাতৰ সিৰাবোৰ পাইপৰ দৰে জিলিকিছে৷ দেহাটো জঁকাত পৰিণত হৈছে৷ মাকে কাষতে বহি মূৰত হাত বুলাইছে ৷  চেন্নাইৰ পৰা ডাক্তৰৰ বিশেষজ্ঞৰ দলটো কাইলৈ উপস্থিত হবহি তাইৰ জটিল অস্ত্রোপচাৰৰ বাবে ৷

কিন্তু হঠাতে কিবা এক অবুজ প্রাপ্তিত তাই শিহৰিত হবলৈ ধৰিলে ৷ তাইৰ মনটোৱে কেৱল শ্যামৰ কথা ভাবি হাহাকাৰ কৰি উঠিল ৷ তাইৰ ক্ষতবিক্ষত হূদয়খ নক নতুনকৈ সজাই তোলা শ্যাম যদি এই সময়ত তাইৰ কাষতে থাকিলহেঁতে!

 

বৰ ভাগৰ লাগিছিল তাইৰ ৷ অতীতৰ কথাবোৰ তাইৰ মগজুত আজি বাৰুকৈয়ে শিপাইছে ৷ বিষযন্ত্রণাত তাইৰ মুখখন বেঁকা হৈ পৰা সত্ত্বেও কথা কবলৈ এৰা নাই ৷ শ্যামৰ নামটো বাৰে বাৰে মুখলৈ আহিছে তাইৰ ৷ তাই নাজানে সেই ঈশ্বৰপুৰুষজন কত এতিয়া ৷ দুধাৰি চকুৰ পানী বৈ আহিছে তাইৰ৷ উপলব্ধি কৰিছে তাই পৰিৱর্তন হবলৈ মাত্র এটা মিনিটৰ প্রয়োজন হয় ৷ তাই নিবিচৰা সত্ত্বেও শ্যামে যদি এবাৰ তাইক বিচাৰি আহিলহেঁতে! তাই কিয় এনে কৰিলে এবাৰ যদি খবৰ ললেহেঁতে! শ্যামৰ নিৰাপত্তাত আত্মগোপন কৰা হূদয়খনক তাই ইমান সোনকালে মচিব নোৱাৰে কেতিয়াও ৷

পাঁচ বছৰীয়া সম্পর্কৰে বান্ধ খাই থকা শ্যামক তাই নির্বাসনৰ তালিকাত অন্তর্ভুক্ত কৰিছিল ৷ ফেচবুক, হোৱাটছএপ আৰু মবাইলৰ কণ্ঢেক্ট লিষ্টৰ পৰা শ্যামক ব্লক কৰিছিল ৷ দুবছৰীয়া ৰিছার্চৰ বাবে আমেৰিকালৈ যোৱাৰ কেইমাহমানৰ পিছতে তাই এই সিদ্ধান্ত লৈছিল ৷ সেই সময়ত শ্যামৰ মনত কি প্রতিক্রিয়া হৈছিল, সেয়া তাই নকলেও বুজি পায় ৷ এই মাটিহেন ছোৱালীজনীক শ্যামেই চিনাকি ফার্মাচী এখনত নিয়োগ কৰাইছিল ৷ ফার্মাচিষ্ট পঢ়া বাবে তাই কষ্ট নকৰাকৈ চাকৰিটো পাইছিল ৷ পাছলৈ শ্যামৰ আহযাহ সঘন হৈছিল তাইৰ ঘৰলৈ ৷

তাই এজন ভাল বন্ধু বিচাৰিছিল ৷ দেওপানী দুর্গা মন্দিৰৰ পাকৰি গছজোপাত ৰঙা ফিতা বান্ধি কৰা মৌন প্রার্থনা যেন ভগৱানে শুনিছিল ৷ দোপালপিটা বৰষুণজাকৰ বাবে তাইৰ সেইদিনা উভতিবলৈ গাড়ী পোৱাত পলম হৈছিল ৷ বহু সময় ধৰি ৰৈ থকাৰ পিছতো গাড়ী নোপোৱাত মন্দিৰৰ কাষতে বহি প্রসাদ খাই থকা শ্যামে তাইক প্রস্তাৱটো দিছিল ৷

বলক নহলে মোৰ লগতে, যদি অসুবিধা নহয় মই গুৱাহাটীলৈ যাম৷ আপোনাৰ নির্দিষ্ট ঠাইত নমাই থৈ যাব পাৰিম ৷

একমুখে অস্বীকাৰ কৰিছিল তাই সেই প্রস্তাৱ ৷ কিন্তু প্রথমবাৰৰ বাবে তাইৰ মনত যেন জাগি উঠা অনুমান সঁচা আছিল৷ শ্যামৰ চাৱনি আৰু পুৰুষসুলভ ব্যক্তিত্বৰ ওচৰত অলপ পিছতে তাই হাৰ মানিছিল৷ তাই গাড়ীৰ পাছৰ ছীটত বহি পৰিছিল ৷

আৰু তাৰ পিছত লাহে লাহে ঘনিষ্ঠতা বাঢ়ি গৈছিল ৷ পত্নীৰ মৃত্যুৰ দুখ যেন শ্যামে ভাগবাটোৱাৰা কৰিছিল তাইৰ লগত ৷ তাৰ ৰিক্ত হূদয়ত তাই ভাবৰ বুৰবুৰণি তুলিছিল ৷ নৈৰ পাৰে পাৰে ফুৰিছিল ৷ নৈয়ে সাঁচ বহুৱাই থৈ যোৱা শুষ্ক্ বালিচৰত খোজ কাঢ়িছিল ৷ আৰু তেতিয়াৰপৰাই তাই পৰি থকা মেণ্ডোলিনখনত সুৰৰ ৰাগী পুনৰ তুলিছিল ৷ 

মুগ্ধ হৈ পৰিছিল তাতই শ্যামৰ প্রেমত ৷ যি প্রেম কাহানিও পুলকৰ চকুত দেখা নাছিল ৷ যি সুখ শ্যামে তাইৰ জীৱনত ঢালিছিল, সেই সুখ কাহানিও পুলকে দিব পৰা নাছিল ৷ তাইৰ গুলপীয়া ওঁঠযুৰিত নাছিল পুলকৰ হঁাহি বিৰিঙাব পৰাকৈ শক্তি ৷ নিৰিবিলি মুহূর্তবোৰ তাই কেৱল শ্যামৰ লগত কটাইছিল ৷ আত্মিক প্রেমেৰে শ্যামে তাইক বান্ধি ৰাখিছিল ৷ ভোল গৈছিল শ্যাম তাইৰ মেণ্ডোলিনৰ অপূর্ব ৰাগিণীত ৷ শ্যামৰ বাবেইতো মেণ্ডোলিনখনত সদায় নতুন সুৰৰ সৃষ্টি ৷ তাইৰ মিঠা হঁাহিৰ মিঠা শব্দালাপে শ্যামৰ মন জয় কৰিছিল ৷ শ্যাম যেন ভোল গৈছিল তাইৰ দেহৰ ৰন্ধ্রে ৰন্ধ্রে বিয়পি থকা অন্য এক জ্যোতিত৷ সেই জ্যোতি যেন হৈমন্তিক পূর্ণিমাৰ জ্যোতিহে ৷

শ্যাম আমেৰিকালৈ যোৱাৰ পিছত তাই বৰ অকলশৰীয়া হৈ পৰিল ৷ ফোন, হোৱাটছএপত ব্যস্ত হৈ পৰিলেও সময় যেন সিহঁতৰ সন্মুখত বাধাৰ প্রাচীৰ হৈ থিয় দিলে ৷ তাইৰ সদায় খং উঠে কিয় যে একেখন পৃথিৱীত বাস কৰা মানুহখিনিৰ থকা ঠাইৰ মাজত সময়ৰ ব্যৱধান হয় ৷

তাইৰ শ্যামৰ কাষলৈ গুচি যাবৰ মন যায় ৷ মুখ খুলি নকলেও তাই বুজি পায় শ্যামৰ আকুলতা ৷ সেয়ে তাই শক্তি গোটাইছে শ্যামৰ বাবে ৷ আজি যদি তাইৰ দুখন পাখি থাকিলহেঁতেন, নিষ্চয়কৈ উৰি উৰি শ্যামৰ ওচৰ পালেহেঁতে

 

কিন্তু নোৱাৰে ৷

তাইৰ অৱচেতন মনটো অস্থিৰ হৈ পৰিছে ৷

আৰু শ্যামো নিজৰ কামত ব্যস্ত হৈ পৰে ৷

এছ কে চৌধুৰীৰ বিশেষজ্ঞৰ দলটো ইতিমধ্যে আহি উপস্থিত হৈছে ৷ তেওঁ ছোৱালীজনীৰ বাবে বিশেষ ছার্জাৰীৰ ব্যৱস্থা কৰিছে ৷ তাই ভর্তি হৈ থকা হাস্পতালখনৰ পৰা বিশেষভাৱে নিমন্ত্রণ কৰা হৈছে এই দলটোক ৷ চিকিৎসা বিজ্ঞানৰ প্রায় পোন্ধৰ বছৰীয়া কার্যকালত এছ কে চৌধুৰীয়ে বিশেষ সমাদৰ লাভ কৰিছে বুলি ইতিমধ্যে সর্বজনবিদিত ৷

জীৱন যুদ্ধত হাৰি হাৰি অধৈর্য হৈ পৰা ছোৱালীজনীৰ ম্লান মুখখনত বিষণ্ণ হঁাহি এটাই খেলা কৰিছে ৷ কি যে কুক্ষণত তাইৰ গাত বেমাৰটো লম্ভিছিল ৷ সিদিনা ফার্মাচীৰ পৰা আহি তাই অসহ্য মূৰৰ বিষত ভুগিছিল ৷ টেবলেট এটা খাই তাই শুই পৰিছিল ৷ বিষটোৱে মাজে মাজে বৰ বেয়াকৈ উক দিছিল ৷ আৰু এনেকৈয়ে এদিন তাই কাষ চাপিছিল চহৰৰ নাম্বলা হাস্পতালখনৰ ৷ বিশেষজ্ঞ ডাক্তৰ এজনৰ ৰিপর্টত ধৰা পৰিছিল তাইৰ জটিল ৰোগটো ৷ ইতিমধ্যে বহু পলম হৈছিল৷ ভাল হোৱাৰ ৰাস্তা নাছিল ৷  তাইৰ মস্তিষ্ক্ত স্থূলকায় টিউমাৰটোৱে ভয়ংকৰ ৰূপ লৈছিল ৷ তাই সেই দিনবোৰত যিমানেই বিষৰ যন্ত্রণাত ছটফটাইছিল, সিমানেই তাইৰ হূদয়খন কাৰোবাক দিব নোৱৰাৰ খঙত বেছিকৈ ছটফটাইছিল ৷ আৰু সেয়ে শ্যামৰ জীৱন কলুষিত নকৰাৰ সিদ্ধান্তৰে সি তাইৰ লগত সংযোগ কৰিব পৰা সকলো ৰাস্তা চিৰদিনলৈ বিচ্ছিন্ন কৰিছিল ৷ পাহৰি পেলাইছিল ভগৱানৰ অস্তিত্বক৷ ভগৱান নামৰ কোনো শক্তিৰ ওচৰত তাই শিৰনত নকৰাৰ সংকল্প লৈছিল ৷

যন্ত্রণাত জীয়াতু ভোগা এগৰাকী নাৰী হৈ আনৰ জীৱনক কলুষিত কৰিবলৈ তাইৰ মনে নকৈছিল ৷  হূদয়ৰ কেনভাছত আঁকি থোৱা শ্যাম নামৰ ছবিখন তাই হাতেৰে মচি পেলাইছে যদিও অন্তৰেৰে কেতিয়াও মচিব পৰা নাছিল ৷

কেনে আছে বাৰু শ্যাম এতিয়া

সি বাৰু তাইক মনত ৰাখিছেনে

উদিত সূৰুযৰ দৰে তাইৰ মনত উদয় হোৱা অলেখ শ্যাম সুন্দৰ গুঞ্জনবোৰে তলওপৰ কৰিছে ৷ তাইৰ আজি খুব মন গৈছে শ্যামৰ দুবাহুত সোমাই পৰিবলৈ ৷ মন গৈছে এবাৰ শ্যামৰ লগত কথা পাতিবলৈ৷ শ্যামৰ অভিমান ভাঙিবলৈ ৷ যি অভিমান শ্যামৰ মনত তাই সৃষ্টি কৰিছিল বিচ্ছেদৰ যোগেদি ৷ বুজিবনে বাৰু শ্যামে এই বিচ্ছেদৰ আঁৰৰ কাহিনী৷ শ্যামবিহীন সময়বোৰ তাই যে বৰ হতাশাত পাৰ কৰিছে ৷ তাইৰ বিয়াকুল মনটোক প্রতিহত কৰিব পৰাকৈ সবল নহয় ৷ কি ঠিক আজিৰ জটিল অস্ত্রোপচাৰ তাইৰ মতে এক শেষ সাত্ব্ন্না মাত্র ৷  ইতিমধ্যে তাই মৃত্যু উপত্যকাৰ শেষ প্রান্তত ভৰি দিছেহি ৷

আজি যদি শ্যাম তাইৰ ওচৰত থাকিলহেঁতেন, তাই তাৰ কোলাত মূৰ থৈ মুক্তি বিচাৰিলেহেঁতে ! এই যন্ত্রণা লৈ জীয়াই থাকিও তাইৰ যেন একো লাভ নহব ৷ ডাক্তৰে তাইৰ জীৱনক লৈ এটা শেষ চেষ্টা চলাব খুজিছে ৷ সিদিনা ডাক্তৰৰ ছেমিনাৰখনত তাইক চিকিৎসা কৰি থকা ডাক্তৰ অর্ণৱ শর্মাই এছ কে চৌধুৰীক লগ পাইছিল ৷ তেওঁৰ দক্ষতা সম্পর্কে ইতিমধ্যে বিভিন্ন মাধ্যমত সমালোচনা চলি আছে ৷ ছোৱালীজনীৰ যেতিয়া ব্রেইন টিউমাৰৰ থার্ড ষ্টেজ ধৰা পৰিছিল, তেওঁ যোগাযোগ কৰিছিল এছ কে চৌধুৰীৰ সৈতে ৷ চৌধুৰীয়ে বিনাদ্বিধাই একেষাৰতে আহিম বুলি প্রতিশ্রুতি দিছিল ৷

চিন্তাশক্তি তাইৰ ঠিকেই আছে যদিও পুৱাৰে পৰা কথাবোৰত অস্পষ্টতাই বিৰাজ কৰিছে ৷ ডিঙিটো সোপা মাৰি ধৰা যেন লাগিছে ৷ ডাক্তৰে এছ কে চৌধুৰীক তৎক্ষণাৎ তাইৰ কেবিনলৈ মাতি পঠিয়াইছে ৷ ডাক্তৰ চৌধুৰীয়ে বিপৰীতমুখী ইংগিত বহন কৰিব পৰা পাল্ছ অক্সিমিটাৰডালৰ লগতে স্তব্ধ হব খোজা ভাইটেল ছাইন মনিটৰৰ পর্দাত সমান্তৰালভাৱে জিলিকি থকা ৰেখাকেইডালৰ স্তব্ধ হব খোজা তলওপৰ কম্পনাংকক গতি দিবলৈ চেষ্টা কৰিছে৷ চৌধুৰীয়ে যিমান পাৰে তাইৰ বুকুখন হেঁচি হেঁচি জীৱন দিয়াৰ চেষ্টা কৰিছে ৷

এছ কে চৌধুৰীয়ে অলপ সময়ৰ বাবে হলেও নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে অক্সিমিটাৰ আৰু ৰেখাকেইডালৰ স্তব্ধ হব খোজা গতিটোক ৷ কেৱল নিয়ন্ত্রণ কৰিব পৰা নাই নিজক ৷ অসমত ভৰি নিদিওঁ বুলি প্রতিজ্ঞাবদ্ধ চৌধুৰী আজি উপস্থিত হৈছেহি, যাৰ বাবে জীৱনৰ সঁচা মৰমবোৰ সাঁচি ৰাখিছিল সেই মৃত্যু যন্ত্রণাত ছটফটাই থকা হীৰা টুকুৰাটোৰ ওচৰত ৷

মুদি থকা দুচকু মেল খাইছে তাইৰ ৷ গভীৰ প্রশান্তিৰে সন্মুখৰ ব্যক্তিজনক চাইছে ৷ প্রাণভৰি চাইছে৷ তাইৰ কাণৰ কাষত যেন বতাহে বিৰ্বিৰ্কৈ কৈছে তোমাৰ প্রেম তোমাৰ সন্মুখত ৷ 

তাই যেন আঁচল পাতি ধৰিব সেই প্রেম ৷ এই ভ্রম অম্বৰীশ ভেদি এজাক চৰায়ে যেন গুণগুণাব সুখৰ মালিতা আৰু সেই সুখৰ মালিতা শুনি শুনি তাই প্রেমিকৰ কোলাত চিৰনিদ্রামগ্ণ হব ৷

অপাৰ ৰহস্যময়তাৰে ভৰা এই অন্তৰীক্ষত কেৱল বিষাদৰ নৈত সাঁতুৰি জীৱনৰ সৰহভাগ সময় পাৰ কৰি আহিছে তাই ৷ জীৱনৰ শেষ সময়ত তাই বিচৰা সুখখিনি তাইৰ জীৱনলৈ আহিবই বুলি দৃবিশ্বাসী তাই ৷ তাইৰ অনুমান ভুল হব নোৱাৰে আজি ৷ তাইৰ মৰমৰ শ্যাম সেয়া ৷ সোণালী চুলিৰে, থুঁতৰিত একোছা দাঢ়িৰে সেই প্রগলভ চাৱনি তেওঁৰ মুখত এতিয়াও বিদ্যমান ৷ সেয়া তাইৰ ভগৱান, তাইৰ ঈশ্বৰপুৰুষ আৰু তাইৰ যেন পিতা সেয়া ৷ যাৰ কোলাত মূৰ থৈ তাইৰ ভাগৰুৱা আত্মাই জিৰাইছিল এসময়ত ৷ সেই ঈশ্বৰপুৰুষজন আজি তাইৰ কাষত তাইৰেই চিকিৎসাত ব্যস্ত ৷ কি কাকতালীয় সংযোগ এয়া ৷ ঈশ্বৰৰ যেন অপাৰ মহিমা এয়া ৷

অশ্রুৰে ভৰি উঠা তাইৰ দুচকুত শ্যামৰ বাবে পৰিস্ফুট হৈ উঠিছে প্রেমৰ ফল্গুধাৰা ৷ বেমাৰে মাত্র অলপ আগতে কাঢ়ি নিয়া মাতটোৱে তাইৰ কথা কোৱাত বাৰে বাৰে বাধা দিছে ৷ হূদয়ৰ আকাশত উকমুকাই থকা অলেখ শব্দই ধূঁৱলি মুখ ফালি ওলাই আহিব নোৱাৰে এতিয়া ৷ শৰীৰে বাধা নিদিয়া হলে গুঞ্জৰিত প্রেমৰ আকুলতাবোৰ এই মুহূর্তত তাই মেণ্ডোলিনখনত বজাই শুনালেহেঁতেন শ্যামক ৷ 

তুঝছে নাৰাজ নেহী জিন্দেগী

হেৰান হু মে ৷

শ্যামে সেই ৰাগিণী নিষ্চয় বুজিলেহেঁতেন ৷ এতিয়া চাগে মেণ্ডোলিনখন ঘৰৰ এচুকত পৰি আছে ধূলিকণা আৰু মকৰাজালৰ মাজত ৷

নোৱাৰে ৷ আৰু কেতিয়াও সুৰ তুলিব নোৱাৰে তাই মেণ্ডোলিনখনত ৷  হয়তো আৰু কেইটামান মুহূর্তৰ ভিতৰতে তাইৰ জীৱনবন্তি নুমাই পৰিব ৷

শ্যাম, মই যদি কেতিয়াবা মৰি যাওঁ তোমাৰ কোলাত মূৰ থৈ মৰিবলৈ সুবিধাকণ দিবানে মোক নৈৰ পাৰত সেইদিনা শ্যামৰ কান্ধত মূৰ থৈ তাই বিৰবিৰাই উঠিছিল ৷

মই থকালৈকে তুমি মোৰ হৈয়েই থাকিবা ৷ তোমাক ইমান সোনকালে মই মৰিবলৈ নিদিওঁ ৷ আৰু আজি ৷

ইমান পৰিৱর্তন মাত্র দুবছৰৰ ভিতৰতে ৷ বিখ্যাত ডাক্তৰ হৈয়ো আপোনত্বক বচাব নোৱৰাৰ বেদনাত ভাৰাক্রান্ত ডাঃ শ্যাম কুমাৰ চৌধুৰী ৷

শ্যামে তাইৰ হূদয়ৰ ভাষা বুজি পায় ৷

শ্যামে তাইৰ ওঁঠৰ ভাষা নকলেও বুজি পায় ৷

সি বুজিছে এই মুহূর্তত তাই কি বিচাৰে শ্যামৰ পৰা ৷ 

শেতেলিখনৰ শিতানত বহি শ্যামে তাইৰ মূৰটো আলফুলকৈ দাঙি নিজৰ কোলাত শুৱাই দিছে ৷ তাই দীঘলকৈ এটা উশাহ টানিলে হুমুনিয়াহৰ লগত ৷ আৱেগ আৰু শোকত ম্রিয়মাণ হৈ উঠিছে শ্যাম৷ গভীৰ প্রশান্তিৰে তাই শ্যামৰ কোলাত টোপনি গৈছে ৷ তাইৰ সৰি যোৱা পাতল চুলিখিনিৰ ভাঁজে ভাঁজে শ্যামে হাত বুলাই বুলাই নিচুকাবলৈ ধৰিছে ৷

উঠানা ৰাগিণী৷ আৰু কিমান শোৱা তুমি মই আহিছেছা তোমাৰ কাষলৈ৷ উঠানা সোনকালে ৷ মই আমেৰিকালৈ যাবৰ আগদিনাই তোমাৰ মেণ্ডোলিনখনত শেষ ৰাগিণী শুনিছিলোঁ ৷ তাৰ পিছত তুমি মোক আৰু কেতিয়াও মেণ্ডোলিনৰ কাষ চপাৰ সুবিধা নিদিলা ৷ আজি মই শুনিম তোমাৰ মেণ্ডোলিনখনত মোৰ প্রিয় গীতৰ ৰাগিণী ৷  তুমি শুনাবানে মোক ৰাগিণী মোৰ বিয়াকুল হূদয়ে তোমাৰ হাতৰ যাদুৰ পৰশত প্রাণ পাই উঠা ৰাগিণীক বিচাৰি হাহাকাৰ কৰিছে ৷ উঠা ৰাগিণী উঠা ৷ তোমাৰ সুৰৰ ৰাগীয়ে মোৰ প্রেমাকুল হূদয়ত থাপনা পাতি প্রেমৰ সুৰভি ঢালিছে৷ আৰু আজি সেই সুৰভিক অৱক্ষয় কৰি তুমি কিয় আঁতৰি যাবা ৰাগিণী

ৰাগিণীৰ চকুযুৰি শ্যামৰ চকুত স্থিৰ হৈ আছে ৷ পাল্ছ অক্সিমিটাৰত সম্ভৱতঃ এটা বিকল অনুভূতি ৷ ডাঃ এছ কে চৌধুৰীয়ে সন্মুখৰ যন্ত্রটোলৈ চালে৷ তলওপৰ কম্পনাংকত দোদুল্যমান সমান্তৰাল ৰেখাকেইডালে নিজৰ গতিক স্তব্ধ কৰাৰ বিপৰীতে শ্যামৰ কাণত ৰি ৰিকৈ বাজি উঠিছে সেই কালজয়ী গীতটোৰ শেষ ৰাগিণী ৷

ফোনঃ  ৯১০১৮৩৭২১২

You might also like

Comments are closed, but trackbacks and pingbacks are open.