গ্রীষ্মকালীন ছাল–চুলিৰ যতন

মনালিছা দাস

এতিয়া গৰম কাল ৷ গতিকে সমস্যা অনেক ৷ এই সময়ত সূর্যৰ প্রখৰতাই আমাৰ ছাল–চুলিৰ যথেষ্ট ক্ষতি কৰে ৷ কিন্তু আমি যিহেতু সকলো কামে–কাজে ব্যস্ত জীৱন চক্রত চলি থাকে ৷ নিজৰ কাৰণে ভাবিবলৈ কাৰো সময় নাই ৷ সকলো কেৱল দৌৰি আছে পুৱাৰ পৰা ৷ কিন্তু আপুনি কিছু সময় লৈ আইনাখন চাওকচোন ৷ মেকআপবিহীন আপোনাৰ ছালখন উজ্জ্বল আৰু সজীৱ হৈ আছেনে যদি ভালকৈ মন কৰে তেনেহলে আপুনি নিজে অনুভৱ কৰিব পাৰে যে আপোনাৰ ছালৰ আর্দ্রতা আৰু উজ্জ্বলতা কৰবাত হেৰাই  যায় ৷ তাৰ কাৰণ

১. প্রদূষণ

২.সূর্যৰ প্রখৰ ৰদ

৩.সুষম খাদ্যৰ অভাৱ

৪.কি প্রসাধন সামগ্রী ব্যৱহাৰ কৰিছে, তাৰ ওপৰত আমাৰ জ্ঞানৰ অভাৱ৷

৫.ষ্ট্রেছ

৬.শৰীৰত পানীৰ অভাৱ

৭.দৈনিক ছাল–চুলিৰ যত্নৰ অভাৱ

৮.কোনো ধৰণৰ ব্যায়াম নকৰা৷ ইত্যাদি৷

এতিয়া আমি কি কৰিলে কিছু হলেও এই সমস্যাসমূহৰ পৰা বাচিব পাৰিম ৷

১.প্রতিদিনে পুৱা–গধূলি কিছু সময়ৰ বাবে হলেও খোজকঢ়া ৷

২.প্রটিন, ভিটামিন, কেলছিয়াম, মিনাৰেল ইত্যাদি খাদ্যৰ জৰিয়তে শৰীৰত যোগান ধৰা ৷

৩. অকমান নিজৰ বাবে সময় উলিয়াই নিজে ভালপোৱা কাম কৰা ৷

৪. গীত শুনা ৷

৫. ছালখনৰ বাবে চি টি এম Cleansing, Toning & Moisturising

৬. অভিজ্ঞ এজন সৌন্দর্য বিশেষজ্ঞৰ পৰামর্শ লৈ ছাল–চুলিৰ যতন লোৱা ৷

যিহেতু সময়ৰ অভাৱ, গতিকে আপোনাৰ ছাল–চুলিৰ বাবে প্রথম আপুনি এখন ভাল স্কিন এণ্ড হেয়াৰ ষ্টুডি নির্বাচন কৰক, যত এজন সৌন্দর্য বিশেষজ্ঞ থাকিব ৷ কাৰণ অভিজ্ঞতাইহে এইক্ষেত্রত ভাল পৰামর্শ দিব পাৰিব ৷

প্রতি পোন্ধৰ দিনৰ মূৰে মূৰে আপোনাৰ ছালৰ প্রকাৰ মতে এটা ক্লীন–আপ অথবা Deep Cleansing কৰক৷

১. ক্লীন আপ কৰিলে আধা ঘণ্টাত আপোনাৰ সম্পূর্ণ হয় ৷

২. মাহত এবাৰকৈ এটা ভাল ব্রেণ্ডৰ ফেচিয়েল কৰক ৷

৩. যদি আপোনাৰ ছান বার্ন হৈছে বা ছানটীন হৈছ, তেনেহলে টীন ৰিমভ এটা ক্লীন আপ লওক ৷ বিভিন্ন ভাল ভাল ব্রেণ্ডৰ আজিকালি সামগ্রী বজাৰত পোৱা যায়, কিন্তু সাৱধানে নির্বাচন কৰি ব্যৱহাৰ কৰক ৷

৪.যদি আপোনাৰ Pigmentation ৰ সমস্যা আছে তেনেহলে Pigmentation treatment কৰক ৷

৫.যদি আপোনাৰ ছালখনত শুকান আৰু উজ্জ্বলতা কমি গৈছে, তেনেহলে কেতিয়াও ব্লীচ নকৰিব ৷ তাৰ ঠাইত মৌ, কল, অমিতা ইত্যাদি ব্যৱহাৰ কৰক ৷

এজন ভাল অভিজ্ঞ হাতেৰে এই সামগ্রীসমূহ থকা প্রডাক্টেৰে ফেচিয়েল কৰক আৰু আপোনাৰ ছালৰ পৰিৱর্তন মন কৰক ৷

ফেচিয়েলৰ শেষত আই–পেক ব্যৱহাৰ কৰক ৷ আই–পেক সদায় তিয়ঁহ আৰু গোলাপ জলেৰে তৈয়াৰ কৰি লগাওক চকুৰ বিভিন্ন সমস্যাৰ পৰা সাৰি থাকিব ৷

১. প্রতিমাহত আপোনাৰ চুলিখিনিৰ বিভিন্ন সমস্যা যেনে– উফি, চুলিৰ আগ ফটা, চুলি সৰা, শুকান চুলিৰ সমস্যা দূৰ কৰিবলৈ হেয়াৰ স্পা কৰক ৷ হেয়াৰ স্পাৰ ফলত চুলিখিনি গুৰিৰ পৰা পৰিষ্কাৰ হয়, শুকান হোৱা সমস্যাৰ দূৰ হয়, চুলিৰ প্রটিন পায়৷ হেয়াৰ স্পা কৰোঁতেও বিভিন্ন সামগ্রী আৰু অভিজ্ঞ হাতেৰে হেয়াৰ স্পা লব লাগে৷ আজিকালি বজাৰত যিহেতু সকলো  পোৱা যায়, গতিকে বজাৰৰ পৰা কিনি আনি ঘৰতে স্পা কৰা বুলি কয় ৷ কিন্তু শুদ্ধকৈ ঘৰতে নিজ হাতেৰে কোনেও কৰিব নোৱাৰে ৷ অভিজ্ঞ হাতেৰে ভাল মাছাজ কৰি, ভাল হেয়াৰ স্পাৰ সামগ্রীসমূহ ব্যৱহাৰ কৰি উচিত সময়ত সমাপ্ত কৰা হয় ৷ আৰু এনে ধৰণে হেয়াৰ স্পা কৰি আপোনাৰ চুলিকোছা উজ্জ্বল আৰু স্বাস্থ্যৱান চুলি হৈ পৰে ৷

ইয়াৰ বাহিৰেও আৰু বহু কথা আছে, যিসমূহ কথাই আমাক সম্পূর্ণ গ্রুমিং কৰি তোলে, যাৰ ফলত আমাৰ ছাল–চুলিৰ বিভিন্ন সমস্যা দূৰ হয় আৰু লগতে আমাৰ মন–মগজু সুস্থ হৈ পৰে ৷

ফোনঃ  ৯৮৫৪০-৫৮৭৯৯

You might also like
Leave A Reply

Your email address will not be published.