উলম্ব বাগিচা

নিবেদিতা ভূঞা ৰাজকুমাৰী

সম্প্রতি বাগিচাসজ্জাৰ ক্ষেত্রত সবাতোকৈ জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হোৱা শৈলী বা কৌশলবিধ হল ভার্টিকেল গার্ডেনিং ৷ সহজ ভাষাত কবলৈ হলে ভার্টিকেল গার্ডেন (Vertical Garden), অসমীয়াত যাক আমি উলম্ব বাগিচা বা বাগান বুলি অভিহিত কৰিব পাৰোঁ, এয়া হৈছে বাগিচাসজ্জাৰ এক প্রাথমিক পদ্ধতি ৷ এই পদ্ধতি প্রয়োগ কৰি অতি কম পৰিসতে এখন আটকধুনীয়া ফুলনি বা ফলমূল, শাক–পাচলিৰ বাগিচা গঢ়ি তুলিব পৰা যায় ৷ বিদেশৰ লগতে বর্তমান ভাৰতবর্ষ তথা আমাৰ অসমতো এই পদ্ধতিয়ে বিপুল সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে ৷ কংক্রিটৰ মহানগৰবোৰৰ সুউচ্চ অট্টালিকা, ফ্লেট আদিত বসবাস কৰা লোকৰ বাবে সুকীয়াকৈ এখন আহল–বহল বাগিচা পাতিবলৈ মুকলি ঠাই তথা মাটিৰ অভাৱ ৷ এনে পৰিস্থিতিত উলম্ব বাগিচাৰ ধাৰণাটো ফলপ্রসূ হোৱা পৰিলক্ষিত হৈছে ৷ ঘৰৰ বাৰাণ্ডা, খিৰিকী, বেলকনি, ৱালৰ ৰেলিং, গ্রীল আদি এই বাগিচাসজ্জাৰ বাবে উত্তম স্থান ৷ তদুপৰি মধ্যম আকাৰৰ বা ডাঙৰ গছ একোজোপাও উলম্ব বাগিচাৰ বাবে নির্বাচন কৰিব পাৰি ৷ ডাঙৰ ডাঙৰ হোটেল, ৰেস্তোৰাঁ, মল, বেংক, অফিচ, চিকিৎসালয়, নার্ছিং হোম আদি ৰাজহুৱা স্থানবোৰ উলম্ব বাগিচা জৰিয়তে দেখিবলৈ মনোমোহা ৰূপত সজাই তোলা হয় ৷

উলম্ব বাগিচা ধাৰণাটোৰ ক্রমবিকাশ ঘটে বিংশ শতিকামানৰ পৰা ৷ এই বাগিচাসজ্জাৰ স্রজনকাৰী হল ষ্টেনলী হার্ট হুৱাহট (Stanley Hart White) ৷ তেওঁ হৈছে এগৰাকী লেণ্ডস্কেপ আর্কিটেক্ট ( Landscape Architect) ৷ ১৯৩৮ চনত হুৱাহটে আধুনিক বাগিচা বেৰ (modern garden wall) পদ্ধতি নির্মাণ কৰে, যাক তেওঁ’Botanical Bricks’ হিচাপে নামকৰণ কৰিছিল ৷ পৰৱর্তী সময়ত হুৱাইটৰ আধুনিক বাগিচা ধাৰণা ‘Vertical Garden’ নামে জনাজাত হৈ পৰে ৷

আধুনিক জীৱনশৈলীত ভার্টিকেল গার্ডেনিঙে মানুহৰ বাগিচাসজ্জাৰ হাবিয়াস পূৰণ কৰা লগতে প্রকৃতিৰ নান্দনিক সৌন্দর্য উপভোগ কৰাত যৎকিঞ্চিৎ হলেও সক্ষম হৈছে ৷ উলম্ব বাগিচা এখন তৈয়াৰ কৰিবৰ বাবে প্রাৰম্ভিক অৱস্থাত গুৰুত্ব দিবলগীয়া অতি প্রয়োজনীয় দিশ কেইটামান হল

  • সঠিক স্থান নির্বাচন কৰা ৷ (choose right spot/place)
  • সঠিক পুলি(choose right plants) নির্বাচন কৰা ৷
  • উপযুক্ত সংৰচনা(right support structure) ৷
  • সঠিক আৰু পর্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা কৰ (provide adequate light) ৷
  • উত্তম মাটি আৰু সাৰ যোগান ধৰা ৷
  • সঠিকভাৱে প্রতিপালন তথা ৰক্ষণাবেক্ষণ দিয়া ৷

উলম্ব বাগিচাৰ বাবে যি স্থান নির্বাচন কৰা হয়, সেই ঠাইডোখৰত পর্যাপ্ত পৰিমাণত পোহৰৰ ব্যৱস্থা থাকিব লাগিব ৷ অত্যধিক ৰদ নাইবা অনবৰতে ছাঁ পৰা উভয় স্থান যিকোনো গছৰ বাবে অনুপযুক্ত ৷ পানী যোগানৰ ব্যৱস্থাও সঠিকভাৱে হব লাগে ৷ গছপুলি ৰোপণ কৰাৰ পূর্বে পাত্রটোত লোৱা মাটি আৰু সাৰৰ মিশ্রণটো পুলিটোৰ বাবে উত্তম হয়নে নহয়, সেই কথা পর্যবেক্ষণ কৰা উচিত ৷  কীট–পতংগ, পোক–পৰুৱা, পকা বা শুকান, গেলা– পচা, লেৰেলি যোৱা পাত, অপতৃণই যাতে পুলিসমূহ অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবে নিৰীক্ষণ কৰা অতি প্রয়োজন ৷ তদুপৰি অধিক বৰষুণৰ পৰা আঁতৰাই ৰাখিলে ভাল৷  তেহে এখন স্বাস্থ্যৱান, মনোমোহা বাগিচা লাভ কৰিবলৈ সক্ষম হব ৷

উলম্ব বাগিচা দুই ধৰণে কৰা হয় অন্তৰংগ(Inside) আৰু বহিৰংগ(Outside) ৷ অন্তৰংগ উলম্ব বাগিচাৰ বাবে ঘৰৰ ভিতৰ অংশ আৰু বহিৰংগ উলম্ব বাগিচাৰ বাবে ঘৰৰ বহিঃভাগ নির্বাচন কৰা হয় ৷ উলম্ব বাগিচা বিভিন্ন প্রকাৰৰ আছে Green walls vertical garden, Green facades vertical garden, Freestanding vertical garden, Tier garden, Window box, Gutter garden, Trellis vertical garden, Green wall cups

উলম্ব বাগিচাৰ প্রসংগত আগবেোৱা এটি সংজ্ঞা হল A Vertical garden is a vertically garden panel on which plants are grown using hydroponics .These unique structures can eighter be freestanding or attached to a wall and go by many different names— living green walls , plant walls and moss walls just to name a few.”

সচৰাচৰ এইধৰণৰ বাগিচাৰ বাবে আকাৰত সৰু নতুবা লতাজাতীয় গছৰ পুলিসমূহ সুবিধাজনক হয় ৷ ফুলৰ ক্ষেত্রত মানীপ্লাণ্ঢ, মনষ্টেৰা, পর্তুলেকা, চিংগক্সনিয়াম, এয়াৰ প্লাণ্ট, ফার্ন, কেলেথিয়া, এল্গনিয়াম, এন্থুৰিয়াম, ইংলিছ আহভী, বেগনিয়া, পটছ, ইষ্টা, চাকুলেণ্ঢ, অর্কিড, স্পাইডাৰ প্লাণ্ট , পার্পল হার্ট, পিংক লেডী, জেবৰিনা, পীচ লিলি, বোট লিলি, কেকটাছ, পিটুনিয়া, জেড প্লাণ্ট, পেপৰমিয়াচ, ড্রেংগল হার্ট বা পিল প্লাণ্ট, কলকাচিয়া, জি জি প্লাণ্ট, ৱেক্স আহভী ইত্যাদি ফুলৰ পুলি লব পাৰি ৷ শাক–পাচলিৰ ভিতৰত ঘাইকৈ, মটৰমাহ, বিভিন্ন জাতৰ বীন, বিলাহী, জলকীয়া, জিকা, তিয়ঁহ, পিঁয়াজ, বীট, কেৰেলা, স্কোৱাছ, লেটুচ, লাইশাক, পালেং, ধনিয়া, পদিনা আদি লোৱা দেখা যায় ৷

এনেধৰণৰ বাগিচা নির্মাণ কৰিবলৈ বর্তমান বজাৰত বিভিন্ন ধৰণৰ সঁজুলি উপলব্ধ হৈছে ৷ তদুপৰি Online shopping company–বোৰেও এইসমূহ সঁজুলি ঘৰতে যোগান ধৰি আহিছে ৷ আনহাতে অলপমান কষ্ট কৰি বুদ্ধি, কৌশল আৰু সময় খটুৱালে আমি ঘৰত হাততে পোৱা কিছুমান বস্তুৰ পৰাও ধুনীয়াকৈ উলম্ব বাগিচাৰ বাবে লাগতিয়াল সামগ্রী পট, ষ্টেণ্ড আদি নির্মাণ কৰি লব পাৰোঁ ৷

ভার্টিকেল গার্ডেন বা উলম্ব বাগিচাৰ পৰা কিছুমান সুবিধা লাভালাভ আহৰণ কৰিব পৰা যায় ৷ পৰিৱেশ প্রদূষণ ৰোধ কৰাত সহায় কৰে ৷ বায়ুমণ্ডলত বিশুদ্ধ বাতাৱৰণ সৃষ্টি কৰে ৷ এনে ধৰণৰ বাগিচাসজ্জাই বায়ুমণ্ডলত থকা দূষিত কার্বন–ডাই–অক্সাইড্ শোধন কৰি বিশুদ্ধ বায়ু চলাচল কৰাত সুচল কৰি তোলে ৷ শব্দ প্রদূষণ ৰোধ কৰে৷ তথ্য অনুসৰি এখন ডাঙৰ চহৰত উৎপন্ন হোৱা শব্দৰ প্রায় ৫০ শতাংশৰ পৰা ৪১ শতাংশতকৈ অধিক প্রদূষণৰ হাৰ শোষণ কৰা ক্ষমতা উলম্ব বাগিচাসমূহে বহন কৰিব পাৰে ৷ এই পদ্ধতিয়ে মাটিৰ ঠাইৰ অভাৱ দূৰ কৰি স্থান সংৰক্ষণ কৰাত সুবিধা প্রদান কৰে ৷

উলম্ব বাগিচাসজ্জা হব পাৰে ইতিবাচক চিন্তাৰ আধাৰ ৷ আজৰি সময় অতিবাহিত কৰা উপযুক্ত মাধ্যম হব পাৰে উলম্ব বাগিচাসজ্জা ৷ বহু সময়ত দেখিবলৈ পোৱা যায় যে অৱসৰ গ্রহণৰ পিছত ব্যক্তিসকলে অকলশৰীয়া  অনুভৱ কৰে ৷ এইসকল জ্যেষ্ঠ নাগৰিকে উলম্ব বাগিচা একোখন প্রস্তুত কৰি সুন্দৰকৈ সময় অতিবাহিত কৰিব পাৰে ৷ নিঃসংগ লোকসকলৰ মনৰ অৱসাদ আৰু নিঃসংগতা দূৰ কৰা উৎকৃষ্ট পন্থা হিচাপে চিহ্ণিত হয় ভার্টিকেল গার্ডেনিং ৷  ই শৰীৰ আৰু মন সুস্থ ৰখাত সহায় কৰে ৷ এই বাগিচাসজ্জাৰ সৈতে ব্যৱসায়িক দিশ এটাও জড়িত হৈ আছে ৷ ইয়াক পেছাগতভাৱে গ্রহণ কৰিলে লাভজনক ফলাফল আশা কৰিব পাৰি ৷ তাৰ বাবে প্রয়োজন হব একাগ্রতা, ধৈর্য আৰু কষ্টসহিষু মানসিকতাৰ ৷

ফোনঃ  ৯৩৮৭৬-৯৪৪৩৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.