মুখৰ কলা ছাল আঁতৰাবলৈ ঘৰুৱা উপায়

বৰ্ণালী ভট্টাচাৰ্য্য়

হৰমনৰ ভাৰসাম্যহীনতা আৰু হাইপাৰপিগমেণ্টেচন্ ধৰি কেইবাটাও কাৰণে মুখৰ চাৰিওফালে ছাল কলা হোৱাত অৰিহণা যোগাব পাৰে ৷ ইয়াৰ পৰা মুক্তি পোৱাৰ ৫টা প্রাকৃতিক উপায় আগবঢ়োৱা হল ৷ এপিডার্মিছৰ গভীৰ তৰপবোৰে মেলানিন উৎপন্ন কৰে, যিটো ৰঞ্জক পদার্থই ছালৰ ৰং দিয়ে ৷ সূর্যৰ ৰশ্মি আৰু ক্ষতিকাৰক ৰাসায়নিক পদার্থৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ মেলানিন অতি প্রয়োজনীয় যদিও ইয়াৰ অত্যধিক পৰিমাণৰ ফলত ৰং আৰু কলা দাগ হব পাৰে ৷ বহুত মানুহৰ লগত এনেকুৱা হয়, আৰু আমাৰ গৰিষ্ঠসংখ্যকে ইয়াক মেকআপেৰে ঢাকিবলৈ চেষ্টা কৰে ৷ কিন্তু কিছুমান প্রাকৃতিক ঘৰুৱা উপায় চাওঁ আহক, যিয়ে আপোনাক সমস্যাটো নিজেই উভালি পেলোৱাত সহায় কৰিব পাৰে ৷

মুখৰ চাৰিওফালে কলা ছাল হোৱাৰ কাৰণ–––

মুখৰ চাৰিওফালে ৰং আৰু ৰং সলনি হোৱাটো প্রায়ে হাইপাৰপিগমেণ্টেচন্ বাবে হয় ৷ কিন্তু হাইপাৰপিগমেণ্টেচন্ নিৰাপদ, ই অতি বিৰক্তিকৰ হব পাৰে ৷ মুখৰ চাৰিওফালে থকা ছালখন পাতল আৰু সেয়েহে ইয়াৰ ক্ষতিৰ সম্ভাৱনা বেছি ৷ এই কলা দাগবোৰ অধিক পৰিমাণৰ মেলানিনৰ ফলত হয় ৷ মুখৰ চাৰিওফালে অধিক পৰিমাণৰ মেলানিন বহু কাৰণত হব পাৰে, যেনে– ৰদৰ সংস্পর্শ, গর্ভাৱস্থাত হৰমনৰ পৰিৱর্তনৰ ফলত হোৱা মেলাছমা, হাইপাৰপিগমেণ্টেচন্, আৰু আপোনাৰ চৌপাশৰ জলবায়ু ৷  মুখৰ চাৰিওফালে থকা কলা ছালৰ চিকিৎসাৰ বাবে ৫টা ঘৰুৱা উপায় আগবঢ়োৱা হল

নেমুঃ

নেমুই কলাজেন বৃদ্ধি কৰে আৰু ইয়াৰ প্রাকৃতিক ব্লিচিং গুণ আছে ৷  মৌ বা দৈৰ সৈতে মিহলি কৰিলে ইয়াৰ এণ্টিক্সিডেণ্ট গুণ বৃদ্ধি পায় আৰু অক্সিডেটিভ চাপ হ্রাস কৰাত সহায় কৰে৷ কিছু সতেজ নেমুৰ ৰস মৌ বা দৈৰ লগত মিহলাহ কলা ঠাহত ডাঠ পেষ্ট লগাওক ৷ শুকুৱাবলৈ দি সাধাৰণ পানীৰে ধুব ৷

অটমিল স্ক্রাবঃ

অটমিল, টমেটো পাল্প আৰু অলিভ অইল দি ফেচপেক বনাওক ৷  ছালত লগাওক আৰু বৃত্তাকাৰ গতিৰে লাহে লাহে ঘঁহিব ৷ ই আপোনাৰ ছালখন উজ্জ্বল কৰি তোলাত সহায় কৰিব আৰু ছালৰ মৃতকোষবোৰ আঁতৰাই পেলাব ৷  ইয়াৰ উপৰি ওঁঠৰ চাৰিওফালে থকা অংশটো পাতল কৰাত সহায় কৰিব ৷

আলুঃ

মুখৰ চাৰিওফালে থকা কলা ঠাইবোৰ আঁতৰাবলৈ আধা কেঁচা আলু কলা হোৱা ঠাইত বৃত্তাকাৰ গতিৰে প্রায় ২০ মিনিট মালিচ কৰিব লাগে ৷  আলুৰ ব্লিচিং গুণ থাকে আৰু এই চিকিৎসা ৰোগীৰ বাবে আদর্শ ৷

পকা অমিতাঃ

প্রচুৰ পৰিমাণে ভিটামিন এ আৰু চি থাকে আৰু ইয়াক ব্যৱহাৰ কৰিলে মুখৰ চাৰিওফালে থকা কলা দাগ কম কৰিব পাৰি ৷ পকা অমিতা কেইটামান টুকুৰা লৈ গোলাপৰ পানীৰ লগত মিহলাই ডাঠ পেষ্ট বনাব ৷  মাস্ক্ হিচাপে লগাই আধা ঘণ্টা  ধৰি ৰাখিব ৷ ঠাণ্ডা পানীৰে লাহে লাহে ধুই পেলাওক ৷

বেচনঃ

বেচনে  হাইপাৰপিগমেণ্টেচন্ ফলপ্রসূভাৱে হ্রাস কৰিব পাৰে ৷ মাত্র আধা চামুচ হালধিৰ গুড়ি ২ চামুচ বেচনৰ লগত মিহলাই লব লাগিব ৷  আপোনাৰ পছন্দ অনুসৰি গোলাপ পানী বা গাখীৰ দিব ৷  এই পেষ্ট আপোনাৰ ছালৰ আক্রান্ত অংশত লগাই ১০-১৫ মিনিট ৰাখিব ৷ শুকুৱাই লোৱাৰ পিছত ভালদৰে ধুই পেলাওক ৷

মুখৰ কলা দাগৰ পৰা মুক্তি পাবলৈ অন্যান্য দ্রুত টিপছ

  • হালধি গুড়ি আৰু গোলাপৰ পানীৰে এটা পেষ্ট বনাওক ৷ বিশেষকৈ মুখৰ আশে–পাশে থকা কলা অংশত মুখত লগাব লাগে ৷ ইয়াৰ ফলত ৰং কম হব আৰু লগতে মিহিৰেখা আৰু বলিৰেখাও হ্রাস পাব ৷ ১০ মিনিট ৰাখি গৰম পানীৰে ধুই পেলাব ৷
  • কেঁচা চাউল গুডি কৰিব ৷ এতিয়া ৩ চামুচ লব লগত ২ চামুচ  ঘেঁহুৰ আটা আৰু বেচন মিহলাব ৷ গাখীৰ দি পেষ্ট বনাই মাস্ক্ হিচাপে লগাওক ৷  ২০ মিনিটৰ পিছত তিয়াই মুখখন ধুহ পেলাওক ৷ প্রায় ৬ সপ্তাহৰ ভিতৰত মুখৰ চাৰিওফালে দৃশ্যমানভাৱে পাতল ছাল দেখা পাব পাৰে ৷
  • ৰদে পোৰা বাবে যদি মুখৰ চাৰিওফালে কলা ঠাই পৰে, তেন্তে সৰিয়হৰ তেল এচামুচ গৰম কৰি লওক ৷ প্রতিদিনে কলা ঠাইখিনিত লগাওক আৰু থৈ দিব ৷ কেইসপ্তাহমানৰ ভিতৰতে কলা ঠাইখিনি নাহকিয়া হৈ যাব ৷
  • স্থানীয় মলম ব্যৱহাৰ কৰিলে যত গ্লেব্রিডিন নামৰ উপাদান থাকে, যিটো লিকোৰাইচৰ নিষ্কাশন, মুখৰ চাৰিওফালে থকা ছালখন পাতল কৰিব পাৰে ৷ কাৰণ গৱেষণাৰ পৰা দেখা গৈছে যে গ্লেব্রিডিনৰ এণ্টিক্সিডেণ্ট, এণ্টি–ইনফ্লেমেটৰী আৰু ছাল বগা কৰা গুণ আছে ৷ এনেদৰে কিছু নিজৰ যতন ললে নিশ্চয় সুফল পাব বুলি আশা কৰিলোঁ ৷
You might also like

Comments are closed, but trackbacks and pingbacks are open.