ৰেচিপি

প্রিয়া সেন

কেঁচা কঁঠালৰ আঞ্জা

উপকৰণঃ

কঁঠাল এটা ৷

আলু দুটা ৷

দুটা বিলাহী ৷

আদা পেষ্ট আধা চামুচ ৷

নিমখ আন্দাজ মতে ৷

হালধি গুড়ি আধা চামুচ ৷

কাশ্মীৰী জলকীয়াৰ গুড়ি আধা চামুচ ৷

গোটা জিৰা এক  চামুচ ৷

গোটা ধনিয়া আধা চাহ চামুচ ৷

জালুক আধা  চামুচ৷

চাৰিটা শুকান জলকীয়া ৷

ফুৰণৰ বাবে

তেজপাত দুহ খিলা ৷

গোটা জিৰা আধা চামুচ ৷

দৈ দুচামুচ ৷

চেনি আধা চামুচ ৷

ঘি এচামুচ ৷

গৰম মচলা ইলাচি চাৰিটা, দালচিনি এটুকুৰা, লং তিনিটা, তেজপাত এটা পিহি লব

মিঠাতেল দুই টেবুল চামুচ ৷

গৰম পানী এগিলাচ ৷

প্রণালীঃ  প্রথমতে কঁঠাল টুকুৰা টুকুৰকৈ কাটি কুকাৰত সিজাই লব৷ আলু কাটি ধুই লব ৷ গোটা মচলাখিনি শুকান কেৰাহীত অলপ ভাজি লৈ পানী দি মিক্সিত মিহি পেষ্ট বনাই লব ৷ গেছত কেৰাহী গৰম কৰি তেল দিব, তেল গৰম হলে তেজপাত, জিৰা আৰু এটা শুকান জলকীয়া দি অলপ ভাজি আলুখিনি ভাজি লব ৷ আলুখিনি অলপ ৰঙচুৱা হলে বিলাহী আৰু আদা পেষ্ট দি অলপ সময় ভাজিব, তাৰ পিছত ভজা মচলাখিনি অলপ পানী দি ঢালি দিব আৰু খুব ধুনীয়াকৈ ভাজি তাত কাশ্মীৰী জলকীয়াৰ গুড়ি দি লৰাই যেতিয়া তেল বিৰিঙি আহিব সিজাই ৰখা কঁঠাল দি নিমখ আৰু হালধি দি ভালকৈ লৰাই ঢাকি দিব ৷ অলপ পিছত ঢাকনি খুলি লৰাই গৰম পানী দি ভালকৈ উতলিব দিব, যেতিয়া আলু সিজি আহিব তাত দৈ আৰু চেনি চামুচেৰে ভালকৈ ফেটি ঢালি দিব ৷ আৰু দুই মিনিট লৰাই গৰম মচলা, ঘি দি গেছৰ পৰা নমাই পৰিৱেশন কৰিব ৷

কঁঠালৰ আচাৰ

উপকৰণঃ

কঁঠাল এটা ৷

মচলা–জিৰা এক চামুচ ৷

ধনিয়া এক  চামুচ ৷

চফ এক  চামুচ ৷

সৰিয়হ এক   চামুচ ৷

শুকান জলকীয়া সাত আঠটা মান ৷

হালধি এক   চামুচ ৷

কাশ্মীৰী জলকীয়াৰ গুড়ি দুচামুচ ৷

পাঁচ ফুৰণ এক   চামুচ ৷

নিমখ আন্দাজ মতে ৷

জলকীয়াৰ গুড়ি এচামুচ ৷

গুড দুচামুচ ৷

হিং আধা চামুচ ৷

ভিনেগাৰ এক টেবুল চামুচ ৷

মিঠাতেল তিনিশ গ্রাম ৷

প্রণালীঃ প্রথমতে কঁঠাল টুকুৰা টুকুৰকৈ কাটি লৈ ভালকৈ ধুই ষ্টিমাৰত ষ্টিম কৰি লব ৷ তেনেহলে বহু দিনলৈ ভালে থাকে তাৰ পিছত এখন চালনিত বগা কাগজ পাৰি দুঘণ্টা ৰদত দিব৷ এতিয়া জিৰা, ধনিয়া, সৰিয়হ, চফ আৰু জলকীয়া শুকান কেৰাহীত অলপ ভাজি ঠাণ্ডা হলে গুড়ি কৰি লব ৷ গেছত কেৰাহী গৰম কৰি তেল দিব ৷ তেল গৰম হলে হিং, কাশ্মীৰী জলকীয়াৰ গুড়ি আৰু পাঁচ ফুৰণ দি কঁঠালখিনি ভাজিব, তাতে হালধি–নিমখ দি গেছৰ ফ্লেম কম কৰি অলপ সময় ভাজি তাত গুড় আৰু গুড়ি মচলা দিব, দুই মিনিট ভাজি গেছ বন্ধ কৰি যেতিয়া আচাৰ ঠাণ্ডা হব ভিনেগাৰ দি আইনাৰ বটলত ভৰাই ৰখিব ৷ আকৌ এশ গ্রাম তেল গৰম কৰি ঠাণ্ডা হলে বটলত ৰখা আচাৰত ঢালি ৰাখিব৷ এই আচাৰ এবছৰ হলেও বেয়া নহয় ৷

কঁঠালৰ পকৰা

উপকৰণঃ

সিজাই লোৱা কেঁচা কঁঠাল এবাটি ৷

পিঁয়াজ দুটা ৷

কেঁচা জলকীয়া পাঁচ–ছটা ৷

ধনিয়া পাত এমুঠি ৷

নিমখ সোৱাদ অনুযায়ী ৷

বেচন তিনি চামুচ ৷

খোৱা ছডা এচিকুট ৷

মেগী মেজিক মচলা এক  চামুচ ৷

চাউলৰ গুড়ি এচামুচ ৷

হালধি আধা চামুচ ৷

জলকীয়াৰ গুড়ি আধা চামুচ ৷

ভাজিবলৈ ৰিফাইন তেল একাপ ৷

আৰু পৰিৱেশনৰ বাবে টমেটো চচ ৷

প্রণালীঃ

প্রথমতে পিঁয়াজ, জলকীয়া, ধনিয়া পাত ভালকৈ ধুই কাটি লব ৷ তাৰ পিছত সিজোৱা কঁঠাল পিটিকি লৈ পিঁয়াজ, ধনিয়া, কেঁচা জলকীয়া আৰু ওপৰত লিখা সকলো সামগ্রী ভালকৈ সানি লব ৷ এতিয়া গেছত এখন কেৰাহী পাতি তেল গৰম কৰি গেছৰ ফ্লেম কমাই পকৰাকেহটা এটা এটাকৈ ভাজি গৰমে গৰমে টমেটো চচ বা পুদিনাৰ চাটনিৰ লগত পৰিৱেশন কৰিব ৷

কঁঠালৰ পিটিকা

উপকৰণঃ

কেঁচা কঁঠাল এটাৰ আধা টুকুৰা ৷

পিঁয়াজ ডাঙৰ এটা ৷

কেঁচা জলকীয়া পাঁচ–ছটা ৷

নিমখ সোৱাদ অনুযায়ী ৷

মিঠাতেল এচামুচ ৷

সৰিয়হ এচামুচ ৷

এক কোঁহ নহৰু ৷

ধনিয়া পাত ৷

প্রণালীঃ  পিঁয়াজ, ধনিয়া পাত আৰু কেঁচা জলকীয়া মিহিকৈ কাটি লব ৷ কঁঠাল কাটি অলপ নিমখ দি কুকাৰত তিনিটা হুইছেল দি সিজাই লব ৷ সৰিয়হ আৰু নহৰু পটাত পিহি লব ৷ এতিয়া এখন পাত্রত কঁঠালখিনি পিটিকি লৈ নিমখ, পিঁয়াজ, জলকীয়া, সৰিয়হ, ধনিয়া পাত  আৰু মিঠাতেল সানি পৰিৱেশন কৰিব ৷

ফোনঃ  ৯৭০৬৪-১৫৭২২

You might also like
Leave A Reply

Your email address will not be published.