পৰম্পৰাগত নাঙল ধোৱা পিঠা

কৰবী গগৈ শর্মা

শস্য শ্যামলা অসমৰ সকলো অঞ্চলতে প্রায় মানুহে কৰা প্রধান খেতিয়েই হল ধান খেতি ৷ কৃষিপ্রধান অসম ৰাজ্যৰ সৰহভাগ খেতিয়কে খেতিৰ বাবে বৰষুণৰ ওপৰত নির্ভৰ কৰে ৷ বাৰিষা দক্ষিণ–পশ্চিম মৌচুমী বায়ুৰ প্রভাৱত সমগ্র অসমত যথেষ্ট পৰিমাণে বৰষুণ হয় আৰু সেই সময়ছোৱাতেই  অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ধানৰ খেতি কৰা হয় ৷ খেতিৰ সৈতে ওতপ্রোতভাৱে জডিত কিছুমান আচাৰ–উৎসৱ নীতি–নিয়ম অসমীয়া সমাজত অতীজৰে পৰা পালন কৰি অহা হৈছে ৷ খেতিৰ সৈতে সম্পর্কিত তেনে এটি উৎসৱেই হৈছে নাঙল ধোৱা পিঠা খোৱা উৎসৱ ৷ বননি পথাৰ চাফা কৰি বোকা মাটি চহাই কঠীয়াৰ নতুন গোছা দিবৰ দিনা এক শুভ কার্য বুলি ধৰি লখিমী আহলৈ পথাৰতে গুৱাপাণ আগবঢ়াই গুৰুত লগাম ভকতক লগাম বুলি অদৃশ্য ৰূপত থকা লখিমী আইৰ শুভাশীষ বিচাৰি ঘৰৰ গৃহস্থই সেৱা জনায় ৷ লগতে সিদিনা হাঁহ মাৰি সকলোৱে স্ফুর্তি তামাচা কৰি এসাঁজ ভাত লগে–ভাগে খোৱাৰ পৰম্পৰাও অসমীয়া সমাজত প্রচলিত আছে বুলি জনা যায় ৷ সেইদৰে ভূঁহ ৰুই পথাৰৰ কাম সামৰিবৰ পৰত নাঙল ধুই পখালি বছৰদিয়েকলৈ সামৰা আৰু পথাৰত কাম ঁটাই অতদিনৰ পৰিশ্রম লাঘৱ কৰাৰ বাবেই নাঙল ধোৱা পিঠা গাঁৱৰ প্রতিঘৰ লোকে মিলিজুলি খাই আনন্দ উৎসৱ পালন কৰে ৷ কেতিয়াবা এমাহ পর্যন্ত নাঙল ধোৱা পিঠা খোৱা উৎসৱ একোখন গাঁৱত চলে ৷ এই উৎসৱ ঘাইকৈ উজনি অসমতহে দেখিবলৈ পোৱা যায় ৷ ঠাই বিশেষে আকৌ আহিন–কাতিৰ সংক্রান্তিৰ দিনাও এই পিঠা খোৱাৰ উৎসৱ দেখিবলৈ পোৱা যায় ৷ এই পিঠা খাবলৈ যিদৰে সুস্বাদু আৰু পৰিপুষ্টিৰে ভৰি ঠিক তেনেদৰে পিঠাবিধ তৈয়াৰ কৰিবলৈও অতি সহজ ৷

পিঠা তৈয়াৰ কৰিবলৈ পিঠাগুড়িৰ মিশ্রণ তৰাপাতত দীঘলীয়াকৈ নুৰিওৱা হয় ৷ পূৱ বা উত্তৰমুৱাকৈ পাতি লোৱা অস্থায়ী মাটিৰ চৌকাত ভকভককৈ উতলি থকা গৰমপানীত টোপোলাবোৰ সিজিবলৈ দিয়ে ৷ পিঠা সিজিলে পানীৰ পৰা উঠাই পিঠাৰ নতুন টোপোলা একেদৰেই আগৰ দৰে একে পানীত সিজিবলৈ দিয়া হয় ৷ নিমন্ত্রিত সকলোকে বাণবাটিত জুলীয়া গুড় আৰু মহৰ এঠা গাখীৰেৰে খুৱাই–বুৱাই সন্তুষ্ট কৰি লগতে পিঠাৰ টোপোলা একোটাহঁত দি পঠিওৱাৰো নিয়ম ৷ কিছু কিছু লোকে আকৌ নিমখীয়া নাঙল ধোৱা পিঠা হাঁহৰ মাংসৰ সৈতে খায়ো তৃপ্তি লাভ কৰে ৷ তৰাপাতৰ সলনি বহুতেই আকৌ কৌপাত, হালধি পাত বা কলপাতো ব্যৱহাৰ কৰে ৷ কিন্তু বিশেষকৈ নাঙল ধোৱা পিঠা তৈয়াৰ কৰিবলৈ তৰাপাতৰ ব্যৱহাৰহে কৰা হয় ৷ তৰাপাতৰ ব্যৱহাৰ কৰি এই পিঠা তৈয়াৰ কৰা হয় বাবে এই পিঠাবিধক তৰাপিঠা বুলিও কোৱা হয় ৷  সময়ৰ পৰিৱর্তনৰ লগে লগে সময়ৰ নাটনি আৰু ব্যস্ত জীৱনে ব্যতিব্যস্ত কৰি তোলা অসমীয়া সমাজত বর্তমান নাঙল ধোৱা পিঠা খোৱাৰ প্রচলন খুউব কম ৷ বয়োজ্যেষ্ঠ কাৰোবাৰ মুখত নাঙল ধোৱা পিঠা খোৱাৰ কথা শুনিলে আজিকালি সাধুকথা যেন অনুভৱ হয় ৷ তথাপি সময় সুবিধা অনুসৰি কেতিয়াবা আপোনালোকেও নাঙল ধোৱা পিঠা তৈয়াৰ কৰি খাব পাৰে ৷

নাঙল ধোৱা পিঠা

উপকৰণ

কেঁচা পিঠাগুড়ি ১-২ কেজি

নাৰিকল ৰোকা  ৩ চামুচ হচ্ছা কৰিলে

গাখীৰ–পানী পিঠাগুড়ি সানিবলৈ

জুলীয়া গুড ৫০০ গ্রাম

চেনি ২ চামুচ

প্রস্তুত প্রণালী

এটা বাউলত বৰাচাউলৰ পিঠাগুড়িখিনি লব ৷ এতিয়া নাৰিকল ৰোকা আৰু চেনিখিনি ভালদৰে মিহলি কৰিব ৷ নিমখীয়া পিঠা তৈয়াৰ কৰিবলৈ পিঠাগুড়িখিনি নিমখ আৰু পানীৰে সানিব এতিয়া গাখীৰেৰে থূপথূপীয়াকৈ সানি লব ৷ তৰাপাত বা কলপাতত ইচ্ছানুসৰি মিশ্রণ অলপ দি চেপেটাকৈ টোপোলা বান্ধিব ৷ অতি বেছিকৈ উতলি থকা পানীত টোপোলাবোৰ দহ, বাৰ মিনিট সময় সিজাব ৷ ঠাণ্ডা হলে পাতৰ পৰা এৰুৱাই বাণবাটিত জুলীয়া গুড় আৰু ক্রীমেৰে পৰিৱেশন কৰিব ৷

ফোনঃ  ৭০০২১-৫৩৮৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.