স্বাভিমানী বিষাদ

জ্যোৎস্না হাজৰিকা

এই যে সংসাৰ এখন চলিবলৈ ঢেৰ বুজাবুজি লাগে বুলি কয় এইটো আচলতে গোকাট মিছা কথা বুজিছ ৷ প্রাপ্তিয়ে কেঁকোৰা চুলিখিনি ক্লিপডালেৰে সামৰি ওপৰত বান্ধি লৈ তাৰ ফালে চালে ৷ মবাইলটোৰ পৰা মূৰটো তুলি সি তাইলৈ চালে ৷ আৰু কি কথা পাতিব ভাবি নাপাই সি মবাইলটোকে পিটিকি আছিল ৷

আজি হঠাৎ তোৰ ঘৰ–সংসাৰৰ কথা মনলৈ আহিল যে কোনোকালে বিয়া–বাৰুৰ প্রতি আগ্রহ নেদেখুওৱা প্রাপ্তিলৈ আচৰিত হৈ চাই ৰল সি ৷

নাই এনেয়ে মনলৈ আহিল কলোঁ বাই দা ৱে ময়ো বিয়া হৈছিলোঁ ৷

কফী কাপটোত চুমুক দি চকুহাল মুদি দিলে তাই ৷  ছুগাৰ কিউব এটা কাপটোত দি সি তাইলৈ চাহ ৰল ৷

বর্ষণমুখৰ সন্ধিয়া

এটা সময় আছিল প্রেম কি বুলি সুধিলে তাৰ প্রাপ্তিৰ নামটো কবলৈ বৰ মন গৈছিল

কিমান বছৰৰ মূৰত লগ পালে তাইক বছৰৰ হিচাপনো কেলেই

কলেজ শেষ হোৱাৰ পৰা তাইক দেখা মনতেহ নপৰে ৷ ফোনত যোগাযোগ আছিল কেইবছৰমানলৈ

কথাবোৰ সৌ সিদিনাৰ যেন কিয় লাগি আছে তাৰ আর্হিক মাকৰ ঘৰত নমাই থৈ আহি দেউতাকৰ দৰবটো লবলৈ ফার্মাচীখনত সোমাওঁতেই খৰখেদাকৈ ওলাই অহা প্রাপ্তিৰ মুখামুখি হল

 ঃ আৰে তই

সাবটি ধৰিবলৈহে বাকী থলে তাই

তাৰ পৰা দৰবটো লৈ চিধা কফী হাউছখনত সোমাল দুয়োটা ৷

তাৰ কবলগীয়াখিনি সি ইমানপৰে কৈ শেষ কৰিলে ৷ তাৰনো কি কথা

আর্হি আৰু কণমানি জিক্মিকৰ কথাবোৰেহচোন এতিয়া তাৰ কথা ৷ মাকে পছন্দ কৰি অনা আর্হিক কোনখিনিতনো অপছন্দ কৰিম বুলি ভাবি থাকোঁতে তাৰ জীৱনটো আর্হিৰ মতে চিজিল কৰিহে দেখোন বেছি ভাল লগা হল ৷ কথাবোৰো আর্হিয়ে ভবাৰ দৰে ভাবিহে ভাল লগা হল

কিমান যে বে–হিচাপী আছিল সি আৰু প্রাপ্তি কম উৎপতীয়া আছিলনে তাই ৷ সেহজনী প্রাপ্তিৰ হাঁহিটোৰ বাহিৰে যেন সকলো সলনি হল ৷ হাঁহিৰ ৰেশটো বহু সময়লৈকে তাইৰ চকুহালত থাকি গৈছিল সিদিনাও আগৰ দৰে ৷

নিজৰ কথা একো নোকোৱাকৈ ঘপহকৈ উঠি গুচি গল সিদিনা তাই ৷

কথাখিনি আর্হিক কবলৈ নাপাই সি উচপিচাই আছিল ৷

কোৱা কোৱা কি কবলৈ আছে কোৱা মোৰ ইমান সময় নাই তোমাৰ এক্সপ্রেচন চাহ থাকিবলৈ আর্হিয়ে তেনেকৈ নোকোৱালৈকে কথাবোৰ নিয়াৰিকৈ নোলাই দেখোন তাৰ মুখৰ পৰা ৷

আর্হিয়ে কাপোৰবোৰ জাপিবলৈ বিছনাখনত বহি লৈ তাৰ ফালে চাহ কোৱা কোৱা বুলি চকু টিপিয়াই দিলে ৷   সি কৈ যায় কথাবোৰ ৷ বুকুৰ কেঁকুৰিত সেউজীয়া হৈ ৰোৱা কাহানিও হালধীয়া হব নোখোজা ফুটুকীয়া কথাবোৰ ৷

কেঁকোৰা চুলিখিনিৰে লগৰে অনিমেষৰ লগত মেজৰৰ প্রথম ক্লাছটোতেহ সাক্ষাৎ হৈছিল তাইৰ লগত ৷

দুয়োটাই ঠেলি–হেঁচি তাৰ কাষতে বহিছিল ৷ অনিমেষৰ মোমায়েকৰ ছোৱালী আছিল প্রাপ্তি ৷ চিনাকি কৰাই দিছিল অনিমেষে ৷

বেঁৰীয়া দাঁতটো উলিয়াই মিচিকিয়াইছিল তাই ৷ তৰাফুল যেন চকুহালে বুকুত বাহ সাজিছিল তাৰ সংগোপনে ৷

নৱাগত আদৰণী সভাত তাই গান গাইছিল আৰু সি গীটাৰ বজাহছিল ৷

কি গান আছিল

কি গান আছিল জানো

নাই তাৰ মনত পৰা নাই ৷ অফ ক্লাছত গাহছিল তাই য়াৰ দস্তী ববী হী হাচীন হ্যে ডেস্ক্ত ঢকিয়াই সুৰ সংগত কৰিছিল সি কেণ্ঢিনত বহি ভাৰস্তৰ কথা পাতিছিল সিহঁতে ৷ তীব্র আকর্ষণ এটা গঢ়ি উঠিছিল সিহঁতৰ মাজত ৷  আইনাত চুলিখিনি বাৰে বাৰে ঠিক কৰি থকাৰ অভ্যাস এটা গঢ়ি উঠিছিল তাৰ ৷ ৰুমমেট হেমাংগদাই জোকাইছিল কিহে ডেকা লৰা বৰকৈ তেল–টেঙা ঘঁহিছা যে

সি ধৰমৰাই ৰুমৰ পৰা ওলাই আহিছিল ৷  হোষ্টেলত খবৰবোৰ বতাহত উৰি ফুৰে হয়াত নিজে এটা খবৰ হৈ যোৱা মানে বহুত বিপদ

 ঃঐ পাণবজাৰ যাবি প্রাপ্তিয়ে ক্লাছ কৰি থাকোঁতে বহীখনৰ শেষৰ পেজটোত লিখি সোধে তাক ৷

কথা পাতিলে ছাৰৰ গালি  খোৱাৰ ভয়ত এই উপায় সি তাহলৈ চালে ৷ ছিৰিয়াছ লুক এটা দি ডিফাৰেন্সিয়েল ইকুৱেচনটো বর্ডৰ পৰা নোট কৰি আছে ।

মানুহ মাৰি দিব পৰা ধৰণে বিপজ্জনক তই ৷ ক্লাছৰ পৰা ওলাই  তাহক ধমক এটা দিছিল সি ৷ বাহিৰে বাহিৰে নভেচ্টী পাইছিলগৈ সিহঁত মেজৰৰ পুৰণি কিতাপ বিচাৰি ৷

সেহ আবেলিটোৰো এটা গোন্ধ আছিল পাণবজাৰত ফুটপাথৰ চাওমিন খাই আবেলিটো উদ্যাপন কৰা হৈছিল ৷ সেই সোৱাদ সি কতো কাহানিও পোৱা নাই ৷ সেয়া যে সময়ৰ সোৱাদ আছিল ৷ সোঁৱৰণীৰো নিজা গোন্ধ থাকে ৷ সুযোগ পালেই বিলাই থৈ যায় ৰৈ ৰৈ বাজি থকা পুৰণি সুবাস ৷

কথা এটা কম তোক সি লাহেকৈ কৈছিল ক আকৌ ৷

পাছত কেতিয়াবা সি সেপ ঢুকিছিল

তোৰ দ্বাৰা নহব কোনোবাখিনিত এপলকৰ বাবে গহীন হৈ গৈছিল তাই ৷ নাই সি ধৰি ৰাখিব নোৱাৰিলে সেই ক্ষণটো ৷ পৰাহেঁতেন চাগে কথাবোৰ বেলেগ হলহেঁতেন৷ মুনিচুনি সন্ধিয়া হোষ্টেলৰ গেটখনলৈ আগবঢ়াই থৈ আহিছিল তাইক ৷ কিৰীলি এটা ভাহি আহিছিল দ্বিতীয় মইলাৰ কোনোবা এটা কোঠাৰ পৰা ৷ প্রাপ্তিক হঠাতে লগ পোৱাৰে পৰা তাৰ মনত পুৰণি সুবাসবোৰে কুণ্ডলী পকাই আছে ৷ সময়ৰো এটা নিজা গোন্ধ থাকে ৷

সুবিধা পালেই সেই গোন্ধে মানুহক পখালি থৈ যায় লাগিলে সেয়া আমি বিচাৰো বা নিবিচাৰো আত্মপাঠ কৰাই থৈ যোৱাটোৱেই যেন সময়ৰ ধর্ম ৷ প্রাপ্তি তাৰ বাবে যেন এটি মিঠা সুবাস ৷

আর্হিয়ে চাহ একাপ লৈ আহে ৷

 ঃলোৱা খাই খাই কথা পাতিলে ফিলটো বেছি আহিব কথাটো কলানে নাহ পিছে

 ঃকি কথা

 ঃ কি কথা মানে ইমানখন মহাভাৰত যে বুকুত লৈ ফুৰিছিলা সেইখনৰ কথা কৈছোঁ ৷

 ঃ ইমানপৰে মানে মই তোমাৰ আগত মহাভাৰতহে গাই আছিলোঁ ৷

 ঃনহয়নো কি পুৰণি কথাবোৰ তেনেকুৱাই ৷ সলাবও নোৱাৰি পাহৰিবও নোৱাৰি

 ঃবেয়া পালা

 ঃপাবলৈ মইনো কোন নাকৰ পাহি দুটা ফুলি উঠিছে আর্হিৰ

তাৰ প্রেম পুৰাণখন সামৰি থলে   সি ৷  জিকমিকৰ হোমৱর্ক কৰাবলৈ লোৱা দেখি সি ৰুমৰ পৰা ওলাই আহিল ৷ সি থাকিলে জিকমিকে নপঢ়ে হেনো

আর্হিৰ মতে জিকমিকতকৈ সিহে বেছি হুলস্থুল কৰে

ৰুমৰ বাহিৰলৈ আহি বেলকনিখনতে বহি ললে অনুৰাগ ৷ অলপ অলপ নিয়ৰ পৰিছে ৷ আহিন মাহ সোমাইছে  ৷ পদূলিৰ শেৱালিজোপাই পুৰাতন নিয়মেৰে আহিনৰ সুবাস বিলাইছে ৷ চিগাৰেট এটা লাব খুজিও ৰৈ দিলে সি ৷ কিবা এক অনামী নিচাত আগৰে পৰা ডুবি থকা যেন লাগিছে তাৰ যেন আৰু কোনো নিচাৰ প্রয়োজন নাই

প্রাপ্তিয়ে কিবা সংসাৰৰ কথা কৈছিল ৷ চেহ্ সুধিবলৈকে নহল ৷  প্রাপ্তিয়ে আকৌ ভুমুকি মাৰে এৰালছিগা সময়ৰ সুবাস লৈ তাইৰ ফোন নম্বৰটো লৈছিল যদিওঁ তাৰ ফোন কৰিবলৈ বেয়া লাগিল ৷

কি বা ভাবে

সময়ে মানুহক কৰ পৰা কলৈ লৈ যায় ৷ আজি প্রাপ্তিক ফোন কৰিবলৈও সি থমকি ৰৈছে ৷

ৰাতি টোপনি নাহিলে তাইৰ লগত কিমান যে কথা পতা হৈছিল ৷ প্রেমৰ স্বীকাৰোক্তিও নাছিল তাত ৷ কাহানিও তাই বেয়া পাব নেকি বুলিচোন ভবাই নাছিল ৷ দূৰত্ববোৰ বাঢ়ি যোৱাৰ পিছতো তাইৰ কথা আৰু ভবা নহল দেখোন আনকি বিয়া পতাৰ সময়তো আর্হিয়ে সেইকণ অৱকাশেহ নিদিলে তাক ৷ আৰু আজি এক মুহূর্তৰ কাৰণে প্রাপ্তিক লগ পাই সি গোটেইখন গাইছে আর্হিৰ আগত ৷ নিজৰ ওপৰতে খং এটা উঠি আহিল তাৰ ৷

 ঃ আহিবি এদিন৷ কথা পাতিম৷ প্রাপ্তিৰ মেছেজ৷ খৰধৰকৈ মেছেজটো ডিলিট কৰিলে৷

 ঃঠিক আছে ৷   ৰিপ্লাইটো দি সি সেইটোও ডিলিট কৰিলে ৷

অফিচৰ পৰা আজি অলপ সোনকালে ওলাই আহিল ৷ কলিংবেলটো বজাই ৰৈ দিলে প্রাপ্তিৰ পদূলিত ৷ এক মুহূর্ত পলম হলেই যেন আঁতৰি যাব সেই পুৰণি সুবাস

 ঃ আহ ভিতৰলৈ ৷  লং স্কার্ট পৰিহিত প্রাপ্তিয়ে দুৱাৰখন খুলি দিলে ৷ তাইৰ পাঁচ বছৰীয়া লৰা মন দৌৰ মাৰি আহি মাকৰ কোঁচত বহিলহি ৷

ফ্রীজৰ পানী এগিলাচ আগুৱাই দিলে তালৈ ৷  ঘৰটোৰ চৌপাশে সেউজীয়া৷ টাবত ফুলি থকা সেউজীয়াবোৰে তাক বেলেগ এটা প্রশান্তি দিলে ৷ ৱালৰ ছেলফত কিতাপ ভৰি আছে ৷ তাই বাহিৰা কিতাপ পঢ়ি খুব ভাল পাইছিল ৷ ভাল লিখিছিলোঁ এসময়ত ৷

 ঃকচোন তোৰ কথা ৷ সি লাহেকৈ সুধিলে ৷

 ঃমোৰ কথানো কি শুনিবি মানুহে শুনিব নিবিচৰা কাহিনী ৷ শুনিলেও দোষবোৰ মোৰেই ওপৰত জাপি দিব মন যোৱাধৰণৰ কাহিনী ৷ অৱশ্যে সহনশীল হবলৈ বাৰে বাৰে নাৰীকে সকীয়াই থকা সমাজখনৰ পৰা আৰুনো কি আশা কৰিবি নীৰজৰ লগত সংসাৰ আৰম্ভ কৰিছিলোঁ ৷ নিটিকিল ৷ বিয়াৰ এবছৰ পাছৰে পৰা সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে ঢেৰ কথা শুনিলোঁ ৷ সন্তান জন্ম দিয়াৰ ইচ্ছা কাৰ নাথাকে কিন্তু মোক চেপি–খুন্দি মাৰি পেলোৱাৰ পৰিকল্পনা চলিল ৷ মোক চিকিৎসাৰ সলনি মানসিক নির্যাতন চলোৱা হৈছিল ৷ ডাক্তৰৰ ওচৰলৈ মই নিজেই আগবািিছিলোঁ ৷ নীৰজে মাক–দেউতাকৰ লগ হৈ মোৰ খুঁত উলিয়াই সময় পাৰ কৰিছিল ৷ হাঁহিবও পাহৰি গৈছিলোঁ মই ৷ এনেকৈয়ে লাহে লাহে মোৰ নীৰজৰ সন্তানৰ মাতৃ হোৱাৰ হাবিয়াসো কমি আহিছিল৷ গুচি আহিছিলোঁ এদিন মাৰ ঘৰলৈ ৷ মোৰ পক্ষত মাত মাতিবলৈ নীৰজক কিহে বাধা দিলে মই আজিও নুবুজিলোঁ ৷

সুপুত্রৰ বিভূষণ পিন্ধি ৰৈ গল সি মই ৰব নোখোজা ষ্টপেজ এটাত এই তিনি বছৰ মই কেৱল মানুহ চিনিছিলোঁ ৷ মনক মই এডপ্ট কৰি লৈছিলোঁ ৷ পথ দুর্ঘটনা এটাত ডেৰ বছৰীয়া লৰাটোৱে মাক–দেউতাকক হেৰুৱাইছিল ৷ আইতাকৰ  বুকুৰ উমত থকা লৰাটোৰ খবৰ লোৱাটো মোৰ অভ্যাসেই হৈছিলগৈ ৷  সি সন্ধিয়া সদায় মোলৈ বাট চাইছিল ৷ তাৰ মাক মোৰ সৰুকালৰে লগৰী আছিল ৷  এদিন মনৰ আইতাকো ঢুকাল ৷ মই একো নভবাকৈয়ে তাক আমাৰ ঘৰলৈ লৈ আহিলোঁ ৷  মনৰ অশান্তিবোৰ তাৰ ওচৰত থাকিলে নোহোৱা হৈ গৈছিল ৷ সিও সহজ হৈছিল মোৰ লগত ৷ মাক হব নোৱাৰা দুখটো যেন কৰবাত লাহে লাহে নোহোৱা হৈ আহিছিল ৷ এদিন চাকৰিসূত্রে শদিয়া পালোঁগৈ ৷ লগত মন আৰু কেয়াৰটেকাৰজনী ৷ যুৰীয়া সপোনবোৰ লাহে লাহে অকলশৰীয়া হৈছিল ৷ নীৰজ ৰৈ গল কোনোবাখিনিত যতিচিহ্ণ এটা হৈ ৷ পুৰণি আঘাতবোৰ খুঁচৰি থকাতকৈ মনৰ লগত জীয়াব শিকিলোঁ মই ৷ সি  স্কুল গৈছে, খেলিছে, মোৰ বুকুত নিৰাপদে শুইছে আৰুনো কি লাগে ।

অকলে থাকিলেই কুশলে থাকিম যেন লাগে এতিয়া ৷ মাজতে ফর্মেল ডিভোর্চো হৈ গল আমাৰ ৷ এটকাও লোৱা নাই মই তাৰ পৰা ৷  জীৱনটোৱেই  শেষ কৰি দিয়া মানুহৰ ওচৰত কি ক্লেইম কৰিম ক অন্ততঃ খোৱা–পিন্ধা আৰু মনৰ কাৰণে তাৰ ওচৰত হাত নপতাকৈ জীয়াই থকাটোৱেই মোৰ স্বাভিমান ৷ আৰম্ভণিতে অলপ কষ্ট হৈছিল ৷ মনটোৱে মানি লব নোৱাৰা পৰিস্থিতি আছিল সেয়া ৷ তাৰ পিছত গুৱাহাটীলৈ গুচি আহিলোঁ ৷ ফ্লেট ললোঁ ৷ মা আহে মাজে মাজে ৷ দেউতাকো এৰিব নোৱাৰে ৷ আছে আৰু এনেকৈয়ে সেয়ে কৈছিলোঁ সংসাৰ চলিবলৈ বুজাবুজি নালাগে ৷ পুৰুষে যিমান দূৰলৈ দমন কৰিব পাৰে নাৰীয়ে সিমান দূৰলৈ সহ্য কৰিব পৰা ক্ষমতা থাকিলেই হল ৷ চলি যায় সংসাৰ বেয়া নাপাবি আকৌ ৷ তয়ো পুৰুষ একে উশাহতে জীৱনৰ সাধুটো কৈ সামৰে প্রাপ্তিয়ে ৷

এপাকত উঠি গৈ কফী দুকাপো লৈ আহে ৷ লগতে কাজু বৰফিৰ প্লেট এখন আৰু ড্রাই ফুডছ কেহটামান ৷ মনে জুচ এগিলাচ লৈ তাহৰ কোঁচত বহিছে ৷ চুলিখিনি তাৰো কেঁকোৰা মাকৰ নিচিনা ৷ কেয়াৰটেকাৰজনীয়ে ধূনাদানিটো ঘূৰাই থৈ যায় ৷ মায়াময় হৈ পৰে সময়খিনি ৷ মনে আমনি কৰে অলপ ৷ অনুৰাগ যাবলৈ উঠে ৷ তাৰ ঘৰলৈ নিমন্ত্রণ দিব খুজিও সি থমকি ৰয় ৷ কি বা ভাবে

 ঃআহিবি আকৌ ৷ আর্হিকো লৈ আহিবি ৷ কথা পাতিম তাইৰ লগত ৷ তেতিয়াহে সহজ হব সম্পর্কবোৰ ৷ তাক বাৰাণ্ডাৰ গ্রীলৰ বাহিৰত থৈ ভিতৰৰ পৰা গ্রীলখনৰ হুকটো লগাই কথা কৈ গৈছিল প্রাপ্তিয়ে ৷

নহলে তোৰ–মোৰ সম্পর্কত মানুহে ঢেৰ কিবাকিবি দেখিব ৷ বহুদিন কাৰো লগতে ভালদৰে কথা পতা নাই৷ মানুহবোৰে পুৰণি কথাবোৰ জীয়ন দি ভাল পায় ৷ মই কবৰ দিয়া কথাবোৰ লোকে সাৰ–পানী দি ভাল পায় ৷ মা–দেউতাৰ বাহিৰে কোনেও কথাবোৰ নুবুজে৷ মই লাকী যে মাহঁতে বুজিলে ৷ নহলে অর্থহীন  সংসাৰ এখনৰ ভাৰ বৈ থাকিলোঁহেঁতেন এতিয়াও ৷ নিজকে বৰ পাতল পাতল লাগে জাননে আজিকালি ৷  অর্থহীন চিন্তাৰ বোজাবোৰ আঁতৰি যোৱাৰ পৰা ৷ কথাখিনি কৈ পাতলকৈ হাঁহিলে ৷ হাঁহিটোত তাহানিৰ কৌতুকবোৰ নাছিল ৷ বিষাদ আছিল ৷ হাঁহি হাঁহি বৈ থকা বিষাদ ৷ গেটখন খুলি লাহেকৈ ওলাই আহিছিল সি ৷ কৰবাত খোকোজা লাগি থকা তাৰ মনটো যেন হঠাৎ মুকলি হৈছিল ৷

ফোনঃ  ৮৬৩৮৯-৭৭২১০

You might also like
Leave A Reply

Your email address will not be published.