আৰবীয়ান ডিলাইটঃ এ ছুইট ষ্টৰী

সঞ্জয় কলিতা

আমি সকলোৱে মিঠাই খাই ভালে পাওঁ ৷ ৰসগোল্লা, গুলাব জামুন, জেলেপী আৰু কত যে মিঠাই আছে ৷ বিশ্বৰ সকলো ঠাইতে বিভিন্ন ধৰণৰ মিঠাই আছে ৷ ঠাই বিশেষে মিঠাইৰ আকাৰ, প্রকাৰ আৰু সোৱাদৰো ভিন্নতা আছে৷ আমাৰ ভাৰতীয় মিঠাইৰ সোৱাদ যথেষ্ট পৰিমাণে বেছি, ঠিক তেনেদৰে ৱেষ্টার্ন পেষ্ট্রীবিলাকৰ সোৱাদৰ ভিন্নতা খুব বেছি ৷ ঠিক তেনেদৰে আৰবিক মিঠাইবিলাক যথেষ্ট পৰিমাণে ড্রাই ফ্ৰূইট , নাটচ আদি ব্যৱহাৰ কৰি প্রস্তুত কৰা হয় ৷ আহকচোন কেইটামান জনপ্রিয় আৰবিক মিঠাইৰ বিষয়ে জানো ৷

কুনাফাঃ  পৰম্পৰাগত ধৰণৰ আৰবী মিঠাইৰ কথা কবলৈ গলে কুনাফা অন্যতম জনপ্রিয় ৷ কিছুমান ঠাইত কানাফেই বুলিও কোৱা হয় ৷ যদি আপুনি পনিৰৰ  অনুৰাগী, তেন্তে আপুনি কুনাফাৰ সোৱাদ অতিকৈ ভাল পাব ৷ মধ্যপ্রাচ্যৰ সকলো দেশৰ প্রায় প্রতিখন পৰম্পৰাগত ডেজার্ট ষ্টৰতে কুনাফা উপলব্ধ ৷ ইয়াৰ জনপ্রিয়তা খুব বেছি ৷ কুনাফা ভার্মিচেলি নুডলছ আৰু ক্রীম চীজৰ পৰা তৈয়াৰ কৰা হয় আৰু গোলাপ জল মিশ্রিত চিৰাপত তিয়াই থোৱা হয় ৷

বাকলাৱাঃ  বাকলাৱাৰ উৎপত্তি তুৰস্ক্ৰ পৰা আৰু মধ্য প্রাচ্যৰ আন এক জনপ্রিয় খাদ্য ৷ কিয় সেয়া সহজেই অনুমান কৰিব পাৰি ৷ এই আৰবী মিঠাইবিধ ফিলো পেষ্ট্রীৰ সুস্বাদু তৰপৰ পৰা তৈয়াৰ কৰা হয় আৰু তাৰ ওপৰত ছুগাৰ চিৰাপ ছটিয়াই দিয়া হয় আৰু ভিতৰত কাজুবাদাম নাহবা পিষ্টাচিওৰ গুড়ি ভৰাই দিয়া হয় ৷ আৰবিক পেষ্ট্রিৰ কথা কলে আমাৰ সকলোৰে মনলৈ অহা প্রথম নামটোৱেই হৈছে বাকলাৱা ৷

কাতায়েফঃ  কাতায়েফ আন এক আৰবী মিঠাই, যিটো সাধাৰণতে ৰমজান মাহত পৰিৱেশন কৰা হয় ৷ কাতায়েফ একপ্রকাৰৰ পেনকেক, যত বাদাম বা ক্রীম ভৰোৱা হয় ৷ ইয়াত পিষ্টা, কিচমিচ, হুইপড ক্রীম আৰু ক্রীম চীজৰ মিশ্রণো ভৰাই লব পাৰি ৷

মামুলঃ  মামুল হৈছে মধ্যপ্রাচ্যৰ এক বিশেষ কুকিজ যিবোৰ সাধাৰণতে বিশেষ অনুষ্ঠানত পৰিৱেশন কৰা হয় ৷ মামুলৰ ভিতৰত আখৰোট, পিষ্টাচিও নাহবা খেজুৰ পৰম্পৰাগত ভৰোৱা থাকে ৷ এটা বিশেষ ডিজাইনৰ কাঠৰ ছাঁচত হেঁচা দি মামুলৰ আকাৰ দিয়া হয় ৷

হালাৱায়েট এল জিবিনঃ  হালাৱেট এল–জিবন হৈছে চেমোলিনা আৰু চীজৰ পৰা তৈয়াৰী এক বিশেষ ছিৰিয়ান ডেজার্ট, ইয়াৰ ভিতৰত ক্রীম ভৰাই দিয়া হয় ৷ ইয়াৰ উৎপত্তি ছিৰিয়াৰ হামা চহৰ ৷ ইয়াক মধ্যপ্রাচ্যৰ অন্যান্য অঞ্চলতো পোৱা যায় ৷

আৱামাঃ আৱামা হৈছে এবিধ বাইট চাইজৰ আৰবিক ডোনাট ৷ দেখাত প্রায় আমাৰ চিনাকি গুলাব জামুনৰ দৰেই ৷  ময়দাৰ পৰা প্রস্তুত কৰা হয় আৰু তেলত ডিপ ফ্রাই কৰি ছুগাৰ চিৰাপত ডুবাই পৰিৱেশন কৰা হয় ৷

উমম আলীঃ   ইয়াক বেছিভাগ আৰবী ৰেষ্টুৰেণ্ঢতে পৰিৱেশন কৰা হয় ৷ উম্ম আলী ব্রেড পুডিঙৰ সৈতে মিল আছে, যিটো পশ্চিমীয়া সংসৃক্তিত জনপ্রিয় ৷ ইয়াত ব্রেডৰ সলনি ক্রছাণ্ট ব্যৱহাৰ কৰা হয় ৷ বিভিন্ন প্রকাৰৰ ড্রাই ফ্ৰূইট ব্যৱহাৰ কৰি সজাই পৰিৱেশন কৰা হয় ৷

লগমাঃ  এই সুস্বাদু ব্রাউন ডাম্পলিংবোৰ ডিপ ফ্রাই কৰি খেজুৰৰ ৰসত ডুবাই পৰিৱেশন কৰা হয় ৷ স্থানীয়ভাৱে জনপ্রিয় এই মিঠা ডাম্পলিংবোৰ একে সময়তে মচমচিয়া, খৰখৰীয়া আৰু কোমল৷ এই সুস্বাদু খাদ্য সাধাৰণতে বেদুইন মহিলাসকলে এক বিশেষ ধৰণৰ ঘূৰণীয়া গভীৰ কেৰাহীত তৈয়াৰ কৰে ৷

আৰবিক ৰাইচ পুডিংৰজঃ  বেল লাবান নামেৰেও জনাজাত ৰাইচ পুডিং আৰবৰ সকলো ঠাইতে জনপ্রিয় ৷ মিহি চাউল, গাখীৰ, ক্রীম, চেনি, বাদাম আদিৰে তৈয়াৰী ই এক বিশেষ ডেজার্ট ৷ সাধাৰণতে কেশৰ, ডালচেনি, বাদাম, মৌ, ক্রীম আদিৰে সজাই পৰিৱেশন কৰা হয় ৷ শেহতীয়া ভিন্নতাসমূহৰ ভিতৰত পুডিঙৰ ওপৰত ভেনিলা আইচক্রীম দিও পৰিৱেশন কৰা দেখা পোৱা যায় ৷

হালভা বা হালাৱেই মধ্যপ্রাচ্যৰ এটা প্রধান খাদ্য ৷ তিলৰ পেষ্টৰ পৰা তৈয়াৰী এই সুস্বাদু  মিঠাই বিশ্বৰ বিভিন্ন সংসৃক্তিলৈ বিয়পি পৰিছে ৷  সাধাৰণতে  তিলৰ পেষ্টেৰে তৈয়াৰ কৰা হয় ৷ হালভা বহু ধৰণে খাব পাৰি ৷ ইয়াক প্রায়ে ৰুটীৰ ওপৰত লগাই  আৰু ব্রেকফাষ্টত খোৱা হয় ৷

বাস্তানী আইচক্রীমঃ  মূলতঃ  বাস্তানী হৈছে মধ্যপ্রাচ্যৰ আহচক্রীম৷ কণী, চেনি, গোলাপ জল, ভেনিলা, পিষ্টাচি, গাখীৰ আৰু কেশৰেৰে তৈয়াৰী বাস্তানী যথেষ্ট সোৱাদ ভৰা হয় ৷  পার্চী সাম্রাজ্যৰ সময়ত এই খাদ্য মৌৰ সৈতে মিঠা কৰি নিয়ৰত ঠাণ্ডা কৰা হৈছিল ৷

লায়ালি লুবনানঃ  লায়ালি লুবনান অর্থাৎ লেবাননৰ ৰাতি, হৈছে লেবাননৰ চেমোলিনা পুডিং, যাৰ সোৱাদ প্রায়ে কমলাৰ ফুল, গোলাপ আৰু ভেনিলাৰ সৈতে দিয়া হয় ৷ ইয়াৰ ওপৰত হুইপড ক্রীম আৰু পিষ্টাচিৰ ডাঠ তৰপ এটা দিয়া হয় ৷ ইয়াক চেৰী আৰু ষ্ট্রবেৰী আদি ফল–মূলেৰে সজাই লব পাৰি ৷

 আপুনি বাৰু জানেনে যে আমাৰ আটাইৰে প্রিয় বহুতো মিঠাই আচলতে আৰবী মূলৰ ৷ গুলাব জামুন পার্চিয়া বর্তমানৰ হৰানৰ পৰা আহিছিল৷ জেলেপী আৰু হালৱাৰ উৎপত্তি স্থল মধ্যপ্রাচ্যহে ৷ আপোনাৰ আটাইতকৈ প্রিয় মিঠাই কি বাৰু

ফোনঃ  ৮৬৩৮৮-৭৯০৮১

You might also like
Leave A Reply

Your email address will not be published.