মনোৰঞ্জনৰ ৰাজধানী লাছ ভেগাছ

ডঃ  হৰিশংকৰ কাকতী

আধুনিক সভ্যতাৰ জনগণৰ ৰুচিবোধ নির্মাণত মনোৰঞ্জনৰ ভূমিকা অনির্বচনীয় ৷ সেয়েহে পৰিৱর্তিত পৰিৱেশ–পৰিস্থিতিত মনোৰঞ্জনেই হৈছে দর্শকৰ মনোযোগ আৰু আগ্রহ আকর্ষণ বা দর্শকক আনন্দ দিয়াৰ একমাত্র উপভোগ্য অনুষ্ঠান ৷ বিশ্বৰ উন্নত আৰু উন্নয়নশীল দেশবোৰত বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ অগ্রগতিৰ লগে লগে বিভিন্ন মনোৰঞ্জনৰ অনুষ্ঠানবোৰৰ সংখ্যাও দিনে দিনে বাঢ়ি আহিছে ৷ মনোৰঞ্জনৰ বাবে বিখ্যাত নগৰ–চহৰসমূহৰ্ ভিতৰত লণ্ডন, পেৰিছ, ছিডনী, অৰলেন্ডেণ্ডা, লছ্ এঞ্জেলছ্, লাছ ভেগাছ আদি অন্যতম ৷ ইয়াৰ ভিতৰত লাছ ভেগাছক বিশ্বৰ মনোৰঞ্জনৰ ৰাজধানী বুলিও কোৱা হয় ৷

আমেৰিকা মহাদেশৰ দক্ষিণ–পূবৰ নাভেদা প্রদেশত অৱস্থিত মনোৰঞ্জন উদ্যোগৰ বাবে বিখ্যাত এখন মহানগৰী লাছ ভেগাছ ৷ আশী আৰু নবৈব দশকতে এই বিখ্যাত মহানগৰীখনৰ বিষয়ে জনাৰ সুযোগ পাইছিলোঁ বিশেষকৈ তাত অনুষ্ঠিত হোৱা বিশ্ব হেভীৱেহট বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতাসমূহৰ পৰা ৷ শুনিছিলোঁ তাত অনুষ্ঠিত হোৱা বিভিন্ন মনোৰঞ্জন অনুষ্ঠানবোৰৰ বিষয়ে ৷ পৃথিৱীৰ বিভিন্ন দেশৰ পর্যটকৰ অন্যতম আকর্ষণ, সপোন সপোন যেন লগা এই মায়ানগৰীখন ভ্রমণ কৰাৰ সুযোগ পাহছিলোঁ ২০১৭ চনৰ অক্টোবৰ মাহত ৷ ১৯ৰ পৰা ২১ অক্টোবৰলৈ এটি আন্তঃৰাষ্ট্রীয় সংস্থা মেগনাছ গ্রুপে আয়োজন কৰা“Global Conference on Reaction Catalysts and Reaction Engineering” নামৰ আলোচনা–চক্র এখনত অসমৰ পৰা আমি পাঁচজন অধ্যাপক–অধ্যাপিকাই অংশগ্রহণ কৰিছিলোঁ ৷ সেই উদ্দেশ্যে ১৮ অক্টোবৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰৰ পৰা নিশা ১.৪৫ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানযোগে নিউয়র্ক অভিমুখে ৰাওনা হওঁ ৷ অবিৰত যাত্রাৰ অন্তত ১৮ তাৰিখে পুৱা প্রায় ৭.৩০ বজাত নিউয়র্কৰ জন্ এফ্ কেনেডী আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰে ৷ উৰণৰ সময় দেখাত প্রায় ৬ ঘণ্টা আছিল যদিও আচলতে সময় লৈছিল প্রায় চাৰে ১৫ ঘণ্টা ৷ এহখিনিতে উল্লেখ কৰা ভাল হব যে নিউয়র্কৰ স্থানীয় সময় মান নতুন দিল্লীৰ মানতকৈ চাৰে ১০ ঘণ্টা পিছপৰা ৷ নিউয়র্কৰ পৰা লাছ ভেগাছলৈ আমাৰ বিমানৰ সময় আছিল স্থানীয় সময়মতে আবেলি ৫ বজাত ৷ জন্ এফ্ কেনেডী বিমানবন্দৰটো উত্তৰ আমেৰিকাৰ ব্যস্ততম বিমানবন্দৰৰ ভিতৰত এটা আৰু আমেৰিকাৰ ষষ্ঠ ব্যস্ততম বিমানবন্দৰ ৷

বিমানবন্দৰৰ হমিগ্রেচনৰ কাম সমাপ্ত কৰাৰ পিছত আমি আটাহকেইজনেই হাতত থকা সময়খিনিৰ সদ্ব্যৱহাৰৰ উদ্দেশ্যে ৰাওনা হৈছিলোঁ নিউয়র্ক মহানগৰীৰ অন্যতম ব্যস্ততম ঠাই টাইম স্কোৱেৰলৈ ৷ তাত প্রায় দুঘণ্টা মান ঘূৰি–পকি আকৌ বিমানবন্দৰলৈ উভতি আহোঁ ৷ অৱশ্যে আমাৰ ১৪ দিনীয়া ভ্রমণসূচীৰ শেষৰ ফালে নিউয়র্ক মহানগৰীও অন্তর্ভুক্ত আছিল ৷  আন এটি বিমান সংস্থা ডেচ্টা এয়াৰলাইনছৰ বিমানযোগে নিউয়র্কৰ পৰা সময়মতে আবেলি যাত্রা আৰম্ভ কৰি প্রায় ছয় ঘণ্টা যাত্রাৰ অন্তত ৰাতি ৮ বজাত লাছ ভেগাছৰ মেক কেৰান(Mc Carran) আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হওঁ ৷ লাছ ভেগাছৰ স্থানীয় সময় নিউয়র্কতকৈ ৩ ঘণ্টা পিছপৰা ৷ উল্লেখযোগ্য যে আমেৰিকাৰ স্থানীয় সময় ৬টা মণ্ডলত বিভক্ত ৷ আমেৰিকাৰ বিভিন্ন ঠাইত ফুৰোঁতে আমাৰ ঘড়ীবোৰ সেই হিচাপে মিলাই লব লগা হৈছিল ৷

বিমানবন্দৰৰ পৰা আমাৰ বেগবোৰ সংগ্রহ কৰি টেক্সি দুখন লৈ আমি আটাইকেইজন পূর্বে নির্ধাৰিত কৰি থোৱা মাত্র ৪ কিঃমিঃ দূৰত্বত অৱস্থিত হেম্পটন–ইন্–ড্রপিক্(Hampton-Inn-Tropicana) নামৰ হোটেলখনত উপস্থিত হওঁ ৷ হোটেলখন লাছ্ ভেগাছ মহানগৰীৰ ডিন্ মার্টিন্ ড্রাইভ(Dean Martin Drive)ত অৱস্থিত ৷ নেভেদা প্রদেশৰ বিশ্ববিখ্যাত লাছ্ ভেগাছ্ ষ্ট্রীপৰ(Las Vegas Strip)ৰ পৰা মাত্র আধা কিঃমিঃতকৈও কম দূৰত্বত অৱস্থিত অত্যাধুনিক সা–সুবিধাযুক্ত এখন ৩ তাৰকাযুক্ত হোটেল ৷ হোটেলখনৰ পৰা প্রায় এক কিঃমিঃতকৈও কম দূৰত্বত অৱস্থিত বিখ্যাত মাণ্ডালয় বে সন্মিলন কেন্দ্র(Mandalay Bay Convention Centre), এম্ জি এম্ গ্রেণ্ড আলোচনা কক্ষ(Mandalay Bay Conference Center) আৰু অন্তহীন বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ঢ, বজাৰ আৰু মনোৰঞ্জন কেন্দ্রসমূহ ৷

লাছ্ ভেগাছ যাক চিন চিটি(Sin City) বুলিও জনা যায়, আমেৰিকাৰ নেভেদা প্রদেশৰ এখন অন্যতম ব্যস্ত মহানগৰী ৷ স্পেনিছ ভাষাত লাছ ভেগাছৰ অর্থ হৈছে“The Meadows”, অর্থাৎ বনৰীয়া ফুল আৰু ঘাঁহেৰে আবৃত সমান ঠাই ৷ জনবসতিৰ হিচাপত বর্তমান আমেৰিকাৰ ২৫তম জনবহুল মহানগৰী৷ ক্লার্ক কাউণ্টিৰ(Clark County)ৰ ভিতৰত মজাভে মৰুভূমি(Mosave Desert)ৰ অৱবাহিকাৰ তলত অৱস্থিত লাছ ভেগাছ মহানগৰীখন চাৰিওফালে বিশাল পর্বতমালাৰে আগুৰা ৷ ইয়াৰ মাটিকালি ৩৫১.৯ বর্গকিঃমিঃ ১৩৫.৮১ বর্গমাহল, জনসংখ্যা প্রায় চাৰে ছয় লাখ ৷  ১৯০৫ চনত সংস্থাপিত আৰু মৰুভূমিসদৃশ ঠাইত গঢ় লৈ উঠা এই মহানগৰীখন দোপতদোপে উন্নতিৰ শিখৰত আগবাঢ়ি যোৱা কথাটো মন কৰিবলগীয়া ৷

বিশ্বৰ মনোৰঞ্জনৰ ৰাজধানী হিচাপে খ্যাত লাছ ভেগাছ বছৰি পর্যটকসকলৰ বাবে বিশ্বৰ আটাইতকৈ বেছি জনপ্রিয় ভ্রমণস্থলী হিচাপে চিহ্ণিত হৈছে ৷ প্রতিবছৰে ইয়ালৈ প্রায় ৪ কোটি পর্যটকৰ আগমন ঘটে৷ ইয়াৰ অর্থনীতিৰ মূল উৎস হল পর্যটন উদ্যোগ, বৃহৎ বৃহৎ কেছিনোসমূহ, যত বিভিন্ন ধৰণৰ জুৱাখেলবোৰ অনুষ্ঠিত হয় আৰু হোটেল উদ্যোগ৷ এই মহানগৰীখন ব্যৱসায়িক অধিৱেশনৰ বাবে আমেৰিকাৰ শীর্ষ তিনিখন গন্তব্যস্থলীৰ এখন আৰু আতিথ্য উদ্যোগৰ বাবে বিশ্ববিখ্যাত ৷ পৃথিৱীৰ বিভিন্ন ঠাহত থকা ২০খন হোটেলৰ ভিতৰত ১৪খনেই লাছ ভেগাছত অৱস্থিত ৷ এই মহানগৰীখনত হোটেলৰ সংখ্যা ইমানেই বেছি যে এজন মানুহ এদিনকৈও যদি এটা কোঠালিত থাকে, তেন্তে হোটেলবোৰৰ গোটেই কোঠাসমূহত থাকিবলৈ তেওঁক ২৮৮ বছৰৰ প্রয়োজন হব ৷ ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে এই মহানগৰীৰ হোটেল উদ্যোগৰ পৰিসৰ কিমান বিশাল ৷ আন এটি বৈশিষ্ট্য হল যে এছিয়া মহাদেশৰ কিছুমান মহানগৰীৰ নিচিনাকৈ ইয়াৰো হোটেলবিলাকত ৪নং কোঠাটো নাথাকে, যিটো সংখ্যা অশুভ বুলি গণ্য কৰা হয় ৷

বিশ্বৰ জুৱা খেলৰ ৰাজধানী হিচাপে খ্যাত, বিশ্বৰ ভিতৰতে আটাহতকৈ বেছি কেছিনো থকা লাছ ভেগাছৰ বৃহৎ বৃহৎ কেছিনোবোৰ পৃথিৱী বিখ্যাত ৷ সৰহভাগ কেছিনো ফ্রিমণ্ঢ ষ্ট্রীট(Fremont Street)ত অৱস্থিত ৷ কেৱল লাছ ভেগাছৰ মূল চহৰখনতেই নহয় চহৰৰ বাহিৰতো কেছিনো আছে ৷ মহানগৰীৰ সীমাৰ ঠিক দক্ষিণে অৱস্থিত লাছ ভেগাছ ষ্ট্রীপত অসংখ্য হোটেল আৰু কেছিনো আছে ৷ লাছ ভেগাছৰ বহুতো শ্রেষ্ঠ কেছিনো লাছ ভেগাছ ষ্ট্রীপত অৱস্থিত ৷ এম জি এম গ্রেণ্ডে ভেগাছৰ অন্যতম শ্রেষ্ঠ কেছিনো হিচাপে খ্যাতি লাভ কৰিছে, যত ১৭০০০০ বর্গফুটৰ জুৱাৰ স্থান, ১৭০০ৰো অধিক শ্লট মেচিন আৰু  ১৫৯টা টেবুল গেম আছে ৷ কেছিনোবোৰত দিনে–নিশাই জুৱা খেলবোৰ চলি থাকে যদিও নিশাৰ ভাগত মানুহৰ সমাগম বেছি হয় ৷ আমিও তাত খেলিম বুলি গৈছিলোঁ যদিও তাৰ নিয়ম–কানুনবোৰৰ বিষয়ে একো ঠাৱৰ কৰিব নোৱাৰি খেলত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকিলোঁ ৷ পিছত গম পালোঁ কেছিনোবোৰৰ জুৱা খেলবোৰত কিছু ঠগবাজী চলে আৰু তাৰ পৰা উপার্জিত ধনৰ সিংহভাগ হয়াৰ কর্মচাৰীসকলৰ পকেটলৈ যায় ৷ গতিকে ইয়াত জুৱা খেলিবলৈ গলে অত্যন্ত সাৱধান হোৱা দৰকাৰ ৷ ইয়াত থকা নাইট ক্লাববোৰো পৃথিৱী বিখ্যাত ৷ স্বল্পবসনা গাভৰুৰ উদ্দাম নৃত্য এই নাইট ক্লাববোৰ পর্যটকৰ অন্য এক প্রধান আকর্ষণ ৷ জুৱাখেল, নৃত্য–গীত আদি মনোৰঞ্জন অনুষ্ঠানসমূহ দিনে–নিশাই চলি থাকে যদিও কতো একো হুলস্থূল নহয়, সকলো শৃংখলাবদ্ধভাৱেহ চলি থাকে ৷ গতিকে পুলিচ এজনো তাত দেখিবলৈ পোৱা নাযায় ৷ লাছ ভেগাছ ষ্ট্রীপৰ উজ্জ্বল পোহৰৰ সিপাৰে অৱশ্যে এখন নিখুঁত সাধাৰণ পষ্চিমীয়া চহৰ আছে, যত চুবুৰি, গির্জা, শ্বপিং চেণ্ঢাৰ, ষ্ট্রীপ মল আদি আছে ৷  হোটেল আৰু কেছিনো নহয়, সেহ চহৰখনেই প্রতিবছৰে হাজাৰ হাজাৰ নতুন বাসিন্দাক আকর্ষণ কৰে ৷ এই বৃদ্ধিৰ লগতে ইয়াৰ অস্বাভাৱিক অর্থনৈতিক ভিত্তিয়ে লাছ ভেগাছক দেশৰ অন্যতম ধনী চহৰ হিচাপে গঢ়ি তুলিছে ৷

দিনৰ ভাগত আলোচনা–চক্রখনত উপস্থিত থাকি সন্ধিয়া আমি আটায়ে মহানগৰীখন চাবলৈ ওলাইছিলো ৷ নিশাৰ লাছ ভেগাছৰ আলোকসজ্জা চকুৰে নেদেখিলে ভাষাৰে বর্ণনা কৰিব নোৱাৰি ৷ ৰাস্তা–ঘাট আৰু সুউচ্চ অট্টালিকাবোৰ আমাৰ ইয়াৰ দেৱালীৰ নিচিনাকৈ ৰং–বিৰঙৰ আলোকসজ্জাৰে সজ্জিত হৈ থাকে৷ চকু চাট্ মাৰি ধৰা আলোকসজ্জাই মহানগৰীখন এখন সপোনপুৰীলৈ পর্যবসিত কৰে ৷ মহাকাশৰ পৰা দৃশ্যমান হোৱা আলোকসজ্জাৰে সজ্জিত পৃথিৱীৰ বিভিন্ন মহানগৰীসমূহৰ ভিতৰত লাছ্ ভেগাছৰ আলোকসজ্জাই সর্বশ্রেষ্ঠ বুলি চিহ্ণিত হৈছে ৷

ইমানবোৰ আমোদ–প্রমোদৰ অনুষ্ঠান সুশৃংখলিতভাৱে চলি থাকিলেও এহ মহানগৰীখন কিন্তু সম্পূর্ণ অপৰাধমুক্ত নহয় ৷ ব্যক্তিগত আৰু সম্পত্তিৰ অপৰাধৰ লগতে আত্মহত্যাৰ হাৰ, মদ্যপান, অবৈধ ড্রাগ্ছ সেৱনৰ ক্ষেত্রত দেশখনৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত লাছ ভেগাছ অন্যতম ৷ আমেৰিকালৈ অহাৰ আগতে বিভিন্নজনে ইয়াত চলা–ফিৰা কৰোঁতে বিশেষ সতর্ক হৈ থাকিবলৈ সোঁৱৰাই দিছিল, যাৰ বাবে আমি কেতিয়াও অকলশৰে ঘূৰি ফুৰা নাছিলোঁ ৷ আমাৰ আমেৰিকা ভ্রমণসূচীৰ কেইদিনমান আগতে অর্থাৎ ২০১৭ চনৰ ১ অক্টোবৰত লাছ ভেগাছৰ এখন বিখ্যাত হোটেল মাণ্ডালয় বেৰ ৩২নং মহলাৰ এটি কোঠাৰ পৰা ৬৪ বছৰীয়া ষ্টিফেন্ পেদ্দক(Stephen Paddock) নামৰ এজন লোকে সংগীত মহোৎসৱত অংশগ্রহণ কৰা জনতাৰ ওপৰত নির্বিচাৰে গুলীচালনা কৰিছিল ৷ ঘটনাটোত ৬১জন লোকৰ মৃত্যু আৰু ৮৬৭জন লোক আঘাতপ্রাপ্ত হৈছিল ৷ গোটেহ বিশ্ব কঁপাই যোৱা এই ঘটনাটোৰ ফলত আমাৰ লাছ ভেগাছ ভ্রমণত কিছু অনিষ্চয়তাই দেখা দিছিল ৷ অৱশ্যে উদ্যোক্তাসকলৰ কৰা সেউজ সংকেত পোৱাৰ পিছতহে আমি আশ্বস্ত হব পাৰিছিলো আৰু আমাৰ যাত্রা পূর্বনির্ধাৰিত দিনতেই হৈছিল ৷

হলীউডৰ চলচিচত্র উদ্যোগৰ বহুতো পৰিচালকৰ চলচিচত্রৰ দৃশ্য গ্রহণৰ পছন্দৰ ঠাই এই লাছ ভেগাছ ৷ ইতিমধ্যে বহুকেইখন বিখ্যাত চলচিচত্রৰ দৃশ্যগ্রহণ এই লাছ ভেগাছতেই কৰা হৈছিল ৷ এইবিলাকৰ উপৰি গোটেই চহৰখন অসংখ্য পার্ক, থিয়েটাৰ গৃহ, গল্ফ ফিল্ড আৰু ফুটবল ফিল্ড আদিৰে পৰিপূর্ণ এখন পূর্ণ পর্যায়ৰ মনোৰঞ্জন নগৰী ৷

মহানগৰীখনত থকা সুউচ্চ অট্টালিকাবোৰৰ স্থাপত্য কলা আৰু নির্মাণশৈলী চালে চকুত লগা ৷ দেখিলে এনেকুৱা ভাৱ হয় যেন সেইবোৰ কোনোবা নিপুণ অভিযন্তাৰ সুনিপুণ হাতৰ সৃষ্টি ৷  নিউয়র্ক মহানগৰীৰ নিচিনাকৈ ইয়াতো দেখিলো এটা অট্টালিকাৰ কাৰুকার্য আনটোৰ লগত নিমিলে ৷ প্রতিটো অট্টালিকাৰেই আছে নিজস্ব বৈশিষ্ট্য ৷ ওখ ওখ অট্টালিকাবোৰ স্থাপত্যৰ এক অপূর্ব নিদর্শন ৷ দুইফালে হালি থকাৰ নিচিনা দুটা সুউচ্চ অট্টালিকা দেখাৰ সৌভাগ্য আমাৰ হৈছিল ৷ ইমান ঐশ্বর্যৰে ভৰপূৰ এই লাছ ভেগাছতো কিন্তু এতিয়াও বহু দৰিদ্র আৰু গৃহহীন লোক মাটিৰ তলৰ পথ সুৰংগবোৰত বাস কৰে ৷ বায়ু আৰু পানী প্রদূষণৰ আধুনিক নগৰীয়া অসুবিধাৰ সন্মুখীন হৈছে চহৰখন, আৰু সকলো দিশতে নতুন উপকণ্ঠ অঞ্চলৰ জন্ম হোৱাৰ লগে লগে ক্রমান্বয়ে গধুৰ যাতায়াতৰ ফলত পথসমূহ শ্বাসৰুদ্ধ হৈ পৰিছে ৷ ২১ তাৰিখে আলোচনা–চক্রৰ সামৰণিৰ পিছত ২২ অক্টোবৰত আমাৰ যাত্রা নির্দিষ্ট কৰা আছিল সন্ধিয়া বিমানযোগে মিনিয়াপলিছ চহৰলৈ ৷ আগবেলাৰ সময়খিনিৰ সম্পূর্ণ সুযোগ গ্রহণ কৰি লাছ ভেগাছৰ পৰা প্রায় ৪০ মাহল দূৰত অৱস্থিত আধুনিক বিশ্বৰ অন্যতম অভিযান্ত্রিক আষ্চর্য হুভাৰ বান্ধ(Hoover Dam)ৰ কাৰিকৰী দিশ উপভোগ কৰি মিনিয়াপলিছলৈ ৰাওনা হওঁ ৷

ফোন ঃ ৯৪৩৫১-৪১৭২১

You might also like
Leave A Reply

Your email address will not be published.