মহীৰূহ- নিপন গোস্ৱামী

বৰ্ণালী এছ ডেকা

লৰাজনৰ বয়স মাত্র পাঁচ বছৰ ৷ ইতিমধ্যে তেওঁ ছয়াময়াকৈ সেই বয়সত যিমানখিনি তীব্রতাৰে অনুভৱ কৰা সম্ভৱ, সিমানখিনি তীব্রতাৰে অনুভৱ কৰিছিল যে অভিনয়েই হল তেওঁ ভৱিষ্যতৰ পৃথিৱী৷ কেমেৰাৰ কলা–বগা ৰঙতেই তেওঁ দেখিছিল জীৱনৰ ৰঙীণ সপোন ৷ অৱশ্যে এই সপোন দেখাৰ মূলতে আছিল তেওঁৰ পিতৃ ৷ সেইকাৰণে হয়তো তেজৰ সিৰা–উপসিৰাই অভিনেতা প্রৱাহিত হৈ আছিল ৷ এখন অচিন পৃথিৱীৰ সন্ধানত, উৎকণ্ঠিত প্রতিটো মুহূর্তত এক বিশাল সপোন কঢ়িয়াই লৈ ফুৰা লৰাজনে অৱশ্যে এই কথা হূদয়ংগম কৰিব পৰা নাছিল তেওঁ বুকুত গোপনে কঢ়িয়াই লৈ ফুৰা এই সপোনে এদিন পোখা মেলিব আৰু পৃথিৱীক মহৎ কিবা এটা উপহাৰ দিবলৈ সক্ষম হব ৷

জীৱন সংগ্রামৰ ৰদ–বৰষুণে দিনবোৰ পাৰ কৰি এই লৰাজন আজিৰ তাৰিখত এগৰাকী প্রতিশ্রুতি সম্পন্ন শিল্পীৰূপে জীৱৱনৰ জয়যাত্রা অব্যাহত ৰাখিছে ৷ অভিনয়ৰ জৰিয়তে নিজৰ নিপুণ কুশলতাৰ পৰিচয় দি অসমীয়া ছবিজগতক সমৃদ্ধ কৰা এগৰাকী প্রবীণ তথা প্রথিতযশা অভিনেতাৰ কথাৰে এইবাৰ পাঠকলৈ আগবঢ়াইছো আইনাত মহীৰূহভিনয় তেওঁৰ জীৱনৰ দাপোন, অভিনয়েই তেওঁ জীৱনৰ ছন্দ ৷ ৰোমাণ্ঢিক হিৰ হিচাপে অসমীয়া বোলছবি জগতত প্রতিষ্ঠা লাভ কৰি ক্রমান্বয়ে সমাজ জীৱনৰ ভিন্ন চৰিত্র ৰূপায়ণ কৰি অসমীয়া ছবিজগতক চহকী কৰা এইজন শিল্পী হৈছে নিপন গোস্বামী ৷ ১৯৪৪ চনৰ তিনি ছেপ্টেম্বৰত কলিবাৰীত জন্মগ্রহণ কৰা এইগৰাকী অভিনেতাৰ পিতৃৰ নাম চন্দ্রধৰ গোস্বামী আৰু মাতৃ নিৰুপমা গোস্বামী ৷ বাল্যকালৰ পৰা নাট্যজগত আৰু গ্রাম্য সংসৃক্তিৰ চোতালত অতিবাহিত কৰা নিপন গোস্বামী আছিল উৎসাহী স্বভাৱৰ ৷ পিতৃ চন্দ্রধৰ গোস্বামী তেজপুৰ বান ষ্টেজৰ এজন দুর্দান্ত অভিনেতা ৷

সেই সূত্রে সৰুৰে পৰা অভিনয়ৰ দিশটোৰ প্রতি এক দুর্বলতা থকাটো স্বাভাৱিক৷ কোনোবাই কৈছিল গুণীজনৰ সান্নিধ্যত অমৃতময় ফল লাগে৷ কথা প্রসংগত জানিব পাৰিছিলো নিপন গোস্বামীৰ বাসস্থানৰ চৌপাশে বিষ্ণুপ্রসাদ ৰাভা, ফণী শর্মা আৰু পদ্মনাথ গোহাঞি বৰুৱা দেৱৰো বসতিস্থান আছিল ৷ এইসকল মহান ব্যক্তিৰ সান্নিধ্যৰ সুৱাসেৰে ধন্য হৈছিল তেওঁৰ জীৱন ৷

ইয়াৰ পাছত তেওঁ জীৱনে যেন অন্য এক মোৰ ললে চন ১৯৫৫ ৷ সেইসময়ত ফণী শর্মাৰ পৰিচালনাত নির্মাণৰ পথত আছিল অসমীয়া চলচিচত্র পিয়লি ফুকন ৷  নিপন গোস্বামী আকোঁৰগোজ তেওঁক লাগে পিয়লি ফুকনত অভিনয় কৰিবলৈ ৷ শেষত ফণী শর্মাই তেওঁক সেই সুযোগ দিলে ৷ পিয়লি ফুকনৰ শ্বুটিংস্থলীত কণমানি নিপন গোস্বামী উপস্থিত হলগৈ ৷ পিন্ধনত আছিল এটা হাফপেণ্ট ৷ শ্বটটো আছিল গাঁওখনৰ মানুহবোৰ দৌৰিব আৰু নিপন গোস্বামীয়েও লগতে দৌৰিব ৷ শ্বট ৰেডী হোৱাৰ আগমুহুর্তত ফণী শর্মাই তেওঁক হাফপেণ্টৰ সলনি গামোছা পিন্ধিবলৈ কলে ৷ ইফালে লাইট, কেমেৰা একচন বুলি কওঁতেই গোস্বামীদেৱে দৌৰিবলৈ আৰম্ভ কৰিছিলহে মাত্র হঠাৎ গামোছাৰ গাঁঠি খুলিল, লগালগ এখন হাতেৰে গামোছাখন ধৰি কিন্তু শ্বটটো অকে নোহোৱালৈকে দৌৰি থাকিল ৷  অৱশেষত পৰিচালকে ইংগিত দিলে শ্বট অকে ৷ তেনেদৰে জীৱনৰ প্রথম শ্বটটো থেওঁ অকে হৈছিল৷ তাৰ পাছত অভিনয়ৰ প্রতি তেওঁৰ হাবিয়াস বৃদ্ধি পালে ৷

পঢ়াশুনাৰ দিশটোৰ কথা কবলৈ গলে তেওঁ তেজপুৰ ফলিবাৰী প্রাথমিক বিদ্যালয়ৰ পৰা প্রাথমিক শিক্ষা গ্রহণ কৰি ১৯৬০ চনত তেজপুৰ গভর্ণমেণ্ঢ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে আৰু দৰং কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে ৷ পঢ়াশুনা সমান্তৰালকৈ তেওঁ মঞ্চ অভিনয় কৰি গল ৷

এনেতে এদিন এটা বিজ্ঞাপন চকুত পৰিল যে পুনে ফিল্ম ইনষ্টিটিউটত অভিনয়ৰ প্রশিক্ষণ দিয়া ব্যৱস্থা আছে ৷ পিতৃৰ পৰা অনুমতি লৈ তেও অভিনয় আৰু অধিক প্রশিক্ষণৰ জ্ঞান বুটলিবলৈ উৰা মাৰে পুনেলৈ ৷ পুনেত পঢ়ি থকা অৱস্থাত তেওঁ অমৰ পাঠকৰ পৰিচালিত সংগ্রাম ছবিখনত নায়কৰ ভূমিকা পালন কৰাৰ সুযোগ লাভ কৰে ৷ সেয়াই আৰম্ভনি ৷  তাৰ পাছত তেওঁ অভিনয় জীৱনৰ মাইলষ্টন বুলি কবলৈ গলে একেষাৰে কব পাৰি ডঃ বেজবৰুৱাৰ কথা ৷ ছবিখনে নিপন গোস্বামীক দিলে অনন্য মাত্রা ৷ তেতিয়াৰ পৰা মুকুতা, মানৱ আৰু দানৱ, মৰিচিকা, বহাগৰ দুপৰীয়া, সন্ধ্যাৰাগ, আজলী নবৌ, অপৰূপা, ঘৰ সংসাৰ, ককাদেউতা নাতি আৰু হাতী, জীৱন সুৰভি, শকুন্তলা আৰু শংকৰ যোছেফ আলী, ছিৰাজ, ককাদেউতাৰ ঘৰজোঁৱাই, কাদম্বৰী, জীৱন বাটৰ লগৰী, দুৰণিৰ রং, পূজা, প্রতিমা, পলে পলে উৰে মন, বৰুৱাৰ সংসাৰ, প্রিয়া মিলন আদিকে ধৰি এশৰো অধিক চিনেমা ৰাইজক উপহাৰ দিছে ৷ এইখিনিতে এটা কথা উল্লেখনীয় হব যে পুনেত পঢ়ি থকা সময়ত তেওঁ সুভাষ ঘাই, শত্রুঘ্ণ সিনহা, জালাল আগা, ৰাকেশ পাণ্ডে, নবীন নিশ্চল আদি তেওঁৰ সহপাঠী আছিল ৷ তদুপৰি তেওঁ বলীউডৰ কেইবাখনো ছবিত অভিনয় কৰিবলৈ সুযোগ লাভ কৰে ৷ সেই সমূহৰ ভিতৰত দো অনজানে, জগ্গু, দো ভাই, মৌকা, বিৰোধী আদিয়েই প্রধান ৷ বলীউডত চিনেমা কৰিবলৈ সুবিধা পায়ো সেই সুযোগ গ্রহণ নকৰি অসমলৈ ঘূৰি অহাৰ কাৰণ কি বুলি সোধাৰ প্রশ্নৰ উত্তৰত তেওঁ কয় যেসমৰ মাটিৰ প্রতি মোহ, ইয়াৰ বায়ু–ধূলিৰে মোক সদায় মাতি আছিল ৷ তদুপৰি অসমত অভিনয় সুযোগ পালো আৰু ইমানেই চবি হাতলৈ আহিল যে কতো যাবলৈ সময়ে নাপালো ৷

ইয়াৰ মাজতে তেওঁ কহিনুৰ, আৱাহন, হেঙুল, শকুনন্তলা আদিকে ধৰি পাঁচটা বছৰ ভ্রাম্যমান থিয়েটাৰতো অভিনয় কৰিছে ৷ ১৯৮১ চনত তেওঁ বৈবাহিক জীৱনৰ পাতনি মেলে ৷ পত্নী ৰঞ্জিতা গোস্বামীয়ে জীৱনৰ প্রতিটো খোজত তেওঁ সহায়–সহযোগিতা আগববাইছিল ৷ অভিন জীৱনৰ তেওঁৰ প্রেৰণাৰ উৎস আছিল তেওঁৰ পত্নী ৷ কিন্তু পত্নীৰ অকাল বিয়োগত তেওঁ যেন কিছু থমকি ৰব লগা হয় ৷ পুত্র সিদ্ধার্থ নিপন গোস্বামী এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ যদিও অভিনয়ৰ প্রতি তেওঁ বিশেষ ৰাপ আছে বুলি জানিবলৈ দিয়ে ৷ শেহতীয়াকৈ মিছন ছাইনা ছবিখনেৰে তেওঁ অভিনয় জগতত ভুমুকি মাৰিছে ৷

অভিনয়ৰ উপৰিও নিপন গোস্বামী অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল তদুপৰি জ্যোতি চিত্রবনৰ অধ্যক্ষৰূপেও কার্যনির্বাহ কৰিছিল ৷

প্রশ্নবান

প্রশ্নঃ বহু চিনেমা কৰিলে প্রিয় চৰিত্র কোনটো

উত্তৰঃ  প্রিয় চৰিত্র বুলি কবলৈ দিগদাৰী হয় ইয়াৰ মাজতে অৱশ্যে জনস মহলীয়া পৰিচালিত দূৰণিৰ ৰং ছবিখনৰ ছৰিত্রটো প্রিয় ৷

প্রশ্নঃ বর্তমান অসমীয়া চিনেমা নির্মাণৰ সংখ্যা বাঢ়িছে, কিন্তু ইয়াৰ গুণগত মানদণ্ডৰ দিশটো কিদৰে চাব

উত্তৰঃ  চিনেমা নির্মাণৰ সংখ্যা বাঢ়িছে, ভাল কথা, নতুন চিন্তাধাৰা, নতুন আদৱ কায়দাৰে ছবি নির্মাণ হৈছে ৷ এটা পৰিৱর্তন আহিছে ৷

উত্তৰঃ  আছে ৷ প্রতিমা ছবিখন পৰিচালনা কৰিছিলো ৷ ছবি পৰিচালনা লগত মুনমী বৰুৱাই আছিল ৷ নাটকো পৰিচালনা কৰিছিলো ৷

প্রশ্নঃ চলচিচত্র অভিনয় প্রিয় নে মঞ্চ অভিনয় ৷ পূর্বৰ মঞ্চ নাটকৰ তুলনাত এতিয়া নাটকৰ পার্থক্য কি ?

উত্তৰঃ  মঞ্চ অভিনয় প্রিয় ৷ দর্শকৰ লগত প্রত্যক্ষ সংযোগ থাকে আৰু ভাল–বেয়া ইত্যাদি ফিডবেক শীঘ্রে পোৱা যায় ৷ পূর্বৰ দৰে মৌলিক নাটক হ্রাস পাইছে ৷ এতিয়া কাৰিকৰী দিশতেই কওক, নৃত্য গীত সকলোতে নতুন ধাৰা সৃষ্টি হৈছে ৷  আচলতে সময়ৰ লগত সলনি হৈছে ৷

প্রশ্নঃ  নিপন গোস্বামী বুলি কলে সুঠাম চেহেৰাৰ এজন অতি সুন্দৰ অভিনেতাৰ কথা মনলৈ আহে ৷ নিজকে কিদৰে মেইনটেইন কৰে ৷ মোৰ জীৱন ধাৰণ প্রণালী তেনেই সৰল ৷ শৰীৰ চর্চাক মই গুৰুত্ব দিও৷ বিশেষকৈ খাদ্যাভাসৰ প্রতি নজৰ দিও৷ মাছ খাই ভাল পাঁও৷ অসমীয়া থলুৱা খাদ্য প্রিয় ৷

কর্মৰ প্রতি শ্রদ্ধা, একাগ্রতা আৰু সাদানাৰ সৈতে সংপৃক্ত জীৱনে এজন ব্যক্তিৰ এক বিশেষ স্তৰলৈ লৈ যাব পাৰে ৷ অভিনয় দিশতো তেওঁ ব্যতিক্রম ৷  তেওঁ অভিনয়ৰ নিজস্ব এক শৈলী আছে৷ তেওঁৰ ছবিৰ গতিময়তাই দর্শকৰ মনোজগতৰ বিভিন্ন চিন্তাক সজাগ কৰি তুলিব পাৰে ৷ সেয়াই তেওঁৰ অনন্য ব্যক্তিত্ব ৷ এক স্ববাৱসুলভ শিল্পীসত্তা তেওঁ অভিনয়ত পৰিস্ফূত হয় ৷

শিল্পীজনৰ এই পর্যায়ত উপনীত হৈ বিগত  পাচটা দশকজুৰি নিপন গোস্বামীৰ সাংসৃক্তিক সক্রিয়তাই কি ধৰণে বিচিত্রতা লাভ কৰিছে সেয়া আৰু কোৱাৰ প্রয়োজন নাই ৷ তেখেতৰ অভিনয়ৰ পৰা আমি পাওঁ নিজস্ব শিল্পৰীতি আৰু বিশিষ্ট এক অনিন্দ্যসুন্দৰ জীৱনবোদৰ আভাস ৷ নিপন গোস্বামীৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলো ৷

You might also like
Leave A Reply

Your email address will not be published.