ঘৰতে কৰক স্কার্ব

গীতাশ্রী গগৈ হাতীবৰুৱা

আজিকালি দোকান–বজাৰত বিভিন্ন কোম্পানীৰ নানা ধৰণৰ স্কার্ব কিনিবলৈ পোৱা যায় ৷ আমি সহজতে পইচা দিলেই এহ স্কার্ব পাওঁ ৷ কিন্তু এইসমূহ স্কার্বে আমাৰ ছালখন যে ক্ষতিও কৰিব পাৰে আমি এবাৰলৈ ভাবি নাচাওঁ ৷ সকলোৰে নহলেও কিছু লোকক হলেও দেখা পাওঁ ৷ যদি আমি ঘৰতে থকা সামগ্রীৰে স্কার্ব বনাই ব্যৱহাৰ কৰোঁ, তেন্তে ছালখনৰ কোনো ক্ষতি হোৱাৰ ভয় নাথাকে ৷ আমি বিভিন্ন সামগ্রী ব্যৱহাৰ কৰি এই স্কার্ব তৈয়াৰ কৰিব পাৰোঁ ৷

এক চামুচ চেনিৰ লগত এক চামুচ মৌ ভালকৈ মিহলাই ছালখনত লগাই লাহে লাহে পাঁচ মিনিট মালিচ কৰিব আৰু তিনি–চাৰি মিনিট ৰাখি ধুই পেলাব ৷ এই স্কার্ব সৰই পৰিমাণত বনাই ফ্রীজত থৈও দিও সময়ত ব্যৱহাৰ কৰিব পাৰে ৷

চাউলৰ গুড়িৰ লগত নেমু ৰস মিহলায়ো স্কার্ব হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ যিসকলৰ ছালত নেমু লগাব নোৱাৰে তেওঁলোকে পানী মিহলায়ো লগাব পাৰে ৷ এই স্কার্ব লগোৱাৰ পিছত অলপ শুকুওৱাৰ পিছত পানী লগাই লাহে লাহে হাতৰ তলুৱাৰে ঘঁহিব আৰু ভালকৈ পানীৰে ধুই পেলাব ৷ এটা কথা মনত ৰাখিব সামগ্রীখিনি এৰুৱাওঁতে খুব লাহে লাহে ঘঁহি এৰুৱাব ৷

দুই চামুচ চাউলৰ গুড়িৰ লগত বিলাহী আৰু কেঁচা গাখীৰ মিহলায়ো স্কার্ব হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ গাখীৰৰ সলনি গোলাপ জল দিব পাৰে ৷

এলভেৰা জেলৰ লগত চাউলৰ গুড়ি মিহলাই স্কার্ব কৰিব পাৰে ৷

অটচ আৰু কেঁচা গাখীৰ ভালকৈ মিহলাই স্কার্ব কৰি সামগ্রীখিনি শুকুওৱাৰ পিছত পানীৰে ধুই পেলাব ৷ ইয়াত গাখীৰৰ সলনি গোলাপ জল নাহবা তিয়ঁহৰ ৰসো দিব পাৰে ৷

যিসকলৰ শালমহনা আছে তেওঁলোকে স্কার্ব নকৰাই ভাল ৷ যদি নাজানি কৰে তেন্তে শালমইনা আৰু অধিক হোৱাৰ সম্ভাৱনা বেছি ৷

সপ্তাহত অতিকমেও দুবাৰ স্কার্ব কৰিব ৷ যদি ছেনচিটিভ ছাল হয় তেন্তে এবাৰেই কৰিব ৷

এতিয়াৰ পৰা ঘৰুৱা সামগ্রীৰে ঘৰতে স্কার্ব কৰি চাওকচোন ৷

ফোনঃ  ৮৬৩৮৪-৯০৪১৫

You might also like
Leave A Reply

Your email address will not be published.