সুৰ সাগৰৰ যুগমীয়া আভা

বর্ণালী এছ ডেকা

সংগীতৰ জগতখনৰ তেওঁ এগৰাকী উজ্জ্বল নক্ষত্র ৷ তেওঁৰ প্রৌজ্জ্বল প্রতিভাৰ চিকমিকনিয়ে জিলিকাই ৰাখিছে অসমৰ বর্ণিল সংগীত–সাংস্কৃতিৰ পথাৰখন ৷ এগৰাকী দৰদী কণ্ঠশিল্পী তেওঁ ৷ তেওঁ কণ্ঠদান কৰা অগণন গীতৰ আস্বাদনে পুলকিত কৰে হাজাৰজন শ্রোতাৰ মন–প্রাণ ৷ অতুলনীয় কণ্ঠৰ স্বকীয় আবেদনে মুগ্ধ কৰে অগণন শ্রোতাক ৷ অসমৰ সংগীত জগতত তেওঁ মেলডী গায়ক ৰূপে তেওঁৰ এক সুকীয়া পৰিচয় আছে ৷ স্ব–গৰিমাৰে গৰিমামণ্ডিত এইগৰাকী নমস্য সংগীত শিল্পী হৈছে পুলক বেনার্জী ৷

১৯৫০ চনৰ ১ অক্টোবৰত গুৱাহাটীত জন্মগ্রহণ কৰা এই গৰাকী শিল্পীৰ পিতৃৰ নাম প্রভাত বেনার্জী আৰু মাতৃ দুর্গাৰাণী বেনার্জী ৷ বায়েক দীপ্তি বেনার্জীৰ সান্নিধ্যত তেওঁ ধ্রুপদী সংগীতৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল ৷ প্রায় সাত বছৰ বয়সৰ পৰাই তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল ৷ এক কথাত কবলৈ গলে ঘৰখনত এক সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰিছিল ৷ যি পৰিৱেশ তথা বাতাৱৰণৰ বায়ু, পানী সেৱন কৰি পুলক বেনার্জীৰ শৈশৱ, কৈশোৰ, যৌৱন কাল লালিত–পালিত হৈছিল ৷

১৯৬৫ চনত পল্টন বজাৰ বেংগলী হাইস্কুলৰ পৰা প্রৱেশিকা পৰীক্ষা, ১৯৬৯ চনত বি বৰুৱা কলেজৰ পৰা সুখ্যাতিৰে স্নাতক পৰীক্ষাত উত্তীর্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰৰ বাবে নামভর্তি কৰে যদিও ইউকো বেংকত চাকৰি লাভ কৰাৰ পৰিপ্রেক্ষিতত শিক্ষা সিমানতে সমাপ্ত কৰে ৷ উল্লেখ্য যে ২০০০ চনত তেওঁ স্বেচ্ছা–অৱসৰ গ্রহণ কৰি সম্পূর্ণৰূপে সংগীত সাধনাত ব্রতী হয় ৷

প্রায় পাঁচটা দশক সুৰৰ যাদুৰে মোহাচ্ছন্ন কৰি ৰখা বেনার্জীয়ে ১৯৬৯ চনৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্রৰ স্বীকৃত কণ্ঠশিল্পী হিচাপে অগণন গীতত কণ্ঠদান কৰি আহিছে ৷ ১৯৭০ চনত তেওঁ হিন্দুস্তান মিউজিকেল কোম্পানীৰ পৰা ‘কাৰ বাবে এই গীত গোৱা’ আৰু ‘আকাশ যেতিয়া সন্ধাতৰাই’ শীর্ষক গীত দুটি ৭৮ RPM ৰেকর্ড কৰা হৈছিল ৷ ধ্রুপদী সংগীতৰ এক অনায়সী সত্তা তেওঁৰ মাজত অন্তর্নিহিত হৈ থকাৰ বাবে তেওঁ নিশ্চয় আনৰ পৰা একক আৰু পৃথক ৷ অসমীয়া আধুনিক গীতৰ এক অন্যতম ধাৰা প্রৱাহিত কৰা তথা সন্মোহিনী কণ্ঠৰ অমৃত সুধা নিগৰাই সহস্রজনৰ পৰাণ পুলকিত কৰা এইগৰাকী সংগীত শিল্পীৰ এই অবিৰত যাত্রাত নিহিত হৈ আছে কঠোৰ পৰিশ্রম, চর্চা, সাধনা আৰু একাগ্রতা ৷

পুলক বেনার্জীৰ কণ্ঠত প্রাণ পাই উঠিছিল বহুকেইটা চিৰসেউজ গীত ৷ তাৰ ভিতৰত পাৰ হৈ গল ধুমুহা এজাক আৰু ফুলৰে মেলাতে পখীয়ে গীত গায় শীর্ষক গীত দুটাৰ জনপ্রিয়তা আজি অক্ষুণ্ণ ৷

তেওঁ যথেষ্ট সংখ্যক একক শ্রব্য কেছেটতো কণ্ঠদান কৰিছে৷ স্বনামধন্য কবি হীৰেন ভট্টাচার্যৰ বিখ্যাত কবিতা সংকলন ‘সুগন্ধি পখিলা’তো সুৰাৰোপ কৰা গীতত কণ্ঠ নিগৰাইছে ৷ ভালেসংখ্যক অসমীয়া চলচিচত্রতো তেওঁ গীত গাইছে ৷ তাৰ ভিতৰত ‘শ্রীমতী মহিমাময়ী’, ‘আই কিলড হিম ছাৰ’, ‘মন’, ‘কণিকাৰ ৰামধেনু’, ‘দূৰণিৰ ৰং’, ‘মা’, ‘সংস্কাৰ’, ‘শেষ উপহাৰ’ ইত্যাদি লেখত লবলগীয়া ৷ সংস্কাৰ চিনেমাখনৰ বাবে অসম চৰকাৰে ১৯৯৯-২০০০ চনত শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান জনায় ৷ আনহাতে বাংলা ছবিৰ প্রসিদ্ধ পৰিচালক তপন সিনহাই পৰিচালনা কৰা ‘আজব গায়েৰ আজব কথা’ শীর্ষক চিনেমাতো তেওঁ কণ্ঠ নিগৰাইছে ৷ তদুপৰি ঋতু আহে ঋতু যায়কে ধৰি কেইবাখনো অসমীয়া ধাৰাবাহিকত তেওঁ সংগীত পৰিচালনা কৰিছে ৷ ২০০৫ চনত নর্থ ইষ্ট দূৰদর্শন কেন্দ্রই সুৰ সাধনা বঁটা প্রদান কৰিছিল ৷ ইয়াৰ উপৰি জীৱনজোৰা কৃতিত্ব বঁটা, আকাংক্ষা বঁটা, অসম শ্রেষ্ঠ বঁটা, সাধনা বঁটা ইত্যাদিৰে বিভূষিত হোৱাৰ গৌৰৱো অর্জন কৰিছে ৷ আধুনিক গীতৰ ধাৰাটোক অনন্য মাত্রা প্রদান কৰি এইগৰাকী শিল্পীয়ে বৰগীত, জ্যোতিসংগীত, বিষ্ণু ৰাভা সংগীত, লোকগীততো নিজৰ শৈল্পিক সুষমা বোৱাইছে ৷ সংগীত জীৱনৰ এক সুদীর্ঘ বর্ণিল পৰিক্রমা অতিক্রম কৰা এইগৰাকী নমস্য শিল্পীৰ মনৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ কেইটামান প্রশ্ন-

  • বর্তমান অসমৰ সংগীত জগতৰ ছবিখন সম্পর্কে আপোনাৰ মতামত কি ?

 আচলতে আমি সৰুৰে পৰা যেনেকুৱা ধৰণৰ গীত শুনি ডাঙৰ হৈছোঁ ৷ কথা–সুৰ সকলোতে অন্য এক মাদকতা আছিল ৷ লতা মংগেশকাৰ, আশা ভোছলে, কিশোৰ কুমাৰ আদি বৰেণ্য শিল্পীসকলৰ সংগীতৰ যি আপ্লুত কৰিব পৰা শক্তি আছিল, সেয়া সঁচাকৈয়ে তুলনাবিহীন ৷ সুন্দৰ সুন্দৰ কথাৰ অভাৱ নাছিল ৷ তেতিয়া ছবিখন ইমান বস্তুবাদী নাছিল ৷ এতিয়া মেকানিকেল হৈছে ৷ কোৱালিটী নিম্নগামী হৈছে আৰু মই ভাবোঁ ইয়াৰ মূল কাৰণ শাস্ত্রীয় সংগীতত দখল কম ৷ তাৰ মাজতো এচামে ভাল সংগীত ৰাইজক উপহাৰ দি আহিছে ৷

  • ডিজিটেল যুগত বর্তমান এটা ক্লিকত এটা গান আপলোড অথবা প্রচাৰ কৰি ৰাতিটোৰ ভিতৰতে ইয়াৰ প্রসাৰতা লাভ কৰে৷ এই সমগ্র প্রক্রিয়াটোৰ ঋণাত্মক আৰু ধনাত্মক দিশটো কিদৰে চাব ?

 সংগীত আচলতে অনুভৱৰ খেলা ৷ অনুভৱবোৰ গীতৰ মাজেৰে প্রকাশ কৰা যায় ৷ আজিকালি সংগীতৰ ক্ষেত্রখন পিছে বজাৰসর্বস্ব হৈছে ৷ তাৰ পৰা উপার্জন হৈছে ৷ সময়ৰ অভাৱ, গতিকে চিন্তা কৰাৰ পৰিৱেশ নাই ৷ প্রছেছবোৰ খৰতকীয়া ৷ তাৰ মাজত এটি দুটি গীত অৱশ্যে ভাল হয় ৷

  • পাৰ হৈ গল ধুমুহা এজাক গীতটো আপোনাৰ জীৱনৰ টার্নিং পইণ্ট ৷ এই গীতটোৰ আঁৰৰ কথাখিনি জনাওকচোন৷

সেই সময়ত মই শিলপুখুৰী ইউকো বেংকৰ এজন কর্মচাৰী আছিলোঁ ৷ এদিন অফিচৰ সন্মুখতে ৰমেন বৰুৱাক লগ পালোঁ ৷ কিছু বার্তালাপ হোৱাৰ পিছত তেওঁ মোক কলে যে মোৰ এটা প্রডাকচন আছে ৷ আপুনি এটা গীত গাব লাগিব ৷ তেওঁৰ অনুৰোধ ৰক্ষা কৰি ময়ো হয়ভৰ দিলোঁ ৷ গীতটো বাণীবন্ধন হৈ গল আৰু পিছত মই ৰেডিত গীতটো গালোঁ আৰু আচৰিত ধৰণে গানটো জনপ্রিয় হল ৷ সেই গীতটোৱে মোক অন্য এক মাত্রা দিলে ৷ উক্ত গানটোৰ লগত বহু মধুৰ স্মৃতিও জড়িত হৈ আছে ৷ আৰু এটা ঘটনা উল্লেখ কৰিব বিচাৰিম ঘটনাটো বি বৰুৱা কেঞ্চাৰ হস্পিতালৰ ৷ তাত অসুস্থ লোকসকলক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে অনুষ্ঠানৰ আয়োজন কৰে ৷ ঠিক তেনে এক অনুষ্ঠানত এদিন মোক গীত গাবলৈ নিমন্ত্রণ কৰিলে ৷ মই উপস্থিত হোৱাৰ পিছত মোক এজন মানুহ আহি বাৰম্বাৰ পাৰ হৈ গল ৷ ধুমুহা এজাক গীতটো গাবলৈ অনুৰোধ কৰিলে ৷ শেষত তেওঁ মোক কলে যে মই এজন চিকিৎসক কিন্তু মই এজন কেঞ্চাৰ ৰোগী ৷ কথাটো শুনি মই বৰ দুখ পালোঁ ৷ মই গানটো গোৱাৰ সময়ত তেওঁলোককে লক্ষ্য কৰি থাকিলোঁ ৷ গোটেই গীতটো তেওঁ মূৰ তল কৰি শুনিলে আৰু গীতটো শেষ হোৱা মাত্রকে তেওঁ উঠি গুচি গ’ল ৷ সেইদিনা আচলতে মই অনুভৱ কৰিছিলোঁ যে এই গানটোৱে কেনেকৈ মন, হৃদয় চুই যায় ৷ প্রকৃততে গানটোৰ কথাখিনি মই ভাবোঁ প্রত্যেকজন মানুহৰ জীৱনৰ লগত সাঙুৰ খাই আছে ৷ সেই অনুভৱবিলাক অতি আৱেগিক ৷

  • উত্তৰসূৰীয়ে আপোনাক কেনেকৈ মনত ৰখাটো বিচাৰে

অতবছৰে গীত গাইছোঁ ৷ এক দায়বদ্ধতাৰে গীত গাইছোঁ ৷ সমাজৰ যদি উপকাৰ হয় সংগীতেৰে, সংস্কৃতিৰে, তেনেহলে মই গান গাম ৷ গভীৰৰ পৰা গভীৰ শ্রোতা সৃষ্টি হোৱা উচিত ৷ মই এটি দিশ খুলি দিছোঁ ৷ বাকীখিনি উত্তৰসূৰীৰ ওপৰত নির্ভৰ কৰে তেওঁলোকে কেনেদৰে গ্রহণ কৰে ৷

  • এটি গীত গোৱাৰ পূর্বে আপুনি নিজক কেনেদৰে প্রস্তুত কৰে বা কিসমূহ দিশ চালিজাৰি চায় ?

কথা, সুৰ, কণ্টেণ্ট – এইকেইটা বিষয় চাওঁ ৷ আচলতে গীত এটা কৰাৰ আগত গানটোৰ নাট্য ৰূপান্তৰ হব লাগে ৷ মই তেনেদৰে ভাবোঁ ৷

  • ফুলৰ এই মেলাতে গীতটো গাবলৈ কেনেদৰে সুযোগ লাভ কৰিছিল ?

এইটো প্রকৃততে বাংলা গীত ৷ সুনীল দেবৰ সুৰ ৷ এদিন সুনীল দেব কলিকতালৈ যাব ৷ তেওঁ ৰবীন্দ্র ভৱনৰ সন্মুখত ৰৈ আছে ৷ তেনেতে হঠাৎ মোৰ সৈতে দেখা–সাক্ষাৎ হ’ল ৷ কথাৰ মহলাত তেওঁ মোক এই গীতটোৰ কথা ক’লে ৷ তিনি চাৰিবাৰমান গীতটো শুনিলোঁ ৷ ইয়াৰ পিছত গীতটো লৈ মই ড: নির্মলপ্রভা বাইদেউৰ ওচৰত গলোঁ ৷ গানটো গোৱাৰ পিছত গীতটো একপ্রকাৰ অনুবাদ কৰি অসমীয়াতে লিখি গ’ল ৷ তাৰ পিছত মই ৰেডিঅ’ত গালোঁ ৷ শ্রোতাৰ অভূতপূর্ব সমাদৰ লাভ কৰিলোঁ ৷ ভাল লাগে গীতটো আজিও চিৰসেউজ ৷

  • বহু বিখ্যাত গীতিকাৰৰ সৈতে আপুনি কাম কৰিছে ৷ তেওঁলোকে লিখা, সুৰ কৰা গীতত আপুনি কণ্ঠদান কৰিছে ৷ কাৰ সান্নিধ্যই আপোনাক অতিকৈ প্রভাৱিত কৰিছিল ?

আচলতে ড: নির্মলপ্রভা বৰদলৈ, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচার্যই হওক তেওঁলোকে অসমৰ গীতি সাহিত্যত সকলো দি থৈ গৈছে, যাৰ বাবে আজি অভাৱ দেখা গৈছে ৷ তেওঁলোকৰ ওচৰত শব্দৰ ভাণ্ডাৰ অত্যধিক আছিল ৷ অধ্যয়ন কৰিছিল যথেষ্ট ৷ এটা শব্দও খোকোজা লাগিলে আন এটা বিকল্প শব্দ লগে লগে লিখি দিছিল ৷ গতিকে সেই সাধনা, চর্চাৰ কৰবাত অভাৱ দেখা যায় ৷ সেই বিশিষ্ট ব্যক্তিসকলৰ জ্ঞানৰ পৰিধিয়ে মোক বাৰুকৈয়ে প্রভাৱিত কৰিছিল ৷

  • নতুন প্রজন্মৰ সংগীত শিল্পীৰ প্রতি আপোনাৰ বার্তা কি হব ?

সংগীতক লৈ আলোচনা হব লাগিব ৷ প্রবীণ শিল্পীসকলে গাইড কৰিব লাগিব ৷ বিশেষকৈ মই অভিভাৱকসকলক এটা কথা কব বিচাৰিম যে নিজৰ সন্তানক সংগীতৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰাৰ পূর্বে তেওঁলোকক শিকাওক যে সংগীত প্রকৃততে কি সংগীতৰ সেই আধ্যাত্মিক শিক্ষাখিনি দিয়ক ৷ সস্তীয়া বস্তুৰ প্রতি আকৃষ্ট সোনকালে হয়, গতিকে সেইখিনি শিক্ষা ঘৰতে দিয়ক ৷ সাংগীতিক পৰিৱেশ এটা ঘৰত থাকিব লাগে ৷

  • ভৱিষ্যৎ পৰিকল্পনা কিবা আছে নেকি ?

বর্তমান কভিডৰ এই পৰিস্থিতিত বিশেষ পৰিকল্পনা নাই ৷ তথাপি সুন্দৰ সুন্দৰ সৃষ্টি কৰিবলৈ মন যায় ৷ বৰগীতক লৈ এক পৰিকল্পনা আছে ৷ বৰগীত উচ্চাংগ সংগীতৰ ধাৰা ৷ এই বৰগীতক অলপ আধুনিকতাৰ পৰশ দি কিন্তু বিকৃত নহয় ৷ কিন্তু ইয়াৰ মূল শিপা পাহৰি নহয় ৷ প্রকৃত ভাব একেই ৰাখি কিবা এটা কৰাৰ হেঁপাহ আছে ৷

  • আপোনাৰ দিনলিপিখন কেনেকুৱা ?

মই সোনকালে শোৱাপাটী এৰোঁ ৷ আসন কৰোঁ ৷ তাৰ পিছত একাপ ৰঙা চাহ খাওঁ ৷ তাৰ পিছত মই সংগীত সাধনা কৰোঁ ৷ তাৰ পিছত দুপৰীয়াৰ আহাৰ গ্রহণ কৰোঁ ৷ অলপ জিৰণি লওঁ ৷ মোৰ জীৱনশৈলী সাধাৰণ ৷ নিয়মানুৱর্তিতা বজাই ৰাখিবলৈ চেষ্টা কৰোঁ ৷

  • এখন ডকুমেণ্টৰী নির্মাণৰ জৰিয়তে আপুনি প্রধানমন্ত্রী নৰেন্দ্র মোদীক লগ পোৱাৰ সুযোগ লাভ কৰিছিল ৷ অসমৰ পৰা সেই সুযোগ পোৱা একমাত্র সংগীত শিল্পী কেৱল আপুনি আছিল ৷ সেই অনুভৱ কওকচোন ৷

হয়, মহাত্মা গান্ধীৰ জন্মদিনত অর্থাৎ দুই অক্টোবৰত হায়দৰাবাদৰ ৰামোজী ষ্টুডিত এখন ডকুমেণ্টৰী প্রদর্শন কৰাৰ উদ্দেশ্যে ‘বৈষৱ জন তো তেমে কহিয়ে জে পীড পৰায়ী জানে ৰে’ ভজনটো বিভিন্ন ঠাইত বিভিন্ন শিল্পীক সংযোজিত কৰি দৃশ্যগ্রহণ কৰা হৈছিল ৷ অসমৰ পৰা মই আছিলোঁ ৷ সেই ডকুমেণ্টৰীখন নৰেন্দ্র মোদীৰ বাসভৱনত প্রদর্শন কৰা হৈছিল আৰু তাতে আমাৰ এক চিনাকি পর্ব হৈছিল ৷ তাতে মুম্বাইৰ বহু তাৰকা আছিল ৷ শ্বাহৰুখ খান, সোনম কাপুৰকে ধৰি অন্য বহু ক্ষেত্রৰ শিল্পীসকল ৷ খুব অনানুষ্ঠানিকভাৱে প্রধানমন্ত্রীৰ সৈতে সাক্ষাৎ কৰিছিলোঁ ৷ প্রায় চাৰি ঘণ্টা তেওঁ আমাৰ সৈতে কথা–বার্তা পাতিছিল ৷ ব্যক্তিভেদে গুৰুত্ব প্রদান কৰিছিল ৷ এজন এজনৰ লগত বার্তালাপ কৰিছিল ৷ সঁচাকৈ বৰ স্মৰণীয় ৷ সেই মধুৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে ৷ এক ভাল লগা অনুভৱ ৷

অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক–সামাজিক জগতখনলৈ পুলক বেনার্জীৰ অৱদান অনস্বীকার্য ৷ বর্তমানলৈকে প্রায় সাতশ–আঠশ গীত গাই সংগীত ক্ষেত্রখন চহকী কৰিছে তেওঁ ৷ বৰেণ্য শিল্পীয়ে অনাগত দিনবোৰত স্বমহিমাৰে, কণ্ঠৰ অমৃতসুধা নিগৰাই সুৰৰ আলোক বিচ্চুৰিত কৰি প্রতিভাৰ দীপ্তিৰে সংগীতৰ এই অবিৰত যাত্রাক আৰু অধিক মহীয়ান কৰি তোলক ৷ পুলক বেনার্জীৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ ৷

    ফোন :  ৯৮৬৪৪-২২৪২৮

You might also like
Leave A Reply

Your email address will not be published.