জীৱনৰ সংগ্রামেহ যাৰ সাহিত্য সৃষ্টিৰ আধাৰ

বর্ণালী এছ ডেকা

মনত কিবা এটা কৰাৰ দুর্বাৰ হেঁপাহ থাকিলে নিষ্চয় সপোনবোৰেও আপোনা আপুনি ডেউকা কোবায় ৷ মাত্র লাগিব অলপ সাহস, নিষ্ঠাৰে কাম কৰিব পৰা মানসিক শক্তি আৰু একাগ্রতা সময় বা পৰিৱেশ–পৰিস্থিতি যেনেকুৱাহ নহওক ৷ তেনে হতিহাস অন্যান্য কাহিনী আমি পিিবলৈ পাওঁ ৷ পৰাধীন ভাৰতত জন্ম লভা অসমৰ এগৰাকী সাহসী নাৰী চন্দ্রপ্রভা শহকীয়ানীৰ সংগ্রামী জীৱনগাথা নিঃসন্দেহে প্রতিগৰাকী নাৰীৰ বাবে প্রেৰণাৰ উৎস৷ ৰক্ষণশীল সমাজৰ বেৰ ভাঙি নিজকে প্রতিষ্ঠিত কৰিবলৈ এতিয়াও বহু নাৰী ওলাই আহিব পৰা সেই সাহসকণ হয়তো কম ৷ ভিন্ন কাৰণবশতঃ নিজৰ আশা–আকাংক্ষাক সীমিত পৰিসৰৰ মাজত সীমাবদ্ধ কৰা এক অন্তহীন প্রক্রিয়া ৷

আহনাত মহীৰূহৰ এইবাৰৰ শিতানত পাঠক সমাজলৈ আগবঢ়াইছো এনে এগৰাকী সাহসী নাৰীৰ জীৱনগাথা, যিগৰাকী মহীয়সী নাৰীয়ে নিজস্ব কর্মৰাজিৰ বলত সমাজত নিজকে প্রতিষ্ঠিত কৰি সাগৰসদৃশ ঢৌ সৃষ্টি কৰিছে ৷ তেওঁ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রথমগৰাকী মহিলা মেকানিকেল অভিযন্তা বন্দিতা ফুকন ৷

১৯৪৮ চনত জন্ম লাভ কৰে বন্দিতা ফুকনে ৷ বিজ্ঞানে তেওঁৰ মনটো সৰুৰে পৰাই বিশেষভাৱে প্রভাৱিত কৰিছিল ৷ অনুসন্ধিৎসু মনটোৱে যেন কিবা এটা কৰাৰ অনবৰতে চিন্তা–ভাবনা চলাই আহিছিল ৷ পঞ্চম শ্রেণীলৈকে পিতৃৰ কর্মসূত্রে অৰুণাচলৰ বাসিন্দা আছিল বন্দিতা ফুকন ৷

প্রকৃততে তেওঁৰ পৰিয়ালৰ পৰাই বিশেষভাৱে সাহিত্য চর্চাৰ এক পৰিৱেশ লাভ কৰিছিল ৷ তেওঁৰ ককাক কুমুদেশ্বৰ বৰঠাকুৰ এজন শিক্ষাবিদ তথা অসমীয়া ভাষাৰ প্রথমজন ডিটেক্টিভ কাহিনীৰ লেখক আছিল ৷ পিতৃ প্রয়াত বিপিন চন্দ্র ফুকন শিক্ষা বিভাগৰ এজন বিষয়া আছিল ৷ মাতৃ প্রয়াত হিৰণময়ী দেৱীও এগৰাকী লেখিকা আছিল ৷ স্বাভাৱিকতে এনে এটা প্রেৰণাদায়ক, সৃষ্টিশীল চৌপাশৰ আৱেষ্টনীত ডাঙৰ–দীঘল হৈ জীৱনৰ বুনিয়াদী শিক্ষা লাভ কৰা বন্দিতা ফুকনৰ ফেণ্ঢাচী জগতখনৰ প্রতিহে এক দুর্বলতা আছিল ৷ সৰুৰে পৰা অধ্যয়নপিপাসু পাঠক আছিল বন্দিতা ফুকন ৷ কলেজীয়া জীৱনত অনুবাদৰ জৰিয়তে সাহিত্য জগতত তেওঁ প্রৱেশ কৰিছিল ৷

বন্দিতা ফুকন উত্তৰ–পূর্বাঞ্চলৰ প্রথমগৰাকী মহিলা মেকানিকেল অভিযন্তা যদিও এগৰাকী সাহিত্যিক হিচাপেহে তেওঁ বেছি পৰিচিত ৷ তেওঁৰ কলমৰ কাপেৰে নিগৰিত হৈছে অসংখ্য গল্প, প্রবন্ধ, অনুবাদ গ্রন্থ ৷ সাহিত্য জগতত তেওঁৰ মূল ভেটি কল্পবিজ্ঞান ৷ শিশু সাহিত্যিক, বিজ্ঞান লেখক হিচাপেও তেওঁৰ অন্য এক সুকীয়া পৰিচয় আছে ৷

কল্পকাহিনীৰ অন্যতম স্রষ্টা এহগৰাকী বিশিষ্ট লেখিকাৰ সৈতে মিলিত হৈছিলোঁ এক কথোপকথনত

  • আপোনাৰ সাহিত্য সৃষ্টিৰ মূল উৎস কি ।
  • মোৰ সাহিত্য সৃষ্টিৰ মূল উৎস হল মানুহ ৷ বিচিত্র জীৱন ভাল পাওঁ মই ৷
  • আপুনি যি সময়ত এগৰাকী অভিযন্তা ৰূপে কর্মত নিয়োজিত আছিল, সেই সময়ত  অসমৰ সমাজ ব্যৱস্থা খুব ৰক্ষণশীল আছিল ৷ তেতিয়াৰ দিনত আপোনাৰ  সংগ্রাম  তথা সংঘর্ষময় জীৱন যাত্রাৰ বিষয়ে অলপ কওকচোন ৷
  • হয় ৷ সেই সময়ত নাৰীৰ স্বাধীনচিতীয়া বিষয়টো ভাবিবই নোৱাৰি ৷ কিন্তু মোৰ গোটেই পৰিয়ালৰ সমর্থন শলাগ লবলগীয়া৷ সদায় মোক অনুপ্রাণিত কৰিছিল ৷ যাৰ পৰিপ্রেক্ষিতত সেই সময়ত মই অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রথমগৰাকী মহিলা মেকানিকেল অভিযন্তা ৰূপে আত্মপ্রকাশ কৰিব পাৰিলোঁ বুলিয়েই কব লাগিব দিয়াচোন ৷ কষ্ট হৈছিল যথেষ্ট যিহেতু অভিযন্তা পপা সেহ সময়ত মহিলা নাছিল ৷ কিবা বুজি নাপালে পুৰুষসকলক সুধিব লগা হৈছিল ৷ অলপ বিৰক্তিকৰ আছিল মোৰ বাবে৷ কাৰণ তেতিয়াৰ দিনত পুৰুষৰ লগত বেছি মিলামিছা কৰাটোও অলপ লক্ষণীয় বিষয় আছিল ৷ কিন্তু মই পিছুৱাই অহা নাছিলোঁ ৷ যিহেতু মই মোৰ লক্ষ্যত অটল আছিলোঁ ৷
  • সাহিত্য জগতখনৰ প্রতি আপুনি কেনেকৈ আকৃষ্ট হয় ৷
  • মোৰ পৰিয়ালৰ প্রতিজন সদস্যৰ পৰা মই লিখা–মেলা কৰাৰ বাবে অনুপ্রাণিত হৈছিলোঁ ৷ সৰুৰে পৰা মই অধ্যয়নপিপাসু পাঠকহে আছিলোঁ ৷ কলেজীয়া জীৱনত অনুবাদৰ জৰিয়তে সাহিত্য জগতত তেওঁ প্রৱেশ কৰোঁ ৷
  • আপুনি অসমৰ এগৰাকী অন্যতম কল্পকাহিনীৰ স্রষ্টা ৷ কল্পবিজ্ঞান বিষয়ত আপোনাৰ এক সুকীয়া স্থান আছে ৷ কল্পবিজ্ঞানৰ বিষয়বস্তু কিদৰে নির্বাচিত কৰে ৷
  • বিজ্ঞান বিষয়টোৰ প্রতি মোৰ খুব দুর্বলতা আছিল ৷ কিবা এটা আৱিষ্কাৰৰ খবৰ যদি বাতৰিকাকতত প্রকাশ পাইছে, মই তাৰ গোটেই কথাখিনি সূক্ষ্ম বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ ৷ ওপৰে ওপৰে পঢ়ি থৈ নিদিওঁ ৷
  • প্রিয়তমা আপোনাৰ কল্পবিজ্ঞানৰ প্রথম ৰচনা ৷ প্রিয়তমা সৃষ্টিৰ আঁৰৰ কাহিনী অলপ জনাওকচোন ।
  • মোৰ প্রিয়তমা কাহিনীটোত  আমেৰিকাৰ এজন বৈজ্ঞানিকে তেওঁৰ এক বিশেষ আৱিষ্কাৰক  এক পৰীক্ষামূলক অভিযান চলোৱাৰ উদ্দেশ্যে উত্তৰ–পূর্বাঞ্চললৈ ফুৰিবলৈ আহিছিল ৷ তেওঁৰ সেই আৱিষ্কাৰ আছিল এলিছ নামৰ এটা ৰবট ৷ দেখাত সাইলাখ স্বাভাৱিক যুৱতীৰ দৰে এলিছক দেখি কোনোৱেই তেওঁৰ প্রকৃত স্বৰূপ ধাৰণা কৰিব পৰা নাছিল ৷ তেনেদৰে এলিছৰ প্রেমত পৰিছিল এজন অসমীয়া ভূতত্ত্ববিদ যুৱক ৷ তেওঁ এলিছক বিয়া কৰোৱাৰ প্রস্তাৱ দিছিল ৷ যুৱকজনৰ সেই প্রস্তাৱত বিজ্ঞানীজনে দুর্ঘোৰ আপত্তি কৰিছিল ৷ পিছত যুৱকজনৰ জেদী মনটো দেখি বিজ্ঞানীজনে কৈ উঠিল তেওঁ এলিছৰ মূৰটো ফালি দেখুৱাব নেকি যে এলিছ এগৰাকী মানুহ যুৱতী নহয় অৱশেষত ব্যক্তিজনে মানি ললে যে এলিছ এটা ৰবট ৷ এই কাহিনীৰ বর্ণনা তথা উক্ত কাহিনীৰ আধাৰত মহ মোৰ প্রথম কল্পবিজ্ঞান কাহিনী প্রিয়তমা লিখি উলিয়াহছিলোঁ ৷ বহুত সমাদৰ লাভ কৰিছিল উক্ত গল্পটোৱে ৷
  • অসমৰ বর্তমান সাহিত্য জগতখনৰ প্রতি আপোনাৰ মতামত কি ?
  • নবীন প্রজন্মৰ বহুত ভাল লেখক আছে ৷ আজিকালি ইণ্ঢাৰনেটৰ যুগ, গতিকে তেওঁলোক বহুত আগবঢ়া ৷
  • কল্পবিজ্ঞানৰ বা কল্পসাহিত্যত অসমৰ ভৱিষ্যৎ কেনে দেখে ?
  • খুব দুর্বল ৷ নতুন প্রজন্মই লিখাটো বিচাৰোঁ ৷ আচলতে কল্পবিজ্ঞান লিখিবলৈ হলে বিজ্ঞানৰ প্রতি আকর্ষণ থাকিব লাগিব ৷ বিস্ময়কৰ বস্তুৰ প্রতি  এক অনুসন্ধিসু মন এটা থাকিব লাগিব ৷
  • শিশু সাহিত্যৰ দিশটোতো আপোনাৰ এক বিশেষ দখল আছে ৷  কোনবোৰ বিষয়বস্তু সৃষ্টিৰ বাবে বাছি লয় ।
  • সামাজিক জীৱন, বর্তমানৰ পৰিৱেশৰ মাজত শিশুসকলৰ অস্তিত্ব, গছ কঠা, গঁড় হত্যা আদিক বিষয়বস্তু লৈ মই লিখি আছোঁ ৷ মোৰ সৃষ্টিত কেইবাটাও শিশু চৰিত্র আছে ৷ তাৰ ভিতৰত সোণটি, আজিজ, বুবুল, মিনু আদি ৷ মোৰ প্রথম মৌলিক শিশু উপন্যাস জুমি, ৰীমা আৰু সিহঁত অসম প্রকাশন পৰিষদৰ দ্বাৰা সদৌ অসম ভিত্তিত পুৰসৃক্ত হৈছে ৷ তাৰ পিছৰ পৰা মই আৰু থমকি ৰোৱা নাই ৷ এতিয়ালৈকে মোৰ বত্রিশখন শিশু উপন্যাস প্রকাশ পাইছে ৷ তাৰ মাজতে শিশুৰ বাবে কেইবাখনো কল্পবিজ্ঞান উপন্যাসো লিখিছোঁ ৷ কেইবাখনো মৌলিক শিশু উপন্যাস ভাৰতৰ ভিন ভিন ভাষালৈ নেচনেল বুক ড্রাষ্টে ইংৰাজীলৈ অনুবাদ কৰি প্রকাশ কৰিছে ৷ মুম্বাইৰ অমৰ চিত্রকথা প্রকাশনে মোৰ দ্বাৰা ৰচিত জয়মতী ভাৰতৰ চৈধ্যটা ভাষাত প্রকাশ কৰিছে ৷ তদুপৰি দুখন মৌলিক শিশু গ্রন্থ বড়ো ভাষালৈ অনূদিত হৈছে লগতে দুখন শিশু গ্রন্থ ব্রেইললৈ অনূদিত হৈছে ৷ আনহাতে বিশুদ্ধ বিজ্ঞানৰ ওপৰত কেইবাখনো শিশু গ্রন্থ লিখিছোঁ ৷ শিশু উপযোগীকৈ জীৱনী গ্রন্থ লিখিছোঁ আৰু ত্রিশখন বিজ্ঞান পুথি আৰু বিশ্বকোষ অসমীয়ালৈ অনুবাদ কৰিছোঁ ৷
  • সেউজীয়া ধৰণী শীর্ষক গ্রন্থখনৰ বাবে আপুনি শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৷ সাধাৰণতে সমূহীয়া সৃষ্টিৰ কাৰণে সাহিত্য অকাডেমি বঁটা প্রদান কৰা হয় যদিও আপোনাৰ এখন কিতাপৰ বাবদ আপুনি সেহ বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল ৷ সেই অনুভৱ কওকচোন ৷
  • সেউজীয়া ধৰণী সাহিত্য অকাডেমিৰ দ্বাৰা ২০১১ চনত পুৰসৃক্ত ৷  ইয়াৰ মূল বিষয়বস্তু হল পৰিৱেশ প্রদূষণৰ মাজত শিশুসকলৰ মনোভাৱ ৷
  •  বর্তমান পৰিস্থিতিত কি লিখিব মন যায় ?
  • শিশুসকলৰ বাহিৰেও মই ডাঙৰৰ বাবেও লিখোঁ ৷ ইতিমধ্যে মোৰ কেইবাখনো মৌলিক গল্প সংকলন আৰু উপন্যাস প্রকাশ পাইছে৷ বর্তমান মই অৰুণাচল নেফা ভিত্তিক এখন উপন্যাস লিখি আছোঁ ৷
  • আপুনি অনুবাদো কৰে কেনেধৰণৰ বিষয়ৰ কিতাপ, গল্প, প্রবন্ধ অনুবাদৰ বাবে নির্বাচিত কৰে ।
  • মোৰ যেতিয়াই কোনো বিদেশী উপন্যাস, চুটিগল্প, বিজ্ঞান কাহিনী ভাল লাগে, তেতিয়াই অসমীয়ালৈ অনুবাদ কৰোঁ, যাতে অসমীয়া পাঠকেও তাৰ সোৱাদ লব পাৰে৷ অৱশ্যে সাহিত্য অকাডেমিয়ে বিখ্যাল লেখক ৰাস্কিন বণ্ডৰ এখন উপন্যাস আৰু এখন গল্প সংকলন মোক অনুবাদ কৰিবলৈ দিছিল ৷ আৰু যথাসময়ত দুয়োখন অনূদিত গ্রন্থ তেওঁলোকে প্রকাশ কৰিছিল ৷
  •  ডিজিটেলৰ যুগত ছপা মাধ্যমৰ প্রতি ভাবুকি অহা কথাটো আপুনি স্বীকাৰ কৰেনে ?
  •  ছপাৰ পৰা ইলেকট্ৰনিক পৰিৱর্তন হৈছে ৷ কিন্তু ছপা আকাৰত এখন কিতাপ পঢ়া, তাৰ আমেজেই সুকীয়া৷ ই সংৰক্ষিত হৈ থাকে ৷ মই নাভাবোঁ যে ডিজিটেল যুগৰ কাৰণে ছপা মাধ্যমত ভাবুকি আহিছে বুলি ৷ নহলে নবীন প্রজন্মই ইমান ধুনীয়া ধুনীয়া কিতাপ নিলিখিলেহেঁতেন ৷ গ্রন্থ ৰচনা কৰিছে মানে ই এক ইতিবাচক সঁহাৰি ৷
  • আজৰি সময় কেনেকৈ পাৰ কৰে ?
  • মই যিকণ সময়ত আহৰি পাওঁ সেইকণ সময় শাক–পাচলিৰ বাগিচাত কটাওঁ ৷ মোৰ একান্ত সংগী মোৰ ফল ফুলৰ বাগিচাখন ৷ ৰন্ধা–ববা কৰি ভাল পাওঁ ৷
  • আপোনাৰ জীৱনৰ সফলতাৰ মূল মন্ত্র কি
  • মনটো সদায় সুখী কৰি ৰাখিব লাগে ৷ অশান্ত মুহূর্তত নিজৰ ভাল লগা কাম কৰি মনটো প্রফুল্লিত কৰি ৰাখিব লাগে ৷ কেতিয়াও কাৰো প্রতি অভিযোগ কৰিব নালাগে ৷ যিখিনি আছে তেনেকৈ সুখী হবলৈ চেষ্টা কৰিব লাগে ৷
  • আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কি ?
  • ভৱিষ্যৎ পৰিকল্পনা বুলি একো নাই ৷ মই লিখি ভাল পাওঁ আৰু জীয়াই থকালৈকে মই লিখি থাকিম ৷
  • আজিৰ শিশু বেছিভাগেই মবাহল আসক্ত ৷ শিশুসকলক এই মবাইল মেনিয়াৰ পৰা দূৰ কৰিবলৈ শিশুৰ উপযোগী পুথিসমূহ এক বিকল্প ব্যৱস্থা হব পাৰে বুলি ভাবেনে ?
  • নিঃসন্দেহে হব ৷ কিন্তু তাৰ বাবে অভিভাৱকসকলেও গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব ৷ নিজৰ কর্মব্যস্ততা দোহাই দি শিশুটিৰ হাতত মবাইল ফোন খেলাৰ এক মাধ্যম কৰি তোলাৰ পৰা বিৰত থাকিব লাগিব ৷  তদুপৰি অভিভাৱকে নিজেও শিশুৰ সন্মুখত কিতাপ পঢ়ি উদাহৰণ দেখুৱাব লাগিব ৷ সৰু সৰু পুথিবিলাক যেনে বিশেষকৈ ছবি থকা পুথিসমূহ কণমানিসকলক দিব লাগে ৷ শিশু সাহিত্য হৈছে শিশুৰ মানসিক খাদ্য ৷  যি এটা শিশুক জ্ঞানৰ দক্ষতা বৃদ্ধি কৰে ৷ বিদেশত শিশু সাহিত্যৰ সমাদৰ যথেষ্ট ৷ কিন্তু আমাৰ হয়াত শিশু প্রয়োজন পূৰণ কৰিব পৰাকৈ শিশু সাহিত্যৰ অভাৱ আছে ৷

গল্প, প্রবন্ধ, শিশু সাহিত্যৰ মাজেৰে অসমৰ ভাষা–সাহিত্য জগতখন জীপাল কৰি ৰখা এহগৰাকী বিশিষ্ট লেখিকাই নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয় যে প্রাপ্তি–প্রাপ্তিৰ মাজতে আছে জীৱনৰ মাদকতা ৷ পাঠক সমাজে যদি মোৰ লিখা পঢ়ি উপকৃত হৈছে, যদি কিবা বার্তা বিচাৰি পাইছে তাতেই মোৰ সন্তুষ্টি–সার্থকতা লুকাই আছে ৷  মই তাতেই সুখ বিচাৰি পাওঁ ৷

সত্তৰৰ ঊধর্বতো বন্দিতা ফুকন বাইদেউৰ কলমৰ ধাৰ অক্ষুণ্ণ আছে ৷  যুগৰ লগত সংগতি ৰাখি এই বয়সতো কম্পিউটাৰৰ সন্মুখত বহি কী বর্ডত হাত বুলাই বহু অনুপম সৃষ্টিৰাজি পাঠক সমাজক উপহাৰ দি আহিছে ৷

সাক্ষাৎকাৰ লোৱাৰ সময়ত তেওঁ মোক কৈছিল আজিকালি ইণ্ঢাৰনেটৰ যুগ নহয়, ময়ো যিমান পাৰোঁ কম্পিউটাৰতে লিখা–মেলা কৰিবলৈ যত্ন কৰিছে ৷ বাহদেউ প্রতিটো কথা আচলতে উৎসাহজনক ৷ জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্ট হৈ একপ্রকাৰ জীৱন যুদ্ধত জয়ী হোৱা এইগৰাকী সাহসী নাৰীৰ সুস্বাস্থ্য আৰু দীর্ঘজীৱন কামনা কৰি এই লেখাৰ মোখনি মাৰিলোঁ ৷

ফোনঃ  ৯৮৬৪৪-২২৪২৮

You might also like
Leave A Reply

Your email address will not be published.