ৰেচিপি

কৰবী গগৈ শর্মা

চুজিৰ কেক

উপকৰণঃ

কণী – ৪টা

চুজি – ২ কাপ

গুড– ১/২ কাপ মিহিকৈ কুটা

বেকিং – ১ চামুচ

মিক্স ড্রাই  ফ্ৰূইট ১/২ কাপ

আমূল তাজা গাখীৰ ১ কাপ

কমলাৰ জেষ্ঠ

বাটাৰ – ১০০ গ্রাম

যিকোনো ফ্লেভাৰৰ এচেনঞ্চ

প্রণালীঃ প্রথমে  শুকান বস্তুবোৰ একেলগে মিক্স কৰি লব ৷ এতিয়া  কাটি লোৱা গুড়খিনি দি ভালদৰে মিক্স কৰিব ৷ বাটাৰখিনি মেচ্ট কৰি দিব ৷ গাখীৰ দিব ৷ বেকিং পাউডাৰ দিব ৷ ড্রাই ফ্ৰূইট, কমলাৰ জেষ্ঠ দিব ৷ এতিয়া কণীকেহটা ভাঙি ভালদৰে বেল্ডাৰেৰে ফেটি লব ৷ তাৰ পিছত কেকৰ বাটিটোত ৰিফাইন সানি অলপ শুকান ময়দা ছটিয়াই মিশ্রণটো ঢালি দিব, বাটিটোত মিশ্রণটো চেট হবলৈ দিয়ক ৷ অটিজীত ১৮০ ডিগ্রী চেঃগ্রেডত বেক হবলৈ দিয়ক প্রায় ৪০ মিনিট সময় ৷ সম্পূর্ণ সিজি উঠিলে টুকুৰা টুকুৰকৈ কাটি গৰম চাহৰ লগত পৰিৱেশন কৰক ৷

গাজৰ কেক

উপকৰণঃ

গাজৰ ৰোকা – একাপ

ময়দা – একাপ

চেনি গুড়ি – একাপ

ৰিফাইন একাপ

বেকিং ডেৰ চামুচ

হলাধি গুড়ি আধা চামুচ

বেকিং ছডা ১/৪ চামুচ

গাখীৰ আধা কাপ

কণী ৩টা

ভেনিলা এচেঞ্চ এচামুচ

প্রণালীঃ  ময়দা, বেকিং, বেকিং ছডা চালনিৰে চালি লব ৷ কণীকেহটা বাটিত ভাঙি ফেটিব, গুড়ি চেনি মিক্স কৰিব, ৰিফাইন মিক্স কৰিব ৷ এতিয়া মিশ্রণটোত ময়দাখিনি দি একেলগে ভালদৰে ব্লেড কৰিব ৷ এতিয়া  ৰোকা গাজৰখিনি দি ভালদৰে মিক্স কৰিব ৷ হলাচি গুড়ি দি গোটেইখিনি ভালকৈ মিক্স কৰি ৰিফাইন সনা কেক টিনত সমানকৈ ঢালি দিব ৷ প্রিহিট অভেনত ১৮০ ডিগ্রী চেঃগ্রেডত বেক কৰক ৩৫ মিনিট ৷ সম্পূর্ণ বেক হলে চাহৰ লগত পৰিৱেশন কৰক ৷

ৰসমলাহ কেক

উপকৰণঃ একাপ ময়দা

একাপ গুড়ি চেনি

একাপ ৰিফাইন

৩টা কণী

এক চাহ চামুচ বেকিং পাউডাৰ

হালধীয়া ফুড কালাৰ

পিষ্টা

ৰেডিমেড ৰসমলাই

কেশৰ

প্রণালীঃ  কণীকেহটা এটা বাউলত ফেটি লব ৷ গোটেইখিনি সামগ্রী মিক্স কৰিব ৷ ব্লেডাৰেৰে ভালদৰে মিক্স কৰি কেক টিনত ৰিফাইন সানি ঢালি দিব ৷ এতিয়া কেকটো মাজত ৩ ভাগ কৰি কাটিব ৷ এতিয়া হুইপ ক্রীম হুইপ কৰি লব ৷ এক ড্রপ হালধীয়া ফুড কালাৰ মিক্স কৰিব ৷ আইচিং কৰিব ৷ এতিয়া ষ্টাৰ নজেল দি আইছিঙৰ ওপৰত ৰজেত ফুল বনাই তাত ওপৰত গোল্লা এটা  দিব ৷ পিষ্টা মিহিকৈ কাটি ছটিয়াই দিব ৷

পকাকলৰ কেক

পকা কল ২টা

কণী ৩টা

ৰিফাইন তেল ১/২ কাপ

কাজু, কিচমিচ ১/২ কাপ হচ্ছা কৰিলে

ময়দা একাপ

বেকিং পাউডাৰ এক চাহ চামুচ

নিমখ এচিকুট

বাটাৰ

প্রণালীঃ কলকেইটা খুউব মিহিকৈ পিটিকি লব ৷ কণীকেইটা ব্লেণ্ড কৰি লব ৷ গুড়ি চেনি, ময়দা, বেকিং পাউডাৰ ভালদৰে মিক্স কৰি লব ৷ এটা বাউলত সকলোখিনি সামগ্রী খুউব ভালকৈ ফেটি লব ৷ কলখিনিও মিক্স কৰিব ৷ ড্রাই ফ্ৰূইটখিনি মিক্স কৰিব নতুবা ইচ্ছা কৰিলে চেৰীও দিব পাৰে ৷ এতিয়া এটা কেক টিনত ভালদৰে তেল সানি মিশ্রণটো দিব ৷ অভেনত ১৮০ ডিগ্রীত ৩০-৪০ মিনিট বেক কৰিব ৷ কাটা চামুচেৰে খুচি চাওক ভালদৰে বেক হৈছেনে ৷  চাহৰ লগত জুতি লওক কেহবাদিনলৈকে ৷

আটাৰ কেক

আশীর্বাদ ৰঙা আটা একাপ

কণী ৩টা

চেনি আধাকাপতকৈ অলপ বেছি গুড়ি কৰি লব ৷

ৰিফাইন বা বাটাৰ আধা কাপ

যিকোনো ফুলফেট লিকুইড গাখীৰ ১/২বেকিং পাউডাৰ এচামুচ

ছডা আধা চামুচ

চেৰী বা ড্রাই  ফ্ৰূইট কেইটামান

নিমখ এচিকুট

প্রণালীঃ  প্রথমে আটাখিনি চালি লব ৷ বেকিং পাউডাৰ আৰু ছডা মিক্স কৰিব ৷ এটা বাউলত কণীকেহটা ভাঙি লৈ চেনি গুড়ি, ৰিফাইন, লিকুইড গাখীৰ মিলাই খুউব ভালদৰে মিক্স কৰি ব্লেণ্ডাৰে ব্লেণ্ড কৰিব ৷ এতিয়া আটাখিনি অলপ অলপকৈ চালি চালি ঢালি দিব ৷ নিমখ এচিকুট দিব ৷ এতিয়া কেক বনোৱা টিনটোত অলপ তেল সানি মিশ্রণখিনি ঢালি দিব ৷ ওপৰত ড্রাইফ্ৰূইট বা চেৰীখিনি দিব ৷ প্রি–হিট অভেনত টিনটো ১৮০ডিগ্রীত বেক কৰক ৩০/৪০ মিনিট  ৷

ফোনঃ  ৭০০২১-৫৩৮৩০

You might also like
Leave A Reply

Your email address will not be published.