শিশু–কৈশোৰ কালত হোৱা সমস্যা

নিমি বৰগোহাঁই

  • মই দুটি সন্তানৰ মাতৃ ৷ দুটা লৰা ৷ ডাঙৰটোৰ তুলনাত সৰুটো খুব আঁকোৰগোজ ৷ লাগ বুলিলেই লাগে ৷ খং বহুত বেছি ৷ কেতিয়াবা এই কথাটোৱে মোক চিন্তিত কৰি তোলে ৷ উপায় আছেনে বাৰু ?

          হয় উপায় আছে ৷ আপুনি তাৰ দাবীবোৰ সহজতে পূৰণ কৰি নিদিব ৷ এইটো তাৰ হৈছে আচৰণৰ দোষ ৷ আচৰণ সংশোধন কৰা দুটা নিয়ম আছে ৷ এটা হৈছে পুৰস্কাৰ আৰু আনটো হৈছে শাস্তি ৷ মই পিছে পুৰস্কাৰ দিয়াটোতহে বেছি প্রাধান্য দিওঁ ৷ আচৰণ সংশোধন কৰাৰ কিছুমান নিয়ম আছে ৷ এই নিয়মসমূহ জানিবলৈ আপুনি এজন অভিজ্ঞ মনোবৈজ্ঞানিকৰ পৰা পৰামর্শ লওক ৷ নিশ্চয় সুফল পাব ৷

  • আমি দুয়োগৰাকী চাকৰি কৰা অভিভাৱক ৷ আমাৰ এগৰাকী কন্যা সন্তান ৷ তাইৰ বয়স সাত বছৰ ৷ আজি কিছুদিনৰ পৰা মন কৰিছোঁ আমাৰ ছোৱালীজনীহে কিছু মিছা কথা কবলৈ ধৰিছে ৷ বিশেষকৈ মোৰ গা বেয়া এই কথাষাৰ প্রায় কৈ থাকে ৷ কিন্তু ডাক্তৰৰ ওচৰলৈ যাম বুলি কলে নালাগে মই ভাল পাইছোঁ ৷ এনে কথা প্রায়ে শুনা যায় ৷

          আপোনালোকৰ ছোৱালীজনীয়ে বোধহয় আপোনালোকৰ পৰা গুণবাছক সময় নাপায় বা তাইৰ হয়তো কিছুমান মনৰ ভিতৰত উৎকণ্ঠা আছে, সেইবাবে বোধহয় তাই আপোনালোকৰ পৰা গুৰুত্ব পাবলৈ মিছাৰ আশ্রয় লয় ৷ যদিহে তেনেকুৱা অসুবিধা আছে আপোনালোকে তাইৰ মনৰ জগতখন জানিবলৈ চেষ্টা কৰক, নহলে পৰৱর্তী পর্যায়ত আৰু অন্য ধৰণৰ আচৰণৰ দোষ গঢ়ি উঠিব পাৰে ৷

  • আমাৰ দুটি সন্তানৰ ক্ষেত্রত এটা কথা মন কৰিছোঁ যে কথাবোৰ খুব হাই এমবিচিয়াছ ৷ নিজৰ মতে কাম কৰিব ৷ খুব জিদ কৰে ৷ বিচৰা বস্তু নিদিলে ওচৰত যি পায় তাকে দলিয়াবলৈ ধৰে ৷ ইয়াৰ কাৰণ কি বাৰু ৷

       হাই এমবিচিয়াছ হোৱাটো ভাল কথা, কিন্তু তাক পূৰাবলৈ গৈ যদি জেদ কৰা আৰু আচৰণৰ সালসলনি হয়, তেতিয়াহে চিন্তনীয় ৷ এইটো আচৰণো হৈছে আচৰণৰ দোষ ৷ এটা নির্দিষ্ট বয়সলৈ এটা শিশুৱে এনেধৰণৰ আচৰণ কৰে যদি বয়সৰ সীমা পাৰ হৈ যায়, তেনেহলে আপোনাৰ সন্তানক আচৰণৰ সংশোধনৰ নিয়ম প্রণালীসমূহ দৰকাৰ হব ৷ কেতিয়াবা মন বেয়া অর্থাৎ হতাশাত ভুগিলেও এনেধৰণৰ আচৰণ পৰিলক্ষিত হয় ৷

  • আমি দুয়োগৰাকী পিতৃ–মাতৃয়ে কাম কৰোঁ ৷ আমাৰ দুটি সন্তান ৷ কামলৈ অহাৰ সময়ত সন্তান দুটি সহায়িকাৰ হাতত এৰি আহোঁ ৷ আজি দুদিনমানৰ পৰা লক্ষ্য কৰিছোঁ যে সিহঁত দুয়োটাৰ কথাৰ সুৰবোৰ সলনি হৈছে ৷ যিটো মিঠা মিঠা কথা আচলতে শিশুৰ মুখত শুনিবলৈ পোৱা যায় সেয়া যেন নোহোৱা হৈছে ৷ কথাবোৰৰ লগতে স্বভাৱবোৰ কিবা খিংখিঙীয়া হৈছে ৷ এই পৰিৱর্তন কিয় বাৰু ৷

        আপোনাৰ সন্তানৰ বয়সটো আপুনি উল্লেখ নকৰিলে ৷ আপোনাৰ সন্তান দুটিক বোধহয় সহায়িকাগৰাকীয়ে ভাল ব্যৱহাৰ নকৰে ৷ যাৰ কাৰণে হয়তো তাহাঁতৰ খং উঠি থাকে ৷ আপুনি ঘৰলৈ অহাৰ পিছত তাহাঁত দুয়োটাকে বহুৱাই কথা পাতক, সময় দিয়ক, খং উঠাৰ কাৰণ গম পাই যাব ৷

  • মোৰ সন্তানটি অলপ সৰল ৷ মানে কথা বহুত কমকৈ কয় ৷ বহুত দিনলৈকে মাত ভালকৈ ওলোৱা নাছিল ৷ এতিয়া দুই এটা কথা কয় ৷ যদিও অলপ অস্পষ্ট৷ খুব চিন্তা হৈছে ৷ স্পীচ্চ থেৰাপী দিছোঁ ৷ বাকী তাৰ সকলোখিনি স্বাভাৱিক ৷  ডাঙৰ হলে এই বস্তুবোৰ ঠিক হবনে বাৰু ৷

        শিশু এটা জন্মৰ পিছতে তাৰ–তাইৰ বহা, খোজ–কঢ়া , কথা কোৱা ইত্যাদি বয়সৰ লগে লগে হয় ৷ ইয়াক Developmental Milestones বুলি কয় ৷ যদি কিবা কাৰণত বা কাৰণ নোহোৱাকৈও ইয়াৰ এটা অংশত যদি দেৰি হয় সময়তকৈ তেতিয়া পৰৱর্তী পর্যায়ত হয়তে  Alow liarnce হব পাৰে ৷ পঢ়া–শুনাৰ ক্ষেত্রতো বেলেগ শিশুতকৈ পিছপৰি থাকিব পাৰে ৷ এইক্ষেত্রতবুদ্ধি পৰীক্ষা Intelligence Test কৰাটো প্রয়োজন ৷Speech Therapy কৰাইছে যদি ভাল কথা ৷ IQ Test এটা কৰাই ললে ভাল হব ৷ এই পৰীক্ষাটো এজন অভিজ্ঞ মনোবৈজ্ঞানিকেহে কৰিব পাৰে ৷

  • মোৰ সন্তানটিৰ বয়স ১৪ বছৰ ৷ অত্যন্ত খঙাল ৷ আচলতে দেউতাকো বহুত খঙাল মানুহ ৷ সৰু সৰু কথাতে খং কৰে ৷ এইটো জেনেটিক বুলি ভাবিছোঁ যদিও পিছলৈ সুস্থিৰ হবনে বাৰু ৷

         খংটোGenetic বুলি কব নোৱাৰি ৷ যিহেতু তাৰ বয়স ১৪ বছৰ সি এতিয়া কৈশোৰ কালত উপনীত হৈছে ৷ কৈশোৰ কালছোৱাত শৰীৰৰ লগতে মনৰো পৰিৱর্তন হয় ৷ কৈশোৰ কালছোৱা ধুমুহাৰ লগত তুলনা কৰা হয় ৷ সেই কাৰণে এই সময়ছোৱা জীৱনৰ বৰ জটিল সময় ৷ গতিকে খং উঠাটো হয়তো তাৰ মনৰ জগতখনত লাগি থকা খেলিমেলি ৷ আপুনি ভালদৰে তাৰ লগত কথা পাতক, সোধক কিয় খং উঠে তাৰ, তাৰ মনৰ জগতখনক জানিবলৈ চেষ্টা কৰক ৷ আপুনি তাক এগৰাকী মনোবৈজ্ঞানিক অথবাCounsellor/পৰামর্শদাতাৰ লগত কাউন্সেলিং কৰাওক ৷

  • সামাজিক মাধ্যমত আজিকালি বেছিভাগ অভিভাৱককেই সন্তানৰ বিভিন্ন কাৰুকার্যবিলাক ষ্টেটাছত দিয়ে ৷ ইয়াৰ কিমান ইতিবাচক আৰু নেতিবাচক প্রভাৱ পৰে শিশুৰ মানসিক দিশত ৷

         শিশুক সামাজিক মাধ্যমৰ পৰা দূৰত ৰখাটোৱেই ইতিবাচক ৷ অভিভাৱকে সন্তানক উপযুক্ত কৰাৰ কাৰণে সামাজিক মাধ্যমৰ বাহিৰেও অন্য মাধ্যম আছে, যত নেতিবাচক প্রভাৱ শিশুটোৰ ওপৰত নপৰে ৷ শিশুক শিশু হিচাপেই ৰাখিব লাগে ৷

  • আমি একক পৰিয়ালত বাস কৰোঁ ৷ আমাৰ একমাত্র পুত্রহে খুব ভাবুক প্রকৃতিৰ ৷ খুব আনেগিক ৷ ইণ্ড্রভার্ট ৷ কিদৰে অলপ সামাজিক কৰিব পাৰি জনাবচোন ৷

       তাক ছবি  অঁকা, খেলা–ধূলা, বাদ্য–সংগীত ইত্যাদিত সহযোগ কৰাই দিয়ক ৷ এইবোৰৰ মাধ্যমেদি আপোনাৰ লৰাই অন্য লৰা–ছোৱালীৰ লগত মিলা–মিছা কৰি তাৰ সামাজিক শৈলীটো ববাব পাৰিব ৷ জীৱনশৈলীৰ মাজত অন্যতম হৈছে সামাজিক শৈলী৷ সৰুৰে পৰা সামাজিক শৈলীবোৰ শিকালেহে এটা শিশুৱে পৰৱর্তী কালছোৱাত সমস্যাৰ সন্মুখীন হলে তাক সঠিকভাৱে সমাধান কৰিবলৈ সক্ষম হব ৷

  • পঢ়া–শুনাত আমাৰ লৰা খুব চোকা ৷ কিন্তু পৰীক্ষাৰ আগমূহূর্তত অত্যধিক নার্ভাছ হৈ পৰে ৷ মূৰ ঘূৰোৱা অৱশ লগা ইত্যাদি লক্ষণ হয় ৷ কাৰণ কি হব পাৰে ৷

          কাৰণসমূহ দেখি পৰীক্ষাৰ ভয় যাক ইংৰাজীত Examination Phobia বুলি কোৱা হয়, সেইধৰণৰ হোৱাৰ নিচিনা লাগিছে ৷ পৰীক্ষাৰ সময়ছোৱাত হয়তো সি মানসিক হেঁচাত ভোগে ৷ তাক Relexation Therapy শিকাই দিয়ক আৰু এজন পৰামর্শদাতাৰ ওচৰত লৈ গৈ তাক পৰীক্ষা ভয়ৰ পৰা মুক্ত পাবলৈ কাউন্সেলিং কৰাওক ৷ এইটো বৰ সঘনাই দেখিবলৈ পোৱা মনৰ দুর্বলতা ৷

  • সন্তানক ডাঙৰ–দীঘল কৰাৰ ক্ষেত্রত যৌন শিক্ষা কিমান প্রয়োজন ৷ কৈশোৰ অৱস্থাত এই শিক্ষা ঘৰত অভিভাৱক হিচাপে দিলে বিশেষকৈ কন্যা সন্তানক দিলে বহু সমস্যা সমাধান হব বুলি ভাবেনে ৷ এজন অভিভাৱক হিচাপে এই প্রশ্ন মই আপোনাক কৰিছোঁ ৷

        যৌন শিক্ষাৰ মূল উদ্দেশ্য হৈছে ছাত্র–ছাত্রী বা কিশোৰ–কিশোৰীক পুৰুষ আৰু মহিলাৰ দেহৰ সম্পর্কে আৰু শিশুৰ জন্মৰ সম্পর্কে জ্ঞান দিয়াটো ৷ যৌন শিক্ষাই লৰা–ছোৱালীক নিজৰ লিংগৰ বিষয়ে ভালদৰে জনাত সহায় কৰে ৷ অভিভাৱকসকলে শুদ্ধ তথ্যৰ সহায়েৰে যৌন শিক্ষা দিয়াটো প্রয়োজন যাতে লৰা–ছোৱালী অনুপযোগী আলোচনী বা মিডিয়াৰ দ্বাৰা ভুল পথেদি পৰিচালিত নহয় ৷ অভিভাৱকসকলেই হৈছে শিশুৰ একমাত্র সহযোগী চৰিত্র গঠন কৰাত ৷ সেই কাৰণে অভিভাৱকেই হৈছে সকলোতকৈ নির্ভৰযোগ্য ব্যক্তি শিশুক যৌন শিক্ষা প্রদান কৰাটো ৷ যিমানেই সোনকালে ঘৰত যৌন শিক্ষা দিয়া হয়, সিমানেই সোনকালে লৰা–ছোৱালীয়ে শুদ্ধ যৌনৰ বিষয়ে সঠিক জ্ঞান আহৰণ কৰিব আৰু অভিভাৱকৰ কাৰণে সহজ হৈ পৰিব ৷ কন্যা সন্তান কিয় পুত্র সন্তানকো যৌন শিক্ষা দিয়াটো অভিভাৱকৰ কর্তব্য বা দায়িত্ব ৷

ফোনঃ  ৯৮৬৪০-৯৬৫১৩

You might also like
Leave A Reply

Your email address will not be published.