আপুনি আপোনাৰ সন্তানটিক লৈ বেছি possesive নেকি ?

নিমি বৰগোহাঁই

  • মোৰ লৰাৰ বয়স ৬ বছৰ ৷ অসমৰ এখন আগশাৰীৰ বিদ্যালয়ত পঢ়ি আছে ৷ ভাল লাগে যে মোৰ সন্তানে এখন উচ্চ মানসম্পন্ন বিদ্যালয়ত পঢ়িবলৈ সুবিধা পালে ৷ কিন্তু মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে প্রায়ে আমি নিজৰ সন্তানৰ বাবে কেয়াৰ কৰোঁ, কিন্তু তাৰ মাজত এচাম অভিভাৱক দেখিছোঁ যি নিজৰ সন্তানক লৈ over possessive ৷ মানে কোনেও তেওঁলোকৰ সন্তানক একো দোষ উলিয়াব নোৱাৰে ৷ অলপ কিবা হলেহ অভিভাৱকৰ মাজত কাজিয়া–পেছাল আৰম্ভ হয় ৷ এনে মানসিকতাই বাৰু কি সূচায়

চয়নিকা বৰা

গোলাঘাট

  • সকলো অভিভাৱকেই নিজৰ সন্তানৰ প্রতি স্ব–ধিকাৰ পাব বুলি কোৱা হয় ৷ ইয়াতো এটা সীমা থাকে ৷ যেতিয়া সেই সীমা অভিভাৱকে অতিক্রম কৰে, বহুতো ক্ষেত্রত এটা ছোৱালীক নানা ধৰণৰ মানসিক সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় ৷ বহুতো অভিভাৱকে নিজৰ সন্তানক সম্পত্তি বুলি লগাতকৈ বেছি তেওঁলোকৰ ব্যক্তিগত জীৱনত সোমাই পৰে ৷ আৰু সন্তানে তেওঁলোকৰ ব্যক্তিগত জীৱনত অভিভাৱকসকলে লগাতকৈ বেছি সোমাই গলে অস্থিৰ অনুভৱ কৰে ৷ সেই কাৰণে অভিভাৱকসকলে জনা উচিত কত তেওঁলোকে নিজকে বান্ধি ৰাখিব ৷ এইক্ষেত্রত অভিভাৱকসকলে নিজৰ কৰণীয়খিনি জনাৰ খুব প্রয়োজন ৷ অভিভাৱক হবলৈ সহজ কিন্তু অভিভাৱকৰ দায়িত্ব পালন কৰাটো পৃথিৱীৰ ভিতৰতেই জটিল কাম ৷ ইয়াক নিয়াৰিকৈ চলাবলৈ অভিভাৱকসকলে প্রশিক্ষণ লোৱাটো খুবেই প্রয়োজন, যিটো আমাৰ দেশত এতিয়াও প্রচলন হোৱা নাই ৷ আচলতে এনেধৰণৰ অভিভাৱকে মানসিকতাই তেওঁলোকৰ নিজৰ মনৰ অস্থিৰতাক প্রতিষ্ঠিত কৰে ৷
  • মই এগৰাকী চাকৰিয়াল মহিলা ৷ মোৰ সন্তানৰ বয়স ৫ বছৰ ৷ একমাত্র সন্তানৰ বাবে আমি প্রয়োজনতকৈ অধিক ব্যস্ত, অধিক মৰমে আৱৰি ৰখা হয় কিন্তু এতিয়া মই মন কৰিছোঁ became adamant ৷ কথাইপতি খং কৰা হৈছে ৷ অত্যধিক মৰমৰ বাবে এনে হৈছে নেকি বাৰু ৷

গৰিমা শহকীয়া

কুঁৱৰীতল, কলিয়াবৰ

  • মিছেছ শইকীয়া, হয় অত্যধিক মৰমেও সন্তানক বিপথে চলায় ৷ আপুনি যিহেতু এগৰাকী চাকৰিয়াল মাতৃ আপুনি আপোনাৰ সন্তানক বেছি সময় দিবলৈ নোৱাৰে ৷ যাৰ কাৰণে আপোনাৰ অৱচেতন মনত এটা দোষী ভাব সদায় আছে ৷ আৰু সেই কাৰণে আপুনি আপোনাৰ দোষী মনটোৰ পৰা পৰিত্রাণ পাবলৈ সন্তানক লগাতকৈ বেছি বস্তু আৰু মৰমেৰে ওপচাই দিছে, আৰু আপোনাৰ শিশুটিয়ে সুবিধা বুজি আচৰণৰ বিসংগতি আনিছে ৷ মৰম কৰিব কিন্তু কত আপুনি সীমা বান্ধিব সেইটোও বুজিব চেষ্টা কৰিব ৷ সি দোষ কৰিলে কি কৰিব এই বিষয়ে সবিশেষ আপুনি এগৰাকী কাউন্সিলাৰৰ পৰা পৰামর্শ লওক ৷ নিশ্চয় সুফল পাব ৷
  • এগৰাকী পিতৃৰ দৃষ্টিভংগীৰে এটা কথা সুধিব বিচাৰিছোঁ যে মই মোৰ ছোৱালীজনীক কেতিয়াও কাৰো সতে তুলনা কৰিব নিবিচাৰোঁ ৷ কিন্তু মাজে মাজে মন কৰোঁ তাইৰ মাকে তেওঁক প্রতিটো বিষয়ত অধিক মনোনিৱেশ কৰাটো বিচাৰে ৷ যেনে ধৰক ভালকৈ পঢ়িবই লাগিব, নাচিবও লাগিব, ছবি আঁকিবও লাগিব ৷ এনে কাৰবাৰবোৰে মোক অলপ বিচলিত কৰে৷ কি উপায় আছে বাৰু ৷

হেমন্ত গার্গ

তিতাবৰ

  • তুলনা কৰাটো আপুনিও নিবিচাৰে লগতে আপোনাৰ ছোৱালীজনীয়েও নিবিচাৰে ৷ তুলনা কৰিলে লৰা–ছোৱালীয়ে বৰ বেয়া পায় আৰু যাৰ ফলস্বৰূপে সিহঁতি নানান ধৰণৰ মানসিক কাৰকৰ সন্মুখীন হয় ৷ লৰা–ছোৱালী সকলোতে পৰিপূর্ণ নহবও পাৰে ৷ সিহঁতৰ মনৰ জগতখন বুজিবলৈ আপোনাৰ পত্নীক বুজাওক ৷ অনবৰতে সকলো দিশতে পৰিপূর্ণ বিচাৰিলে ছোৱালীজনীয়ে মানসিক হেঁচাত ভুগিব আৰু তাৰ ফলস্বৰূপে বিভিন্ন মানসিক দুর্বলতাত ভুগিব পাৰে ৷ প্রয়োজনসাপেক্ষে আপোনাৰ পত্নীক এগৰাকী পৰামর্শদাতাৰ সৈতে কথা পাতিব দিয়ক ৷
  • আজি কিছুদিনৰ পৰা মন কৰিছোঁ মোৰ লৰাটোৰ সাংঘাতিক ধৰণেৰে মুড ছুইং হৈছে ৷ ইয়াৰ কাৰণ কি হব পাৰে বাৰু ৷

ধৰিত্রী দেৱী

গুৱাহাটী

  • মিছেছ দেৱী, আপুনি লৰাটোৰ বয়স উল্লেখ নকৰিলে ৷ যি কি নহওক যদি আপোনাৰ লৰাই কৈশোৰত ভৰি দিছে, তেনেহলে মুড ছুইং অথবা মনটো স্থিৰভাৱে নাথাকিবও পাৰে ৷ এই ভাল লগা, এই বেয়া লগা হঠাতে আৱেগিক হৈ পৰা, খিংখিঙীয়া স্বভাৱকে বুজায় ৷ বহুক্ষেত্রত জীৱনে মুখ্য ভূমিকা গ্রহণ কৰে৷ মুড ছুইং কৈশোৰ কালত হলে বায়লজিকেল কাৰণতো হব পাৰে ৷ কাৰণ কৈশোৰ কালত যি হৰমনৰ পৰিৱর্তন হয়, সেই পৰিৱর্তনে কৈশোৰক মনৰ বিষাদগ্রস্ততা, খং, হতাশা, খিংখিঙীয়া আচৰণ ইত্যাদি আনিব পাৰে ৷
  • মোৰ এজনী ছোৱালী ৷ প্রত্যেক দিশত তাই আগবঢ়াবা, কিন্তু এটা কথা মই সুধিব বিচাৰিছোঁ যে আমি যৌথ পৰিয়ালত থাকোঁ ৷ কিছু ক্ষেত্রত কিছু বিষয়ত আমি অনিচ্ছাসত্ত্বেও কিছু কাম কৰিব লগা হয় ৷ Privacy অলপ নোহোৱা হয় ৷ কিন্তু কেতিয়াবা মই মোৰ ছোৱালীজনীক যিদৰে গঢ় দিব বিচাৰিছিলোঁ পৰা নাই ৷ এইক্ষেত্রত কি কৰা উচিত ৷

নৰেশ শর্মা

বকলীয়াঘট

  • শর্মা ডাঙৰীয়া, আপোনাৰ ছোৱালীজনী যিহেতু প্রত্যেক দিশতে আগবঢ়াব, আপুনি তাইক আগবাঢ়ি যোৱাত সহায় কৰক ৷ যৌথ পৰিয়ালত বাস কৰাৰ দুয়োটা দিশেই আছে ৷ ইতিবাচক আৰু নেতিবাচক ৷ কিছুমান ক্ষেত্রত এডজাষ্ট কৰিবলগা হয় ৷ প্রাইভেচিৰ কথা কৈছে প্রাইভেচি আপুনি নিজেই বিচাৰি উলিয়াব লাগিব ৷ আৰু ছোৱালীজনীক এখন সময় তালিকা বনাই দিয়ক আৰু সেইমতে তাইক অনুকৰণ কৰিবলৈ দিয়ক ৷ যৌথ পৰিয়ালত থাকিলে সময় তালিকাই সহায় কৰিব আপোনাৰ ছোৱালীজনীৰ পঢ়া–শুনাৰ ক্ষেত্রত ৷
  • মোৰ সন্তানৰ বয়স ৩ বছৰ ৷ কিন্তু যিদৰে কথা পাতিব লাগে ৷ সেইদৰে কথা নাপাতে ৷ মোৰ দুটি সন্তান ৷ বয়সৰ পার্থক্য বেছি নহয় ৷ সৰু লৰাটোৰ খং আৰু জিদ বহু বেছি ৷ লাগ বোলা বস্তু লাগিবই ৷ বহু বুজাবলৈ চেষ্টা কৰিছোঁ কিন্তু নুবুজে ৷ খঙত বস্তু ভাঙে, দলিয়ায় ৷ খুব চিন্তা হৈছে আমাৰ ৷

আদ্যা শর্মা

নামৰূপ

  • আপুনি এগৰাকী স্পীচ্চ থেৰাপিষ্টক দেখুৱাই লওক যদি তাৰ অকল কথা কোৱাত অসুবিধা হৈছে ৷ ইয়াৰ বাহিৰেও যদি তাৰ ব্যৱহাৰত অসুবিধা দেখিছে বা যিধৰণে এজন তিনি বছৰীয়া শিশুৱে বুজি পায় সি পোৱা নাই ৷ তেনেহলে আপুনি এগৰাকী মনোবৈজ্ঞানিকৰ পৰামর্শ লওক ৷
  • মোৰ দুটি সন্তান ৷ বয়সৰ পার্থক্য বেছি নহয় ৷ সৰু লৰাটোৰ খং আৰু জিদ বহু বেছি ৷ লাগ বোলা বস্তু লাগিবই ৷ বহু বুজাবলৈ চেষ্টা কৰিছোঁ কিন্তু নুবুজে৷ খঙত বস্তু ভাঙে, দলিয়ায় ৷ খুব চিন্তা হৈছে আমাৰ ৷

নীহাৰিকা গোস্বামী

পাঠশালা

  • আপোনাৰ লৰাৰ এইটো আচৰণৰ দোষ হৈছে৷ যাক আমি বিহেভিয়াৰ প্রব্লেম বুলি কওঁ ৷ কিছুমান সমূহীয়া আচৰণৰ দোষ শিশুৰ দেখিবলৈ পোৱা যায় ৷ আপুনি যদি এতিয়াই সংশোধন নকৰে, তাৰ জিদ আৰু খং বাঢ়ি গৈ থাকিব আৰু এটা সময়ত তাক আপুনি শাসন কৰিবই নোৱাৰিব ৷ লগা বস্তুটো তৎক্ষণাতে নিদিব ৷ কিছুমান চর্ত দিব আৰু লগতে এখন আচৰণৰ তালিকা বনাই দিব ৷ সি ভাল আচৰণ এটা কৰিলেহে তাক লগা বস্তুটো দিব আৰু এই ভাল আচৰণ এসপ্তাহ কৰিব লাগিব ৷ আপুনি আচৰণ তালিকাখনত দাগ দিয়াব যেতিয়া সি ভাল কাম কৰে আৰু ভাল আচৰণ কৰিবলৈ তাক উৎসাহ দিব ৷ এই বিষয়ে আৰু ভালকৈ শিকিবলৈ আপুনি এগৰাকী মনোবৈজ্ঞানিকৰ পৰা পৰামর্শ লওক ৷ নিশ্চয় সুফল পাব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.