উদ্যমিতা কি?

42

উদ্যমিতা হৈছে এটা কল্পনা, ধাৰণা বা চিন্তাক বাস্তৱ ৰূপ দিবলৈ কৰা প্রয়াস। এনে এটা প্রক্রিয়া য’ত এজন ব্যক্তিয়ে বা ব্যক্তিৰ এটা গোটে এটা নতুন বস্তু সৃষ্টি কৰে, সমস্যাৰ সমাধান কৰে বা মানুহৰ প্ৰয়োজন পূৰণ কৰে— নিজৰ ব্যৱসায় আৰম্ভ কৰি।

উদ্যমিতা ধাৰণাটো কেইবাশতিকাৰ পৰা বিদ্যমান। প্রাচীন যুগৰ সদাগৰ, বণিকসকলেই আছিল ইয়াৰ বাটকটীয়া । তেওঁলোকে মচলা, ৰেচম, শস্য আদিৰ ব্যৱসায়ৰ বাবে দূৰ-দূৰণিলৈ যাত্ৰা কৰিছিল। মধ্যযুগত কমাৰ আৰু তাঁতীৰ দৰে হস্তশিল্পীয়ে নিজৰ ক্ষুদ্ৰ ব্যৱসায় চলাইছিল। Entrepreneur শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল ফৰাচী অর্থনীতিবিদ জঁ বেপ্টিষ্ট-ছেয়ে ওঠৰ শতিকাত । তেওঁ উদ্যোগপতিৰ ব্যাখ্যা কৰিছিল এনে এজন লোক হিচাপে যি উপলব্ধ উৎসসমূহৰ ব্যৱহাৰ কৰি নতুন ব্যৱসায় আৰম্ভ কৰে আৰু অৰ্থনীতিত মূল্য সংযোজন কৰে। উদ্যোগ বিপ্লৱৰ কালছোৱাত উদ্যোগপতিৰ ভূমিকা ব্যাপকভাৱে বৃদ্ধি পাইছিল। জেমছ ৱাটে ষ্টিম ইঞ্জিন উন্নত কৰিছিল আৰু পাছত হেনৰী ফ’ৰ্ডে গাড়ী নির্মাণ পদ্ধতিত বিপ্লৱ আনিছিল। বিংশ শতিকাৰ প্ৰযুক্তি আৰু বিশ্বায়নৰ প্ৰভাৱত উদ্যমিতাৰ সম্পূৰ্ণ সলনি হৈ গ’ল। বিল গেটছ আৰু ষ্টিভ জবছৰ দৰে উদ্যোগপতিসকলে প্রযুক্তিৰে সাম্ৰাজ্য গঢ়ি তুলিলে। আজিৰ যুগত উদ্যমিতাই কেৱল পৰম্পৰাগত ব্যৱসায়কে নুবুজায়। ই অন্তৰ্ভুক্ত কৰে ষ্টাৰ্ট আপ, ছ’চিয়েল এণ্টাৰপ্ৰাইজ আৰু অনলাইন ব্যৱসায়কো ।

ব্যক্তিগত আৰু সামাজিক দুয়োটা দৃষ্টিকোণৰ পৰাই উদ্যমিতা গুৰুত্বপূৰ্ণ। উদ্যোগপতিসকলে নতুন ব্যৱসায় আৰম্ভ কৰি চাকৰি সৃষ্টি কৰে। ক্ষুদ্র উদ্যোগ, ষ্টার্ট আপ আৰু স্থানীয় দোকান- প্রতিষ্ঠানবোৰে বিশ্বজুৰি কোটি কোটি লোকক কৰ্মসংস্থাপন দিয়ে আৰু পৰিয়ালবোৰে উপাৰ্জনৰ পথ লাভ কৰে । অর্থাৎ অৰ্থনীতিৰ বিকাশ হয় ৷ উদ্যোগপতিসকলে সামগ্রী ক্রয় কৰে, সামগ্ৰী বিক্ৰী কৰে— ফলত ধনৰ প্রবাহ প্রচলন চলি থাকে। সফল উদ্যোগবোৰে বিনিয়োগকাৰী আকৰ্ষণ কৰে, যি স্থানীয় আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিৰ উন্নতি সাধন কৰে। লগতে সূচনা হয় নতুন ধাৰণা আৰু উদ্ভাৱনৰ। উদ্যোগপতিসকলে সৃষ্টিশীল চিন্তাধাৰা আনে। তেওঁলোকে স্মার্টফোনৰ দৰে নতুন সামগ্ৰী বা উবেৰৰ দৰে ৰাইড শ্বেয়াৰিং এপ উদ্ভাৱন কৰে। এই উদ্ভাৱনবোৰে আমাৰ জীৱন অধিক সহজ আৰু সুবিধাজনক কৰি তোলে। উদ্যমিতাৰ জৰিয়তে মানুহে নিজৰ ভৱিষ্যতৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিব পাৰে। চাকৰিৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰি মানুহে নিজা ব্যৱসায় আৰম্ভ কৰি উপাৰ্জনৰ পথ বাছি ল’ব পাৰে। সমাজৰো সহায় হয়, হিতসাধন হয়। উদ্যমিতাৰ বাবেই স্থানীয় সম্পদ আৰু পৰম্পৰাক লৈ অনন্য সামগ্ৰী সৃষ্টি হয়। হস্তনির্মিত সামগ্রী আৰু থলুৱা খাদ্য বিক্ৰী ব্যৱসায়ে সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰ কৰে।

আজিৰ যুগত প্রযুক্তি, বিশ্ববজাৰ আৰু উপভোক্তাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত অহা অভূতপূৰ্ব পৰিৱৰ্তনে উদ্যমী উদ্যোক্তাৰ বাবে অপাৰ সম্ভাৱনা সৃষ্টি কৰিছে। ইণ্টাৰনেটে প্রযুক্তি আৰু ডিজিটেল ব্যৱসায়ত নতুন নতুন দিশ মুকলি কৰিছে। ই-কমার্চ দোকান বা নিজৰ ৱেবছাইটৰ জৰিয়তে অনলাইনত সামগ্ৰী বিক্ৰী এক লাভজনক ব্যৱসায় হৈ পৰিছে। ফিটনেছ এপ, একাউন্টিং ছফটৱেৰ সৃষ্টি হৈছে। তদুপৰি ডিজিটেল মার্কেটিং, ছ’চিয়েল মিডিয়া মেনেজমেণ্টেৰে আন ব্যৱসায়কো সহায় কৰিব পৰা হ’ল। লগতে মানুহ পৰিৱেশৰ প্ৰতি সচেতন হৈ উঠিছে। যাৰ বাবে পৰিৱেশ অনুকূল সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে। উদ্যমিতা কেৱল লাভৰ উপায় হৈ থকা নাই, ই হৈ পৰিছে সম্ভাৱনা বিচাৰি নিজৰ লগতে সমাজকো আগবঢ়াই নিয়াৰ এক সুন্দৰ পথ।

উদ্যমিতা আকর্ষণীয় হ’লেও প্ৰত্যাহ্বানেৰে ভৰা। ব্যৱসায়ৰ বাবে ধনৰ প্ৰয়োজন আৰু সফলতাৰ কোনো নিশ্চয়তা নাথাকে। বিনিয়োগকাৰী বিচাৰি পোৱাটোও সহজ নহয় ৷ বজাৰত প্ৰতিযোগিতা ইতিমধ্যেই তুংগত। সেয়েহে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰয়োজন হয় বিশেষ আইডিয়া, নতুন কৌশল । দক্ষতাতো লাগিবই, লগতে কৰিব পাৰিব লাগিব পৰিশ্ৰম। সঠিক পৰিকল্পনা, অধ্যৱসায় আৰু শিকাৰ প্ৰতি আগ্ৰহ আৰু ইচ্ছাশক্তিৰেহে এই প্ৰত্যাহ্বানবোৰ নেওচিব পাৰি।

প্রাচীন বণিকৰ পৰা আৰম্ভ কৰি আধুনিক প্ৰযুক্তিৰ উদ্যোক্তাসকললৈকে উদ্যমিতাই প্রভাৱিত কৰি আহিছে, গঢ় দি আহিছে বিশ্বক, মানুহৰ জীৱনশৈলীক। ই হৈছে ভৱিষ্যৎ নিৰ্মাণৰ এটা অতি গুৰত্বপূর্ণ মাধ্যম আৰু কাৰক ।

এটা ভাল লগা আইডিয়া, কঠোৰ পৰিশ্ৰম আৰু প্ৰয়োজনীয় দক্ষতাৰে যিকোনো ব্যক্তি সফল হ’ব পাৰে। আপুনি এখন সৰু দোকান খোলক বা এটা টেক ষ্টাৰ্ট আপ আৰম্ভ কৰক উদ্যমিতা মানে হৈছে নিজৰ সপোনৰ ওপৰত বিশ্বাস কৰা আৰু সেই সপোনক বাস্তৱ কৰিবলৈ খোজ লোৱা।

পাৰ্থ সৰথি মহন্ত

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.