শিখা ডি হৰলালকা
কৈশোৰ কাল। সপোন দেখাৰ সময়, জীৱন গঢ়াৰ সময়। পঢ়ি শুনি আগবাঢ়ি যোৱাৰ সময়। প্রত্যেক মানুহে এবাৰলৈ হ’লেও কোৱা শুনা যায়। – ‘সৰু কালটোৱে ভাল আছিল, চিন্তা নাই। আশা- আকাংক্ষাৰ ভৰ একো নাছিল তেতিয়া। কিন্তু সলনি হৈ থকা সমাজ ব্যৱস্থাত একেই আছেনে সেই কৈশোৰ কাল ? স্কুলৰ গৰম বন্ধত নদীয়ে-পুখুৰীয়ে সাঁতুৰি, খেতিত হাল-কোৰ বাই, জাকৈয়া ছোৱালীয়ে ধৰা মাছ লৈ, বেলি ডুবুতে ঘৰলৈ উভতিছিল আমাৰ ককা-আজোককা, আইতাহঁত। দেউতাহঁতৰ দিনলৈ কথাবোৰ আৰু অলপ সলনি হ’ল। স্কুলৰ শেষত ৰবাব টেঙাৰে বল খেলি, ধূলিয়ে বালিয়ে একাকাৰ দেউতা-খুৰাহঁত ঘৰলৈ উভতিছিল বেলি ডুবো ডুবো হওঁতে। কেৰাচিনৰ টিপচাকিৰ পোহৰত বৰ্ণমালা শিকি, গণিতৰ হিচাপ-নিকাচৰ মাজেৰে দেউতাহঁতৰ ভৱিষ্যতে ৰ’ লাগি চাইছিল।
শুনিলে সাধু কথা যেন লগা সেই দিনবোৰ আজি অতীত। আপোনাৰ বা মোৰ কিছু পৰিমাণে হ’লেও আছিল সুন্দৰ কৈশোৰ কাল, আমি মনত পেলাই স্মৃতি ৰোমন্থন কৰিব পৰাকৈ শক্তিশালী আজিও। পিছে আপোনাৰ সন্তানৰ কৈশোৰ কাল সঁচাকৈ সুমধুৰনে? পুৱা পাঁচ বজাতেই উঠি, সাত বজাত স্কুল পোৱা অকমানিকেইটাই আজি আৰু নুবুজে টোপনিৰ চিকুণ পুৱা কি? ঘৰ আহি পায়ো জানো কমখন যুদ্ধ? নিজৰ একমাত্র সন্তানটিক সর্বগুণসম্পন্ন কৰি তোলাৰ ঘোঁৰা দৌৰৰ লক্ষ্যপ্ৰাপ্তিৰ স্থান আর্টক্লাছ, ডান্স ক্লাছ, কুংফু কাৰাটে, জিমনাষ্টিক আৰু যে কত কি? এইবোৰৰ ধামখুমীয়াত ক্লান্ত- পৰিশ্ৰান্ত অকণমানি জীৱনকেইটাই ক’ত লয় আনন্দ উশাহ? মাকৰ হাতৰ ম’বাইলটো এতিয়া প্ৰতিটো শিশুৰ ইস্কেপ ৰুট আৰু ইয়াতেই যেন লুকাই আছে ধ্বংসৰ নেদেখা বীজ।
২০২৫ চনৰ মাৰ্চ মাহৰ ১৩ তাৰিখে ব্ৰিটেইন ক্রাইম ড্রামা টেলিভিছন মিনি-ছিৰিজৰ বেনাৰত মুক্তি পাইছিল এখন ৱেব ছিৰিজ Adolescence, অর্থাৎ কৈশোৰ কাল। নামটোৱে ইংগিত দিয়াৰ দৰেই ইয়াত এজন তেৰ বছৰীয়া কিশোৰৰ কাহিনী বর্ণনা কৰা হৈছে, অপৰাধপ্ৰৱণতাই কিদৰে কলিতে ধ্বংস কৰি পেলায় উজ্জ্বল এক জীৱন।
টুভেনাইট ডেলিংকুৱেঞ্চী বা কৈশোৰ অপৰাধপ্ৰৱণতা কেৱল আমাৰেই চিনাকি নহয়। পৃথিৱীৰ প্ৰতিখন সৰু-বৰ গাঁও-চহৰতেই ইয়াৰ পৰিমাণ বাঢ়ি আহিছে চিন্তাজনকভাৱে। কিয় ? আজিৰ পৰা ১০-২০-৩০-৪০-৫০ বছৰ পূৰ্বৰ কৈশোৰ অপৰাধপ্ৰৱণতাৰ আৰু এতিয়াৰ কৈশোৰ অপৰাধপ্ৰৱণতাৰ মাজত আকাশ-পাতাল পার্থক্য। পশ্চিমীয়া দেশসমূহ যেনে- আমেৰিকা, ইউৰোপৰ ঠাই বিশেষ, জাপান, চীন ৰাছিয়া আদিত কি ভয়াৱহ হাৰত কিশোৰসকল এই অপৰাধপ্ৰৱণতাৰ কবলত পৰিছে, সেয়া কল্পনাৰো অতীত। সেয়েহে অভিভাৱকসকলক সতৰ্ক কৰাৰ উদ্দেশ্য আগত ৰাখি ব্ৰিটেইন প্রশাসনে ব্রিটেইন ক্রাইম ড্রামা টেলিভিছন মিনি-ছিৰিজক নিৰ্মাণৰ নিৰ্দেশ দিয়ে এক ক্রাইম ড্রামা, য’ত অতি সংবেদনশীলভাৱে এই সমগ্র বিষয়টো উপস্থাপন কৰা হয়। আৰু ফলাফল আমাৰ সন্মুখত Adolescence IMDB ৰেটিং দহৰ ভিতৰত ৮.২। এতিয়া আহক আমি কথা পাতো Adolescence আমি কিয় চাব লাগে ? প্রথমে আমাৰ আজিৰ টেকনিকেলি এহেড বা জনপ্রিয় ভাষাত যাক কোৱা হয় Techno savvy, প্রজন্মটোৰ ভাল লগা, বেয়া লগাৰ এটা সৰু উদাহৰণ— আজিকালি হাতে হাতে ফোন আৰু ফোনত হোৱাটছএপ ০.০০৫ বা তাতোকৈ কম সময়ৰ ব্যৱধানত এজনৰ মনৰ বতৰা আন এজনলৈ গৈ পায়, হোৱাটছএপত। হোৱাটছএপৰ মেছেজৰ এটা মাত্র ক্লিক অথবা ডাবল ক্লিকৰ অৰ্থ বুজোৱাৰ প্ৰয়োজন নাই। প্রয়োজন নাই কোৱাৰ জানি-বুজি কিছুসংখ্যকে ছীন টনক আনটো পক্ষক ৰাখি থোৱাটো। হোৱাটছএপ ব্লক, ষ্টেটাছ হাইড— আৰু যে কত কি? এজন ল’ৰা বা ছোৱালী আৱেগিকভাৱে দুৰ্বল কৰি তুলিবলৈ এইসমূহ হৈছে টেকন’লজীৰ অভিশাপ। অনুৰূপ বহুতো একে দিশ আছে ইনষ্টাগ্রাম, ফেচবুককে ধৰি নিত্য নতুন ছ’চিয়েল মিডিয়া ছাইটসমূহৰ।
এতিয়া ধৰক ত্ৰিশ বছৰ ঊৰ্ধ্বৰ, চল্লিশ বছৰ ঊৰ্ধ্বৰ আপুনি বা মই, এনেবোৰ কথাত যদি দুখী হওঁ, বাইশ বছৰীয়া ল’ৰাটোৰ কথা ভাবকচোন । তেৰ-চৈধ্য বছৰীয়া ছোৱালীজনীয়ে সহজভাৱে ল’ব পাৰিবনে এনেবোৰ কথা ?
আপুনি বা মই প্ৰয়োজনতকৈ বেছি শকত, কথা অথবা আন-স্মার্ট। স্কুলত লগ-সমনীয়াই ব্যতিব্যস্ত কৰি তোলা আমি ভাৰাক্ৰান্ত মন লৈ ঘৰলৈ উভতো। মনত প্ৰতিজ্ঞা কৰি আহোঁ মোক আপোনাক জোকোৱা, হীনমন্যতাত ভোগোৱা লগৰগৰাকীক যিকোনো প্ৰকাৰে স্কুললৈ গৈ মাৰিমেই, কাজিয়া কৰিমেই। মৰামৰি, হতাহত সৰুকালৰ সাধাৰণ কৈশোৰ প্ৰৱণতা। খং, অপমানবোধ লৈ ঘৰলৈ ওভতনি যাত্ৰা কৰোঁতে আমাৰ মনবোৰ অশান্ত হৈ থাকে। পিছে ৰাস্তাত খোৱা আমলখিটো, একেলগে হাতে হাত ধৰি ৰাস্তা পাৰ হওঁতে চাৰি-পাঁচজনে মিলি কিনা চানাৰ টোপোলাটো ভগাই খাওঁতে, ঘৰৰ নঙলামুখতে অকণমানি ভায়ক-ভনীয়েকজনীক ৰৈ থকা দেখিলে, আৰু হঠাৎ ঘৰলৈ অহা আলহী অতিথিৰ আগমনে আমাক বুজাব নোৱাৰা আনন্দ দিয়ে। বন্ধুৰ প্ৰতি মনত খং মাৰ যায়। পিছদিনা এটা নতুন মন লৈ স্কুললৈ যাওঁ, সকলো শান্ত, সকলো ঠিক।
এতিয়া আপোনাৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত কথাখিনি কল্পনা কৰকটোন। উত্তৰটোৱে আপোনাক বিচলিত কৰিছেনে ? Adolescence ছবিখনত বিশেষকৈ এই কথাটোৱে ক’ব আৰু বুজাব বিচাৰিছে পৰিচালক ফিলিপ বাৰাণ্টিনিয়ে।
গোটেই মিনি ৱেব ছিৰিজখনত চাৰিটা খণ্ড আছে। এজন তেৰ-চৈধ্য বছৰীয়া কিশোৰে নিজৰ সহপাঠীক হত্যা কৰাৰ ঘটনা যদিও ইয়াৰ গভীৰতা কিন্তু বহুত বেছি। সহজ ভাষাত ক’বলৈ গ’লে Teenage struggle, Toxic online spaces, Social media Issues অথবা পিতৃ-মাতৃৰ অমনোযোগিতা— এই গোটেইবোৰ ঘটনাৰ উৎকৃষ্ট চিত্রায়ণ কৰা হৈছে Adolescenceত।
প্রথমে ক’ব লাগি কাহিনী কথনৰ শৈলী। চাৰিটা খণ্ডৰ প্ৰতিটো পঞ্চাশ মিনিটৰ। আৰু প্ৰতিটো খণ্ডত কেমেৰা এবাৰলৈও কাট হোৱা নাই। বিশ্বাস কৰিব পাৰিবনে, পঞ্চাশ মিনিটৰ একোটা খণ্ড ছিংগল টেকত লোৱা হৈছে। সেয়া লাগিলে পুলিচৰ অভিযান হওক, স্কুলৰ ডেৰশ ল’ৰা-ছোৱালী-শিক্ষকক ফ্ৰেমত ৰাখি আৱেগ আৰু অভিনয় দক্ষতাৰ কি অদ্ভুত যুগলবন্দী। আস্ যেন এক ভিজুৱেল ট্রীট।
দ্বিতীয়তে আহে অভিনয়। মূল চৰিত্ৰ জেমি মিলাৰৰ চৰিত্ৰত অভিনয় কৰা অৱেন কুপাৰৰ অভিনয়ে যেন ভয় খুৱাইছে পিতৃ-মাতৃক। কি জীৱন্ত, কি চকুৰে কথা কোৱাৰ দক্ষতা, এজন তেৰ বছৰীয়া কিশোৰৰ কি জিঘাংসা, কি আসুৰিক প্রবৃত্তি— একে সময়তে চকুৱে-মুখে কি এক কোমলতা, বিমৰ্ষতা, বুজাব নোৱাৰ দুখ- যন্ত্ৰণাই চেপি পেলোৱা এটা অকণমানি জীৱন— লিখিবলৈ শব্দৰ অভাৱ৷ একেদৰেই জেমিৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা ষ্টিফেন গ্রাহামৰ মাজত আমাৰ সমাজৰ প্ৰতিজন অসহায়, হতাশ পিতৃক যেন আমি বিচাৰি পাওঁ। অভিনয়ৰ ক্ষেত্ৰত শিল্পী প্ৰতিজনেই প্ৰশংসাৰ পাত্ৰ ৷
অনুৰোধ থাকিল, প্ৰতিজন অভিভাৱকেই চাওক এইখন ৱেব ছিৰিজ, বৰ বেছি বহল ব্যাখ্যা কৰা সলনি সুদূৰ পশ্চিমীয়া দেশৰ এখন ছবি বা ছিৰিজে আমাকো কিদৰে সাঙুৰিছে, কান্দিবলৈ বাধ্য কৰিছে, সেয়া দাঙি ধৰাৰ চেষ্টা কৰা হৈছে এই আলোচনাত। ৱেব ছিৰিজখন আপুনি আপোনাৰ ধৰণে চাওক।
Comments are closed, but trackbacks and pingbacks are open.