আজিৰ পৰা আৰম্ভ অম্বুবাচী মহাযোগ

7

আজি (২২-০৬-২০২৬) নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে শক্তিপীঠ কামাখ্যাধামৰ মূল দুৱাৰ বন্ধ কৰা হ’ব আৰু আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব অম্বুবাচী মেলা।

প্ৰচলিত কিংবদন্তি অনুসৰি এই সময়ছোৱাত দেৱী কামাখ্যা ৰজঃস্বলা হয়। সেইবাবে অম্বুবাচীৰ এই সময়ছোৱা তান্ত্ৰিক সাধনা আৰু আধ্যাত্মিক শক্তি আহৰণৰ এক বিশেষ সময় হিচাপে গণ্য কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু-সন্ন্যাসী, তান্ত্ৰিক আৰু লক্ষাধিক ভক্ত-দৰ্শনাৰ্থী ইতিমধ্যে নীলাচল পাহাৰত সমবেত হৈছে।

বিগত বৰ্ষত প্ৰায় ৭ লাখ ভক্তৰ আগমন ঘটিছিল। এইবাৰ ১০ লাখতকৈ অধিক ভক্ত-দৰ্শনাৰ্থী আহিব বুলি আশা প্ৰকাশ কৰিছে দেৱালয় পৰিচালনা সমিতি আৰু ৰাজ্য চৰকাৰে।

ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন স্থানত আশ্ৰয় শিবিৰ, বিশুদ্ধ খোৱা পানী, চিকিৎসা আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে পৰিচালনাৰ বাবে দেৱালয় পৰিচালনা সমিতিয়ে স্থায়ী আৰু অস্থায়ী সুৰক্ষা কৰ্মী, স্কাউট-গাইড, স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে ৫ শতাধিক চিচিটিভি কেমেৰা স্থাপন কৰিছে।

নিৰাপত্তা আৰু যান-বাহন ব্যৱস্থাপনা সুদৃঢ় কৰিবলৈ ২২ জুনৰ পৰা ২৬ জুনলৈ নামনি কামাখ্যাৰ পৰা মন্দিৰ চৌহদলৈ সাধাৰণ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে আন সকলো বাহন নিৰ্দিষ্ট স্থানত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলে পদব্ৰজে মন্দিৰলৈ যাব লাগিব।

অহা ২৬ জুনৰ পুৱা নিবৃত্তি হ’ব আৰু ইয়াৰ লগে লগে সামৰণি পৰিব অম্বুবাচী মহাযোগৰ। নিবৃত্তিৰ পাছতে নিত্য পূজাৰ অন্তত দেৱালয়ৰ দ্বাৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব।

মা কামাখ্যাৰ আশীৰ্বাদেৰে সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক সকলো ভক্তপ্ৰাণ ৰাইজৰ এয়াই কামনা।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.