ৰেচিপি

পুলিপিঠা 

কি কি লাগিব ঃ

পিঠাৰ বাবে ঃ

আধা কাপ জহা চাউলৰ পিঠাগুডি, নিমখ এচিকুট আৰু পানী আধাকাপ ৷

পূৰৰ বাবে লাগিব ঃ

নাৰিকল এফাল ৰুকি লোৱা, গুড় এবাটি আৰু ইলাচী এটা ৷

বনোৱা পদ্ধতি ঃ

জহা চাউলখিনি ধুই এক ঘণ্টামান তিয়াই ৰাখি পিছত পানীৰ পৰা টুকি লৈ পানী নিগৰাই মিক্সিত গুড়ি কৰি চালনিৰে চালি লব ৷ এটা নন–ষ্টিক কেৰাহীত পানীকাপ দি তাতে নিমখ যোগ কৰি উতলাই লৈ তাতে পিঠাগুড়িকাপ দি ভালকৈ মিলাহ ১০ মিনিটৰ বাবে ঢাকি ৰাখিব ৷ ১০ মিনিটৰ পিছত ভালকৈ পিঠাগুড়িখিনি মঠি লৈ সৰু সৰু বল বনাই লব ৷ আনহাতে  এটা কেৰাহীত নাৰিকল ৰুকাখিনি আৰু গুড়খিনি দি ভালকৈ মিলাহ ভাজি তাতে  ইলাচী  দিব ৷ ৫ মিনিটমান ভাজি থাকিব, যেতিয়া সুন্দৰ গোন্ধ ওলাব নমাই ঠাণ্ডা হব দিব ৷ এতিয়া বল কৰি থোৱা লাৰুকেইটা বেলি লৈ তাত নাৰিকলৰ পূৰ দি হাতেৰে গোল কৰি মুখখন বন্ধ কৰি লৈ এটা ষ্টিমাৰত দি ভাপত দিব ১০ মিনিটৰ বাবে ৷ ১০ মিনিটৰ পিছত নমাই থব ৷ অলপ ঠাণ্ডা কৰি লৈ নিজৰ পছন্দ মতে পৰিৱেশন কৰিব ৷

তেলপিঠা বা ধূপপিঠা

উপকৰণ ঃ

আৰৈ চাউলৰ পিঠাগুড়ি দুকাপ, বৰাচাউলৰ পিঠাগুড়ি আধাকাপ, গুড় একাপ, গুৱামূৰি কেইটামান আৰু বেকিং ছডা আধাচামুচ৷ মিঠাতেল ভাজিবৰ জোখত ৷

প্রণালী ঃ

পিঠাগুড়িখিনি একেলগে মিহলাই তাত মিহিকৈ কাটি লোৱা গুড আৰু বেকিং ছডা মিলাই লৈ জোখমতে পানী দি এটা ঘোল বনাই ৬ ঘণ্ঢামান ৰাখিব ৷ কেৰাহী গৰমাহ তেল দি তাত পিঠাগুড়িৰ মিশ্রণটোৰ পৰা হেতাৰে অলপ লৈ তেলত দি এটা এটাকৈ ভাজি নমাই পৰিৱেশন কৰিব ৷

 

নিমখীয়া জলপান বৰাচাউলৰ

বতৰৰ পাচলিৰে জুতি

কি কি লাগিব ঃ

জলপানৰ বাবে ঃ জহা–বৰাচাউল একাপ, ঘিউ দুচামুচ, গোটা গৰম মচলা কেইটামান, নিমখ–হালধি আধাচামুকৈ, জিৰা, ধনিয়া, জলকীয়া গুড়ি একচামুচ, পালেঙৰ পেষ্ট একাপ, ইলাচী পাউডাৰ আধাচামুচ আৰু গৰম মচলাৰ গুড়ি আধা চামুচ ৷

পুৰৰ বাবে লব পনীৰ ৫০ গ্রাম, পিঁয়াজ এটা, গোটা জিৰা কেহটামান, বিলাহী এটা, নিমখ–হালধি আধাচামুচকৈ, কেঁচা জলকীয়া এটা, জলকীয়া গুড়ি আধাচামুচ, গৰম মচলাৰ গুড়ি আধাচামুচ, ৰিফাইন দুচামুচ আৰু কচুৰী মেঠী আৰু ধনিয়া পাত কেইটামান ৷

প্রস্তুত প্রণালী ঃ

জলপানৰ বাবে ঃ জহা বৰাচাউল কাপ একঘণ্ঢামান তিয়াই থৈ ভালকৈ ধুই টুকি লব ৷ পালেঙৰ ঠাৰিবোৰ আঁতৰাই পাতকেইটা ধুই লৈ মিক্সিত দি পেষ্ট বনাই লৈ চেকি লব ৷ এটা নন–ষ্টিক কেৰাহী গেছত পাতি তপতাই লৈ ঘিউ দি তাতে এটা ইলাচী, দুটা লং আৰু ডালচেনিৰ টুকুৰা এটা দি অলপ লৰাই তাতে বৰাচাউলকেইটা দি ভালকৈ ভাজিব ৫ মিনিটমান ৷ তাতে সকলো মচলা যোগ কৰি পালেঙৰ পেষ্ট আৰু ইলাচী পাউডাৰ মিলাই পুনৰ ৫ মিনিটমান ভাজি লৈ একাপ গৰম পানী মিলাই ঢাকি দি সিজিবলৈ দিব ৷ যেতিয়া পানী শুহিব তেতিয়া নমাই অলপ ঠাণ্ডা কৰি লৈ ঘি সানি লোৱা যিকোনো বাটিত অলপ অলপ দি মাজৰখিনি চামুচৰ সহায়ত দ কৰা দি ফ্রীজত থব দহ মিনিট৷

পুৰৰ বাবে ঃ

পনীৰখিনি হাতেৰে ভাঙি গুড়ি কৰি লব ৷ কেৰাহী গৰমাই তেল দি তাত গোটা জিৰা দি অকণমান ভাজি কাটি লোৱা পিঁয়াজ–জলকীয়া দি ৰঙচুৱাকৈ ভাজি সকলো মচলা দি ভাজি থাকিব ৷ যেতিয়া মচলাৰ পৰা তেল  বিৰিঙিব তাত কাটি লোৱা বিলাহী যোগ কৰি গলাহ লৈ গুড়ি কৰি লোৱা পনীৰখিনি দি ভাজি তাতে কচুৰী মেঠী আৰু ধনিয়া পাত মিলাই নমাই থব৷ ফ্রীজৰ পৰা বাটিকেইটা উলিয়াই ওলোটাই দি বাটিৰ পৰা উলিয়াই তাত পনীৰ পূৰ ভৰাই লৈ পৰিৱেশন কৰিব নিজৰ পছন্দ মতে ৷ 

বৰা চাউলৰ ৰোল

কি কি লাগিব  ঃ

জহা বৰাচাউল একাপ,  মিল্ক্মেইড্ আধাকাপ, ঘিউ দুচামুচ, এটা বিটৰ পেষ্ট, ইলাচী দুটা, ডালচেনিৰ সৰু টুকুৰা এটা লং তিনিটা ৷

পুৰৰ বাবে লাগিব ঃ

ভাজি গুড়ি কৰি লোৱা তিল এবাটি, গুড় আধাবাটি ৷ প্রথমতে পুৰ মিশ্রণটো সাজু কৰি লব ৷ এখন কেৰাহী গৰমাহ গেছৰ জুই কমাই তাত গুড়খিনি দি আধাকাপতকৈ কম পানী দি উতলাই তাত তিলখিনি দি ভালকৈ মিলাহ অলপ জুলীয়াকৈ ৰাখি নমাই থব ৷

বনোৱা পদ্ধতি ঃ

বৰাচাউলখিনি দুঘণ্ঢা তিয়াই ধুই লৈ টুকি থব৷ এটা নন–ষ্টিক কেৰাহী গেছত বহুৱাহ কম জুইত ৰাখি কেৰাহী গৰমাই তাত ঘিউ দি গোটা গৰম মচলা যোগ কৰি অকণমান সময় ৰাখি তাত বৰাচাউলখিনি দি ৫ মিনিটমান ভাজি বিটৰ পেষ্ট বিটৰ পেষ্ট চেকি লব মিলাহ ভালকৈ ভাজি লৈ তাত  আধাটিন মিল্ক্মেইড্ মিলাই লৈ আধাকাপ গৰমপানী যোগ কৰি ঢাকোন মাৰি থব সিজিবৰ বাবে ৷ যেতিয়া চাউলখিনি সিজিব আৰু ধুনীয়া সুগোন্ধ ওলাব তেতিয়া গেছৰ পৰা কেৰাহী নমাই এখন ফয়ল পেপাৰত ঢালি দি বহলাই বেলনাৰ মাৰিয়ে বেলি দি মাজত তিল আৰু গুড়ৰ মিশ্রণখিনি দি ৰোল কৰি আধা ঘণ্ঢামান ফ্রীজত ৰাখিব ৷ আধা ঘণ্টাৰ পিছত উলিয়াহ সৰু সৰু টুকুৰা কৰি পৰিৱেশন কৰিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.