দ্য হোৱাইট টাইগাৰ

44

ড° ৰুমী কলিতা

ভাৰতীয় ইংৰাজী সাহিত্যৰ এগৰাকী অন্যতম শক্তিশালী আৰু জনপ্ৰিয় লেখক তথা বাৰ্তাজীৱী অৰবিন্দ আদিগাৰ ‘দ্য হোৱাইট টাইগাৰ’ এখন জনপ্রিয় উপন্যাস। সন্মানীয় ‘মেন বুকাৰ বঁটা’ (Man Booker Prize) প্রাপ্ত এই উপন্যাসখন আধুনিক ভাৰতৰ সামাজিক বৈষম্য আৰু অৰ্থনৈতিক দৈন্যৰ এক জ্বলন্ত সমালোচনা। নায়ক বলৰাম হালৱাইৰ স্বীকাৰোক্তিমূলক কণ্ঠৰ জৰিয়তে অৰবিন্দ আদিগাই চকু কপালত তুলিব পৰা ভয়ানক সামাজিক বাস্তৱতাৰ মাজত বিচ্ছিন্ন হৈ পৰা এটা জাতিৰ বিদ্ৰুপপূৰ্ণ আৰু অস্থিৰ চিত্ৰ উপস্থাপন কৰিছে।

উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ বলৰাম হালৱাই এজন ৰিক্সাচালকৰ পুত্ৰ যিয়ে সমাজৰ একেবাৰে নিম্ন স্তৰৰ পৰা উদ্ভৱ হৈ নিজৰ বুদ্ধি, কৌশল আৰু আত্মসংঘৰ্ষৰ জৰিয়তে ‘স্ব-নির্মিত উদ্যোগী’ (Self made entrepreneurs)লৈ ৰূপান্তৰিত হয়। চীন দেশৰ প্ৰধানমন্ত্রী ৱেন জিয়াবাওলৈ লিখা পত্ৰৰ আধাৰত কাহিনীটো আগবঢ়োৱা হৈছে। এই পত্ৰখন বলৰামৰ ব্যক্তিগত আত্মকথাৰ লগতে ভাৰতীয় উদ্যোগপতি হোৱাৰ অন্তৰালত লুকাই থকা শোষণ, ভণ্ডামি আৰু নৈতিক সংঘাতৰ এক সজীৱ ভাষ্য। বেংগালুৰুৰ বিলাসী কাৰ্যালয়ৰ পৰা লিখা এক জীয়া কাহিনী, শিপা কিন্তু গভীৰভাৱে পোত খাই আছে পোহৰ বিহীন গাঁও লক্ষ্মণগড়ত।

বলৰাম দুখীয়া পৰিয়াল এটাত জন্ম লৈ শৈশৱকালছোৱা চাৰ্জিন নিষ্ঠুৰ জমিদাৰৰ অধীনত জীৱন-যাপন কৰিব লগা হৈছিল। এই জমিদাৰসকলক ‘Animals’ বুলি অভিহিত কৰা কথাটোৱে সমাজত ক্ষমতাধৰ সকলৰ অমানৱীয় স্বভাৱক প্ৰতীকী ৰূপত উন্মোচন কৰে। উপন্যাসখনত উল্লিখিত ‘The Raven’, ‘The stork’, ‘The Baffallo’ আৰু ‘The wild Boar’ শব্দবোৰে কেৱল ব্যক্তি নহয়, ই হৈছে শোষণমূলক ব্যৱস্থাৰ প্ৰতীক ।

এটা অন্ধকাৰ পৰিৱেশৰ মাজতো বলৰামৰ ভিতৰত জ্বলিছিল জ্ঞানৰ দীপশিখা । শৈক্ষিক সামৰ্থ্য আৰু ব্যক্তিগত সততাই তেওঁক সহপাঠীসকলৰ পৰা পৃথক কৰি তুলিছিল । এবাৰ এজন ভ্ৰমণৰত বিদ্যালয় পৰিদৰ্শকৰ দৃষ্টি তেওঁৰ ওপৰত পৰিছিল আৰু তেওঁ বলৰামক ‘হোৱাইট টাইগাৰ’ (White Tiger) উপনাম দিছিল যি জংঘলৰ ভিতৰত সৰ্বাধিক দুর্লভ আৰু বুদ্ধিমান প্রাণী হিচাপে পৰিচিত।

বলৰামৰ মাক-দেউতাকে তেওঁৰ প্ৰতিভা চিনাক্ত কৰি শিক্ষা সম্পূৰ্ণ কৰাব বিচাৰিছিল যদিও আইতাক কুসুমে পৰিয়ালক পোহপাল দিবৰ বাবে বলৰামক আধাতে বিদ্যালয়ৰ পৰা উলিয়াই আনি ধানবাদৰ এখন চাহ দোকানত কাম কৰিবলৈ লগাই দিয়ে। বলৰামে চাহ দোকানত নিজৰ দায়িত্ব পালনৰ লগতে গ্ৰাহকসকলৰ কথোপকথনবোৰ মন দি শুনে। এদিন তেওঁ এজন গ্ৰাহকৰ মুখেৰে ব্যক্তিগত গাড়ী চালকসকলৰ অধিক উপার্জন আৰু উন্নত জীৱনৰ বিষয়ে শুনি গাড়ী চালক হোৱাৰ সপোন দেখে ৷ পৰৱৰ্তী সময়ত আইতাকৰ অনুমতি লৈ তেওঁ গাড়ীচালকৰ প্ৰশিক্ষণ লয় আৰু পিছত ধনী পৰিয়ালসমূহৰ দুৱাৰে দুৱাৰে গৈ ব্যক্তিগত গাড়ী চালক হিচাপে সেৱা আগবঢ়ায় । তেনেতে বলৰামে সৌভাগ্যক্রমে লক্ষ্মণগড়ৰ বিখ্যাত জমিদাৰ ষ্টকৰ পুত্ৰ অশোকৰ গাড়ীচালক হিচাপে নিযুক্ত হয়। যদিও গাড়ীচালক হিচাপে নিযুক্ত হয় তথাপি তেওঁ এজন দাসৰ দৰে জীৱন যাপন কৰিবলগীয়া হয়। এই দাসত্বৰ পৰা মুক্তি বিচাৰি বলৰামে এদিন মালিক অশোকক হত্যা কৰি নগৰৰ ৰাজনীতিবিদসকলক ঘোচ দিবলৈ অনা টকাৰ বেগটো লৈ পলাই যাবলৈ পৰিকল্পনা কৰে।

আনহাতে হত্যা কৰি ধৰা পৰাৰ আশংকাৰ উপৰি বলৰাম ‘ৰুষ্টাৰ কুপ’ (কুকুৰা গঁৰালত থকা জীৱন) নামৰ যুক্তিৰ সৈতে মুখামুখি হ’বলগীয়া হয়। ‘ৰুষ্টাৰ কুপ’ মানে হৈছে লোহাৰ জালৰ খাঁচা, য’ত কুকুৰাবোৰক কাটিবৰ বাবে ৰখা হয়। কুকুৰাবোৰে দেখে যে সিহঁতৰ চকুৰ আগতেই লগৰীয়া কুকুৰাবোৰক এটা এটাকৈ হত্যা কৰা হৈছে, তথাপিও সিহঁতে পলাবলৈ চেষ্টা নকৰে। তদ্রুপ ভাৰতীয় দৰিদ্ৰ লোকসকলেও শোষণ, অত্যাচাৰ নিজ চকুৰ আগতে ঘটি থকা সত্ত্বেও বিদ্ৰোহ নকৰে। বলৰামে জানে যে যদি সি অশোকক হত্যা কৰে, তেন্তে প্রতিশোধ হিচাপে অশোকৰ পৰিয়ালে লক্ষ্মণগড়ত থকা তাৰ সকলো আত্মীয়ক হত্যা কৰিব । তদুপৰি দিল্লীত থকা তাৰ সৰু খুৰাকৰ পুত্ৰ ধৰ্মৰ আগমনেও বলৰামক নৈতিকভাৱে দোদুল্যমান কৰি তোলে। আইতাক কুসুমে ধৰ্মক বলৰামৰ ওচৰলৈ পঠিয়াই দিছিল নতুন কামৰ সন্ধানত। শেষত বলৰামে এটা ভঙা বটলৰ পৰা তৈয়াৰ কৰা অস্ত্ৰ ব্যৱহাৰ কৰি হত্যাকাণ্ড সংঘটিত কৰিবলৈ দৃঢ় সিদ্ধান্ত লয় । বলৰামে গাড়ীত যান্ত্ৰিক বিজুতি ঘটিছে বুলি গাড়ীখন ৰাষ্টাৰ কাষত ৰখায় আৰু অশোকক চকা পৰীক্ষা কৰিবলৈ তললৈ হালি বহিবলৈ মান্তি কৰায়। তেনেতে পিছফালৰ পৰা ভঙা বটলেৰে অশোকৰ মূৰত আঘাত কৰে । অশোকক হত্যা কৰাৰ পিছত বলৰামে অশোকৰ ফ্লেটলৈ উভতি গৈ খুৰাকৰ পুত্ৰ ধৰ্মক লগত লৈ টকাৰ টোপোলাসহ বেংগালুৰুলৈ পলাই যায়।

বেংগালুৰুত বলৰামে ধৰা পৰাৰ তাৎক্ষণিক ভয় নোহোৱা পৰ্যায়লৈ মনোবল লাভ কৰাৰ পাছত নগৰখন ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে আৰু কেফেত বহি লোকসকলৰ কথা-বতৰা শুনিবলৈ ধৰে। ধানবাদৰ চাহ দোকানত কৰাৰ দৰে বলৰামে নিজৰ পৰৱৰ্তী পদক্ষেপ এই কথা-বতৰাবোৰৰ পৰাই পৰিকল্পনা কৰিবলৈ ধৰিলে । সোনকালে সি জানিব পাৰে যে বেংগালুৰুৰ ব্যৱসায়িক জগতখন আউট- ছ’ৰ্চিঙৰ ওপৰতেই ঘূৰি থাকে আৰু বহু ডাঙৰ প্রযুক্তি কোম্পানীয়ে নিশাকালীন সময়সূচীত কাম কৰে। এই সুযোগকে ধৰি বলৰামে ‘হোৱাইট টাইগাৰ ড্ৰাইভাৰ্ছ’ নামৰ এটা টেক্সি কোম্পানী স্থাপন কৰে, যাৰ উদ্দেশ্য আছিল কল চেণ্টাৰৰ কৰ্মচাৰীসকলক নিশা নিৰাপদে ঘৰলৈ পঠিওৱা । এই উদ্যোগটোৰ পৰা বলৰামে অসাধাৰণভাৱে সফলতা লাভ কৰে।

নিজৰ জীৱনৰ কাহিনী লিখিবলৈ বহোঁতে বলৰাম ইতিমধ্যে এজন ধনী ব্যক্তি হৈ উঠিছে। তথাপিও যি নিজকে সদায় অলপ আঁতৰাই ৰাখে সি আগতে কৰা অপৰাধ কেতিয়াবা ফাদিল লৈ পৰে বুলি অন্তনির্হিত ভয় অনুভৱ কৰি থাকে । তথাপি চীনৰ প্ৰধানমন্ত্রী ৱেন জিয়াবাওলৈ লিখা নিজৰ পত্ৰখন সি এই দৃঢ়তাৰে ঘোষণা কৰে যে যদি তাৰ অপৰাধ কোনোবাদিনা ধৰা পৰেও সি কেতিয়াও তাৰ বাবে অনুতাপ নকৰিব। কাৰণ সেই অপৰাধ কৰাটো তাৰ জীৱনৰ বাবে মূল্যৱান আছিল যিয়ে তাক এজন দাসৰ দৰে নহয়, বৰঞ্চ এজন মুক্ত মানুহ হিচাপে জীৱন অনুভৱ কৰাৰ অধিকাৰ দিছে।

ভাৰতীয় ইংৰাজী সাহিত্যৰ অন্যতম শক্তিশালী ঔপন্যাসিক অৰবিন্দ আদিগাৰ ‘দ্য হোৱাইট টাইগাৰ’ উপন্যাসখন আধুনিক ভাৰতৰ সামাজিক বৈষম্য, অর্থনৈতিক বৈষম্য, নৈতিক অৱক্ষয় আৰু অৰ্থনৈতিক দৈন্যৰ এক জ্বলন্ত সমালোচনা। ‘দ্য হোৱাইট টাইগাৰ’ কেৱল ব্যক্তিগত উচ্চাকাংক্ষাৰ কাহিনী নহয়, ই একবিংশ শতিকাৰ ভাৰতৰ ভগ্ন বাস্তৱতাক প্ৰতিফলিত কৰা এখন দাপোণ। আদিগাই পাঠকক তেওঁৰ কথকৰ জৰিয়তে অস্বস্তিকৰ সত্যৰ সন্মুখীন হ’বলৈ বাধ্য কৰে শ্ৰেণীক্ষমতা আৰু নৈতিকতাৰ বিষয়ে। বাস্তৱবাদক ব্যংগৰ সৈতে আৰু সামাজিক সমালোচনাৰ সৈতে মানসিক অন্তদৃষ্টিৰ সংমিশ্ৰণত অৰবিন্দ আদিগাই এই উপন্যাসখনৰ জৰিয়তে নিজকে আধুনিক ভাৰতীয় কল্প কাহিনীৰ অন্যতম নির্ভীক কণ্ঠ হিচাপে প্ৰতিষ্ঠা কৰিছে।

ফোনঃ ৮৮২২০-৮৩১৪৮

You might also like

Comments are closed, but trackbacks and pingbacks are open.