মনটো কেৱল দায়িত্বৰ বাবেই নহয়, প্ৰকাশৰ বাবেও !

30

শিশুক কোনেও নোসোধে কিয় খেলে বুলি। শিশু— পখিলাৰ পিছত দৌৰে, বেঁকা বেঁকিকৈ বেলিও আঁকে, শ্রোতা নিবিচৰাকৈ গান গায়— একো লাভ নিবিচাৰে, কিন্তু কৰি থাকে। ডাঙৰেও এনে কৰে— ভিতৰৰ কিবা এটা টানত— কৰি ভাল পায় কাৰণে কৰে। সেই টানটোৱে চখ। হ’বী।

জীৱন ক্ৰমাৎ কেৱল কাম হৈ পৰে। জীৱন আগবাঢ়ি যোৱাৰ লগে লগে জীয়াই থকাৰ ভাষাও সলনি হয়। কৌতূহল হৈ পৰে নম্বৰ লাভৰ প্রচেষ্টা, শিক্ষণ হৈ পৰে প্ৰস্তুতি, প্ৰস্তুতি পৰিণত হয় প্রতিযোগিতাত আৰু প্ৰতিযোগিতাই হৈ পৰে জীয়াই থকা।

এটা সময়ত উপযোগিতা সকলোৰে পৰিমাপ হৈ পৰে । আমি লাভ চাই কার্যকলাপ বাছি ল’বলৈ আৰম্ভ কৰোঁ। সময়ে আমাক কিবা এটা দিব লাগিব। আনকি জিৰণিও ফলপ্রসূ হ’ব লাগিব। আমি দিনটোৰ পৰিকল্পনা কৰোঁ, প্ৰতিটো মিনিটৰ হিচাপ কৰোঁ, সুখৰ সময় নিৰ্ধাৰণ কৰোঁ।

জীৱনলৈ আমি নিয়মানুৱৰ্তিতা, শৃংখলা, অনুশাসন সকলো আনো, কিন্তু অস্থিৰ হৈ পৰোঁ। আমাৰ কথা-বতৰাবোৰ সময়সীমা আৰু দায়িত্বৰ মাজত আবদ্ধ হৈ পৰে। ছুটীৰ দিনবোৰ আনন্দময় অভিজ্ঞতাতকৈ আৰোগ্যৰ সময় হৈ পৰে। কৃতিত্ব বৃদ্ধি পায়, কিন্তু সন্তুষ্টি কমি যায়। একো ভুল নকৰিলেও কিবা এটা হেৰাই যায়।

আধুনিক জীৱনৰ এয়া এক অদ্ভুত ক্লান্তি। সামর্থ্য অনুসৰি কাম কৰিও ভাগৰুৱা অনুভৱ হয়। টোপনি গ’লেও জিৰণি অনুভৱ নহয়, বন্ধৰ দিনতো মুক্ত অনুভৱ নহয়।

কাৰণ মানুহৰ মনটো কেৱল দায়িত্বৰ বাবেই নহয়, প্ৰকাশৰ বাবেও। কামে মনক ব্যৱহাৰ কৰে, চখে মনটো মুকলি কৰি দিয়ে। মনে এই মুকলি ভাবটো নাপালেও কাম কৰি থাকিব পাৰে, কিন্তু সতেজতা হেৰুৱাই পেলায়। জীৱনটো চলি থাকিলেও ৰংহীন হৈ পৰে। সেইবাবেই ফুলনি কৰি ভালপোৱা এজন অৱসৰপ্ৰাপ্ত ব্যক্তিক নিখুঁত কেৰিয়াৰ থকা এজন যুৱকতকৈ বেছি শান্ত যেন লাগে। পাৰ্থক্যৰ কাৰণটো হ’ল মনৰ পৰা কৰা। জীৱনত শান্তি গুৰুত্বই নিৰ্ধাৰণ নকৰে, মনটো কিমান জড়িত হৈছে তাৰ ওপৰতহে নিৰ্ভৰ কৰে।

হ’বী সময় কটোৱাৰ উপায় নহয়। আমি চখক ঐচ্ছিক বিলাসিতা হিচাপে গণ্য কৰোঁ— দৈনন্দিন কাম আৰু দায়িত্বখিনি সম্পূৰ্ণ হোৱাৰ পাছতহে সময় থাকিলে কৰিবলগীয়া কাম বুলি ভাবোঁ। কিন্তু প্রকৃত কথাটো হ’ল হ’বীয়ে কৰ্তব্যক বোজাত পৰিণত হোৱাৰ পৰা ৰক্ষা কৰে।

চখ হৈছে নিজৰ লগত হোৱা কথা-বতৰা। লিখিবলৈ আৰম্ভ কৰিলে এজন ব্যক্তিয়ে উপলব্ধি কৰে নিজৰ চিন্তাধাৰা, গান গালে বুজি পায় আৱেগ, ছবি আঁকিলে শিকে পর্যবেক্ষণ। এই কথা-বতৰা অবিহনে মানুহে চৌপাশৰ প্ৰতি কেৱল প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰে, অন্তৰ্নিহিতভাৱে জড়িত হ’ব নোৱাৰে। দৰাচলতে আমি এটা সূক্ষ্ম কথা উপলব্ধি নকৰোঁ। আধুনিক জীৱনত সংকট সময়ৰ অভাৱ নহয়, আন্তৰিক সংযোগৰ অভাৱ ৷

চখে ফলাফলৰ চাপ আঁতৰাই পেলায়। ফলাফলমুক্ত কার্যকলাপত ইগ’নাথাকে, কাৰণ প্ৰমাণ কৰিবলগীয়া একো নাথাকে। শান্তি কৃতিত্ব নহয় ৷ শান্তি অনুভৱ— নিজৰ । বৃত্তি-কেৰিয়াৰে পদবী দিয়ে, চখে ব্যক্তিত্ব দিয়ে।

সমস্যাটো হ’ল শৈশৱৰ চখ বয়সৰ লগে লগে আমি পৰিত্যাগ কৰোঁ। আমি ভাল নোপোৱা হৈ নাযাওঁ, আমি জুখিবলৈ আৰম্ভ কৰোঁ— আমি হিচাপ কৰোঁ— এই কামটোৱে মোৰ কেৰিয়াৰত সহায় কৰিবনে ? ধন উপার্জন হ’বনে? ভৱিষ্যতৰ বাবে সহায়ক হ’বনে? মনটোৱে এটা নীতি গ্ৰহণ কৰে—আনন্দই নিজকে ন্যায্যতা প্রদান কৰিব লাগিব ।

সেয়েহে আজিৰ বহু আৱেগিক সমস্যা ৰোগ নহয়, অপ্ৰকাশিত চখ। চখখিনি নকৰাটোৱে হৈ পৰে বিৰক্তি। মুক্ত নোহোৱা অনুভৱবোৰ হৈ পৰে গধুৰ। হ’বীয়ে ৰোগ নিৰ্ণয় নকৰাকৈয়ে থেৰাপী হিচাপে কাম কৰে ৷

মনোৰঞ্জন আৰু চখ একে নহয়। আধুনিক জীৱনে অহৰহ মনোৰঞ্জনৰ সুবিধা প্ৰদান কৰে। বহু সময়ৰ মনোৰঞ্জনৰ পিছতো এজন ব্যক্তিয়ে নিজকে শূন্য অনুভৱ কৰে, কিন্তু ব্যক্তিগত সৃষ্টিৰ পাছত ব্যক্তিয়ে থেৰাপী পোৱা যেন অনুভৱ কৰে। মনোৰঞ্জনে মনটোক বিচলিত কৰে, চখে মনটোক নিজৰ লগত সংযোগ কৰে।

ব্যক্তিয়ে যেতিয়া চখ হেৰুৱাই পেলায়, তেতিয়া সমাজো প্রভাৱিত হয়। অস্থিৰতা বাঢ়ি যায়, মতামতৰ চোক বাঢ়ি যায়, ধৈর্য কমি যায়। চখে, সৃষ্টিশীলতাই প্ৰকাশৰ বাট বিচাৰি নাপালে মানুহৰ মন হৈ পৰে সমালোচনাত্মক। তুলনা, যুক্তি আৰু আক্ৰমণাত্মকতাতে ই প্রকাশ বিচাৰে— অৱতীৰ্ণ হ’বলৈ আৰম্ভ কৰে এক অন্তহীন প্রতিযোগিতাত । সেয়েহে চখ কেৱল ব্যক্তিগত বিনোদন নহয়, ই হৈছে সামাজিক ভাৰসাম্য।

চখৰ কাৰণে বিশেষ প্ৰতিভাৰ প্ৰয়োজন নাই। যিকোনো ঠাইতে, যিকোনো সময়তে আৰম্ভ কৰিব পাৰি। কোনো ঘোষণাৰ প্ৰয়োজন নাই। এয়া দক্ষতা আহৰণৰ প্ৰচেষ্টা নহয়। এয়া নিজৰ সৈতে সম্পৰ্ক পুনৰুদ্ধাৰ।

জীৱনে দাপোণৰ দৰে কাম কৰে। কামে দেখুৱায় সমাজে আমাক কেনেদৰে চায়, হ’বীয়ে দেখুৱায় আমি নিজকে কেনেকৈ চাওঁ। দুয়োটা প্রতিফলনেই প্রয়োজনীয়, কিন্তু এটাই আমাক সম্পূর্ণ কৰে। এনে কামৰ পৰা দেখাত কোনো পুৰস্কাৰ নাই, কোনো স্বীকৃতি নাই, কোনো জুখিব পৰা ফলাফল নাই— কিন্তু এনে কামে আমাক আমাৰ অস্তিত্বৰ লগত সংযুক্ত কৰে।

পাৰ্থসাৰথি মহন্ত

You might also like

Comments are closed, but trackbacks and pingbacks are open.