নিৰ্মলপ্ৰভা বৰদলৈৰ গীত সুৰ আৰু শব্দৰ সাৰ্থক যুগলবন্দী

7

‘মনত পৰা দিন ধৰি সুৰে মোক শুৱাইছিল, সুৰে মোক জগাইছিল, সুৰে মোক আৱেগত কন্দুৱাইছিল, বেলেগ জগত এখনলৈ লৈ গৈ সুৰে মোক তন্ময় কৰিছিল, সুৰে মোক নচুৱাইছিল।’ “নিৰ্মলপ্ৰভা বৰদলৈ”

অসমীয়া আধুনিক গীতৰ ৰচয়িতাসকলৰ ভিতৰত প্ৰাতঃস্মৰণীয় এক নাম হ’ল নিৰ্মলপ্ৰভা বৰদলৈ। শ্ৰোতাৰ মন-মগজুক আলোড়িত কৰি যোৱা ভালেসংখ্যক চিৰসেউজ গীতৰ স্ৰষ্টা সকলোৰে আদৰৰ ‘নীলা বাইদেউ’ স্বৰূপাৰ্থত এগৰাকী স্বনামধন্য অসমীয়া নাৰী। অসমীয়া সাহিত্যত বাইদেউৰ পৰিচয় এগৰাকী সফল গীতিকাৰতে সীমাবদ্ধ নহয়, ‘দেৱী’, ‘সূৰ্য’ আৰু ‘শিৱৰ দৰে তত্ত্বমূলক মননশীল ‘গ্ৰন্থৰত্নত্ৰয়ী’, কবিতা, উপন্যাস, গীতি-নাটক, অনুবাদ গ্রন্থ, শিশু সাহিত্য, সম্পাদিত গ্ৰন্থৰ মেটমৰা সম্ভাৰেৰে জ্ঞান-তপস্বিনী ড° নিৰ্মলপ্ৰভা বৰদলৈ প্ৰকৃতাৰ্থত অসমৰ ‘সৰস্বতী’। ড° ভূপেন হাজৰিকা, দীপালী বৰঠাকুৰ, জয়ন্ত হাজৰিকাৰ কণ্ঠেৰে নিঃসৃত ‘সৰস্বতী’ নিৰ্মলপ্ৰভা বৰদলৈৰ কেইবাটাও অমৰ গীতে আজিও অসমীয়া মানুহৰ মন-প্রাণ আৱৰি ৰাখিছে । সেই অমৰ গীতসমূহৰ সুৰ অসমীয়া আধুনিক গীতৰ শ্ৰোতাৰ হৃদয়ৰ সুৰ হৈ পৰিছে।

‘সোণ বৰণী আই’ (১৯৮০), ‘সূৰুযমুখী’ (১৯৮৫) আৰু ‘ফুলৰ এই মেলাতে’ (২০০২) নামৰ তিনিখনকৈ গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যলৈ বহুমূলীয়া অৱদান আগবঢ়োৱা নিৰ্মলপ্ৰভা বৰদলৈয়ে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই ‘ক’ৰ গৰখীয়া, গকুলৰ কলীয়া…’ শীৰ্ষক গীতটিৰে গীতিকাৰ হিচাপে আত্মপ্রকাশ কৰিছিল। নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল ঐতিহ্যমণ্ডিত শিৱসাগৰত ১৯৩৩ চনৰ ২০ জুনত। শিশু নিৰ্মলপ্ৰভা ডাঙৰ হৈছিল বৰ্মাক, মাক আৰু আইতাকৰ মৰম-চেনেহেৰে আৱৰা উমাল বুকুৰ মাজত। তেওঁলোকৰ সুৰীয়া কণ্ঠৰ নিচুকনি গীতৰ সুৰত টোপনি যোৱা নিৰ্মলপ্ৰভাৰ টোপনি ভাগিছিল দেউতাকৰ কণ্ঠৰ বৰগীতৰ সুৰত। সেই সময়ত বুৰঞ্জীপ্ৰসিদ্ধ শিৱদৌলৰ ‘শিৱস্তুতি’, মাঘী উৎসৱত বৈষ্ণৱসকলৰ কণ্ঠৰ ‘দিহানাম’, ‘হীৰানাম’ৰ সুৰ শিৱসাগৰৰ পুৰণা আমোলাপট্টিৰ নামঘৰত ভাদ মাহৰ শ্ৰীশ্ৰী কৃষ্ণা জন্মাষ্টমী উপলক্ষে অভিনীত পালাৰ গীতৰ সুৰ, নামঘৰত গোপিনীসকলে লোৱা নামৰ সুৰ আৰু বৰদিনৰ সময়ত খ্রীষ্টানসকলে বাটে বাটে পৰিৱেশন কৰা ‘কেৰেল’ৰ সুৰে আকাশ- বতাহ মুখৰিত কৰি তুলিছিল। শৈশৱৰ এই সাংগীতিক পৰিৱেশে পৰৱৰ্তী সময়ত নিৰ্মলপ্রভাক গীত ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। আত্মজীৱনী ‘জীৱন জীৱন বৰ অনুপম’ তেওঁ লিখিছে—

‘আমি ‘মাঘীস্নান’ কৰিবলৈ ব্ৰহ্মপুৱাতেই দিখৌ নৈৰ মেটেকাঘাটলৈ বৰ্মা আৰু মাৰ লগত যোৱা স্মৃতি আজিও সজীৱ হৈ আছে। আন্ধাৰ থাকোঁতেই শোৱাৰ পৰা উঠি, ডাঠ কুঁৱলীৰ মাজে মাজে, লগুৱা এটাই লগে লগে নিয়া লেম্পৰ পোহৰত আমি বাটে-বাটে বৰগীত গাই গাই গৈছিলোঁ। দুই-এক বাটত লগ হয়। আমি পানীত নামি স্নান কৰোঁতে পূবৰ আকাশত ধলফাট দিয়ে। মুকলি দিগন্তত কুঁৱলীৰ মাজেদি ৰঙা বেলিটো নৈৰ বুকুত উঠি অহাৰ যি সৌন্দৰ্য সেই সৌন্দর্য অবর্ণনীয়। উভতি আহোঁতে দোকমোকালি হয়। কুঁৱলীৰ মাজে-মাজে পুৱতিনিশাতে যোৱা, ব্ৰহ্মমুহূৰ্তত স্নান কৰা সময়খিনিৰ শিহৰণ আজিও মনত আছে। তেতিয়াৰ সেই মধুৰ শিহৰণেই মনত ৰৈ গৈছিল আৰু পাছত গীত আকাৰে প্ৰকাশ পাইছিল বহুত বছৰৰ পিছত এনেকৈ—

সাৰ পাম মই পুৱতিনিশাতে
নিয়ৰ যেতিয়া সৰে
বাটৰ শুকান ধূলিক সেমেকা
যিটো প্ৰহৰে কৰে
ম‍ই চাব খোজো হেঙুলী বেলিয়ে
আন্ধাৰ কেনেকৈ নাশে
ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে
কুসুমৰ কাষে কাষে
উদং বতাহৰ বুকু কেনেকৈ
মিঠা সুবাসেৰে ভৰে…’

‘আজি অসমত এনে এজন সুৰকাৰ বিচাৰি পোৱা টান হ’ব যি নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচা গীতত সুৰ দিয়া নাই। আজি অসমত সুপ্রতিষ্ঠিত গায়ক আৰু গায়িকাসকলৰ মাজত এনে এগৰাকীক বিচাৰি পোৱা টান হ’ব, যি নিৰ্মলপ্ৰভাৰ গীত গোৱা নাই। নিৰ্মলপ্ৰভাৰ জীৱনটোৱেই এটা ধুনীয়া গীত।’ (ড° দিলীপ কুমাৰ দত্ত ঃ পাতনি, ‘নিৰ্মলপ্ৰভাৰ গীত আৰু জীৱন নদী’।

প্ৰতিভা আৰু প্ৰজ্ঞাৰ অপূৰ্ব সমাহাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈ আধুনিক অসমীয়া গীতি সাহিত্যৰ ইতিহাসত মুকুতাৰ দৰে জিলিকি থকা এটি চিৰস্মৰণীয় নাম। শৈশৱতে তেওঁ দেউতাকে কলিকতাৰ পৰা আনি দিয়া হামনিয়ামত সা ৰে গা মা বজাবলৈ আৰু গীত গাবলৈ শিকি সংগীতৰ জগতখনত প্ৰথম খোজ পেলাইছিল। নিৰ্মলপ্ৰভা বৰদলৈৰ সংগীত যাত্ৰাৰ প্রথম পথপ্রদর্শক আছিল সম্পৰ্কীয় মোমায়েক গণেশ শর্মা চাংকাকতি। এইজনা মোমায়েকৰ বাঁহীৰ সুৰ আৰু গীতে শিশু নিৰ্মলপ্রভাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। এইজন মোমায়েকেই তেওঁক ভালেমান সুৰৰ লগতো পৰিচয় কৰাই দিছিল। পাছলৈ স্কুলীয়া আৰু কলেজীয়া জীৱনত তেওঁ গান গাই, বৰগীত গাই সদায় প্রথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । আত্মজীৱনী ‘জীৱন জীৱন বৰ অনুপম’ত তেওঁ লিখিছে—

‘স্কুল-কলেজত গান গাই, বৰগীত গাই সদায় প্রথম পুৰস্কাৰ লাভ কৰিছিলোঁ। শিৱসাগৰ কলেজতো নিজে লিখা গান, নিজে সুৰ দিয়া গানবোৰ নিজেও গাইছিলো, আনেও গাইছিল । এই গান শুনিয়েই, এম পি প্রফুল্ল বৰুৱা দদাইদেৱে মোক ‘বাঁহী’নাম দিছিল। কিন্তু সেই বাঁহীৰ সুৰ কৰ্কশ বাস্তৱতাত আলৈ-আথানি হৈ হেৰাই গ’ল।’

কর্মব্যস্ততাই নির্মলপ্রভা বৰদলৈক কণ্ঠ সাধনাৰ সুযোগ নিদিলে যদিও গীতিকাৰ নিৰ্মলপ্ৰভাৰ কলম স্তব্ধ কৰিব নোৱাৰিলে। কর্মব্যস্ত জীৱনতো কামৰ ফাঁকে ফাঁকে তেওঁ গীত ৰচনা কৰি বিপুল খ্যাতি লাভ কৰিলে । অৱশ্যে গুৱাহাটীলৈ অহাৰ পাছতে গায়ক, সুৰকাৰৰ ভিৰৰ মাজত নিৰ্মলপ্রভা বৰদলৈৰ গান লিখা ভিতৰৰ মানুহজনী লুকাই পৰিব খুজিছিল। কিন্তু সেই সময়তে ‘বদন বৰফুকন’ কথাছবিৰ ‘থীম চং’টো লিখাৰ অনুৰোধ লৈ তেওঁৰ কাষত থিয় দিলে লক্ষ্যধৰ চৌধুৰী আৰু হেম বৰুৱা । দুয়োজন স্বনামধন্য ব্য ক্তিৰ অনুৰোধত তেওঁ প্ৰথমবাৰৰ বাবে কথাছবিৰ গীত লিখিলে—

কালৰ বুকুত হেৰাল যদি
জীৱনৰ চাকি,
নাকান্দিবি আই অ’ তই
চকুৰ পানী মচি ।

তাৰ পিছতে নিৰ্মাণ হ’বলগীয়া প্ৰথমখন অসমীয়া থ্রিলাৰধৰ্মী ছবি ‘ডক্টৰ বেজবৰুৱা’ৰ বাবে সুৰৰ ওপৰত গীত লিখি দিবলৈ নিৰ্মলপ্ৰভা বৰদলৈৰ কাষ চাপিল ব্ৰজেন বৰুৱা। ইয়াৰ আগতে অৱশ্যে তেওঁ সুৰৰ ওপৰত গীত লিখা নাছিল। উক্ত কথাছবিৰ বাবে তেওঁ লিখা এই গীতটিয়ে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হয়—

কি নাম দি মাতিম
মাতিম তোমাক
নিবিড় গোপন কি যে মায়া
যি নামৰে সোণ পৰশত
স্বর্ণালী হয় হিয়া।

নিৰ্মলপ্ৰভা বৰদলৈয়ে ১৯৬০ চনত কথাছবিৰ বাবে প্ৰথম গীত লিখে ৷ সেই সময়তে পুৰুষোত্তম দাসে তেওঁক ৰেডিঅ’ৰ বাবে গীত লিখিবলৈ অনুৰোধ জনালে— ‘চিনেমাৰ কাৰণে গান লিখি দিয়া, আমাক কিয় নিদিয়া ?” ৰেডিঅ’ৰ স্বীকৃতিপ্রাপ্ত গীতিকাৰ হ’বলৈ পঁচিশটামান গীত লাগে। কর্মব্য স্ততাৰ বাবে তেওঁ সেই কাম কৰিবলৈ সাহস কৰিব পৰা নাই। পুৰুষোত্তম দাসৰ লগতে বীৰেন ফুকনেও তেওঁক গীতৰ বাবে অহৰহ তাগিদা দিবলৈ ধৰিলে। কিন্তু নিৰ্মলপ্ৰভা বৰদলৈৰ সঁহাৰি নাপাই এইবাৰ তেওঁলোকে ‘ভোগালী বিহুৰ সংগীতালেখ্য লিখি দিবলৈ তেওঁলৈ কনট্ৰেক পঠিয়াই দিলে। আলেখ্যখনত সুৰ দিয়াৰ ভাৰ পৰিল মুকুল বৰুৱাৰ ওপৰত। তেওঁ নিৰ্মলপ্ৰভা বৰদলৈৰ ঘৰ ওলালহি আৰু আলেখ্যখনৰ বাবে অন্ততঃ পাঁচটা গীত ৰচনাৰ দাবী জনালে। বাধ্যত পৰি তেওঁ পাঁচটা গীতেৰে আলেখ্যখন লিখি দিলে। তাৰ পিছত আহিল হেঁপাহৰ ৰঙালী বিহু। এইবাৰো একে প্ৰচেষ্টাৰে আলেখ্য লিখাৰ ভাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ ওপৰত ন্যস্ত কৰা হ’ল। পাঁচটা গীতেৰে ৰঙালীৰ আলেখ্যখনো লিখা হ’ল। পুৰুষোত্তম দাসে নিৰ্মলপ্ৰভা বৰদলৈক আকাশবাণী কেন্দ্ৰলৈ মাতি নি ক’লে— ‘ভোগালীৰ পাঁচোটা, ৰঙালীৰ পাঁচোটা— এই দহটা গান হ’ল, এতিয়া মোক বাকী পোন্ধৰটা লিখি দিয়া।’ উপায়ান্তৰ হৈ তেওঁ আৰু পোন্ধৰটা গীত লিখি মুঠ পঁচিশটা গীত লিখি পুৰুষোত্তম দাসৰ হাতত দিলে আৰু এই পঁচিশটা গীতেই তেওঁক আকাশবাণীৰ গীতিকাৰৰূপে স্বীকৃতি দিয়ে। আকাশবাণীত স্বীকৃত তেওঁৰ প্ৰথমটো গীতত সুৰ দিয়ে পুৰুষোত্তম দাসে নিজে আৰু কণ্ঠদান কৰে তেতিয়াৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী প্রণতি দাসে

কাজল মেঘৰ সজল চকু
গভীৰ নীলিম ছাঁই
শুকান ধৰাৰ বুকুত ফুলালে
আশাৰ খৰিকাজাঁই।

ড° নিৰ্মলপ্ৰভা বৰদলৈৰ গুৱাহাটীৰ চানমাৰিৰ ঘৰখন অসমীয়া শিল্প- সংস্কৃতি জগতৰ এক ঐতিহাসিক ক্ষেত্ৰলৈ পৰিণত হৈছিল। তেওঁৰ গীত বিচাৰি অসমৰ ভালেকেইজন বৰেণ্য শিল্পীয়ে তেওঁৰ ঘৰত উপস্থিত হৈছিল আৰু তেওঁ ৰচনা কৰা গীত সুৰেৰে সজাই তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গৈছিল। গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কথাছবিৰ বাবে, ৰেডিঅ’ৰ ৰ বাবে আৰু কাৰোবাৰ প্ৰয়োজন তথা তাগিদাত অবিৰাম গীত লিখি গৈছিল। নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত সেই সময়ৰ সকলো প্রতিষ্ঠিত গায়ক-গায়িকাই কণ্ঠদান কৰিছিল ৷ এওঁলোকৰ ভিতৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰ, প্ৰণতি দাস, পুলক বেনাৰ্জী, তুলিকা সেনাপতি, মনীষা হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত আদি কণ্ঠশিল্পীৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠা নির্মলপ্রভা বৰদলৈৰ অমৰ গীতসমূহ হ’ল—

ক) সীমাৰ সিপাৰে তৃপ্তি আমাৰ
মাজত তৃষাৰে নৈ
সাগৰ তীৰত পৰি ৰ’লো আমি
শামুকৰ খোলা হৈ।

গীতটি সুৰেৰে সজাইছিল যশস্বী সুৰকাৰ মুকুল বৰুৱাই। মুকুল বৰুৱাৰ সুৰ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কণ্ঠৰ আৱেশে গীতৰ গভীৰতাক প্ৰাণময় কৰি তুলি জনপ্রিয়তাৰ শিখৰলৈ লৈ গৈছিল।

খ) মই এই মাটিৰে ল’ৰা
হৈছিলো অঘৰী
মাটিৰ মোহ এৰি
দিছিলো ভাওনাৰ চং
আই মই কৰিছো পণ
আকালৰ জুইতে পোৰা
ৰঙা মাটিৰ
গুচামেই গেৰুৱা ৰং

গ) ধুমুহা…! ধুমুহা…!
ধুমুহাত মই থৈ যাম মোৰ গতি
ধুমুহাত মই থৈ যাম মোৰ গতি
ধুমুহাত মই থৈ যাম মোৰ গতি
ধুমুহাত… গতি…।

ঘ) ম‍ই বিচাৰিছোঁ হাজাৰ চকুত
দীপ্ত সূর্য শিখা
এই ভয়াৱহ যুগসন্ধি
নাশিবলে বিভীষিকা…।

গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ শতকৰা ৯৫ ভাগ গীতত কণ্ঠদান কৰিছে জয়ন্ত হাজৰিকাই। নিৰ্মলপ্ৰভা বৰদলৈৰ কথা আৰু জয়ন্ত হাজৰিকাৰ সুৰ-কণ্ঠৰ যুগলবন্দীয়ে অসমীয়া গীতৰ শ্ৰোতাক উপহাৰ দিছিল কেইবাটাও কালজয়ী গীত । এই গীতসমূহৰ ভিতৰত উল্লেখযোগ্য দুটিমান গীত হ’ল—

আগলি বতাহে কঁপালে কলৰে পাত,
মন উৰণীয়া হেৰালে বাটৰে আঁত ৷
বুজোঁ কি নুবুজোঁ চিনাকি কুলিৰে মাত
মেলো কি নেমেলো আকাশ চুবলৈ হাত
হেৰালে বাটৰে আঁত ।

গীতটি ৰচনাৰ আঁৰৰ কাহিনীও গীতটিৰ দৰেই আকর্ষণীয়। নির্মলপ্রভা বৰদলৈহঁত থকা উজান বজাৰৰ ভাৰাঘৰৰ মালিকৰ ঘৰত বিয়া আছিল । বিয়াৰ খোবা-খুবুনীৰ দিনা এখন সৰু মজলিছ বহিছিল। তাত কবি হীৰেন ভট্টাচার্য আৰু জয়ন্ত হাজৰিকাও উপস্থিত আছিল। হীৰেন ভট্টাচাৰ্যই মজলিছত তিনি মিনিটত গান লিখাৰ খেল এটা উলিয়াই চিগাৰেটৰ পেকেট এটা ফালি বুকুফাল উলিয়াই নিৰ্মলপ্ৰভা বৰদলৈৰ ফালে আগবঢ়াই ক’লে, ‘start’। ‘কি লিখোঁ’ বুলি ভাবি নিৰ্মলপ্ৰভা বৰদলৈয়ে খিৰিকীৰে বাহিৰলৈ চাই আন্ধাৰত কলপাত এখিলা লৰি থকা দেখিলে ৷ খেলৰ আৰম্ভণিতেই গীতটিত জয়ন্ত হাজৰিকাই সুৰ দিব আৰু গাব বুলি ঠিক কৰি লোৱা হৈছিল। জয়ন্ত হাজৰিকা সেই সময়ত চফল ডেকা। গতিকে তেওঁৰ মনৰ লগত মিলাকৈ তেওঁ তৎক্ষণাত গীতটিৰ শাৰীকেইটা লিখি তিনি মিনিটত সম্পূৰ্ণ কৰিলে । জয়ন্ত হাজৰিকাই গীতটি কলিকতাত গৈ এইচ এম ভি ৰেকৰ্ড কৰিলেগৈ। গীতটো ৰেকৰ্ডত বজাৰত ওলোৱাৰ পাছত ইমানেই জনপ্রিয় হ’ল যে ই গীত বিক্ৰীৰ সকলো অভিলেখ ভংগ কৰিছিল ৷

এবাৰ জয়ন্ত হাজৰিকাই ঘৰতে সুৰ এটা কৰি নিৰ্মলপ্ৰভা বৰদলৈক শুনাবলৈ কেইবাৰো আহি লগ নাপালে। গধূলিও তিনিবাৰমান আহিল যদিও নিৰ্মলপ্ৰভা বৰদলৈৰ ড্রয়িংৰুম আলহীৰে ভৰি থকাৰ বাবে শুনাব পৰা নাই। আলহীবোৰ যাওঁতে নিশা দহ বাজিল। সুৰুঙা পাই জয়ন্ত হাজৰিকাই সুৰটো শুনাব খোজে যদিও তেওঁ ভাগৰ লগা বুলি কোৱাত ‘অকমান শুনক বুলি থিয়ৈ-থিয়ৈ ড্রয়িংৰুমৰ ছোফাৰ হেণ্ডেলতে হাৰমনিয়ামটো থৈ সুৰটো শুনালে। পিছদিনা পুৱাই জয়ন্ত হাজৰিকাক গীতটো লাগিব। মাত্ৰ এবাৰ শুনাৰ বাবে তেওঁ সুৰটো পাহৰি গ’ল। পিছদিনা পুৱা চাৰিমান বজাত সাৰ পোৱাৰ পিছতে তেওঁ সুৰটোৱে কাণত গুণগুণাই থকা যেন অনুভৱ কৰিলে। আনদিনাৰ দৰে তেওঁ আকাশবাণী কেন্দ্ৰৰ ফালে ঘাঁহনিত খোজকাঢ়িবলৈ ওলাই যাওঁতে সুৰটোও লগে লগে গ’ল। সুৰটোৰ ওপৰত বাটে বাটে তেওঁ গীতটি লিখি সম্পূৰ্ণ কৰে। গীতটি হ’ল ‘সাৰ পাম মই পুৱতিনিশাতে’। এই গীতটিৰ লগত তেওঁ শৈশৱত শিৱসাগৰত ‘মাঘীস্নান’ কৰিবলৈ যোৱাৰ স্মৃতিও সাঙোৰ খাই আছে।

এইচ এম ভিয়ে পাণবজাৰত অস্থায়ী ষ্টুডিঅ’ খুলি গীত ৰেকৰ্ডিং কৰাৰ সময়ৰ কথা। দ্বৈত কণ্ঠৰ গীত এটি বিচাৰি জয়ন্ত হাজৰিকা আৰু নীলিমা খাতুন নিৰ্মলপ্ৰভা বৰদলৈৰ ঘৰলৈ আহিল। ঘৰত ভালেমান আলহীৰ সমাগম । আলহী সোধা, ভাত ৰন্ধাৰ মাজে মাজে জয়ন্ত হাজৰিকা আৰু নীলিমা খাতুনে হামনিয়ামত সুৰ শুনাই, তেওঁ এশাৰী এশাৰীকৈ গীত লিখি যায় আৰু এনেদৰেই সৃষ্টি হল সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া ৰোমাণ্টিক গীত এটিৰ—

ছোৱালী : মোৰে দুচকুলৈ চোৱা ঘনে ঘনে
পাইছা জানো মোৰ মন ৷
ল’ৰা : তোমাৰে লিহিৰী মনৰে বাতৰি
উমানতে পালো গম ৷

সেইদিনাই একে সময়তে গীটাৰত কৰা সুৰৰ ওপৰত ৰচনা কৰিলে জয়ন্ত হাজৰিকাই কণ্ঠদান কৰা আন এটি জনপ্রিয় গীত—

মোৰ মন চাতকৰ কণ্ঠই
বৃষ্টি বিচাৰি বিচাৰি যায়
ৰ’দে পোৰা এই মৰুতে
দৃষ্টিত এধানি বৃষ্টি নাই…

জয়ন্ত হাজৰিকাৰ দৰদী কণ্ঠত প্ৰাণ পাই উঠা নিৰ্মলপ্ৰভা বৰদলৈৰ কেইটামান জনপ্রিয় গীত হ’ল—

ক) কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ
কপালতে যেন হাত যোৱা বোলায়
কপালতে যেন হাত যোৱা বোলায়….

খ) মোৰ মিনতি তৰা হৈ যদি
তোমাৰ আকাশ চুব
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয় তোমাৰ বনত ৰ’ব…

গ) অলপ হাঁহি অলপ অশ্রু
অলপ নুবুজা ডাৱৰ
অলপ হাঁহি অলপ অশ্রু
অলপ নুবুজা ডাৱৰ
এয়ে পৃথিৱীৰ সেউজী দূবৰি
যাউতিযুগীয়া সাঁথৰ…

ঘ) মায়াময় ৰূপালী জোনাক
ছায়াঘন সৰলৰে পাত
জিৰ্‌ জিৰ্‌ জিৰ জুৰিৰে পাৰত
পামনে মই পামনে তোমাক ।

ঙ) বৰ্ষা ঋতু ভাল পাওঁ
ম‍ই প্ৰতিশ্ৰুতি আছে তাৰ
সেউজী ৰহণ মাথোঁ সিয়ে সানে
শুকান গছৰ পাত…

চ) তোমাৰ মৰমে মোৰ
দেহত তুলিলে ঢৌ
বুকুত দিলে যে মৌ
কি যে মিঠা মিঠা
কেনেকৈ কি যে হৈ গ’ল…

 ছ) মোৰ নাম অনিৰুদ্ধ
এক অপৰূপ সৌন্দৰ্যৰ স্বপ্নই
মোক কৰি থৈছে মুগ্ধ ।

এয়া মাত্র দুটামান উদাহৰণহে। জয়ন্ত হাজৰিকাৰ সুৰ, নিৰ্মলপ্রভা বৰদলৈৰ কথা— এটাৰ পাছত এটাকৈ সৃষ্টি হ’ল ভালেমান কালজয়ী অসমীয়া আধুনিক গীত। ১৯৭৭ চনৰ ১৫ অক্টোবৰত ‘নতুন আশা’ কথাছবিৰ গীত বাণীবদ্ধ কৰিবলৈ গৈ কলিকতাত মাত্র ৩৪ বছৰ বয়সতে জয়ন্ত হাজৰিকাই অকাল মৃত্যুক সাবটি ল’লে। কলিকতালৈ যোৱাৰ আগে আগে ছেপ্টেম্বৰ মাহৰ কোনোবা এটা দিনত নিৰ্মলপ্ৰভা বৰদলৈৰ বাসগৃহত ড্রয়িংৰুমৰ কাৰ্পেটত বহি জয়ন্ত হাজৰিকাই হাৰমনিয়ামত বজোৱা সুৰৰ ওপৰত নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ বাবে অন্তিমটো গীত লিখিলে । গীতটি গোৱালপাৰাৰ নতুন নাট্যদল ‘লখিমী থিয়েটাৰ’ৰ ‘দেৱদাস’ নাটকৰ বাবে লিখা হৈছিল—

আকাশ আজি মোৰ নাই নাই
বতাহ আজি মোৰ নাই নাই
নদী মৰু হৈ কিয় যায়
কি অভিশাপত হায়
নিষ্ঠুৰ দেৱতাৰ বিচাৰ নাই বিচাৰ নাই ।

‘ইমান সুন্দৰ হৈছে গানটো, মই এইটো ষ্টেজত গাম’বুলি কলিকতালৈ যোৱা জয়ন্ত হাজৰিকা গান গাবলৈ আৰু কোনোদিনে উভতি নহিল । জয়ন্ত হাজৰিকা আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ যুটি অসমীয়া আধুনিক গীতৰ সৰ্বকালৰ শ্ৰেষ্ঠ যুটি। সুৰৰ ওপৰত গান লিখা এক কৌশল। গীতিকাৰ্জন নিজে গান গাব জনা শিল্পী হ’লে সুৰত গীত লিখিবলৈ সুচল হয় । সৰুৰে পৰা কণ্ঠ সাধনা কৰা নিৰ্মলপ্ৰভা বৰদলৈৰ সেই সুচলতা আছিল। সেয়েহে অসমৰ আন এজন বিশিষ্ট গীতিকাৰ নৱকান্ত বৰুৱাই তেওঁক কৈছিল, ‘নীলা, তই সুৰত গীত লিখাত ওস্তাদ হ’লি। মই কিন্তু নোৱাৰিলো। মই গান গোৱা মানুহ যে নহয় সেই কাৰণেই।’

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.