পৃথিৱীৰ অন্যতম প্রাণস্পর্শী শব্দ প্রেম। প্রেম এটি মাথোঁ শব্দ, কিন্তু ইয়াৰ বৰ্ণনা অন্তহীন। বৰ্তমানৰ নতুন প্ৰজন্মৰ বাবে প্রেম মানে এক মুক্ত ধাৰণা। দায়িত্ববোধৰ পৰা আঁতৰি জীৱনটো উপভোগ কৰিব বিচাৰে। প্ৰেমৰ মূল সংজ্ঞাৰ পৰা যেন তেওঁলোক আঁতৰি আহিছে।
কোনো কবিয়ে কৈছিল, ‘জীৱনটো যদি এপাহ ফুল, তেনেহ’লে প্ৰেম হৈছে ফুলৰ মাজৰ মৌ’।
সময় আৰু পৰিস্থিতিভেদে ৰং-ৰূপ সলনি হয় প্ৰেমৰ। সৃষ্টিৰ আদিকালৰ পৰা মহাকাব্যিক যুগ অতিক্ৰম কৰি সাম্প্ৰতিক ইণ্টাৰনেট-নিয়ন্ত্ৰিত সময়লৈ প্ৰেম নামৰ এই অদ্ভুত অনুভূতিয়ে আচ্ছন্ন কৰি ৰাখিছে মানৱ সমাজখনক ।
যুগ সলনি হ’ল, প্রেম সলনি হৈছে। বহুতে “Situationship”, “talking stage” বা “Casual dating”ত বেছি সন্তুষ্ট। গভীৰ প্ৰতিশ্ৰুতি দিয়াৰ আগতে ‘চলি থাকক, চাওঁ কি হয়’ বুলি ভাবে। এয়া আজিৰ প্ৰজন্মৰ ধাৰণা ।
ইংৰাজী ১৪ ফেব্ৰুৱাৰী দিনটো প্রেমিক-প্রেমিকাসকলে প্ৰেমৰ ‘ভেলেণ্টাইন ডে”ৰ দিন হিচাপে পালন কৰা দেখা যায় বা কৰে। এই ভেলেণ্টাইন ডে’ পাশ্চাত্য দেশৰ পৰা আহিছে। প্ৰেমৰ দিন হিচাপে এই দিনটো উদযাপন কৰে নতুন প্ৰজন্মই।
দ্রুত হৈছে প্রেম, হয়তো সেইবাবে হয়তো অস্থায়ী হৈছে সম্পৰ্কবোৰ। প্ৰেমৰ সংজ্ঞা আৰু প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ জটিলতা আৰু প্ৰত্যাহ্বান আহি পৰিছে । সামাজিক মাধ্যমবোৰে প্ৰেমৰ ধাৰণাক সলনি কৰিছে। তথাপিও এই জটিলতাৰ মাজতো সৰগ ঢুকি পাব পাৰে। সৃষ্টিশীলতা বজাই ৰাখি জীৱনৰ হেজাৰ নতুন কথা শিকিবলৈ উদ্ভুত কৰে এই প্রেমে। কাৰণ সৃষ্টিৰ মূলতে প্রেম। পৰস্পৰৰ প্ৰতি আকর্ষণেই সৃষ্টিৰ মূল ৰহস্য। প্রেম এটা অন্তহীন প্রক্রিয়া…
সংযুক্তা বৰুৱা
Comments are closed, but trackbacks and pingbacks are open.