ৰাজীৱ কাশ্যপ (ফিজিঅ’থেৰাপিষ্ট)
বায়ুমণ্ডলৰ প্ৰদূষণৰ বৰ্ধিত মাত্ৰা ই মানৱ সমাজলৈ এক ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছে। দিনকদিনে এই প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে। বায়ুমণ্ডলৰ এই বর্ধিত প্ৰদূষণৰ দ্বাৰাই আমাৰ শ্বাসতন্ত্র তথা হাঁওফাওটো পোনপটীয়াকৈ ক্ষতিগ্রস্ত হয়। বায়ুৰ মানদণ্ড সূচাংক (যাক ইংৰাজীত Air Quality Index বা AQI বুলি কোৱা হয়) ৰ দ্বাৰা বায়ু প্ৰদূষণৰ পৰিমাণ জোখা হয় । এই সূচাংক ০-৫০ৰ ভিতৰত হ’লে বায়ু পৰিষ্কাৰ বা স্বাস্থ্যৰ বাবে নিৰাপদ হয়, সূচাংক ৫০-১০০ বায়ুৰ মানদণ্ড সন্তোষজনক, কিন্তু ইয়াতকৈ অধিক সূচাংক হ’লে ই আমাৰ শৰীৰৰ শ্বাসতন্ত্ৰৰ বাবে ক্ষতিকাৰক হয়। বায়ুৰ মানদণ্ড সূচাংক যিমানে অধিক হয় সিমানেই সেই বায়ু শৰীৰৰ বাবে ক্ষতিকাৰক হয় ৷ বাৰিষা কালত বৰষুণ দিলে বায়ুৰ মানদণ্ড সূচাংক হ্রাস পায়, খৰালি কালত এই সূচাংক বাঢ়ি যায়। ঠিক সেইদৰে দেৱালীৰ সময়ত ফটকা আদি ফুটালেও বায়ুমণ্ডলৰ মানদণ্ডৰ সূচাংক লগে লগেই বাঢ়ি যায়।
গছ-গছনি তথা বনাঞ্চল ধ্বংস, কল-কাৰখানা আৰু যান-বাহনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে বায়ু প্ৰদূষণৰ মাত্ৰা দিনকদিনে বাঢ়ি গৈ আছে। এইক্ষেত্ৰত যদি আমি মানৱ সমাজ এতিয়াও সচেতন নহওঁ অনাগত সময়ত সমস্ত জীৱকুল গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব।
বায়ু প্ৰদূষণ বৃদ্ধি হ’লে বায়ুমণ্ডলত সৰু সৰু ধূলিকণা বা অন্য কণিকাৰ পৰিমাণ বৃদ্ধি পায় আৰু উশাহত আমাৰ শ্বাসতন্ত্ৰৰ ভিতৰত প্ৰৱেশ কৰে। ইয়াৰ ফলত হাঁওফাঁওৰ কোষবোৰ উখহি উঠে যাক মেডিকেলৰ ভাষাত ইনফ্লামেচন বুলি কোৱা হয়। হাঁওফাওৰ কোষবোৰে অধিক পৰিমাণে মিউকাচ ক্ষৰণ কৰিবলৈ আৰম্ভ কৰে। মিউকাচৰ পৰিমাণ বেছি হ’লে কাহ, উশাহ চুটি হোৱা, উশাহ লোৱাৰ সময়ত বুকৰ ভিতৰত চিঁ-চিয়নি শব্দ হোৱা, ভাগৰ লগা, বুকুৰ বিষ আদি সমস্যা হ’ব পাৰে। ইয়াৰ পৰাই ব্ৰংকাইটিছ, এজমা আদি ৰোগ বেছি হয়। হাঁওফাঁওটো দুৰ্বল হৈ পৰিলে ইয়াত বিভিন্ন ধৰণৰ সংক্ৰামক ৰোগ যেনে চৰ্দি, ফ্লুক্স, নিউমনিয়া আদিৰ সংক্ৰমণ হয়। দীঘলীয়া সময়ৰ বাবে উক্ত সমস্যাবোৰ হৈ থাকিলে হাঁওফাঁওৰ কোষবোৰৰ কাৰ্যক্ষমতা বয়সতকৈ আগতে কমে। হাঁওফাওৰ বায়ু ধাৰণ কৰা ক্ষমতা হ্রাস পায়। তদুপৰি গৱেষকসকলৰ মতে বৰ্ধিত বায়ু প্ৰদূষণৰ কাৰণে হাঁওফাওৰ কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে।
হাঁওফাওটো আমাৰ শৰীৰৰ অন্যতম প্ৰধান প্ৰাণৰক্ষক অংগ ৷ জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰাণবায়ু ই আমাৰ শৰীৰক প্ৰদান কৰে। শ্বাসতন্ত্র তথা হাঁওফাণ্ডৰ কাৰ্যক্ষমতাৰ ওপৰত আমাৰ জীৱন ৰেখাডাল নিৰ্ভৰশীল। সেয়েহে আমি ইয়াৰ যত্ন ভালদৰে লোৱা উচিত।
হাঁওফাঁওৰ বাবে প্রথম কৰিবলগীয়া কাম হৈছে ইয়াৰ ভিতৰত জমা হোৱা ক্ষতিকাৰক বস্তুবোৰ নিষ্কাশন কৰা। বিশেষকৈ ঠাণ্ডাৰ দিনত যেতিয়া বায়ুমণ্ডলত ধূলিকণা, কুঁৱলী বেছি থাকে আৰু চৰ্দি, ফ্লু আদি হোৱাৰ পিছত আমি এইটো বেছিকৈ কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ কাৰণে প্ৰথমতে আমি এটা পাত্ৰত গৰম পানী লৈ ভাপখিনি নাকেৰে টানি ল’ব লাগে ৷ এইদৰে ১০- ১৫ মিনিট মান ভাপ লোৱাৰ পাছত ৫-১০ মিনিট মান শ্বাস-প্রশ্বাস সন্তুলিত কৰা ব্যায়াম যাক ব্রিথিং এক্সাৰচাইচ বুলিও কোৱা হয়, সেয়া কৰিব লাগে। গৰম ভাপ লোৱাৰ পিছত ব্ৰিথিং এক্সাৰচাইচ কৰিলে হাঁওফাওৰ ভিতৰত থকা কফখিনি নাম হয়। ইয়াৰ পিছত আমি নিজেই জোৰ কৰি কাহি দিলে কফখিনি ওলাই আহিব । কাহ মৰাৰ সময়ত আমি চকীত বহি আগলৈ অকণমান হাওলি হাত দুখনেৰে পেটত অলপ হেঁচা দিব লাগে ৷ ইয়াৰ পিছত দীঘলকৈ উশাহ লৈ নিশ্বাসটো ডিঙিটো বজাই মুখেৰে জোৰকৈ উলিয়াই দিলে কাহ উঠিব আৰু লাহে লাহে কফো বাহিৰ হ’ব। এইদৰে কিছুদিন অভ্যাস কৰিলে হাঁওফাঁওটো বহুখিনি পৰিষ্কাৰ হ’ব। শ্বাস-প্রশ্বাস সন্তুলিত ব্যায়াম বা ব্রিথিং এক্সাচাইচৰ বহুত পদ্ধতি আছে। মই এটা ইয়াত উল্লেখ কৰিছোঁ। চকীত বহি বা শুই দুয়োটা অবস্থাত এইটো পদ্ধতিৰে ব্ৰিথিং এক্সাচাইচ কৰিব পাৰি। চকীত পোনকৈ বহি বা ওপৰমুৱাকৈ শুই এখন হাত বুকু আৰু আনখন হাত পেটৰ ওপৰত ৰাখিব লাগে । এতিয়া নাকেৰে দীঘলকৈ উশাহটো টানিব লাগে যাতে পেটটো ফুলি উঠে লগতে হাতখনো ওপৰলৈ উঠি আহে। ৫-৬ ছেকেণ্ডমান উশাহটো ধৰি ৰাখি লাহে লাহে নাকেৰে এৰি দিব লাগে। এইদৰে ব্যায়ামটো পুনৰাবৃত্তি কৰিব লাগে। এইটো ব্যায়াম কৰিলে হাঁওফাঁওৰ কফখিনি ঢিলা হোৱাৰ লগতে হাঁওফাঁওৰ বায়ুধাৰণ ক্ষমতা বৃদ্ধি হয় ।
হাঁওফাওৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত ব্যায়ামৰো বহুত ভূমিকা থাকে। ব্যায়ামৰ ভিতৰত এৰোবিক ব্যায়াম হাঁওফাঁওৰ বাবে সর্বোত্তম। এৰোবিক ব্যয়াম হৈছে, খোজ কঢ়া, জগিং কৰা, দৌৰা, সাঁতোৰা চাইকেল চলোৱা, স্কিপিং কৰা আদিয়ে প্রধান। এৰোবিক ব্যায়াম কৰিলে উশাহ-নিশাহ ঘন হয়, শ্বাসতন্ত্ৰৰ পেশীবোৰৰ কাৰ্যক্ষমতা বাঢ়ে লগতে হাঁওফাঁওৰ বায়ু ধাৰণ ক্ষমতাও বৃদ্ধি হয়। দৈনিক ৩০ মিনিটকৈ সপ্তাহত ৫ দিন যিকোনো এবিধ এৰোবিক ব্যায়াম কৰিলে যথেষ্ট হয়।
হাঁওফাঁও তথা শ্বাসতন্ত্ৰৰ বাবে এন্টিঅক্সিডেন্টযুক্ত খাদ্য অতি প্রয়োজনীয়। এন্টিঅক্সিডেণ্টে হাঁওফাঁওটো বয়সৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখে। ইয়াৰ বাবে ভিটামিন চি জাতীয় খাদ্য প্ৰধানকৈ আমলখি, কমলা আদি বিভিন্ন শাক, বিলাহী, বিভিন্ন ফল যেনে- আপেল, বেৰি আদি, গ্রীন টী, ভিটামিন ই জাতীয় খাদ্য যেনে- বিভিন্ন ধৰণৰ বাদাম, দানাকাৰ খাদ্য আদি খোৱা উচিত। ইয়াৰ উপৰি কিছুমান এণ্টিইনফ্লামেটৰী খাদ্য আছে যিবোৰ হাঁওফাঁওৰ বাবে বৰ উপকাৰী। সেইবোৰ হৈছে তুলসী, হালধি, আদা, জালুক, লং ডালচেনি আদি। আমি এইবোৰ চাহৰ লগত খাব পাৰোঁ। কেঁচা নহৰু আৰু কেঁচা পিঁয়াজো বৰ উপকাৰী। মৌজোল খোৱাটো ভাল। কিন্তু মৌ কেতিয়াও গৰম কৰি খাব নালাগে৷
আমি সকলোৱে জানো যে ধূমপান হাঁওফাঁওৰ বাবে অতি ক্ষতিকাৰক। ধূমপান কৰা লোকৰ ওচৰত থাকিলেও হাঁওফাঁওৰ ক্ষতি হয়। ইয়াৰ উপৰি যিকোনো ধোঁৱা, ধূলি বালিৰ পৰা আমি নিজকে বচাব লাগে। এনেকুৱা পৰিৱেশত গ’লে মাস্ক ব্যৱহাৰ কৰিব লাগে। এখন মাস্ক এবাৰ ব্যৱহাৰ কৰাৰ পিছত নোধোৱাকৈ আকৌ ব্যৱহাৰ কৰিব নালাগে।
এইদৰে অলপ সাৱধানতা আৰু অলপ যত্নৰ দ্বাৰাই আমি আমাৰ হাঁওফাঁওটো নিৰোগী আৰু শক্তিশালী কৰি ৰাখিব পাৰোঁ।
ফোন : ৮৬৩৮২-৭২৮৬৩
Comments are closed, but trackbacks and pingbacks are open.