বিৰিণা গোস্বামী
আমাৰ যদি ভাষা নাথাকিলহেঁতেন আমি আমাৰ ভাৱবোৰ কেনেকৈ প্ৰকাশ কৰিলোঁহেঁতেন। উত্তৰটো তেনেই সহজ যেন লাগে। আকাৰ ইংগিতেৰে ছবিৰে, কেতিয়াবা সুৰেৰে, মুখেৰে বিভিন্ন শব্দ কৰি। কথা নোকোৱাকৈ ভাৱ প্ৰকাশ কৰাৰ আহিলাৰ অভাৱ নাই। তথাপিও কথা, ভাষা আমাৰ বাবে অপৰিহাৰ্য । কিন্তু কথাৰেই সকলো প্ৰকাশ কৰা কোনোবাখিনিত যেন আমি অপাৰগ । ভাবি থকা প্ৰাকৃতিক দৃশ্য এটা শব্দৰে, কথাৰে বৰ্ণোৱাতকৈ কেতিয়াবা তুলিকাৰে বৰ্ণাবলৈ বেছি সহজ যেন অনুভৱ হয়। কেতিয়াবা একো একোটা সুৰৰ গভীৰতা তাত যথোচিত শব্দ যোগ হলে অধিক বৃদ্ধি পোৱা যেন লাগে। কথাৰে অব্যক্ত অনুভৱ আমি গানৰ মাজেৰে অনুধাৱন কৰোঁ। গান গোৱা, ছবি আঁকা, সৰুকালত অভিৰুচি বুলিলে প্রাথমিকভাৱে আমাৰ মনত এই দুটা কলায়েই ভুমুকি মাৰে। লাহে লাহে বুজা যায় কিতাপ এখন পঢ়ি ভাল লগা, তাঁত বোৱা, লিখা, বাদ্য বজোৱা, মৃৎশিল্প, চিনেমা চাই ভাল লগা ইত্যাদিকে ধৰি অগণন ভাল লগা কামেই হ’ব পাৰে অভিৰুচি। অতীজৰে পৰা আমাৰ সমাজত অভিৰুচিৰ লিংগভিত্তিক বিভাজন হৈ আহিছে। এই বাঁহ-কাঠৰ কাম, কাঁহ-পিতলৰ কাম ইত্যাদিবোৰ পুৰুষৰ আৰু তাঁতবোৱা, চিলাই কৰা, ৰন্ধা-বঢ়া কৰা, ঊণ গুঠা এই কামবোৰ ঘৰুৱা পৰ্যায়ত এগৰাকী নাৰীৰ বুলি বিবেচিত হৈছিল। অতীজলৈ ঘূৰি চালে বা এতিয়াও বহু ক্ষেত্ৰত অনুধাৱন কৰা হয় যে নাৰীৰ অভিৰুচি আজৰি সময় খেদোৱাৰ আহিলা। বহুসময়ত এগৰাকী নাৰীয়ে ব্যস্ততাৰ মাজত সময় উলিয়াই কৰা কলাসুলভ কামবোৰৰ স্বীকৃতি নাপায়। এনে এক সময় আছিল মহিলাৰ ৰস চর্চা বা অভিৰুচি আছিল সীমিত। তাঁতশাল, পাকঘৰ, চিলনী, এম্ব্ৰইদাৰী ইত্যাদিৰ আশে-পাশেই অভিৰুচিবোৰ সীমাবদ্ধ আছিল। এইবোৰৰ কলাত্মক দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ নকৰি এই কলাসুলভ কামবোৰক ঘৰ গৃহস্থীৰ অংশ বুলিয়েই গণ্য কৰা হৈছিল। পিছে সাম্প্ৰতিক সময়ত এই দৃশ্য পট পটন্তৰ ঘটিছে। ব্যক্তিগত আৱেগ-মৰমেৰে কৰা কলাত্মক প্রকাশসমূহৰ জৰিয়তে এগৰাকী মহিলাই এক নৱপৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে। আহৰণ কৰিছে স্বাধীনতা আৰু অর্থনৈতিক শক্তি।
ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে বিংশ শতিকাত অভিৰুচি বা ৰস চর্চা আছিল সমাজত উচ্চস্থান তথা মান্যতাৰ প্রতীক। বিংশ শতিকাৰ মধ্যভাগত ইউৰোপৰ মহিলাসকলৰ বাবে চিৱিং ক্লাব, গার্ডেনিং ক্লাব এইসমূহ আছিল যদিও ইয়াত অভিৰুচিৰ পৰিৱৰ্তে সমাজ জীৱনৰ বিভিন্ন দিশৰ আলোচনাতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছিল। ষাঠি সত্তৰৰ দশকত নাৰীবাদী আন্দোলনৰ ঢৌৱে নাৰীসকলৰ ব্যক্তিগত সময় আৰু কলাচৰ্চাৰ দাবী সাব্যস্ত কৰে । আশী নব্বৈৰ দশকত নাৰীসকলৰ বাবে গঠন হ’ল বুক ক্লাব আৰু অন্যান্য ক্লাবৰ।
ডিজিটেল যুগৰ সমাৱেশৰ লগে লগে ইনস্টাগ্রাম, পিণ্টাৰেষ্ট, ফেচবুক, টিকটক আদিৰ দৰে দৃশ্যপ্রধান সামাজিক ডিজিটেল মাধ্যমসমূহে অভিৰুচিক ব্যক্তিগত আমোদৰ লগতে ৰাজহুৱা প্ৰদৰ্শন কৰাৰ সুবিধা দিলে। ফুলনিত পুৰণি পেলনীয়া বস্তুক নিজৰ সৃজনীশক্তিৰে সুন্দৰকৈ সজোৱা এগৰাকী নাৰীয়ে সমগ্ৰ বিশ্বতে তেওঁৰ এই কলাত্মক উপস্থাপন প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল। কাগজত আঁকা এখন ছবিৰ জৰিয়তে কোনোবাই জীৱিকা আৰ্জিব পৰা হ’ল। ডিজিটেল মাধ্যমে দিয়া এই দৃশ্যমানতাই ভৌগোলিক সীমা অতিক্রম কৰি একে ৰুচিবোধৰ ব্যক্তিসকলক এক গোট কৰিলে, লগতে ছাইড হাছল বা ৰুচিৰ জৰিয়তে উপাৰ্জনৰ সক্ষমতাক স্পষ্ট ৰূপ দিলে।
এই অভিৰুচিসমূহ লাহে লাহে এক উদ্যোগীকৰণলৈ ৰূপান্তৰিত হৈছে। মেকাৰ ইকনমি আৰু ইট্ছি, টীচেবল, পেট্রিয়নৰ দৰে প্লেটফৰ্মসমূহৰ উত্থানে উদ্যোগীকৰণক গণমুখী কৰিছে। কেলিগ্রাফী, কেণ্ডেল মেকিং, ৰেইজিন আর্ট, পডকাষ্টিং বা ৱেইটলিফটিং বা আন কোনো শৰীৰ চৰ্চা, আনকি কিতাপ পঢ়া ইত্যাদিবোৰ বৰ্তমান কেৱল অভিৰুচি হৈ থকা নাই, ই হৈ পৰিছে সম্ভাব্য পৰিচয় আৰু অৰ্থ আহৰণৰ উৎস। এই পৰিচয় আৰু অৰ্থনৈতিক স্বাধীনতাই নাৰীৰ দক্ষতাক অর্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত উচিত মর্যাদা দিছে যি মর্যাদা বহু নাৰীয়ে গৃহিণী হিচাপে পোৱা নাছিল। বর্তমান ভিডিঅ’ এটা বনাবৰ বাবে প্রয়োজন হোৱা সকলো পেছাদাৰী সামগ্রী, টিউটৰিয়েল এই সকলো সহজতে উপলব্ধ। ইয়াৰ ফলত মনবোৰত সঞ্চাৰ হৈছে নতুন আশাৰ। উপলব্ধি হৈছে সাধাৰণ বুলি ভবা অভিৰুচিৰ মূল্য। কিন্তু এইখিনিতে অভিৰুচিৰ উদ্যোগীকৰণৰ ফলত মন ভাল লগাবলৈ কৰা কামবোৰ পেচন প্রজেক্টলৈ পৰিৱৰ্তন হৈছে, তাৰ লগে লগে এক চাপৰো সৃষ্টি নকৰা নহয়। কিছু কিছু ক্ষেত্ৰত আমাৰ অৱসৰৰ, বিশ্রামৰ, ব্যক্তিগত সময়বোৰক ৰাজহুৱা কৰি পেলাইছে।
নাৰীৰ অভিৰুচিৰ কেৱল সমাজৰ দ্বাৰা স্বীকৃত নাৰীসুলভ কামবোৰতে সীমিত নহয়। পুৰুষৰ প্ৰতিপত্তি থকা গেমিঙৰ পৰা আৰম্ভ কৰি আন বিভিন্ন ক্ষেত্ৰত নিজৰ প্রভাৱ বিস্তাৰ কৰিছে। ডিজিটেল যুগৰ ধামখুমীয়াৰ বিপৰীতে গৈ বহুতে লেহেমীয়া গতিৰ কিছুমান অভিৰুচিকো ঘূৰাই আনিছে। ৰীলছ স্ক্ৰ’ল কৰি থাকোঁতে আমি বহুতেই দেখিছোঁ সুন্দৰ পৰিৱেশত শান্তভাৱে জীৱন যাপন কৰা, ফলমূলৰ খেতি কৰা সহজ জীৱনৰ বিভিন্ন ভিডিঅ’।
সাম্প্ৰতিক সময়ত অভিৰুচি বিপ্লৱৰো ভাষা হৈ পৰিছে। সূতাৰে ঊণেৰে বৈ গুঠি উলিওৱা হৈছে বিভিন্ন কাৰণত মানসিকভাৱে বিধ্বস্ত, শংকিত শিশু তথা প্রাপ্তবয়স্কৰ সকাহৰ বাবে ট্রমা টেডীৰ।
নাৰীৰ অভিৰুচিৰ বিকাশ নাৰীৰ জীৱন বিকাশৰ দাপোণস্বৰূপ। অভিৰুচিয়ে কৰি তুলিব পাৰে এগৰাকী নাৰীক স্বাৱলম্বী। এইক্ষেত্ৰত কেৱল নাৰীয়েই লিংগ নির্বিশেষে অভিৰুচিয়ে এগৰাকী ব্যক্তিক সবল তথা স্বাৱলম্বী কৰি তুলিব পাৰে। কিন্তু এইখিনিতে গুৰুত্বপূৰ্ণ কথাটো হ’লে যে অভিৰুচিৰ বাণিজ্যিকীকৰণ কৰিবলৈ যাওঁতে আমি সেই অভিৰুচিয়ে আমাক যি মানসিক শান্তি সকাহ প্ৰদান কৰে, তাক যাতে হেৰুৱাই নেপেলাওঁ, সেই বিষয়ত সাৱধান হ’ব লাগিব। নহ’লে ভাল লগা কামবোৰেই হৈ পৰিব অশান্তিকৰ। বাণিজ্যিক পৃথিৱীখনত ভৰি থৈ নিজলৈ বুলি অলপ নিলগাই ৰাখিলেহে কামবোৰ, কথাবোৰ জীৱনটো সহজ হৈ থাকিব। নিজৰ ভাললগা ব্যঞ্জন এবিধ ৰান্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ পিছত ডিজিটেল মাধ্যমৰ পৰা আঁতৰি নিজৰ প্রিয় মানুহবোৰৰ লগত সেই ব্যঞ্জনৰ উপভোগো স্বাৱলম্বিতাৰ সমানেই প্রয়োজনীয়। জীৱনৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰিলেই জীৱন হৈ পৰে সুখ-শান্তিৰ
অৱসৰ বিনোদনৰ বাবে সময় কটোৱা আহিলাবোৰে কোনোবা বুটিক, শ্বৰুমৰ, পাৰ্লাৰত ঠাই পোৱাটো বৰ ভাললগা কথা। আদৰ-যত্নেৰে এখন ঘৰ, এটা পৰিয়াল তুলি ধৰা এগৰাকী নাৰীক যেতিয়া তেওঁৰ অভিৰুচিয়ে তুলি ধৰে, তেতিয়া তেওঁৰ দৰে আন দহগৰাকীৰ মনত আশাৰ, উদ্যমৰ সঞ্চাৰ হয়। আন আন অভিৰুচিৰ লগতে এগৰাকী নাৰীয়ে জীয়াই থকা কলাক অনুধাৱন কৰিব লাগে। দিনটোৰ শেষত একো একোখন ঘৰ গঢ়া এগৰাকী শিল্পীয়ে নিৰ্ভীকভাৱে নিজৰ কলাক কুশলতাক অগ্ৰাধিকাৰ দি এই নতুন পৃথিৱীত আগুৱাই যাব লাগে।
Comments are closed, but trackbacks and pingbacks are open.