আইনাৰ আলাপত চম্পক বৰবৰা

28

বৰ্ণালী এছ. ডেকা

অসমৰ কাৰ্টুন আৰু চিত্ৰশিল্পৰ জগতত চম্পক বৰবৰা এজন অতি পৰিচিত আৰু সন্মানীয় নাম। তেওঁৰ বলিষ্ঠ তুলিকা আৰু ব্যংগাত্মক দৃষ্টিভংগীয়ে অসমীয়া সমাজখনক দশক দশক ধৰি আমোদ দিয়াৰ লগতে সচেতন কৰি আহিছে। তেওঁৰ কাৰ্টুনবোৰত সামাজিক অৱক্ষয়, ৰাজনৈতিক দুৰ্নীতি আৰু সাধাৰণ মানুহৰ দৈনন্দিন সমস্যাবোৰ অতি তীব্র তথা হাস্যৰসাত্মক ৰূপত প্ৰকাশ পায়। কেৱল কার্টুনেই নহয়, এজন চিত্রশিল্পী হিচাপেও তেওঁৰ দক্ষতা অনস্বীকার্য। তেওঁৰ অংকিত ছবিবোৰত এক নিজস্ব শৈলী বিৰাজমান। অসমৰ বিভিন্ন আগশাৰীৰ বাতৰিকাকত আৰু আলোচনীত (জনমভূমি, দ্য নিউষ্টাৰ, দ্য চেণ্টিনেল, নতুন দৈনিক, সূত্ৰধৰ, অগ্রদূত, পূৰ্বাঞ্চল প্ৰহৰী, বিস্ময় আদিত) ইলাষ্ট্ৰেটৰ আৰু কার্টুনিষ্ট হিচাপে কাম কৰি শেষত আছাম ট্ৰিবিউন গোষ্ঠীৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁৰ চিত্ৰশৈলী অতি সৰল কিন্তু অৰ্থৱহ। কম ৰেখাৰ ব্যৱহাৰ কৰিও এটা গভীৰ ভাব প্রকাশ কৰিব পৰাটো তেওঁৰ এক অন্যতম বৈশিষ্ট্য। তেওঁৰ কাৰ্টুনবোৰ কেৱল হঁহুৱাবলৈ নহয়, বৰঞ্চ ভাবিবলৈ বাধ্য কৰাবিধৰ। অসমীয়া কার্টুন শিল্পক এক মর্যাদাপূর্ণ স্থানলৈ লৈ যোৱাত ত্রৈলোক্য দত্ত, পুলক গগৈৰ দৰে শিল্পীসকলৰ সমান্তৰালভাৱে চম্পক বৰবৰাৰ নামো সদায় শ্ৰদ্ধাৰে লোৱা হয়। এইগৰাকী বিশিষ্ট চিত্রশিল্পী আৰু কাৰ্টুনিষ্ট চম্পক বৰবৰাৰ সৈতে হোৱা কিছু কথোপকথন এইবাৰ আইনাৰ আলাপ শিতানত আগবঢ়াইছোঁ—

‘২০২০ চনত আসাম ট্ৰিবিউন গ্ৰুপৰ পৰা অৱসৰ লোৱাৰ পিছত সিমানতে ম‍ই কার্টুন চর্চা সমাপ্ত কৰিছোঁ। তাৰ পিছত ম‍ই একান্তভাৱে চিত্র অংকনতে আত্মনিয়োগ কৰিছোঁ। যিহেতু চিত্ৰশিল্পৰ স’তে মোৰ আছিল প্ৰথম প্ৰেম। অৱশ্যে কার্টুনো এক দৃশ্যকলা আৰু ইয়াৰ যোগেৰে নিজৰ বক্তব্য ৰখাৰ এক সবল মাধ্যম বুলি বিবেচনা কৰি কাৰ্টুনৰ প্ৰতিও মই আকৰ্ষিত হৈছিলোঁ। পিছলৈ সংবাদ মাধ্যমত যোগ দিয়াৰ পিছত কার্টুন অঁকাটো মোৰ পেছাত পৰিণত হ’ল, সেই অর্থতে এজন চিত্রশিল্পীৰ সমান্তৰালভাৱে এজন কার্টুনিষ্ট হিচাপে এক সুকীয়া পৰিচয়েৰে পৰিচিত হৈ পৰিলোঁ । সেয়ে কার্টুনিষ্ট হিচাপে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰেই প্ৰশ্নসমূহৰ উত্তৰ মই দি যাবলৈ চেষ্টা কৰিম।’

ব্যক্তিগত আৰম্ভণি কেতিয়াৰ পৰা কৰিছে আৰু অনুপ্ৰেৰণা কোন বাৰু? আপুনি কার্টুন অঁকাৰ অনুপ্ৰেৰণা ক’ৰ পৰা পালে? সৰুৰে পৰা আপুনি ছবি আঁকি ভাল পাইছিল নেকি?

> মনত পৰা নপৰা দিনৰ পৰাই ছবি আঁকাৰ প্রতি একপ্ৰকাৰ আগ্ৰহ গঢ়ি উঠিছিল, হয়তো শ্লেট পেন্সিলেৰে আখৰ লিখা দিনৰে পৰা। ল’ৰালি কালতে পাছলৈ ৰং-বিৰঙৰ পেন্সিল আৰু পানী ৰঙেৰে ছবি আঁকিবলৈ লৈছিলোঁ। চকুৰে দেখা বা মনৰ কল্পনাৰে ধাৰণাসমূহক চিত্ৰৰূপ দিয়াৰ প্ৰয়াস কৰিছিলোঁ। আমাৰ ল’ৰালি কালছোৱা দেউতাৰ চাকৰিসূত্ৰে শিৱসাগৰ নগৰত অতিবাহিত কৰিছিলোঁ। সেই সময়ত কোনো চিত্ৰকৰৰ ছবি চোৱা বা তেনে কোনো চিত্রশিল্পীৰ সান্নিধ্যলৈ অহাৰ সুযোগ হোৱা নাছিল। কিতাপ-আলোচনীত ছপা হোৱা চিত্ৰসমূহ আৰু কেলেণ্ডাৰৰ ছবিসমূহেই ছবিৰ প্ৰতি আকর্ষণ বঢ়াইছিল বা এক ধাৰণাৰ সৃষ্টি কৰিছিল। ষাঠিৰ দশকতে মোৰ স্কুলীয়া দিনত শিৱসাগৰৰ কালীপ্রসাদ মেম’ৰিয়েল হলত এখন বিশাল চিত্র প্রদর্শনী হোৱা মনত আছে। সেই প্রদর্শনীখন কোনে আয়োজন কৰিছিল, তাৰ কোনো তথ্য পিছত জানিব বিচৰাত উলিয়াব নোৱাৰিলোঁ। প্ৰদৰ্শনীখন কি ভিত্তিত হৈছিল, তাকো জনাৰ উপায় নাই। সেই প্রদর্শনীখনে মোৰ শিশুমনত গভীৰভাৱে ৰেখাপাত কৰিছিল। আনহাতে সেই সময়ত ‘শংকৰছ উইকলী’ নামৰ কাৰ্টুন আলোচনীখন দেউতাই ঘৰলৈ নিয়মীয়াকৈ আনিছিল। সম্পাদক আছিল শংকৰ পিল্লাই। ইংৰাজী ভাষাত প্রকাশিত সাপ্তাহিক আলোচনীখন প্রকাশিত কার্টুনসমূহ বুজি পাব পৰা নাছিলোঁ যদিও দেউতাৰ সহায় লৈছিলোঁ। তেনে সময়তে গুৱাহাটীৰ পৰা প্ৰকাশিত ‘দৈনিক অসম’ কাকতখনে কিছুমান কাৰ্টুন ছপা কৰিছিল। যিমানদূৰ সম্ভৱ মনত পৰে, প্ৰথমাৱস্থাত ‘শংকৰছ উইকলী’ৰ দুই-এটা কাৰ্টুন বা অন্যৰ পৰা সংগৃহীত কার্টুন সন্নিৱিষ্ট ভাষাটোক অসমীয়ালৈ অনূদিত কৰি ছপা কৰিছিল। সেই সময়ত ‘অসম বাণী ত কেশৰ বাপত নামৰ এজন সঘনে প্ৰকাশ হৈছিল। এই সকলোবোৰে ল’ৰালি কালত কাৰ্টুনৰ ভাষাটোৰ প্ৰতি হয়তো এক ধাৰণা সৃষ্টি কৰিছিল।

আপোনাৰ প্ৰিয় কার্টুনিষ্ট কোন? কাৰ কাম চাই আপুনি আটাইতকৈ বেছি প্ৰভাৱিত হৈছে?

> মোৰ প্ৰিয় কার্টুনিষ্ট বুলি ক’বলৈ বহুকেইজন কার্টুনিষ্টৰ নাম মনলৈ আহে। সেইসকলৰ ভিতৰত শংকৰ পিল্লাই, আৰ. কে. লক্ষ্মণন, কুট্টি আবু আব্রাহাম, ডেভিদ ল’ ইত্যাদি। অসমৰ ত্রৈলোক্য দত্ত, পুলক গগৈ, কেশৰ বাপত নাম অৱশ্যেই ল’ব লাগিব। এই সকলোৰে ভিতৰত আৰ. কে. লক্ষ্মণনক মোৰ অধিক প্রিয় বুলি ক’ব লাগিব। কিয়নো তেওঁৰ কাৰ্টুনৰ ভাষা আছিল সৰল ৷

ই এটা সৃষ্টিশীল প্রক্রিয়া। এটা নতুন কার্টুনৰ ধাৰণা বা আইডিয়া আপোনাৰ মনলৈ কেনেকৈ আহে?

> এটা কাৰ্টুনৰ সৃষ্টিশীল প্ৰক্ৰিয়া আৰু ইয়াৰ ধাৰণা কেনেকৈ মনলৈ আহে, তাক সহজ ভাষাৰে কোৱা কঠিন। ইয়াৰ ধাৰণা আৰু সৃষ্টিৰ প্রক্রিয়া— এই দুয়োটা প্রায় সমান্তৰাল যদিও ধাৰণাৰ স্ফুলিংগটো আগতে সৃষ্টি হোৱা যেন লাগে। কার্টুন দৃশ্য কলা সেয়ে এটা আইডিয়া বা ধাৰণাক দৃশ্যভাষাত ৰূপদান কৰাৰ ক্ষেত্ৰত একপ্ৰকাৰ কচৰতৰ প্ৰয়োজন হয়। যিহেতু মই প্রতিদিনেই আসাম ট্ৰিবিউনত এটাকৈ পকেট কার্টুন কৰিব লগা হৈছিল, সেয়ে দিনটোৰ ভিতৰত এটা কাৰ্টুন কৰিবলৈ যাওঁতে মানসিক কৰ্ষণৰ প্ৰয়োজন হয়। ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, পাৰিপাৰ্শ্বিক জগতখনৰ প্ৰতি সচেতন হৈ থাকিব লগা হয়। এজন কার্টুনিষ্টৰ আশে-পাশে ঘটি থকা ঘটনাৰাজিৰ প্ৰতি সদাসচেতন থকাটো প্রয়োজনীয়। ইয়াৰ উপৰি নিজা বিশ্লেষণেৰে ব্যংগৰ মাজেৰে কিবা এটা কৰিবলৈ যাওঁতে এক সত্যক দাঙি ধৰিবলৈ চেষ্টা সদায়ে থাকে। সদায়ে এটা নতুন বিষয়বস্তু সমাজত ঘটি থকা একেধৰণৰ কর্মকাণ্ডক পুনৰ কাৰ্টুন কৰিবলৈ যাওঁতে নতুন ৰূপত, নতুন ৰসৰ সৃষ্টি কৰিবলৈ যত্ন কৰা হয় । অৱশ্যে ৰাজনৈতিক কাৰ্টুনৰ ক্ষেত্ৰত কথাটো কিছু সুকীয়া। কার্টুনিষ্ট এজন সৃষ্ট সকলো কৰ্ম সদায়ে জনসাধাৰণৰ পক্ষত । সেয়ে ৰাজনৈতিক নেতাসকলৰ আচৰণ, তেওঁলোকৰ দৃষ্টিভংগী, চৰকাৰী নীতি আদিৰ প্ৰতি দৃষ্টি ৰাখোঁতে গণতান্ত্ৰিক আৰু সাংবিধানিক মূল্যবোধৰ ধাৰণাৰে বিচাৰ কৰিবলৈ বিচৰা হয়। আনহাতে আন্তঃৰাষ্ট্ৰীয় ঘটনাৰাজিক দেশৰ সাৰ্বভৌমত্বৰ দৃষ্টিভংগীৰে ব্যংগাত্মক ভাষাৰে বিচাৰ কৰা হয়। কাৰ্টুন ভাষা ব্যংগাত্মক হ’লেও তাত যাতে শ্লেষ নাথাকে, কিন্তু যুক্তিযুক্ততা থাকে। য’ত ৰাজনৈতিক পক্ষপাতিত্ব নাথাকে।

সাম্প্রতিক ঘটনাৱলীৰ ওপৰত কাৰ্টুন আঁকিবলৈ আপুনি কেনেধৰণৰ প্ৰস্তুতি চলায় ?

> ইয়াৰ আগতে মই এই সম্পৰ্কত কিছু কথা ক’লোঁৱেই, তথাপি সাম্প্রতিক ঘটনাৱলীৰ ওপৰত কাৰ্টুন কৰিবলৈ লওঁতে বিষয়বস্তুৰ ওপৰত কিছু অধ্যয়ন, ঘটনাৰ অন্তৰ্নিহিত অভিপ্রায়। (যাক জনসাধাৰণৰ চাক্ষুষৰ পৰা লুকুৱাই ৰাখিব বিচৰা হয়, যদিহে ৰাজনৈতিকভাৱে) আদি চালিজাৰি চাই জনসাধাৰণৰ পক্ষত কিদৰে সহজ চিত্রভাষাৰে ক’ব পাৰি, তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্টুনৰ ব্যংগাত্মক ভাষাৰে ৰূপ দিবলৈ চেষ্টা কৰা হয়। ইয়াৰ বাবে কিছু বুদ্ধিমত্তা আৰু বিচক্ষণতাৰো প্ৰয়োজন।

এটা কার্টুন সম্পূৰ্ণ কৰিবলৈ আপোনাক কিমান সময়ৰ প্ৰয়োজন হয়? প্রত্যাহ্বান আৰু সমাজৰ ভূমিকা কেনে?

> এটা কার্টুন সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগে তাক ঠাৱৰ কৰা কঠিন। ইয়াক ম‍ই জুইশলাৰ কাঠী দিয়াশলাই বাকচৰ ঘৰ্ষণৰ নিচিনা ভাবোঁ। কেতিয়া ই জ্বলি উঠিবলৈ কেইবাবাৰো প্ৰস্তুতিৰ দৰকাৰ বা কেতিয়াবা একেবাৰতে সহজতে জ্বলি উঠে। আইডিয়াবোৰ তেনেকুৱাই। ইয়াত কিন্তু কর্ষণ লাগিবই। এটা কাৰ্টুনৰ আইডিয়াক যুক্তিযুক্ততাৰে মানসিকভাৱে ৰূপদান কৰাৰ পিছত আঁকোঁতে বেছি সময়ৰ প্ৰয়োজন নহয়৷ হ’লেও বাতৰিকাকতৰ এটা ডেডলাইন থাকে বাবে নির্দিষ্ট সময়ৰ ভিতৰত আঁকিব লগাটো বাধ্যতামূলক।

ৰাজনৈতিক বা সামাজিক কার্টুন আঁকাৰ সময়ত আপুনি কেতিয়াবা কিবা সমস্যা বা বিতৰ্কৰ সন্মুখীন হৈছে নেকি?

> যিহেতু ম‍ই ‘দ্য আসাম ট্ৰিবিউন’ আৰু ‘দৈনিক অসম’ত যথেষ্ট ৰাজনৈতিক কার্টুন আঁকিছিলোঁ। আপুনি যি সমস্যাৰ কথা বুজাব বিচাৰিছে, সেই অৰ্থত ম‍ই যি বুজি উঠিছোঁ তাৰ উত্তৰত কওঁ যে মই কার্টুনিষ্ট জীৱনত কোনো ভয়-ভীতিৰ সন্মুখীন হ’ব লগা হোৱা নাছিলোঁ (সৌভাগ্যই হওক বা দুর্ভাগ্যই হওক)। আনহাতে বাতৰিকাকত কৰ্তৃপক্ষ বা সম্পাদকৰ পৰা কোনো নিয়ন্ত্ৰণ নোহোৱাকৈয়ে সম্পূর্ণ স্বাধীনতাৰে কাৰ্টুন কৰি গৈছিলোঁ।

আপোনাৰ মতে এজন কার্টুনিষ্টৰ সমাজৰ প্ৰতি কি দায়িত্ব আছে?

> এজন কার্টুনিষ্টৰ সমাজৰ প্ৰতি যি দায়িত্ব সেয়া এজন নিষ্ঠাৱান সাংবাদিকৰ যি দায়িত্ব, তাৰ সৈতে বিশেষ পার্থক্য নাই। যিহেতু কাৰ্টুনৰ ভাষা দৃশ্যগত সেয়ে পাঠক বা দ্ৰষ্টাৰ সহজে বোধগম্য হোৱাকৈ কম ৰেখা, কম কথাৰে স্পষ্টভাৱে বুজাব পৰাটো কার্টুনিষ্টজনৰ প্ৰথম দায়িত্ব। কোৱা হয় যে হাজাৰ শব্দেৰে বুজাব নোৱাৰা বা ক’ব নোৱাৰা কোনো বক্তব্য এটা কাৰ্টুনৰ মাজেৰে ক’ব পৰা যায়। ইয়াৰ উপৰি কাৰ্টুনৰ মাজেৰে পাঠকক সংবেদনশীল আদি সামাজিক, ৰাজনৈতিক ঘটনাৱলীৰ সম্পৰ্কে সচেতন কৰাৰ ক্ষেত্ৰত কাৰ্টুনিষ্টজনৰ এক বক্তব্য দাঙি ধৰাটো প্রয়োজনীয় দিশ। কাৰ্টুনৰ মাজেৰে এক মূল্য বোধৰ ৰুচি তৈয়াৰ কৰাটোও কার্টুনিষ্টজনৰ দায়িত্ব।

আপুনি হাতেৰে আঁকি বেছি ভাল পায় নে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি বেছি ভাল পায় ?

> মই হাতেৰে ছবি আঁকিয়েই ভাল পাইছিলোঁ। ম‍ই যিহেতু চিঞাহীৰেই ছবি আঁকা আৰম্ভ কৰিছিলোঁ সেয়ে শেষলৈকে সেই পদ্ধতিকে বা মাধ্যমেৰেই আঁকিছিলোঁ। ইলেকট্রনিক প্ৰযুক্তিৰ আশ্ৰয় লোৱা নহ’ল।

যিসকল নতুন প্রজন্মই কার্টুনক পেছা হিচাপে ল’ব বিচাৰে, তেওঁলোকক আপুনি কি পৰামৰ্শ দিব?

> নতুন প্রজন্মই কার্টুনক পেছা হিচাপে আৰু এক প্ৰত্যাহ্বানৰূপে লৈ যদি আগবাঢ়ে, তেন্তে নিশ্চয় ইয়াক পেছা হিচাপে লৈ আগবাঢ়িব পাৰে। ছপা মাধ্যম, ইলেকট্রনিক মাধ্যম বা ছ’চিয়েল মিডিয়াৰ দৰে কোনো মাধ্য নিশ্চয় প্রয়োজন হ’ব। তাৰ বাবে কার্টুনিষ্ট হিচাপে নিজকে প্ৰকাশ কৰাৰ দৃঢ় মনোবল প্রয়োজন হ’ব। হ’লেও আমাৰ সমাজত একোজন ভাল কার্টুনিষ্টৰ খুবেই প্ৰয়োজন। ইতিমধ্যে অসমৰ কেইবাজনো কার্টুনিষ্টে কার্টুনক পেছা হিচাপে লোৱাৰ উপৰি তেওঁলোকে বিশিষ্ট কার্টুনিষ্ট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে বা সমাদৰ লাভ কৰিছে। এইখিনিতে এটা কথা কৈ থওঁ যে ম‍ই এনিমেটেড কার্টুনৰ কথা ক’ব বিচৰা নাই। ইয়াৰ বাবে বিশেষভাৱে পদ্ধতিগত শিক্ষণ ব্যৱস্থা থাকে । কিন্তু সামাজিক বা ৰাজনৈতিক কাৰ্টুনৰ ক্ষেত্ৰত বিশেষ চিন্তা-চৰ্চা আৰু নিজাববীয়া অনুশীলনৰ প্রয়োজন হয়।

ফোনঃ ৯৮৬৪৪-২২৪২৮

 

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.