৪ ব’হাগ, শনিবাৰ, ইং ১৮ এপ্ৰিল ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্ম প্ৰতি আগ্ৰহ কমিব পাৰে লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, আৰ্থিক দিশটো শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত শাৰীৰিক কষ্ট পাবলগীয়া হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, বিবাহিত ব্যক্তি সকলৰ সন্তানৰ পৰা আনন্দ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য সৰু সুৰা বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, মনত আনৰ প্ৰতি মৰম- চেনেহ ভাৱ বাঢ়িব, লগতে আজি আপুনি কেচ মোকৰ্দমাত জয় লাভ হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপুনি কৰ্মত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপুনি দুৰ্ঘটনাৰ সন্মুখীন হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, হঠাতে হাতলৈ ধন- সম্পত্তি আহিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব, যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, লগতে আজি সংগীত শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে লগ বন্ধুৰ লগত সামান্য মনোমালিন্য বা বিশ্চেদ হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব যদিও আজি আপুনি সজাগ নহ’লে চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, কৰ্মত সজাগ নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হ’ব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, মনৰ আশা পূৰণ হ’ব, যদিও আজি আপুনি মিছা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
Comments are closed, but trackbacks and pingbacks are open.