খাদ্য সুৰক্ষাঃএক মৌলিক প্রয়োজনীয়তা

24

পাৰ্থসাৰথি মহন্ত

খাদ্য— মানুহৰ জীৱনৰ অন্যতম মৌলিক প্রয়োজন— আজিৰ পৃথিৱীখনত যেন এক নীৰৱ বিপদত পৰিণত হৈছে। আমি বিশ্বাসেৰে খাওঁ, কিন্তু সেই খাদ্য কিমান নিৰাপদ ? ৰঙীন পেকেজিং, আকর্ষণীয় বিজ্ঞাপন আৰু চিকচিকীয়া ৰেষ্টুৰেণ্ট সত্ত্বেও আমাৰ মনত এটা চিন্তা সোমাই থাকে— খাদ্য সুৰক্ষা। খাদ্য সুৰক্ষাৰ অৰ্থ হ’ল অমি খেতি কৰা, সংৰক্ষণ কৰা, বিক্ৰী কৰা আৰু খোৱা খাদ্যবোৰ দূষক পদাৰ্থৰ পৰা মুক্ত হোৱাটো নিশ্চিত কৰা— সেয়া ক্ষতিকাৰক বেক্টেৰিয়া হওক, ৰাসায়নিক পদার্থ হওক, কীটনাশক হওক, বা কিবা বিভ্রান্তি হওক— অর্থাৎ খেতিপথাৰৰ পৰা খোৱা প্লেটখনলৈকে প্ৰতিটো খোজতে খাদ্যক সুৰক্ষা দিয়া। আমাৰ খাদ্যই আমাক যাতে সুস্থ-সবল কৰি জীয়াই ৰাখে, ৰুগীয়া নকৰে ।

খাদ্য সুৰক্ষা গুৰুত্বপূৰ্ণ। প্ৰতিবছৰে বিশ্বৰ লাখ লাখ লোক কেৱল অসুৰক্ষিত খাদ্যৰ বাবেই অসুস্থ হৈ পৰে। দূষিত খাদ্যই পেটৰ অসুখৰ পৰা আৰম্ভ কৰি মৰণঘাতী ৰোগ সৃষ্টি কৰিব পাৰে। শিশু, গৰ্ভৱতী মহিলা, বয়সস্থ লোকসকল সহজেই অসুৰক্ষিত খাদ্যই সৃষ্টি কৰা ৰোগৰ বলি হয় ৷

খাদ্য সুৰক্ষা কেৱল জনস্বাস্থ্যৰ বিষয় নহয়। ই এক অর্থনৈতিক বিষয়, প্ৰশাসনৰ বাবে প্ৰত্যাহ্বান, আৰু লগতে, এটা নৈতিক দায়িত্ব। জীৱন, মর্যাদা আৰু মানৱ কল্যাণৰ প্ৰতি সন্মান। খাদ্য সুৰক্ষাই এটা জাতিৰ মূল্যবোধক প্রতিফলিত কৰে।

সমস্যাটো য’তে-ত’তে আৰম্ভ হ’ব পাৰে। খাদ্য বিভিন্ন কাৰণত অসুৰক্ষিত হৈ পৰিব পাৰে। প্ৰদূষিত পানী বা মাত্ৰাধিক কীটনাশক ঔষধেৰে খেতি কৰিলে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আমাৰ খাদ্য ব্যৱস্থাত প্ৰৱেশ কৰিব পাৰে। উপযুক্ত অনাময় ব্যৱস্থা নাথাকিলে মাংস, লেতেৰা পানীৰে পাতল কৰা গাখীৰ বা লেতেৰা পানীত ধোৱা শাক-পাচলি বেক্টেৰিয়াৰ প্ৰজনন স্থানত পৰিণত হ’ব পাৰে। খাদ্যৰ মিশ্ৰণ এটা ডাঙৰ চিন্তাৰ বিষয়। খাদ্যৰ লগত ক্ষতিকাৰক বা নিম্নমানৰ পদাৰ্থ মিহলি কৰাটো সাধাৰণ হৈ পৰিছে। উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰো অভাৱ। ভুল উষ্ণতাত বা অস্বাস্থ্যকৰ পৰিস্থিতিত সাঁচি ৰখা খাদ্য সোনকালে দূষিত হয়। তদুপৰি সজাগতাৰো অভাৱ। গ্রাহকে প্ৰায়ে কি পৰীক্ষা কৰিব লাগে নাজানে। লেবেল, ম্যাদ উকলি যোৱাৰ তাৰিখ বা সংৰক্ষণৰ নিৰ্দেশনা পঢ়িব লাগে বুলি প্ৰায়ভাগৰে মনলৈকে নাহে। সমস্যাটো হ’ল খাদ্য সুৰক্ষিত নে অসুৰক্ষিত দেখা পালেই ধৰিব নোৱাৰি। সেইটোৱেই ডাঙৰ বিপদ।

খাদ্যৰ উৎপাদন, পেকেজিং, বিক্ৰী নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব চৰকাৰী বিভাগ-সংস্থাসমূহৰ। খাদ্য পৰীক্ষাগাৰ, অনুজ্ঞাপত্ৰ প্ৰক্ৰিয়া, পৰিদৰ্শন আৰু কঠোৰ আইন খাদ্য সুৰক্ষাৰ অপৰিহাৰ্য অংশ। এই ব্যৱস্থাই খাদ্য পৰীক্ষা আধুনিক, সুলভ আৰু দ্ৰুত কৰাৰ লগতে প্ৰশিক্ষণো সহজলভ্য কৰিব লাগিব। আইন-নিয়ম উলংঘাকাৰীসকলক শাস্তি দিব পাৰিব লাগিব । ৰাস্তাৰ বিক্ৰেতাৰ পৰা আৰম্ভ কৰি ডাঙৰ কোম্পানীলৈকে সকলোকে পৰিচ্ছন্নতাৰ নিৰ্দেশনা মানিবলৈ বাধ্য কৰিব পাৰিব লাগিব। অর্থাৎ আইন থাকিলেই নহ’ব, বলৱৎ কৰিব পাৰিব লাগিব।

খাদ্য ব্যৱসায়ীসকলে বৃহৎ কোম্পানী হওক বা সৰু ৰেষ্টুৰেণ্ট হওক— নিৰাপদ খাদ্য পৰিৱেশন কৰাটো নৈতিক কর্তব্য। দুর্ভাগ্যজনকভাৱে বহু ক্ষেত্ৰত ব্যৱসায়ীসকলে খৰচ কমাবলৈ জানি-বুজিয়েই সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰে। পৰিষ্কাৰ পৰিৱেশ, নিৰাপদ পেকেজিং ইত্যাদিৰ পদ্ধতিবোৰ ধৰ্মীয়, নীতি-নিয়মৰ দৰেই পালন কৰিব লাগিব।

আৰু এটা কথা। খাদ্য সুৰক্ষা কেৱল চৰকাৰ বা খাদ্য উদ্যোগৰেই কাম নহয়। আমাৰ প্ৰত্যেকৰে ভূমিকা আছে। গ্রাহক হিচাপে আমাৰো কিছু কৰিবলগীয়া আছে। আমি যাতে লেবেলবোৰ পঢ়োঁ, ম্যাদ উকলাৰ তাৰিখ চাওঁ, বিজ্ঞাপনত ভোল নাযাওঁ, ঘৰতে খাদ্য সঠিকভাৱে সংৰক্ষণ কৰোঁ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখোঁ। সজাগতা হৈছে প্ৰতিৰোধৰ প্রথম পদক্ষেপ।

এইক্ষেত্ৰত শিক্ষাও অতি গুৰুত্বপূৰ্ণ। বিদ্যালয়ত খাদ্য পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে শিকাব লাগিব। বিক্রেতা আৰু ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ বাধ্যতামূলক কৰিব লাগিব। কাৰণ জ্ঞানেহে দায়িত্বশীল আচৰণৰ সৃষ্টি কৰে আৰু দায়িত্বশীল আচৰণে সুৰক্ষিত ব্যৱস্থাপ্রণালী। গাঁও, চহৰ, খেতিপথাৰ, ঘৰ, বিদ্যালয়, উদ্যোগ, ৰেষ্টুৰেণ্ট আদিত সকলোৱে একে উদ্দেশ্যৰে কাম কৰিব লাগিব — মানুহৰ স্বাস্থ্য ৰক্ষা। খাদ্য সুৰক্ষাক আইনী বা কাৰিকৰী বিষয় বুলি নাভাবি মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ সময় আহি পৰিছে। কাৰণ খাদ্য সুৰক্ষা ঐচ্ছিক নহয়— ই এক মৌলিক প্রয়োজনীয়তা— জীয়াই থকাৰ বাবে, মর্যাদাৰ বাবে, উন্নত ভৱিষ্যতৰ বাবে।

খাদ্য সুৰক্ষা বিলাসিতা নহয়, নিৰাপদ খাদ্য এটা অধিকাৰ, এটা সামূহিক দায়িত্ব।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.