১২ চ’ত, শুক্ৰবাৰ, ইং ২৭ মাৰ্চ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজি আনে প্ৰশংসা কৰিব। ভাগ্যৰ পৰিৱৰ্তন হ’ব। ব্যৱসায়-বাণিজ্যত উন্নতি। বিদ্যাত শুভ। প্ৰেমত সাৱধান। শুভ ৰং ক্রীম, শুভ সংখ্যা ৯।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব । সন্তানৰ পৰা আনন্দ পাব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। বিদ্যাত বাধা। প্ৰেমত সন্দেহ। শুভ ৰং চিলভাৰ, শুভ সংখ্যা ৬।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি আনক সহজে সকলো কথা খুলি নক’ব। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। ব্যৱসায়ত সফলতা লাভ। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ২।
৪.কৰ্কট ৰাশি(ড,হ): আজি ঘৰত আলহী অহাৰ সম্ভাৱনা। সন্তানৰ বাবে চিন্তা থাকিব। যান-বাহনৰ পৰা সাৱধান। মানসিক অশান্তি হ’ব পাৰে। শুভ ৰং পার্পল, শুভ সংখ্যা ৭।
৫.সিংহ ৰাশি (ম,ট): আজি গোপন শত্রু বৃদ্ধি পাব। পিতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব। মাটি, সম্পত্তি লাভৰ যোগ। প্ৰেমত আনন্দ। শুভ ৰং সোণালী, শুভ সংখ্যা ৯।
৬.কন্যা ৰাশি(ঠ,প,ন): আজি দাম্পত্যত অন্য লোকৰ পৰা সমস্যা হ’ব। বিদ্যাৰ ক্ষেত্ৰত শুভ। খৰচৰ মাত্ৰা বৃদ্ধি। প্ৰেমত সন্দেহ। শুভ ৰং বগা, শুভ সংখ্যা ৫।
৭.তুলা ৰাশি(ৰ,ত): আজি মূল্যৱান সম্পদ লাভ। শৰীৰত আঘাত পাব পাৰে। মাতৃৰ শুভ। ব্যৱসায়ত বাধা। শুভ ৰং বগা, শুভ সংখ্যা ৯।
৮.বৃশ্চিক ৰাশি(ন,য): আজি কৰ্মস্থানত সহকৰ্মীৰ পৰা সহায় লাভ। স্বাস্থ্য উন্নতি। পাৰিবাৰিক দিশত শান্তি বজাই ৰাখিব। শুভ ৰং সেডজীয়া, শুভ সংখ্যা ৮।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। মানসিক অশান্তি পাব পাৰে। যৌথ ব্যৱসায়ত লাভ। প্ৰেমত মধ্যম। শুভ ৰং ক’লা, শুভ সংখ্যা ৪।
১০.মকৰ ৰাশি(খ,জ): আজি ছাত্ৰ-ছাত্ৰীৰ সুনাম বৃদ্ধি। টকা-পইচাৰ লেনদেনত সাৱধান। কর্মক্ষেত্ৰত পদোন্নতিৰ যোগ। শৰীৰ অশুভ। প্ৰেমত কষ্ট। শুভ ৰং কমলা, শুভ সংখ্যা ৭।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি কৰ্মস্থানত সহকৰ্মীৰ পৰা সতর্ক থাকিব। শিল্পীৰ সুনাম বৃদ্ধি। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বিদ্যাত শুভ। প্ৰেমত শুভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ২।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি ভাতৃৰ পৰা সহায় লাভ। ব্যৱসায়-বাণিজ্যত বাধা পাব। আর্থিকত সমস্যা। বিদ্যাত নতুন সুবিধা লাভ। শুভ ৰং পিংক, শুভ সংখ্যা ১।
Comments are closed, but trackbacks and pingbacks are open.