আইমণি গোহাঁই দিহিঙীয়া
যিকোনো এখন নতুন ঠাইৰ ভ্ৰমণে প্রত্যেক মানুহৰ মনলৈ নতুন আনন্দ-উলাহ, উৎসাহ- উদ্দীপনা কঢ়িয়াই আনে। নতুন মানুহ, নতুন অভিজ্ঞতাৰে পুষ্ট হোৱাৰ এক অনন্য সুযোগ ভ্রমণে আনি দিয়ে ৷ এনে সুযোগ অলপীয়াকৈ হ’লেও মোৰ জীৱনলৈ আহিছে যদিও ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহৰ ৪ তাৰিখে বিষুৱীয় অঞ্চলৰ অন্তৰ্গত পৃথিৱীৰ অন্যতম সুন্দৰ দ্বীপৰাষ্ট্ৰ মালয়েছিয়ালৈ যোৱাৰ সৌভাগ্য আহিল। মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰৰ বিভিন্ন ঠাই চোৱাৰ লগতে তাত থকা চকলেট কাৰখানা এটাও দৰ্শন কৰিছিলোঁ। কাৰখানাটোত কেৱল চকলেট তৈয়াৰ কৰাই নহয়, সুন্দৰকৈ চকলেট বিক্ৰীৰ ব্যৱস্থাও আছিল । প্রথম দর্শনতে গ্রাহকক আকৰ্ষণ কৰিব পৰাকৈ সজাই-পৰাই থোৱা চকলেটবিলাকৰ উপৰি কাৰখানাটোত চকলেট জন্ম কাহিনীৰ ইতিবৃত্তও জনোৱাৰ প্ৰয়াস দেখি ইমানেই পুলকিত হৈছিলোঁ যে সেই মধুৰ সময়খিনি সুস্বাদু চকলেটতকৈও সোৱাদ অনুভৱ কৰিছিলোঁ। এই যাত্ৰাৰ মোৰ ক্ষুদ্ৰ অভিজ্ঞতাৰ কিছু কথা পাঠক সমাজলৈ আগবঢ়ালোঁ।
জানিব পৰা মতে চকলেট হৈছে কেকাও (cacao) নামৰ এবিধ গছৰ বীজবোৰ ভাজি গুৰি কৰি তৈয়াৰ কৰা এবিধ খাদ্যসামগ্ৰী। চকলেট পৃথিৱীৰ এনে এবিধ জনপ্রিয় খাদ্য, যি খাদ্য শিশুৰ পৰা বয়সস্থ সকলো শ্ৰেণীৰ মানুহৰে অতি প্রিয়। চকলেটৰ ইতিহাস ৫০০০ বছৰতকৈও অধিক পুৰণি বুলি বিভিন্ন উৎসৰ পৰা জানিব পাৰিছোঁ। চকলেট ইতিহাসৰ আৰম্ভণি হয় প্রাচীন মেছ’আমেৰিকা, বৰ্তমানৰ মেক্সিকো, য’ত কেক’ গছৰ সন্ধান পোৱা গৈছিল। মেক্সিকোতে পোনপ্রথমে মানুহে বনৰীয়া কেক’ গছক মানুহৰ খাদ্যৰ উপযোগী গছ হিচাপে ব্যৱহাৰ কৰিবলৈ শিকিছিল। ক্রমান্বয়ে এই গছজোপাৰ পৰা তৈয়াৰ কৰা পানীয়ই মেছ’আমেৰিকাৰ প্ৰধানকৈ মায়ান ( Mayan ) আৰু এজটেক (Aztec) সমাজ-সংস্কৃতিৰ মাজত অভিজাত পানীয় হিচাপে তাৎপর্য বহন কৰিছিল। খ্ৰীষ্টপূৰ্ব ৬০০ চন মানৰ পৰাই মানুহে চকলেট খোৱাৰ প্ৰাৰম্ভিক প্রমাণ পাৱা যায়৷
১৫১৯ চনত স্পেনিছসকলে ক’কাও (cacao) গছৰ বীজক ঔষধ হিচাপে ব্যৱহাৰ কৰিবলৈ স্পেইনলৈ আনিছিল। ইয়াৰ পাছৰ পৰ্যায়ত ইউৰোপৰ বিভিন্ন ঠাইত এই ক’কাও গছক ঔষধি হিচাপে ব্যৱহাৰ কৰিছিল বুলি ইতিহাসে কয়। সময়ৰ অগ্ৰগতিৰ লগে লগে আৰু দ্ৰুত প্ৰযুক্তিৰ ফলশ্ৰুতিত চকলেট অভিজাত পানীয়ৰ পৰা কঠিন আৰু বহুলভাৱে ব্যৱহৃত সামগ্ৰীলৈ ৰূপান্তৰিত হ’ল। ১৯ শতিকাত ছুইজাৰলেণ্ড আৰু ব্ৰিটিছ চকলেট নির্মাতাসকলৰ উত্থানৰ ফলত চকলেট উৎপাদনৰ বিস্তৃত উদ্যোগীকৰণ ঘটিছিল।
১৮১৯ চনত ছুইজাৰলেণ্ডত প্ৰথম চকলেট কাৰখানা মুকলি কৰা হৈছিল। কাৰখানাটোত প্রথম ‘মেলাঞ্জাৰ’ (Melanger) (চকলেট মিহলি কৰা মেচিন) নামৰ মেচিনত সাধাৰণতকৈ অধিক তিতা চকলেট উৎপাদন কৰা হৈছিল। কিংবদন্তি অনুসৰি ১৫২৮ খ্ৰীষ্টাব্দত অভিযানকাৰী ‘হার্নান কৰ্টেছে’ (Hernan Cortes) নিজৰ গৃহভূমি স্পেইনলৈ চকলেট আনিছিল । আমেৰিকা ভ্ৰমণৰ সময়ত ‘কৰ্টেছে’ চকলেট আৱিষ্কাৰ কৰিছিল বুলি বহু তথ্যই কয়। আমেৰিকা ভ্ৰমণৰ পৰা উভতি আহি ‘কৰ্টেছে ‘ স্পেনিছসকলক ক’কাও গুটিৰ বিষয়ে অৱগত কৰিছিল। ক’কাও গুটিৰ তিতা স্বাদক তেওঁলোকে পানীয় হিচাপে ব্যৱহাৰ কৰিছিল যদিও পাছলৈ তেওঁলোকে চেনি আৰু মৌ মিহলাই মিঠা স্বাদেৰে চকলেট পানীয় খাবলৈ লৈছিল। অতি খৰতকীয়াভাৱে স্পেইনৰ অভিজাত শ্ৰেণীটোৰ মাজত চকলেট অতি জনপ্ৰিয় হৈ পৰিছিল। আনকি কেথলিক সন্ন্যাসীসকলেও চকলেটক বৰ আদৰ কৰিছিল আৰু ধৰ্মীয় কাৰ্যসমূহতো এইবিধ পানীয় সেৱন কৰিছিল।
ইতিহাসে কয়, ১৬১৫ চনত ত্ৰয়োদশ লুইয়ে স্পেইনৰ ৰজা তৃতীয় ফিলিপৰ কন্যা ‘এন্নেক’ (Anne) বিয়া কৰোৱাৰ ফলশ্ৰুতিত সেই বান্ধোনৰ চিনস্বৰূপে ‘এন্নেই’ ফ্ৰান্সৰ ৰাজদৰবাৰলৈ চকলেটৰ নমুনা লৈ আহিছিল। ফ্ৰান্সৰ পাছত ব্ৰিটেইনতো চকলেটে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল। এই চকলেট ইউৰোপত জনপ্ৰিয় হোৱাৰ লগে লগে বিষুৱীয় দাঁতিকাষৰীয়া অঞ্চলৰ বহু জাতিয়ে নিজ নিজ ঠাইত ক’কাও বাগিচা স্থাপন কৰিছিল।
প্ৰাৰম্ভিক পৰ্যায়ত ইউৰোপত চকলেট ঘৰুৱাভাৱে হাতেৰে উৎপাদন কৰিছিল। যিহেতু তেতিয়া চকলেট তৈয়াৰ কৰা প্ৰযুক্তি উদ্ভাৱন হোৱাই নাছিল। যিটো অতি লেহেমীয়া কষ্টকৰ কাম আছিল। কিন্তু ইউৰোপত উদ্যোগ বিপ্লৱে ঠন ধৰি উঠাৰ পাছৰে পৰাই আৰু ১৮২৮ চনত চকলেট নির্মাণ যন্ত্ৰৰ আৱিষ্কাৰে চকলেট প্ৰস্তুতিত বৈপ্লৱিক পৰিৱৰ্তন আনিলে । এই উদ্ভাৱনী যন্ত্ৰটোৰ সহায়ত ভাজি লোৱা ক’ক বীনৰ পৰা অতি সহজতে মিহি ক’ক পাউডাৰ তৈয়াৰ কৰা সম্ভৱ হ’ল। পৰৱৰ্তী সময়ত এই মিহি ক’ক গুড়িখিনি তৰল পদাৰ্থৰ লগত মিহলাই খাব পৰা কঠিন ‘চকলেট বাৰলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ’ল।
১৮৪৭ চনত ‘ফ্ৰাইজে’ ক’ক পাউডাৰ আৰু চেনিৰ সৈতে ক’ক বাটাৰ মিহলাই অভংগুৰ আৰু শুকান খাদ্য, চকলেট তৈয়াৰ কৰাৰ পদ্ধতি উদ্ভাৱন কৰে। ইয়াকে সাধাৰণতে প্রথম ‘চকলেট বাৰ’ বুলি গণ্য কৰা হয়।
১৮৬০ চনত ‘ভ্যান হাউটেন কক’ৱে’ (Van Houten Cocoa) ক’কৰ গুৰি ক্ষাৰকীয় কৰি তোলাৰ ফলত সোৱাদ আগতকৈ উন্নত হোৱাৰ লগতে ইয়াৰ ৰূপসলনি হৈ আগতকৈ ক’লা হয়। ১৮৭৫ চনত ছুইজাৰলেণ্ডৰ চকলেট নির্মাতা ‘ডেনিয়েল পিটাৰে’ (Daniel Peter) গুৰি গাখীৰক চকলেটৰ সৈতে মিহলাই ১৯০০ চনৰ পিছত জনসাধাৰণৰ সঁহাৰি লাভ কৰাৰ লগে লগে আধুনিক ‘মিল্ক চকলেট’ৰ আৱিষ্কাৰ কৰিছিল। ঠিক তেনেদৰেই জন্ম হ’ল আধুনিক চকলেট যুগৰ।
বিংশ শতিকাৰ মাজভাগত বিভিন্ন ৰোগ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বাবে ক’ক বাগিচাসমূহৰ বহুতো ক্ষতিসাধন হৈছিল। ১৯০০ ইণ্ডোনেছিয়াই ক’ক বীনৰ উৎপাদন বৃদ্ধি কৰিছিল। চীন আৰু ভাৰতৰ চকলেটৰ বজাৰসমূহৰ উত্থান ২০ শতিকাৰ শেষৰ ফালেহে দেখিবলৈ পোৱা গৈছিল। একবিংশ শতিকাত পশ্চিম আফ্ৰিকাৰ দেশবোৰেহে ক’ক উৎপাদনত শীৰ্ষস্থান অধিকাৰ কৰিছিল বুলি বিভিন্ন তথ্যৰ যোগেদি জানিব পাৰিছোঁ। বিশেষকৈ সেই সময়ত ক’টে-ডি আইভ’ৰ (Cote d’Ivoire) আৰু ঘানা (Ghana)ই বিশ্বৰ প্ৰায় ৬০ শতাংশ ক’কৰ যোগান ধৰে।
আমাৰ দেশ ভাৰতত ১৯৬৫ চনত কেডবেৰীয়ে কেৰেলাৰ কায়নাড জিলাৰ চুণ্ডেলত এখন প্ৰদৰ্শনী পামৰ জৰিয়তে ভাৰতত ক’ক’ খেতিৰ কাম আৰম্ভ কৰিছিল। বৰ্তমান কেৰেলা, তামিলনাডু,অন্ধ্রপ্রদেশ আৰু কৰ্ণাটকত এই খেতি কৰা হয়।
২০১৮ চনত চকলেট নির্মাতা কোম্পানী ‘মাৰ্ছ’ (Mars). মণ্ডেলেজ (Mondelez) (কেডব্ৰেৰীৰ গৰাকী), ফেৰেৰো (Ferrero), নেচলে (Nestle) আৰু হাশ্বি (Hershey) যাক ‘বিগ ফাইভ’ বুলি জনা যায়, তেওঁলোকে বিশ্বৰ চকলেট বজাৰৰ দুই তৃতীয়াংশ অধিগ্ৰহণ কৰিছিল । ২০১৮ চন পর্যন্ত চকলেটৰ সৰ্বাধিক বজাৰ আৰু জনমূৰি ব্যৱহাৰ পশ্চিমীয়া দেশবোৰতেই সীমাবদ্ধ হৈ থাকিল ।
Comments are closed, but trackbacks and pingbacks are open.