নিজৰা ৰাজকুমাৰী
নাটক এখনৰ শেষ দৃশ্যটোৱে আপোনাৰ মনলৈ কেনে ভাব আনি দিয়ে? কেনে অনুভৱে জোকাৰি যায় আপোনাক? মঞ্চৰ পৃথিৱীখনৰ পৰা মন-মগজু নিজলৈ ওভতাই আনিবলৈ কিমান সময় লাগে? উত্তৰটো প্ৰতিখন নাটকৰ বাবেই বেলেগ বেলেগ হ’ব, নহয়নে! আনকি একেখন নাটকৰে বেলেগ বেলেগ মঞ্চায়ন চাই উঠি আপোনাৰ মনলৈ তুলনাৰ কথা নিশ্চয়কৈ আহিব।
গিৰীশ কার্নার্ডৰ পৰা আমাৰ ভবেন্দ্ৰনাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰলৈকে নাট্যকাৰসকলৰ একেখন নাটকৰ ভিন্ন মঞ্চায়ন চাইছোঁ—কেতিয়াবা একেটা দলৰ উপস্থাপন, কেতিয়াবা ভিন্ন দলৰ, মানে ভিন ভিন পৰিচালক আৰু ভিন ভিন অভিনেতা- অভিনেত্ৰীৰ কাম। একেখন নাটকৰ প্ৰতিটো মঞ্চায়নৰ পাছৰ অনুভৱৰ ভিন্নতাই সঁচাকৈয়ে আমোদ দিয়ে। সেয়ে নাটক বোলা বস্তুটো ইমান জীৱন্ত, গতিময়।
কেতিয়াবা কিছুমান নিষ্প্রভ নাটকৰো কিছুমান দৃশ্য বা চৰিত্ৰই মনত দাগ কাটি যায়। মই লেখাটোত শেষ দৃশ্যৰ কথা এইবাবেই ক’লো, কাৰণ শেষ দৃশ্যটোৱে দৰ্শকক নাটকখন সম্পর্কে অর্থাৎ পৰিচালক, কাহানী, সংলাপ, দৃশ্য, মঞ্চসজ্জা, সংগীত, আলোকসম্পাত, অভিনয় আদিকে ধৰি সামগ্রিকভাৱে এটা সিদ্ধান্ত লোৱাত সহায় কৰে বা বাধ্য কৰে। ভাল নাটক এখনে দর্শকক কেৱল মনোৰঞ্জনেই নিদিয়ে, চিন্তাৰ-ভাললগাৰ-ভৰি উঠাৰ সুঁতি এটাও মনত বোৱাই দিয়ে।
নাট্যকাৰ লিয়াকত আলিৰ এখন জনপ্রিয় নাটক জোনাকে ধোৱা অৰণ্যত-ৰ অন্তিমটো সংলাপটো (জ্যোৎস্না নামৰ চৰিত্ৰটোৰ অফ ভয়চত) শুনকচোন— চলিহা, আহমেদ, বসুমতাৰী, মই মানাহৰ হিংস্ৰ জানোৱাৰ চাম বুলি আহিছিলোঁ। কিন্তু মোৰ আৰু সেই আগ্রহ এতিয়া নাই। সেয়ে মই আহিলোঁ। মই আহিলোঁ মানুহ বিচাৰি। কাৰণ কোনো জাত নহয়, ধৰ্ম নহয়, মোৰ একমাত্র বিশ্বাস মানুহ।
এই পৃথিৱীখনত আপোনালোক যেনেকৈ সঁচা, তেনেকৈ সঁচা মোৰ ৰেঞ্জাৰ বন্ধুজনো, যিজনে সকলো সংস্কাৰ, সকলো সংকীর্ণতাৰ ঊর্ধ্বত থাকি একমাত্ৰ মানুহৰ গান গায়। গান গায় মানৱতাৰ। শেষত এটা অনুৰোধ পাৰিলে খিৰিকীখনেৰে এবাৰ বাহিৰলৈ চাওক। চাওক জোনাকে ধোৱা অৰণ্যলৈ। অনুভৱ কৰক পৃথিৱী কিমান সুন্দৰ। আৰু আপোনালোকৰ মনৰ অৰণ্যতো এমুঠি জোনাক সিঁচি অনুভৱ কৰক মানুহ কিমান সুন্দৰ। নাটকখনৰ সমাপ্তিৰ এই অৰ্থৱহ সংলাপটোৱে নাটকখনৰ মূল বক্তব্যটোকে প্রতিফলিত কৰিছে।
বিশিষ্ট অভিনেতা বাহাৰুল ইছলামে ড° ভবেন্দ্ৰনাথ শইকীয়াৰ আকাশ নামৰ গল্পটিক মঞ্চত তুলি নিজে অভিনয় কৰিছিল। প্ৰায় ষোল্ল-সোতৰ বছৰ আগেয়ে যোৰহাটত আকাশ চাইছিলোঁ। তাৰ পাছৰ কোনোবা এটা বছৰত সম্ভৱতঃ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ মঞ্চতো আকাশ চাইছিলোঁ। দর্শক হিচাপে এই নাটকখনৰ অভিজ্ঞতাও মোৰ বাবে হৈ ৰ’ল স্মৰণীয় ।
চলন্ত ৰে’লৰ যাত্ৰী হিচাপে যি ধৰণে বাহাৰুল ইছলামে অভিনয় কৰিছিল এনে লাগিছিল যেন দর্শকো তেওঁৰ সহযাত্ৰী, ৰে’লগাড়ীৰ সেই বিশেষ কঁপনিটোৰে দুলি দুলি আমিও গৈ আছোঁ । এইটো অৱশ্যে নাটকখনৰ শেষ দৃশ্য নাছিল। বনমালী ভূঞাৰ চাৰিআলি নামৰ নাটকখনৰ শেষ সংলাপটো আছিল এনেধৰণৰ — (নাট্য কাৰে মার্ক্সৰ উক্তি এটাও সংযোজন কৰিছিল) বন্দুকৰ নলীৰে ৰাজনৈতিক ক্ষমতা নিৰ্গত হয়। কিন্তু বন্দুককেইটা নিয়ন্ত্ৰণ কৰে একো একোটা ৰাজনৈতিক দলে। আৰু ৰাজনৈতিক শক্তি থাকিবলৈ হ’লে তোৰ গণভিত্তি থাকিব লাগিব ৷ গণভিত্তি নথকা বন্দুকৰ শক্তি সদায় অর্থহীন।
নাটক এখনৰ শেষ দৃশ্যটোৰে দৰ্শকৰ আসনত বহি থকা আমি নিজলৈ বুলি বহু কিবাকিবি লৈ আনো। ব্যক্তিগতভাৱে বিশ্বাস কৰো প্ৰথম দৃশ্যতকৈ নাটক এখনৰ শেষ দৃশ্য টো বহুত বেছি আকর্ষণীয়, অৰ্থৱহ হোৱা উচিত। মনত বহু দিনলৈ পাগুলি থাকিব পৰা সংলাপ, দৃশ্যৰে নাটকখন শেষ হওক৷ আচলতে নাট্যকাৰ আৰু পৰিচালকৰ বাবেও নাটক এখন আৰম্ভ কৰাটো যিমান সহজ সফলতাৰে শেষ কৰাটো সিমানেই কঠিন।
বৰপেটাৰ নাট্যকাৰ নিৰ্মল দাসৰ সৃষ্টি নামৰ নাটকখন শেষ হয় হিমন্ত নামৰ চৰিত্ৰটোৱে মজিয়াত দলিয়াই দিয়া পিষ্টলটো বৰষাই খিৰিকীৰে জোৰেৰে দলিয়াই দিয়াৰ দৃশ্যৰে । অর্গেনত বাজি উঠে উই ছেল অভাৰ কাম গীতটিৰ সুৰ। মঞ্চত থকা সমূহ চৰিত্ৰই গীতটি গায় আৰু হিমন্তই আকৌ জীৱনৰ কথা পতাৰ ইচ্ছা প্রকাশ কৰি নতুন আশাৰ পৰিৱেশ ৰচনা কৰে। আমাৰ বাবে এক সুন্দৰ অভিজ্ঞতা আছিল এইচ, কানহাইলালৰ ৰচনা-পৰিচালনাৰে কলাক্ষেত্ৰ মণিপুৰৰ বিখ্যাত নাটক পেবেটৰ দৰ্শক হোৱাটোও। ইউজিন আয়’নেস্ক’ৰ দ্য লেশ্যনো এখন বিশেষভাৱে উল্লেখযোগ্য নাটক। শেষ দৃশ্যবোৰত বহু নাট্যকাৰে নিজৰ জীৱনৰ নানান অভিজ্ঞতা আৰু বোধৰ সমাহাৰ ঘটায়।
নগাঁৱৰ নাট্যকাৰ নৱজ্যোতি বৰাৰ নাটক ফটা জালৰ মাছৰ শেষ সংলাপটো ( চৰিত্ৰ- মনেশ্বৰ) কেনে আকর্ষণীয়— তোৰ ৰঙা চোলাটো আনি দিব নোৱাৰিলো অমইনা । আমাৰ নিচিনা মানুহৰ গোন্ধতেল ঘঁহাটো পাপ অ। ঐ মন্টু এই মাছটোলৈ চাচোন। সেই হাতটো যদি মোৰ নিচিনা দুৰ্কপলীয়া বাপেকৰ আত্মঘাতী হোৱা হাত। ঐ মন্টু, এই আঙুলিটো কেনেকৈ হাতলৈ আগবাঢ়ি আহিছে চাচোন । মোৰ ডিঙিটো চেপি ধৰিব।
অন্তিম দৃশ্যই আপোনাৰ অভ্যন্তৰক শান্ত কৰি তুলিব নে অশান্ত কৰি তুলিব, শেষ দৃশ্যই কেৱল আপোনাক সুখীয়েই কৰি তুলিবনে— নাটকৰ ধৰণ অনুসৰি অনেক কথাই আহি পৰে । মিশ্রিত, জটিল কলা এবিধৰ সৌন্দৰ্যক আমি কোনেও ঘপকৈ কোনো সংজ্ঞাৰে বান্ধি পেলাব নোৱাৰোঁ। যেনি চাওঁ তেনিয়েই যে ইয়াৰ ৰসৰ অন্ত নাই। ৰচনা এটিৰ জৰিয়তে নাট্যকাৰে নিজস্ব দৰ্শন দাঙি ধৰে, কেতিয়াবা সেই দর্শনক মানি ল’ব নোৱাৰিলেও পৰিৱেশ্য কলাৰ সন্মোহনী শক্তিৰে আপ্লুত হৈ থৈছোঁ। বহুতে ক’ব খোজে নাটক পাঠৰ বস্তু নহয়। অথচ নাটক পঢ়িও মই সাধাৰণতে ভাল পাওঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯১৫ চনত প্ৰকাশ পোৱা নাটক জয়মতী কুঁৱৰী পঢ়ি যাওঁতে ডালিমীৰ এটি সংলাপ আৰু একেটি দৃশ্যত ডালিমীয়ে গোৱা গীতটি খুব ভাল পাইছিলোঁ।
ডালিমী—
মই খোপাত পিন্ধিম/
বিজুলীৰ ফুল
কাণত পদুমৰ কেৰু
ডিঙিত আঁৰিম ফুলৰ সাতেসৰী
হাতত মৃণালৰ খাৰু!!! (গীত)
গীতটি গোৱাৰ আগমুহূৰ্তত ডালিমীৰ মুখত দিয়া সংলাপটি আছিল— ডাৱৰৰ ওপৰত উঠি ফুৰিব পাৰিলে বিজুলী ধৰিব পাৰিনে? মোৰ মন আছে, এদিন ডাৱৰৰ ওপৰত উঠি বিজুলী ধৰিবৰ। এইখন নাটকৰ অন্তিম দৃশ্যটো ৰচনা কৰা হৈছে জয়মতীয়ে প্ৰাণত্যাগ কৰা বৰপথাৰৰ মাজত, নগাৰ বেশেৰে প্ৰৱেশ কৰা গদাপাণিৰ শোকৰ সংলাপেৰে আৰু প্ৰত্যুত্তৰ হিচাপে অন্তৰীক্ষৰ পৰা অহা জয়াৰ বাণীৰে ৷ প্ৰবীণ ফুকনৰ মণিৰাম দেৱান নাটকৰ শেষ দৃশ্য কেনে কৰুণ। হলৰইদে কয়— দেৱান বাহাদুৰ ৷
কোম্পানীৰ শাসনৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ অপৰাধত আৰু বিদ্ৰোহী চিপাহীবোৰৰ সৈতে ষড়যন্ত্ৰত লিপ্ত হৈ দেশৰ শান্তি ভংগ কৰাৰ অপৰাধত আপোনাৰ ওপৰত ফাঁচিৰ হুকুম হৈছে। এই ঘোষণাৰ পাছতে পোতাশাল নিস্তব্ধ হয়, চিপাহীয়ে দেৱানক লগত লৈ হলইডৰ পাছে পাছে যায়গৈ। সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত ৰেঙনি নামৰ নাটকখনৰ বাবে ২০০০ বৰ্ষৰ শ্রেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰা নাট্যকাৰ নিতুল কুমাৰ মেধিয়ে ৰেঙনিৰ শেষ দৃশ্য ৰচনা কৰিছে লোকৰ ধনৰ প্রতি লোভ নকৰি নিজৰ দুহাতৰ ওপৰত আস্থা ৰখাৰ কথাৰে। মইনা নামৰ চৰিত্ৰটিৰ মুখেৰে কোৱাইছে— অ’মা, দেউতাৰ নিচিনা মোৰো এই হাত দুখন গঁড়ৰ ছালৰ দৰে ডাঠ কৰিম।
যদি নাটক এখনৰ সমাপ্তিৰ দৃশ্যই, সংলাপে আপোনাক নতুন পৃথিৱী এখনৰ সৈতে পৰিচয় কৰাই দিলে, আপোনাৰ মনক শান্ত বা অশান্ত কৰি তুলিলে, শেষত লগত লৈ যোৱা সৃষ্টিৰ এই বীজক আপুনি যদি আপদাল কৰাৰ কথা ভাবিলে তেন্তে সেইদিনাৰ মঞ্চখনে সঁচাকৈয়ে আপোনাক সমৃদ্ধ কৰিলে!!!
Comments are closed, but trackbacks and pingbacks are open.