মঞ্চ জীৱনৰঃ কুকুৰা, অভিনেত্রী, হুকুমদাৰ ইত্যাদি !

47

নিজৰা ৰাজকুমাৰী

সপোনজ্যোতি ঠাকুৰৰ নাটক শুনিছিলো ৰেডিঅ’ত। তাৰ পিছত চালো মঞ্চত। বিভিন্ন সংকলনত প্ৰকাশ হোৱা কেইবাখনো নাটকৰ পাঠকো হ’লোঁ। শ্রোতা-দর্শক-পাঠক হৈ সাধাৰণভাৱে হ’লেও ক’ব পাৰিম যে সপোনজ্যোতি ঠাকুৰৰ নাটকে আমাক ৰোমাঞ্চিত কৰিলে, নাটকৰ যাদুকৰী জৰীৰে বান্ধি ৰাখিলে, শিকালে, কিছু সময়ত আচৰিত কৰিও দিলে। নিজৰ ৰচনাৰে জীৱনৰ সূক্ষ্ম সূক্ষ্ম বুলি ভাবি থকা বহু গুৰুত্বপূৰ্ণ দিশক পোহৰাই তোলাতো যেন নাট্যকাৰৰ চখ, ৰাজনীতিৰ পৰা সৰু- বৰ মানুহৰ মনোজগতখনত বিচৰণ কৰাটোও তেওঁৰ অসীম আকৰ্ষণৰ বিষয়। মধুৰতম সময়, বাঘময়, মাউৰত নোযোৱাকেইটাৰ কাহিনী, হুকুমদাৰ, দ্ৰৌপদীৰ পৰিয়াল, চিলনীৰ জীয়েকৰ সাধু, এটা ভূতৰ আৰু এটা ভৱিষ্যতৰ কথা, বৈকুণ্ঠ বৈৰাগী, ভগ্নাৱশেষ, স্মৃতি অথবা মর্যাদা, এখন আইনাৰ ৰূপকথা, বৈকুণ্ঠ ব’ৰাগী, কাজীনেমুৰ বাগিচা, সপোনৰ মৃত্যু বা অপমৃত্যু, এটা ঘৰ এখন চাল, সুখ দুখ আৰু অন্যান্য কথা, জনপ্রিয়তা, আকাশ অর্ধআকাশ ইত্যাদি, হৰিণ, সংযোগ, কাৰেঙৰ লিগিৰি : অন্যপাঠ, দালশলিয়া, ঘৰৰ সাধু ইত্যাদি নাট্যকাৰ সপোনজ্যোতিৰ ৰচনা। ওপৰত যে লিখিলো তেওঁৰ নাটকে কিছু সময়ত আচৰিত কৰিও দিলে বুলি, ইয়াৰ কাৰণ হ’ল কাৰেঙৰ লিগিৰী : অন্যপাঠ নামৰ নাটকখন । কেইবাবছৰ আগেয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মেল’ডী পাটগিৰি প্ৰডাকচনে নয়ন প্ৰসাদৰ পৰিচালনাত নাটকখন মঞ্চস্থ কৰিছিল। অসমীয়া নাট্য প্ৰেমীৰ অন্তৰত থকা চিৰপৰিচিত এখন নাটক কাৰেঙৰ লিগিৰী। কাৰেঙৰ লিগিৰীৰ আখৰা, আলোচনা-সমালোচনাৰেও যে আন এখন উপভোগ্য নাটক হ’ব পাৰে, সেই কথাই মোক আমোদ দিছিল। ৰচনাৰ লগতে অভিনয়, পৰিচালনা আদি সকলো দিশেৰে সেইদিনাৰ নাটকখনে মোক আপ্লুত কৰিছিল। সুন্দৰৰ মুখৰ দুটি সংলাপ আছিল এনেধৰণৰ—

সংলাপ ১: নাটকেৰেই মই সকলো বুজিবলৈ চেষ্টা কৰোঁ। কোনে কাক সহায় কৰিব পাৰে? নোৱাৰে। তোমালোকে ভাবা নেকি শেৱালিয়ে পানীত জাঁপ মাৰি কেৱল নিজৰ জীৱন দিলে, তুমি ভাবা নেকি কাঞ্চন কুঁৱৰীৰ মৃত্যু অথলে গ’ল। যদি গ’ল তেনে নাটক কৰিব নেলাগে। তেওঁলোকৰ মৃত্যুৱে আমাৰ ৰাজমাওক মুখখন খুলিবলৈ যদি সাহ নিদিয়ে তেন্তে তাইৰ ব্যক্তিত্ব নাই। মোৰ ওচৰত কোনো গুৰুত্ব নাই তাইৰ ৷

সংলাপ ২: কাঞ্চন কুঁৱৰীয়ে নক’লে, অনংগই নক’লে দুয়ো সুন্দৰক ঠগিবলৈ প্ৰস্তুত হ’ল— এনেকুৱা ঠগবোৰক ম‍ই প্রশ্রয় দিব নোৱাৰোঁ। যিয়েই নহওক লাগিলে। সুন্দৰ কোঁৱৰে একো নকৰাকৈ থকা নাই, কিবা এটা কৰিছে তাৰ স্থানত। সি স্পষ্ট। সি কাকো মাৰিব খোজা নাই। সি মাৰিব খুজিছে এটা পচা ব্যৱস্থাক । ময়ো স্পষ্ট। মই মাৰিব খুজিছোঁ ৰাজমাওৰ ভিতৰত থকা দুৰ্বলতাক ।

কেইজনমান অসমীয়া নবীন নাট্যকাৰ আৰু তেওঁলোকৰ নাটক শীৰ্ষক এটি লেখাত ড° জ্যোতিপ্ৰসাদ শ‍ইকীয়াই নাট্যকাৰ সপোনজ্যোতি সম্পৰ্কত লিখিছিল— আংগিকৰ দিশৰ পৰা তেওঁৰ নাটকত এক নতুনত্বৰ সোৱাদ দৰ্শকে যে দেখা পাইছে ই ইতিমধ্যে প্রমাণিত হৈছে। দ্রৌপদীৰ পৰিয়াল নাটকত নাট্যকাৰগৰাকীয়ে সাম্প্ৰতিক সময়ৰ গণতান্ত্ৰিক ব্যৱস্থাটোক তীক্ষ্ণভাৱে সমালোচনা কৰিছে। গণতন্ত্ৰৰ প্ৰলেপ সানি যেন মানুহে মাথোঁ লোভ, মোহ আৰু ক্ৰোধৰ বশৱৰ্তী হৈ জীয়াই থকাৰ লালসা কৰে।

অলপতে গুৱাহাটীৰ পূৰ্বৰংগ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱত দেৰগাঁও নাট্যচর্চা কেন্দ্ৰৰ পৰা সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ হ’ল নাটক ঘৰৰ সাধু। দুলীয়াজানৰ ১৯ সংখ্যক ড° ভবেন্দ্ৰনাথ শ‍ইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱত মঞ্চস্থ হ’ল সপোনজ্যোতি ঠাকুৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত নাটক সুখ-দুখ আৰু অন্যান্য কথা। এইখনৰ পৰিচালনাও আছিল নাট্যকাৰৰ। যোৱা জানুৱাৰীত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ছেৱাগুৰিৰ সতী সাধনী উদ্যানত সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে তেওঁৰ আন এখন নাটক দালশলিয়া। ১৯৮৭ চনৰ পৰাই নাট্যচর্চা কেন্দ্ৰই নাটক কৰি আহিছে। তেওঁৰ নাটকসমূহে সদায়েই শ্রোতা বা দৰ্শকৰ চিন্তা-চেতনা আলোড়িত কৰাৰ প্ৰয়াস কৰি আহিছে আৰু সফলো হৈছে। এই সম্পর্কত এটি সাক্ষাৎকাৰত নাট্যকাৰগৰাকীয়ে কৈছিল— গছ এজোপাৰ যদি ফলেই নধৰে সেইজোপানো কি গছ হ’ল। ফল ধৰা গছ এজোপা ৰুওঁ। যিমান পাৰোঁ, মোৰ ভবা-চিন্তা কৰাৰ সামৰ্থ্য বা যোগ্যতাৰে নাটকত কিবা এটা কৰোঁ ।

ৰেডিঅ’ত শুনিছিলোঁ হুকুমদাৰ। বিশিষ্ট অভিনেতা তপন দাস আৰু শান্তনা বৰদলৈয়ে অভিনয় কৰা নাটকখনে শ্রোতাক আকর্ষণ কৰিছিল। সৰ্বভাৰতীয় পৰ্যায়ত হুকুমদাৰে শ্ৰেষ্ঠ অনাতাঁৰ নাটকৰ সন্মান লাভ কৰিছিল। নাটকখনত মোৰ স্বভাৱেই তেনে। ভালপোৱা মানে জখলা বুলি কোৱা শ্যামলী নামৰ চৰিত্ৰটোক সত্য নামৰ চৰিত্ৰটোৱে কৈছে— মোক মাছটোৱে ক’লে, নিজক সোধ কিয় জীয়াই আছ, যদি জীয়াই আছ তেনে ভাল পা, যাকে ভাল পাৱ, ভালকৈ ভাল পা। এই ব্রহ্মাণ্ডত সেইটো বস্তুৰ বাহিৰে সকলো মূল্যহীন। চব ভুৱা। তই চা, তোৰ পৰা ব্ৰহ্মাণ্ডখনলৈ ভালপোৱা বিয়পি গৈছেনে নাই। তোৰ জ্ঞানে তোক সহায় নকৰে, ভালপোৱাইহে কৰিব। ব্ৰহ্মাণ্ডখনক সহায় কৰিব।

মানৱ মনৰ নিৰ্জনতাক, ভাবৰ কোলাহলক, জটিলতাৰ মাজত দুলি থকা অস্থিৰ প্ৰাণক, সৰলতাৰে সিক্ত প্রশান্তিক নাটকত সফলভাৱে উপস্থাপন কৰিছে সপোনজ্যোতি ঠাকুৰে। হাস্য- ব্যংগ, ঘুণে ধৰা সমাজ, ৰাজনীতিৰ মেৰপেঁচৰ কথাৰে তেওঁ লিখি থৈছে অনেক চৰিত্ৰৰ সংলাপ । আমি সদায়েই দেখি থকা অথচ বিশেষ গুৰুত্ব নিদিয়া মানুহবোৰৰ মনবোৰ যেন অনায়াসে পঢ়িব পাৰে নাট্যকাৰে। কুকুৰা নামৰ নাটকখনত সপোন নামৰ চৰিত্ৰটোৱে কয়— বহুত হ’ল বুজিছ লীলা । বহুত হ’ল। বহুত কাৰবাৰ কৰিলোঁ। জগতখন ফুৰিলোঁ। জগতখনৰ মানুহমখাক ঘূৰালোঁ। নাই বুজিছ লীলা আৰু নেলাগে। ঘূৰিলোঁ যদি এগুণ তেনে ঘূৰালোঁ একশগুণ। মই দিয়া গাড়ীত উঠি কিমানে প্ৰেম কৰিলে। কিমানে বিয়া পাতিলে । কিমানে আঠমঙলা খাই ঘূৰি আহিল। মোৰহে নাই। গাড়ীও নাই— বিয়াও নাই–হাঃ হাঃ।

আইনা জীৱনৰ পাততে লিখিছিলো আমি সৰুৰে পৰা দেখি অহা প্রেক্ষাগৃহ, মঞ্চৰ পৰা নামি নাটকে নৈৰ পাৰ, পথাৰ আদি মুকলি ঠাইলৈ যোৱাৰ কথা। সপোনজ্যোতি ঠাকুৰে মানুহৰ ঘৰে ঘৰে নাটক নিলে চোতাল নাটৰ জৰিয়তে। ব্রেখটৰ দ্য লাইফ অৱ গেলিলিও ক্ষীৰ্ধৰ বৰুৱাই কৰা অসমীয়া ৰূপান্তৰৰ আধাৰত গেলিলিঅ’ গেলিলি, ৰ’দালি পামত দৃশ্যান্তৰ, ঘৰৰ সাধু আদি নাটক মানুহৰ ঘৰৰ চোতালত অতি কম খৰচত কৰি আহিছে। চোতাল নাট অসমীয়া নাটকৰ জগতখনলৈ এক উল্লেখযোগ্য সংযোজন । লেখক-সমালোচক ড° গীতালি শ‍ইকীয়াই এটি লেখাত কৈছিল— ইমানবোৰ সৃষ্টিৰে নাট্য সাহিত্যক চহকী কৰা সপোনজ্যোতি ঠাকুৰৰ নাটকৰ বিষয়ে অধ্যয়ন কৰিবলৈ লৈ দেখা পালো নাটকসমূহৰ সাহিত্যমূল্য অপৰিসীম। সাহিত্যৰ বিভিন্ন তত্ত্বৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন নাটক বিচাৰ কৰি চোৱাৰ ভালেমান অৱকাশ আছে। এই নাটকসমূহ মনঃসমীক্ষাত্মক, নিম্নবর্গীয় অধ্যয়ন, নাৰীবাদী অধ্যয়ন, পৰিৱেশ-নাৰীবাদী অধ্যয়ন,উত্তৰ ঔপনিৱেশিক অধ্যয়ন আদি বিভিন্ন সাহিত্য তত্ত্বৰ আধাৰত আলোচনা কৰাৰ লগতে নাটকৰ ভাষা, শৈলী, পৰিৱেশ্য ৰূপ আদিৰ বিষয়েও গৱেষণা কৰাৰ যথেষ্ট থল আছে।

জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰীক যিদৰে নাট্যকাৰ সপোনজ্যোতিয়ে সাধাৰণতে মানুহে নভবা ধৰণে উপস্থাপন কৰি আমাক আপ্লুত কৰিলে সেইদৰে ৰত্নাকৰ আদি, দ্রৌপদীৰ পৰিয়াল নাটকত ৰামায়ণ-মহাভাৰতৰ কথাক অভিনৱ চিন্তাৰে, আধুনিকতাৰ পৰশ দি উদ্ভাসিত কৰি তুলিলে। মানুহৰ লোভ-লালসাৰ অন্ত নাই, লোভে দুর্নীতি কৰিবলৈ মানুহক অহৰহ প্ৰৰোচিত কৰে- এই কথাক নাট্যকাৰে বহু নাটকত বিভিন্ন প্ৰকাৰে উত্থাপন কৰি থৈছে। অভিনেত্রী নামৰ নাটকখনৰ এঠাইত বিদ্যুৎ নামৰ চৰিত্ৰ এটাই কৈছে— অ। নদীৰ ভাগ। দুজন ঠিকাদাৰে কিবা বুদ্ধি কৰি সৰু নদীখন ভাগ কৰি লৈ ল’লে। তাৰ পিছত মানুহবিলাকে সুবিধাবোৰ নোপোৱা হ’ল। নদীৰ আগ অংশ লোৱাজনে বেছি লাভ পালে সেয়ে এখন কাজিয়াৰ প্ৰয়োজন হ’ল। সেই কাজিয়াখন কৰাবলৈ এখন গাঁৱৰ মানুহ লগাই দিলে। তাৰ পিছত সেইখন গাঁৱৰ মানুহৰ লগত কাজিয়া স্থায়ী হৈ গ’ল। কাজিয়া বাঢ়ি গ’ল আৰু অৱশেষত গাঁৱে গাঁৱে কাজিয়া নাথাকিল । কাজিয়া গৈ দুটা গোষ্ঠীৰ মাজত হ’লগৈ। দুটা জনগোষ্ঠীৰ মাজত কাজিয়া, কটাকটি, মৰামৰিৰ পৰা গৈ ঘৰ জ্বলোৱাৰ অৱস্থা পালেগৈ।

এই যে বিদ্যুতৰ মুখৰ সংলাপটো লিখিলো, নদী ভাগ কৰাৰ পৰা গৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা- তৰপে তৰপে, তৰহে তৰহে কথা বা ঘটনা, সপোনজ্যোতিয়ে নিৰ্মাণ কৰা চৰিত্ৰবোৰ অধ্যয়ন কৰিলেও বহুতৰপীয়া কথাৰ উমান পোৱা যায়— ব্যক্তি স্বাৰ্থৰ পৰা একেবাৰে সমূহৰ কথালৈ, এজনৰ সামান্য অসন্তোষৰ পৰা ভীষণ গণ্ডগোলিয়া পৰিস্থিতিলৈ। মানুহ আৰু আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ সূক্ষ্ম পৰ্যবেক্ষণৰ ফল সপোনজ্যোতিৰ নাটকত সদাবিদ্যমান।

You might also like

Comments are closed, but trackbacks and pingbacks are open.