লক্ষ্মীছায়া ডেকা
শীতৰ দিনখিনি মানে ই ৰং-বিৰঙৰ ঊণৰ ছুৱেটাৰ, শ্বল, কোট, মোজাকেইযোৰ। এই সময়খিনিতে উৎসৱ বা পাৰম্পৰিক অনুষ্ঠানসমূহৰো পয়োভৰ ঘটে। সেয়ে মহিলাসকলৰ সাজপাৰৰ ক্ষেত্ৰত জহকালিৰ আৰামদায়ক যিকোনো কপাহী এযোৰ পিন্ধি ওলাই যোৱাৰ দৰে সহজ নহয়। জনবহুল অনুষ্ঠান এটাত সাধাৰণতে মহিলাসকলে যি-টি কিবা এযোৰ পিন্ধা একেবাৰে মন নকৰে। পৰম্পৰাগত সাজযোৰৰ লগত কি পিন্ধিলে ভাল লাগিব বা ওলাই যাওঁতে ঠিকেই আছে, ৰাতি দেৰি হৈ গ’লে ঠাণ্ডাত কি হ’ব এনে মন যাতে নহয়, তাৰ বাবে এই লেখা আগবঢ়োৱা হ’ল।
মেখেলা চাদৰ : সাধাৰণতে কম বয়সীয়া ছোৱালীখিনিৰ বাবে মেখেলা-চাদৰৰ লগত এটা পেষ্টেল ৰঙী ট্রান্সকোট যথেষ্ট। চঞ্চল মনোভাব প্রকাশ পায়। মেৰুন, কফি বা ডাঠ মটীয়া ৰঙৰ যদি পিন্ধে, গহীন আৰু মাৰ্জিত ভাব আহিব। কাপোৰযোৰ যদি পাতল মৰমলগা আৰ্হিৰ হয় তেন্তে ডাঠ ৰঙৰ বাছনি কৰিব। বৰ বিশেষ নহ’লেও ক’লা বা বগাই ভাল লাগিব ।
ঊণৰ মিহি কামকৰা ক্ৰপ ছুৱেটাৰো ভালদৰে মিলাই পিন্ধিব পাৰে। কাপোৰসাজ যদি একৰঙী হয়, আপুনি সৰু মণি বা ফুলৰ কামকৰা ছুৱেটাৰ ল’ব। ৰংটো একে ধৰণৰ ল’ব, নহ’লে বিপৰীত ল’ব।
ব্লেজাৰ যদি পিন্ধিবলৈ বিচাৰে তেন্তে মুগা ৰঙৰ সাজ বাছনি কৰিব। ই আপোনাৰ ব্যক্তিত্ব বৰ সুন্দৰকৈ তুলি ধৰিব। কৰ্প’ৰেট লুক আহিব। লগতে সম্ভ্রান্ত ভাব এটাও আপোনাৰ খোজত ফুটি আহিব।
শাৰী : শাৰীৰ ক্ষেত্ৰত আপুনি যথেষ্ট ভিন্নতা আনিব পাৰে। বৰ বেছি ঠাণ্ডা যদি নহয়, আপুনি ভাল ভেলভেট বা মখমল শাৰী পিন্ধিব । গাটো উমাল হৈ থাকিব। ব্লাউজটো দীঘল হাতৰ ৰাখি অলংকাৰ অকণমান বেছি পিন্ধিব। খুব ৰাজকীয় লুক এটা প্ৰকাশ পাব। সন্ধিয়া বা ৰাতিৰ বাবে শাৰীখন ডাঠ সেউজীয়া, ক’লা, মেৰুণ বা নেভী ব্লুৱে ভাল লাগিব ।
অলপীয়া ঠাণ্ডাৰ কাৰণে পাতল দীঘল কোট ল’ব পাৰে। শৰীৰৰ আকৃতিৰ সৈতে একে ৰাখিবলৈ এডাল লেডাৰ বা মেটেলিক বেল্ট লগাব পাৰে। সৰু হিলৰ চেণ্ডেল ভাল লাগিব ।
ৰেচমজাতীয় শাৰী সাধাৰণতে ফুলকৰা হয় বা ৰঙীন প্রিণ্ট থাকে। যদি জাকজমকতা বিচাৰে, তাৰ লগত চিকুইন কামকৰা কোট পিন্ধিব পাৰে। জৰদজি অথবা পাৰ্লৰ কাম থকাও খুব ভাল লাগিব ।
চেলোৱাৰ কুৰ্তা : যদি পাতিয়ালা পেণ্টৰ সৈতে চুটি কুর্তি পিন্ধে, তেন্তে আপুনি অলপ লেভেল আপ ৰাখিবলৈ ব্লেজাৰ পিন্ধিবলৈ পাৰে। দুপাত্তাখন অলপ সহজভাৱে ৰাখি পাতল অলংকাৰ পিন্ধিব। চুলি মেলি ৰাখিব, ওখ হিল পিন্ধিব পাৰে ।
ভৰিত লিপিত খাই থকা পেণ্ট বা চুৰিডাৰ যদি হয়, বেছি ঠাণ্ডা সময়ত আপুনি দীঘল কোট ল’ব। দুপাত্তাখন ডিঙিত মাফলাৰ দৰে ল’ব। ওখ চেণ্ডেল আৰু অকমান দীঘল কাণফুলিৰ সৈতে খুব ভাল লাগিব ।
ঊণৰ শ্বল আপুনি দুপাত্তাখনৰ সলনি ব্যৱহাৰ কৰিব পাৰে। ৰংটো ডাঠ বাছনি কৰিব। ই আপোনাৰ সাজযোৰকো ফুটাই তুলিব। কাশ্মীৰী বা পশ্চিমীয়া আৰ্হিৰ শ্বলো বৰ ভাল লাগিব । যদি মেলি লৈ অসুবিধা যেন পায়, তেন্তে বেল্ট লগত কম্বিনেচন ৰাখিব ।
শীতৰ বাবে উপযোগী লাগতিয়াল সাজঃ
শ্বল : ভাৰতীয় সংস্কৃতিত বিভিন্ন জাতি-জনজাতিৰ মাজত বহুত প্ৰকাৰৰ গৰম শ্বলৰ প্ৰচলন আছে। কেৱল আমাৰ চিনাকি উত্তৰ-পূবতেই নাগালেণ্ড, অৰুণাচল, মেঘালয়, মিজোৰাম ইত্যাদিত সুন্দৰ চানেকিৰ শ্বল আপুনি ব্যৱহাৰ কৰিব পাৰিব। সৰ্বভাৰতীয় পৰ্যায়ত পছমিনা, চাহতুছ, হিমাচল প্ৰদেশৰ কুল্লো শ্বল, বিহাৰৰ কলমকাৰি, গুজৰাটৰ ভুজৰি ইত্যাদি অনেক আৰ্হি বা ষ্টাইল আপুনি নিজৰ সংগ্ৰহত ৰাখিব পাৰে ।
ডেনিম জেকেট : পাতলীয়া ঠাণ্ডাৰ বাবে ই উপযোগী। পৰম্পৰাগত সাজৰ লগতো স্থান নির্বিশেষে আপুনি পিন্ধিব পাৰে। অলপ ক্ৰপ যদি হয়, আপুনি শাৰী বা চুৰিদাৰ কুৰ্তিৰ লগত অনায়াসে পিন্ধি ওলাব পাৰে। বয়স যথেষ্ট কমি যোৱা যেন অনুভৱ হ’ব। ডেনিমৰ ব্লেজাৰ মেটেলিক বেল্টৰ লগত এক ৰঙৰ শাৰী পিন্ধিলে খুব ভাল দেখাব।
উমাল শাৰী : সাধাৰণ ঠাণ্ডাৰ বাবে আপুনি ৰেচম সূতাৰ শাৰী পিন্ধিব পাৰে। বেনাৰসী, কাঞ্জিভৰাম, পছমিনা ইত্যাদি ফেব্রিক সাজে আপোনাক যথেষ্ট আৰাম দিব। লগত মিলাই এখন শ্বল ল’ব।
পেটিকোট : যদি শাৰী বা মেখেলা-চাদৰ পিন্ধিবলৈ বিচাৰে, আপুনি পেটিকোটটো উম থকা ল’ব। অতিৰিক্ত ঠাণ্ডাৰ পৰা বাচিবলৈ ভাল। বাহ্যিকভাৱে বেছি শীতৰ সাজ নিপিন্ধিলেও আপুনি আৰাম পাব।
পেণ্ট : মিহি ঊলৰ লিপিত খাই থকা পেণ্ট আপুনি কুৰ্তিৰ লগত পিন্ধিবলৈ ভাল পাব। শাৰী, মেখেলা-চাদৰ বা লেহেংগা পিন্ধিলেও তলত এনে পেণ্ট পিন্ধি ল’ব। অত্যধিকভাৱে গধুৰ ঊণৰ সাজ নিপিন্ধিলেও আপুনি কষ্ট নাপাব।
হাই নেক : আপুনি ব্লাউজ হিচাপে পিন্ধা বাবে অতি উত্তম । ভাল মান থকা এটা ডাঠ ৰঙৰ হাইনেক আপোনাৰ বাবে শীতত অতি প্রয়োজনীয়। ডিঙিৰ অলংকাৰ অনুষ্ঠান অনুযায়ী বাছনি কৰিব। বিয়া বা অন্য তেনে উৎসৱ হ’লে অলপ গধুৰ পিন্ধিব পাৰে। নহ’লে পাতলীয়া ল’কেটযুক্ত দীঘল চেইন ভাল লাগিব ।
হাতমোজা : হাতমোজা আপুনি লেছ থকা ইউৰোপিয়ান আৰ্হিৰ পিন্ধিব পাৰে । মূল কাপোৰযোৰৰ ৰং মতে ক’লা, বগা বা মেৰুণ মিলাই ল’ব । পশ্চিমীয়া সাজ হ’লে ঊণৰ তৈয়াৰী হ’লেও ভাল লাগিব। বিশেষকৈ ব্লেজাৰ বা দীঘল কোটৰ লগত আপুনি পৰিধান কৰিলে খাপ খাই পৰিব।
ভৰিমোজা : যদি কাপোৰসাজ ডাঠ ৰঙৰ পিন্ধে, তেতিয়াহ’লে ন্যুড ৰঙৰ বা গাৰ ছালৰ দৰে পিন্ধিব। ভৰি ঢাক খাই থকা জোতা হ’লে কোনো কথা নাই। লেছযুক্ত আৰ্হিৰ মোজাও ল’ব পাৰে, দেখা পাই থাকিলেও ভাল লাগিব। বুট হ’লে দীঘল মোজা পিন্ধি ল’ব। অত্যধিক ঠাণ্ডাৰ পৰা আৰাম পাব।
জোতা : যদি ষ্ট্রীপ থকা ডিজাইনৰ চেণ্ডেল পিন্ধে, মন কৰিব যাতে ঠাণ্ডাৰ কাৰণে অসুবিধা নাপায়। অন্যথা ঢাক খাই থকা জোতা যেনে- ৰাজস্থানী জুত্তি, পাম্পচু, বুট বা ভৰি ঢকা অন্য হিল থকা ল’ব পাৰে। পৰাপক্ষত অতি ঠাণ্ডাৰ সময়ত মোজাযোৰ পিন্ধিবলৈ পৰাকৈ জোতা ল’ব ।
Comments are closed, but trackbacks and pingbacks are open.