নিজৰা ৰাজকুমাৰী
প্ৰতিজন নাট্যকর্মীৰে মঞ্চৰ সৈতে প্ৰেম হয়, দৰ্শকৰ সঁহাৰি যাৰ বাবে হৈ পৰে শ্ৰুতিমধুৰ সংগীত। কিন্তু এনে কিছুমান নাট্যকর্মী থাকে যিয়ে নাটকক বুকুত বান্ধি নিজেই পৰিভ্ৰমী চৰাই হয়। তেওঁলোকে মঞ্চৰ লগে লগে বিচাৰি ফুৰে মানুহ আৰু প্ৰকৃতিক, যি নাটকৰ পৰা আচলতেই অভিন্ন। তেনে এজন নাট্যকর্মী সদ্যপ্রয়াত ৰফিকুল হোচেইন। নাটকৰ পৰা কবিতা, গদ্য অথবা কবিতা, গদ্যৰ পৰা নাটকলৈ বৰ সঘন আৰু সহজ যাতায়াত আছিল তেওঁৰ। আড্ডাপ্রিয় যশস্বী কবি-নাট্যকাৰ- পৰিচালক ৰফিকুল হোচেইন, যিয়ে অসমৰ নাটক-কবিতাক সমৃদ্ধ কৰি, অসমৰ চুক-কোণ, গাঁও-চহৰ-মহানগৰীৰ মঞ্চত দক্ষতাৰ পৰিচয় থৈ আমাৰ মাজৰ পৰা অলপতে চিৰদিনলৈ বিদায় মাগিলে। ৰফিকদাৰ মুখৰ পৰা এসময়ত শুনিছিলো নাটকৰ জগতখনৰ অনেক মোহনীয় কথা ৷ নাটকৰ আলোকসম্পাতৰ বিষয়ে পঢ়া-শুনা কৰিলে তুমি ৰঙতে বুৰি থাকিবা— বহুত বছৰ আগেয়ে মই নাটকত পোহৰ সম্পৰ্কে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাত ৰফিকদাই এইদৰে কৈছিল । পাছলৈ বুজি উঠিছিলো যে অকল আলোকসম্পাত কিয়, নাটকৰ প্ৰতিটো কথাতে, মঞ্চসজ্জাৰ পৰা অভিনয় শিল্পীলৈকে সৰ্বত্ৰ ৰঙৰেই পয়োভৰ আৰু এই ৰং উপভোগ কৰিব জনাটোও নাটকৰ দৰেই এক কলা। ৰফিকুল হোচেইন পৰিচালিত গজপুৰীয়া, নীলা জোনৰ এনিশা আদি নাটক চাইছিলো বোকাখাত, গুৱাহাটী, মৰিগাঁও, জামুগুৰি আদি ঠাইৰ বিভিন্ন প্ৰেক্ষাগৃহত। মই যেতিয়াৰে পৰা তেওঁক জানিছিলো তেতিয়াৰ পৰা মাথোঁ দেখিছিলো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি নাটক-নাট্যকর্মী-নাট্যপ্ৰেমীৰ মাজত সময় কটোৱা এজন চিৰতৰুণৰ ৰূপত। নিজৰ বিষয়ে ক’বলৈ লৈ এটি লেখাত ৰফিকুল হোচেইনে লিখিছিল— জীৱনৰ সূক্ষ্ম অনুসন্ধানত মই প্ৰায় প্ৰতিদিনেই ইচ্ছাকৃতভাৱেই হেৰুৱাই পেলাওঁ নিজস্ব ঠিকনা। স্বইচ্ছাই বাৰে বাৰে ভাঙি পেলাওঁ জীৱনটোৰ নিজেই গঢ়া ছাঁ-পোহৰৰ ভাস্কৰ্য। সেই ভঙা-গঢ়াবোৰ পুনঃ গোটাই আকৌ গঢ়োঁ জীৱনটোৰ অন্য এক অবয়ৱ। এই নিতৌ ন-কৈ গঢ়া জীৱনটোৰ সূক্ষ্ম ৰূপকল্পবোৰ বিচাৰি প্ৰায়ে হৈ পৰো গৃহহীন। মোৰ এই বৰফ-জোনাক সৃজন যাত্রাত এনেকৈয়ে নিজস্ব ভাৱনাৰ দাপোণত প্ৰতিটো দিনেই জিলিকি উঠে এটা নতুন দিন, হয়তো নৱবৰ্ষৰ দৰে কিবা এটা হৈ।
তেওঁৰেই এখন চৰ্চিত নাটক দৈৱকী। দৈৱকী কোন? দৈৱকী জানো কেৱল এটা নাম? দৈৱকীয়ে সন্তানক সকলো বিপদৰ পৰা বচাই আনিব পাৰে । সেয়ে হয়তো অচিন শৱদেহ পুতি, ৰাস্তাৰ ময়লা ধুই জীৱন পাত কৰা মাতাল বিষ্ণুৱে সদ্যমৃত শিশুৰ মাকজনীক কৈছে- তই, তই দৈৱকী। মোৰ বাবা ভৈৰৱ কহিছে তই একটা দৈৱকীৰ মতন ৷ মোৰ মাটোভী দৈৱকীৰ মতন আছিল । মোৰ বাপটোৱে কহিছে মোৰ মাই বিহাৰৰ একটা আগুন জ্বলা বস্তিৰ পৰা মোকে বচাই আনিছিল। লেকিন তই, তই, এই দৈৱকী, এই বাচ্ছাটোকে তই কিয় বচাব নোৱাৰিলি ? কিয় নোৱাৰিলি ?
শিশুসন্তানৰ শৱদেহ সমুখত লৈ বোবা হৈ বহি থকা এজনী ঠিকনাবিহীন নাৰী, চহৰখনৰ ময়লা পৰিষ্কাৰ কৰি কৰি নিজলৈ চাবলৈ পাহৰা জামাদাৰ, ওপৰৱালাৰ অৰ্ডাৰ পালনৰ বাদে নিজাকৈ একো কৰিব নোৱাৰা বুদ্ধ চিপাহী, মিউনিচিপাল চেয়াৰমেন আদি সকলোকেইজনেই মানুহ, অথচ তেওঁলোকৰ জীৱন, তেওঁলোকৰ পৃথিৱীখন কিমান ভিন্ন। এই ভিন্নতাৰ ছবি আঁকা হৈছে শিক্ষা-ৰাজনীতি- পদবী-ক্ষমতাৰ তুলিকাৰে। শিশুটিৰ মৃতদেহৰ সৈতে একেবাৰেই নিশ্চুপ বিবৰ্ণ নাৰীগৰাকীৰ পৰাই যেন ধূসৰতা বা ৰংহীনতা বিয়পি পৰিছে বৃদ্ধ চিপাহী, জামাদাৰ পিতৃ-পুত্ৰ ভৈৰৱ আৰু বিষ্ণুলৈ। সশব্দ ৰে’ল চলাচলৰ পাছতো যেন সৰ্বত্ৰ মৰিশালিৰ নিস্তব্ধতা। কোনোবা ভগনীয়া শিবিৰৰ পৰা পলাই অহা সেই দুৰ্ভগীয়া নাৰীৰ যেন ক্ষমতাশালীসকলৰ ওচৰত মানুহৰ পৰিচয়েই বিলুপ্ত হয়। শেষৰাতি জামাদাৰেহে তাইৰ বোবামুখত ৰুটী গুঁজি দিয়ে। ইফালে পাৰ্কত বহি দুজন বন্ধুৰ মাজত চলে মদ্যপান তথা ৰাজনীতিৰ অংক। অৱশ্যে ইয়াৰে এজনে ৰাজনীতিৰ পৰিৱৰ্তে পত্নী সুকলমে বায়েকৰ ঘৰ গৈ পালেনে বুলিহে চিন্তাত অধীৰ হয় ৷
—হৌৰা, আজি আৰু চেয়াৰমেন নাহে। ক’ৰ ৰে’ল ষ্টেচনত এটা লাচ পৰি আছে। তাকে লৈ মিছামিছি এই ৰাতিখন তালৈ গৈ এখন ড্রামা কৰাৰ কি দৰকাৰহে।
—চুপ থাকা!
—কিয় চুপ থাকিমহে?
—তুমি, তুমি পলিটিকেলি একদম মেচিউৰ নোহোৱা ৷
—আৰু সেই কাৰণেই হ’বলা তুমি আৰু চেয়াৰমেন বন্ধুৱে অহা নিৰ্বাচনত মোৰ কান্ধত ৰাজনীতিৰ বন্দুক থৈ বেলট বক্স চিকাৰ কৰিব খুজিছা ।
এই দৃশ্যটো মোৰ ভাল লাগে। পলিটিকেলি মেচিউৰ নোহোৱা প্ৰাৰ্থীক বেলট বাকচৰ যুদ্ধত জিকাই আনি সুবিধাবাদীয়ে কেনেদৰে অসৎ ৰাজনীতিৰে সমাজৰ ক্ষতি কৰিব সেয়াই এই সংলাপত বিদ্যমান। তদুপৰি সাধাৰণ কৰ্মচাৰীকেইজন ওপৰৱালাৰ অৰ্ডাৰলৈ অপেক্ষাৰত। ওপৰৱালাৰ নিৰ্দেশ অবিহনে জামাদাৰ-চিপাহীয়ে শিশুটিৰ শৱদেহো লৰচৰ কৰিব নোৱাৰে। নিজৰ লাভালাভৰ অংকত মগ্ন ক্ষমতাশালীসকলৰ বাবেই সৰু সৰু মানুহে দাঙিব নোৱাৰাকৈ বাঢ়ি যায় একো একোটা শৱদেহৰ ভৰ। সেয়ে ভৈৰৱে কয়— কাৰণ এই লাচ, এই লাচ কোনো ভৈৰৱ, কোনো বিষ্ণু জামাদাভী ফজীৰ পেহলে উঠাব নোৱাৰে। (হাঁহি) এই লাচ হাকিমলোকৰ আইন, হাকিমলোকৰ অৰ্ডাৰত বহুত ভাৰী বনি গৈছে। তবে লাচ না উঠিলে, ৰাস্তা চাফ না হ’লে ফজীৰ ফজীৰ আপনাৰ ভী চাকৰি যাব, ভৈৰৱ বিষ্ণু ভী আপনাৰ হাতত এৰেষ্ট হ’ব, গ্লিফটাৰ হ’ব। থানা মে লাণ্ডা পিতন খাই হাত- ভৰি উখি যাব ৷
নাট্যকাৰে তিনিটা পৰিৱেশত মঞ্চস্থ কৰিবলৈ নিৰ্দেশনা দি থোৱা দৈৱকীৰ মঞ্চায়নত পৰিচালকসকলে যে প্ৰচুৰ সৃজনীশীলতাৰ ব্যৱহাৰ কৰিব পাৰিব সেয়া নাটকখন পঢ়ি গ’লেই ধৰিব পাৰি। বিহাৰৰ অগ্নিকুণ্ডৰ পৰা যেনেতেন প্রাণ বচাই অসমলৈ অহা ভৈৰৱৰ পৰিয়াল, মৃতদেহৰ সৈতে এগৰাকী ভগনীয়া নাৰীৰ প্ৰসংগটো হয়তো আজিৰ সময়ত লিখা হ’লে নাট্যকাৰে কিছু বেলেগকৈ উপস্থাপন কৰিলেহেঁতেন । পত্নীৰ খবৰক লৈ উদ্বিগ্ন হৈ থকা চৰিত্ৰটোৱে বৰ্তমান সময়ত হোৱা হ’লে ফোন কৰিয়েই নিশ্চিন্ত হ’লহেঁতেন। কিন্তু নাটকখনৰ প্ৰথম মঞ্চস্থৰ সময় ১৯৮৭ চন। গতিকে আমি সেই সময়ৰ পৰিৱেশৰ, ঘটনাৱলীৰ আভাস পাওঁ। প্রথম মঞ্চায়নৰ পৰিচালনা নাট্যকাৰ ৰফিকুল হোচেইনৰেই আছিল। দুনিশাৰ বাবে মঞ্চস্থ হৈছিল বোকাখাত নাট্য মন্দিৰত। প্রযোজনা কৰিছিল লোকায়ত বোকাখাতে। ৰফিকুল হোচেইন ৰচিত ধোঁৱা, কৌৰৱ-পাণ্ডৱ আদি নাটকৰ নাম অন্য লেখকে উল্লেখ কৰা কেতিয়াবাই চকুত পৰিছিল যদিও এইসমূহ নাটক আজিলৈকে মোৰ পঢ়াৰ বা চোৱাৰ সৌভাগ্য হোৱা নাই। মই তেখেতক বেছিকৈ লগ পাইছিলো কবি আৰু পৰিচালক হিচাপেহে। অলপতে এখন তালিকাত দেখিলো কেৱল মৰিগাঁৱৰ লালিলাং দ্য থিয়েটাৰ ৰিডম নামৰ অনুষ্ঠানটোৰ প্ৰযোজনাতেই ৰফিকুল হোচেইনে পৰিচালনা কৰি থৈ গৈছে মনোজ মিত্ৰৰ তন্দুৰী চিকেন, এণ্টন চেখভ (অনুবাদ- তচদ্দুক আৰিফুল হোচেইন) দ্য বিয়েৰ আৰু দ্য প্ৰপ’জেল, ৰফিকুল হোচেইনৰ ধোঁৱা, পংকজজ্যোতি ভূঞাৰ মেৰামতি, অসীম শৰ্মাৰ বেলি ডুবা ঘাট, চুটিগল্প এটিৰ আধাৰত মোহিনী বৰাই লিখা নীলা জোনৰ এনিশা, হিৰণ্য সভাপণ্ডিতৰ কথা-মৃত্যুঞ্জয়, ৰফিকুল হোচেইনৰ দৈৱকী, ড° ভবেন্দ্ৰনাথ শইকীয়াৰ শান্ত শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্টৰ খণ্ড বিশেষ, ইটালিয়ান চলচ্চিত্ৰ এখনৰ জ্যোতিপ্রসাদ ভূঞাই নাট্যৰূপ দিয়া ডাকোৱাল দ্য পোষ্টমেন আদি নাটক। এইখন তালিকাৰ পৰা অনুমান কৰি ল’ব পাৰো নাটককেই জীৱন কৰি পেলোৱা ৰফিকুল হোচেইনে জীৱনকালত পৰিচালনা কৰা নাটকৰ সংখ্যা। গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা নাট্যকর্মী/নাট্যপ্ৰেমী আছিল ৰফিকুল হোচেইন। অদৃশ্য গান্ধাৰীৰ আলাপ-বিলাপ (এটা মামুলি খেয়ালি পদ্য-গল্প)ত তেওঁ লিখিছিল—
মোৰ নাটক-কবিতাৰ চাগে
অতিকৈ এগৰাকী অন্ধ অনুৰাগী ক’ৰবাত আছে
যি প্ৰতিনিশাই ৰস মদিৰাত সিক্ত বিভোৰা হৈ
প্ৰায়ে দোৰোল খোৱা জিভাৰে মোলৈ ফোন কৰে সঘনাই মাজৰাতি!!!
Comments are closed, but trackbacks and pingbacks are open.