স্বাস্থ্যসন্মত আহাৰ মানেই যে সোৱাদহীন হ’ব লাগে, তেনে নহয়। প্রটিন, ফাইবাৰসমৃদ্ধ খাদ্যসমূহ সুন্দৰ পদ্ধতিৰে ৰান্ধিলে সুস্বাদু হোৱাৰ লগতে শৰীৰৰ বাবেও শক্তিবর্ধক। আজি জুতি জীৱনৰ শিতানত অতি সহজেই তৈয়াৰ কৰিব পৰা তেনে দুবিধ ৰেচিপি আগবঢ়ালো
শুষ্ক ফল আৰু ওটছৰ লাড্ডু
কি কি লাগিব?
- কাজু ১০০ গ্রাম
- আলমণ্ড ১০০ গ্রাম
- কিচমিচ ৫০ গ্রাম
- খেজুৰ ৫০ গ্রাম
- বাদাম ১০০ গ্রাম
- ওটছ ১৫০ গ্রাম
- গুড় ১৫০ গ্রাম
- ঘিউ ২-৩ চামুচ
- ক’লা জালুক একচামুচ
তৈয়াৰ কৰা প্ৰণালীঃ আলমণ্ড, বাদাম, কাজু আদি কেৰাহীত পৃথকে পৃথকে শুকানকৈ ৰোষ্ট কৰক, তাৰ পিছত ঠাণ্ডা হ’বলৈ এফালে থৈ দিয়ক । খেজুৰৰ পৰা গুটিবোৰ আঁতৰাই দিব। খেজুৰ, কিচমিচ আৰু শুকানকৈ পোৰা বাদামবোৰ একেলগে ব্লেণ্ডাৰ বা ফুড প্ৰচেছৰত মোটাকৈ পিহি লওক । কেৰাহীত ঘিউখিনি গৰম কৰি পিহি লোৱা মিশ্ৰণটো দি অলপ সময় লঘুকৈ ভাজক । তাৰ পিছত মিশ্ৰণটো প্লেট এখনলৈ স্থানান্তৰিত কৰক। কেৰাহীত গুৰখিনি সম্পূৰ্ণ গলি যোৱালৈকে গৰম কৰি লওক, তাৰ পিছত গলি যোৱা গুৰখিনি বাদামৰ মিশ্ৰণটোৰ ওপৰত ঢালি দিয়ক। উপাদানবোৰ হাতেৰে ভালদৰে মিহলাই লওক, মিশ্ৰণটো গৰম হৈ থকাৰ সময়ত হাতৰ তলুৱাত অলপ তেল দি বল আকৃতি দিয়ক । এইবোৰ লগে লগে বা ঠাণ্ডা হোৱাৰ পিছত পৰিৱেশন কৰিব পাৰি ।
চকলেট বৰফী
কি কি লাগিব?
- ব্রেড ৪-৫টা টুকুৰা
- খোয়া ২০০ গ্রাম
- ক’ক’ পাউডাৰ ৩-৪ চামুচ
- ব্রাউন ছুগাৰ ৫ চামুচ
- ঘিউ ২ চামুচ
- পিষ্টাচিয়া ৬-৮ টুকুৰা
তৈয়াৰ কৰা প্ৰণালীঃ ৰুটীৰ টুকুৰাবোৰৰ ধাৰে ধাৰে কাটি মিক্সাৰ গ্ৰাইণ্ডাৰত মিহি গুড়ি কৰি লওক। খোয়াখিনি মিহিকৈ কুটি লওক । মিক্সাৰ গাইণ্ডাৰতো ব্ৰাউন ছুগাৰখিনি পিহি মিহি গুড়ি কৰি লওক । কেৰাহী এখন গৰম কৰি তাত ২ চামুচ ঘিউ দিব আৰু তাৰ পিছত খোয়াখিনি দিব। খোয়া অলপ কোমল হ’লে চেনি গুড়ি দি কম জুইত অবিৰতভাৱে লৰাই থাকিব। ইয়াৰ পিছত ব্ৰেডৰ টুকুৰাখিনি দি ভালদৰে মিহলাই লওক । ইয়াৰ পিছত ক’ক’ পাউডাৰখিনি দি ভালদৰে মিহলাই লওক, যেতিয়ালৈকে মিশ্ৰণটো পিঠাগুড়িৰ দৰে আকাৰ নলয়, তেতিয়ালৈ লৰাই থাকিব। এখন প্লেটত ঘিউ সানি ল’ব, মিশ্ৰণটো গৰম হৈ থকাৰ সময়ত প্লেটত স্থানান্তৰিত কৰি সমানে বিস্তাৰিত কৰক। হাতৰ সহায়ত মিশ্ৰণটো চেপেটা কৰি অলপ আকৃতি দিব। মিশ্ৰণটো বৰফী টুকুৰা কৰি কাটিব পৰাকৈ ডাঠ হৈ থকাটো নিশ্চিত কৰক। শেষত কটা পিষ্টাচোৰে সজাই লওক । অলপ ঠাণ্ডা হ’লে মিশ্ৰণটো বৰ্গক্ষেত্ৰৰ আকৃতিৰ বৰফী টুকুৰা কৰি পৰিৱেশন কৰক।
Comments are closed, but trackbacks and pingbacks are open.