দৈনিক ৰাশিফল ৩ জুন ২০২৬

23

১৯ জেঠ, বুধবাৰ , ইং ৩ জুন ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব,পিতৃ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা ভংগ হ’ব পাৰে, দেহ মনত সামান্য আঘাত পাৱলগীয়া হ’ব পাৰে যদিও আজি খেতিয়ক সকলৰ কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, যান বাহন ক্ৰয় কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সৰু কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপুনি কৰ্মত অধিক দ্বায়িত্ব লাভ হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপৱাদ পাৱলগীয়া হ’ব পাৰে লগতে আজি আপোনাৰ সামান্য পেটৰ ৰোগ হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য ক্ষতিৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ আবেলি সময়ত কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.